উকাহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উকাহ (Grey-headed Fish Eagle)
অসমকাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা উকাহ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Accipitriformes
পৰিয়াল: Accipitridae
গণ: Ichthyophaga
প্ৰজাতি: I. ichthyaetus
বৈজ্ঞানিক নাম
Ichthyophaga ichthyaetus
(Horsfield, 1821)

উকাহ [1](ইংৰাজী: Grey-headed Fish Eagle, বৈজ্ঞানিক নাম-Ichthyophaga ichthyaetus) এবিধ ঈগল জাতীয় মাংসভোজী চৰাইৰ প্ৰজাতি৷ অন্যান্য ঈগলৰ প্ৰজাতি সমূহৰ দৰেই ইয়ো Accipitridae পৰিয়ালৰ অন্তৰ্ভুক্ত ৷

বিৱৰণ[সম্পাদনা কৰক]

উকাহৰ দেহৰ আকাৰ তুলনামূলকভাৱে ডাঙৰ৷ ইয়াৰ দৈৰ্ঘ্য প্ৰায় ৭০-৭৫ ছে:মি: হোৱা দেখা যায়৷ পূৰ্ণবয়স্ক উকাহৰ ডেউকা গাঢ় মটীয়া, মূৰ অংশ মুগা আৰু বুকু মাখন বৰণীয়া হয়৷ তলৰ পেট আৰু নেজ বগা আৰু নেজত দীঘলীয়া আঁচ থাকে৷

উকাহৰ মতা-মাইকী উভয়ে দেখাত একে৷ অৱশ্যে পোৱালি অৱস্থাত ইয়াৰ মূৰ শেঁতা বগা আৰু পেট অংশ গাঢ় হোৱা দেখা যায়৷

বিতৰণ[সম্পাদনা কৰক]

উকাহে সাধাৰণতে ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াত প্ৰজনন কৰে৷ ইয়াক প্ৰধানকৈ ভাৰত, নেপাল, শ্ৰীলংকা, বাংলাদেশ, ম্যানমাৰ, ফিলিপাইনছ, থাইলেণ্ড,লাওছ, ভিয়েটনাম, কম্বোডিয়া,মালয়েছিয়া, চিংগাপুৰ, ব্ৰুনেই, ইণ্ডোনেছিয়া আদি দেশত দেখা পোৱা যায়৷ [2]

বাসস্থান[সম্পাদনা কৰক]

সোঁত কম থকা নৈ-বিল, জান-জুৰি, হ্ৰদ আদিৰ কাষৰীয়া বনাঞ্চলত উকাহ দেখা পোৱা যায়৷

আচৰণ[সম্পাদনা কৰক]

খাদ্য[সম্পাদনা কৰক]

ই প্ৰধানকৈ জলাশয় সমূহৰ পৰা মাছ চিকাৰ কৰি খাই জীয়াই থাকে৷ [3]

প্ৰজনন[সম্পাদনা কৰক]

উকাহে সাধাৰণতে বনাঞ্চলৰ আশে পাশে বাস কৰে৷ ই জলাশয়ৰ পাৰৰ গছৰ ওখ ডালত ডালি আৰু পাত আদিৰে বাহ সাজে৷ এবাৰত ই চাৰিটাকৈ কণী পাৰে বুলি জনা যায়৷

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

উকাহ সমগ্ৰ বিশ্বৰ বিভিন দেশত বহুলভাৱে বিস্তৃত যদিও স্থানীয় ভাৱে ইয়াৰ জনসংখ্যা ক্ৰমাৎ হ্ৰাস পাই আহিব ধৰিছে৷ ইয়াৰ প্ৰধান কাৰণ হ'ল ইয়াৰ বাসস্থান ধ্বংস, প্ৰদূষণ তথা অত্যাধিক মাছ ধৰা কাৰ্য্য৷ সেয়েহে ইয়াৰ বৰ্তমানৰ স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি ইয়াক আই. ইউ. চি. এন. এ সংকট আসন্ন (Near Threatened) প্ৰজাতিৰ অন্তৰ্ভুক্ত কৰিছে৷

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. ↑ N.N. Dutta et al, Annals of Biological Research, 2011, 2 (5):374-384
  2. BirdLife International (2013) Species factsheet: Ichthyophaga ichthyaetus. Downloaded from http://www.birdlife.org on 11/05/2013.
  3. BirdLife International (2013) Species factsheet: Ichthyophaga ichthyaetus. Downloaded from http://www.birdlife.org on 11/05/2013.
  • BirdLife International (2004). Ichthyophaga ichthyaetus. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 11 May 2006. Database entry includes a brief justification of why this species is near threatened
  • Grimmett, Richard; Inskipp, Carol, Inskipp, Tim & Byers, Clive (1999): Birds of India, Pakistan, Nepal, Bangladesh, Bhutan, Sri Lanka, and the Maldives. Princeton University Press, Princeton, N.J.. ISBN 0-691-04910-6