উদ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Otter
Eurasian otter (Lutra lutra)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Mammalia
বৰ্গ: Carnivora
পৰিয়াল: Mustelidae
উপপৰিয়াল: Lutrinae
Bonaparte, 1838
Genera

Aonyx
Enhydra
Hydrictis
Lontra
Lutra
Lutrogale
Pteronura
Algarolutra
Cyrnaonyx
Megalenhydris
Sardolutra

চিত্ৰ:Otter ranges.png
Otter ranges

উদ(ইংৰাজী: otter) এবিধ উভচৰ প্ৰাণী৷ উদ সাধাৰণতে নৈ,জান-জুৰি,হ্ৰদ,দ-পথাৰ,পুখুৰী আদিত থাকে৷ পানীৰ কাষত থকা শিলৰ ফাঁক,গছৰ শিপাৰ ফাঁক বা জোপোহাৰ মাজতো সোমাই থাকে৷ ইহঁতে পানীত সাঁতুৰি-নাদুৰি ঘুৰি ফুৰে যদিও মাটিতো সমানেই ঘূৰি-ফুৰা দেখা যায় বাবেই উদক উভচৰ প্ৰাণী বলি কোৱা হয়৷ মাটি আৰু পানী দুয়ো স্থানতে সমানে ঘূৰিব পৰাকৈ ইহঁতৰ শৰীৰ গঠিত৷ উদৰ দৰে মাটিত থকা প্ৰাণীৰ ভিতৰত অন্য কোনো জন্তু পানীত ইমান শক্তিশালী নহয়৷ উদৰ প্ৰধান খাদ্য মাছ৷ উদ মাছ ধৰাত পাকৈত৷ মাছমৰীয়াই মাছ মাৰিবলৈ ভেটা দিয়া সময়ত নাথাকিলে উদে সকলো মাছ খাই পেলাব পাৰে৷ সেয়েহে আমাৰ মাজত এষাৰ প্ৰবচন আছে যে – “উদক ভেটা ৰখীয়া পতা”৷ উদ অষ্ট্ৰেলিয়াৰ বাহিৰে পৃথিৱীৰ সকলো ঠাইতেই পোৱা যায়৷ অসমতো ইয়াৰ বহু প্ৰজাতি আছে৷ উদ সাধাৰণতে মানুহৰ চকুত ধৰা নপৰে৷[1]

উদৰ প্ৰজাতিসমূহ[সম্পাদনা কৰক]

উদৰ মুঠতে তেৰটা বিভিন্ন প্ৰজাতি পোৱা যায়৷ এইবোৰ হ'ল-

সাঁচ:Clade
Cladogram, after Koepfli et al. 2008[2] and Bininda-Emonds et al. 1999[3]

গোত্ৰ Lutra

গোত্ৰ Hydrictis

গোত্ৰ Lutrogale

গোত্ৰ Lontra

গোত্ৰ Pteronura

গোত্ৰ Aonyx

গোত্ৰ Enhydra

গোত্ৰ †Megalenhydris
গোত্ৰ †Sardolutra
গোত্ৰ †Algarolutra
গোত্ৰ †Cyrnaonyx

  • সাধাৰণ উদ (Common Otter)

-বৈজ্ঞানিক নাম Lutra lutra ৷ সাধাৰণ উদৰ ৰং বগা মটিয়া বৰণৰ৷ উদৰ গাটো খহটা৷ নেজৰ আগ অংশ খীণ যদিও গুৰি অংশ যথেষ্ট শকত আকাৰৰ হয়৷ এই নেজডালৰ গুৰি অংশত এজোৰ গোন্ধযুক্ত গ্ৰন্থি থাকে৷ কাণ দুখন সৰু আৰু নোমেৰে ঢাক খাই থাকে৷ আগৰ ঠেং দুখন সৰু আৰু পিছৰ ঠেং দুখন পতাযুক্ত৷ মূৰটো চেপেটা৷ গাটোত দুই ধৰণৰ নোম থাকে৷ এভাগ দীঘল আৰু এভাগ চুটি চুটিকৈ গাৰ ছালৰ লগত মিলি থাকে৷ নাকৰ ফুটাকেইটাৰ ওপৰত পথালিকৈ কিছুমান নোম থাকে৷ এনে ধৰণৰ নোম থকাৰ বাবে পানীৰ ওপৰলৈ আহিলে তিতি থকা যেন নালাগে৷ এই নোমৰ দ্বাৰা শীত নিবাৰণৰ সহায়ক হয়৷ ইহঁত ২-৪ ফুট পৰ্যন্ত দীঘল হয়৷

  • সমভূমিৰ উদ (Smooth Indian Otter)

-বৈজ্ঞানিক নাম Lutra perspicillata ৷ এইবিধ উদৰ গাৰ ৰং ক’লা,ডাঠ মুগা হালধীয়া৷ নাকৰ ওপৰত থকা নোম পোন৷ দীঘল দুই-আঢ়ৈ ফুট৷ নেজ ১৬-১৮ ইঞ্চি দীঘল৷ ওজন ৭-১০ কিল’গ্ৰাম পৰ্যন্ত৷ এইবিধ উদ হিমালয়ৰপৰা দক্ষিণ ভাৰতলৈকে সকলো স্থানতে পোৱা যায়৷ ম্যানমাৰ,ইন্দোচীন,মালয়তো পোৱা যায়৷ উৰিষ্যাত মাছমৰীয়াবিলাকে এইবিধ উদক মাছ ধৰিবলৈ প্ৰশিক্ষণ দিয়ে৷ এই অঞ্চলসমূহত উদক পোহনীয়া কৰি সাগৰত মেলি দিয়ে৷ সিঁহতে যিমান পাৰে মাছ ধৰি গৰাকীক দিয়ে আৰু গৰাকীয়ে খাদ্যৰ বাবে সিঁহতক প্ৰয়োজনীয় খিনি দিয়ে৷ বাকী মাছবোৰ গৰাকীয়ে বেপাৰ কৰে৷ এনেকৈ আধা উদে আৰু আধা গৰাকীয়ে লয়৷ সেয়ে এই অঞ্চলসমূহত উদ মাছমৰীয়াৰ প্ৰিয় বন্ধু৷

  • সৰুনখীয়া উদ (Clawless Otter)

-বৈজ্ঞানিক নাম Aonyx nirnal ৷ এইবিধ উদৰ প্ৰধান খাদ্য মাছ হ’লেও, ই মাছতকৈ কেঁকোৰা,শামুক আদিহে বেছিকৈ খায়৷ বাকী দুবিধৰ তুলনাত ইহঁতৰ আকাৰ ডেৰ ফুটমান হ’ব৷ পঞ্জাব,অসম আদি ঠাইত এইবিধ উদ পোৱা যায়৷ ইহঁতৰ নখবোৰ চুটি যদিও পোৱালি অৱস্থাত অলপ দেখা যায় আৰু ডাঙৰ হৈ অহাৰ লগে লগে এই নখবোৰ চকুত নপৰা হয়৷ সেইকাৰণে ইহঁতক সৰুনখীয়া উদ বুলি কয়৷[1]

উদৰ বাসস্থান[সম্পাদনা কৰক]

উদ সাধাৰণতে মাটিত গাঁত কৰি থাকে৷ এই গাঁতৰ এটা বৈশিষ্ট্য আছে৷ গাঁতটোৰ এফালে পানীলৈ যাব পৰাকৈ আৰু আনফালে মাটিলৈ যাব পৰাকৈ ফুটা থাকে৷ উদে একে ঠাইতে বহু বছৰ বসবাস কৰে যদিও খাদ্যৰ অভাৱ হ’লে স্থান পৰিবৰ্তনো কৰা দেখা যায়৷ উদৰ প্ৰাধান খাদ্য মাছ৷ মাছ বিচাৰি একে ৰাতিতে প্ৰায় ১০-১৬ মাইল পৰ্যন্ত যাব পাৰে৷ ঘৰৰ কাষত পথাৰ বা জান-জুৰি থাকিলে ইহঁতক সহজে চাব পাৰি৷ উদৰ বসতিস্থান বিচাৰি উলিয়াবলৈ সহজ৷ বিশেষকৈ উদে প্ৰায়ে একে ঠাইতে মলত্যাগ কৰে৷ এই মলবোৰ গাঁতৰ ওচৰত দ’ম হৈ থকাৰ লগতে মুখৰপৰা উলিয়াই পেলোৱা মাছৰ কাঁইট,বাকলি আদি থাকে৷

North American river otters

জীৱন –চক্ৰ[সম্পাদনা কৰক]

উদ স্তন্যপায়ী জন্তু৷ উদে বসম্ত আৰু গ্ৰীষ্ম কালত বেছিকৈ যোৰ পাতে যদিও অন্য সময়তো কম-বেচি পৰিমাণে যোৰ নপতা নহয়৷ ইহঁতে পানীৰ তলত যোৰ পাতে আৰু ২-৪টা পৰ্যন্ত পোৱালি দিয়ে৷ জন্মৰ সময়ত পোৱালিবোৰৰ দাঁত নগজে আৰু চকু মেল নাখায়৷ এমাহমানৰ পাছতে চকু দুটা মেল খায়৷ ইহঁতৰ গাঁতটোত পোৱালিৰ বাবে শুকান ঘাঁহ-বন আদি পাৰি কোমল কৰি দিয়ে৷ এনেকৈ পোৱালিবোৰ ডাঙৰ হোৱালৈকে মাকেই লালন-পালন কৰাৰ লগতে মাটি-পানী দুয়োটাতে প্ৰশিক্ষণো দিয়ে৷ তিনিমাহ মানৰপৰা পোৱালিবোৰ পানীত ভালকৈ সাঁতুৰিব পাৰে৷ প্ৰথম অৱস্থাত মাকে পোৱালিবোৰক পানীলৈ ঠেলি দিয়াৰ লগতে এটা মাছ মাকজনীয়ে মুখত লৈ দ ঠাইলৈ গুচি যায়৷ মাকৰ মুখৰপৰা পোৱালিবোৰে মাছটো আনিবলৈ যাওঁতেই সাঁতোৰ শিকিব পৰা হয়৷ এনেকৈ দুই-তিনি বছৰমানৰ পাছত পোৱালিবোৰ প্ৰাপ্তবয়স্ক হয় আৰু যোৰ পাতে৷[1]

Giant otter

খাদ্য[সম্পাদনা কৰক]

উদৰ প্ৰধান খাদ্য মাছ৷ কেতিয়াবা পানীত চৰি থকা হাঁহ জাতীয় চৰাইবোৰ পানীৰ তলে তলে গৈ ঠেংখনত ধৰি লৈ গৈ খায়৷ মাছৰ অভাৱ হ’লে কেঁকোৰা,ভেকুলী আদি খোৱাৰ লগতে কিছুমান গছৰ পাতো খোৱা তথ্য পোৱা যায়৷

চিকাৰৰ কৌশল[সম্পাদনা কৰক]

উদে সাধাৰণতে ৰাতিহে মাছ মাৰিবলৈ ওলায়৷ কেতিয়াবা দিনৰ ভাগতো নমৰা নহয়৷ মাছ মাৰি গৈ থাকোঁতে খায়ো গৈ থাকে৷ কেতিয়াবা ডাঙৰ মাছ ধৰিলে পাৰলৈ আনিহে খায়৷ উদৰ দাঁতবোৰ জোঙা আৰু মজবুত৷ গুৰি দাঁত মাছৰ মূৰ-খোলা আদি গুৰি কৰিবৰ বাবে সুবিধা হয়৷ ইহঁতৰ নাসাৰন্ধ্ৰত ভালভ থকাৰ বাবে পানী নোসোমায়৷ উদ পানীত বিভিন্ন ভংগিমাত সাঁতুৰিব পাৰে৷ গাটো লাহী কৰি অঁকাই-পকাই সাতুৰি যাব পৰা কৌশল জানে৷ সাঁতুৰি যাওঁতে মুখখন কোঁচ খাই যায়৷ পিছ ঠেং দুখনত পতা থকা বাবে সাঁতুৰিবলৈ সহায় হয়৷ সাঁতুৰি যোৱাৰ সময়ত আগঠেং আৰু নেজেৰেও সহায় কৰে৷ কেতিয়াবা বহুত সময় পানীৰ তলতে থাকিবও পাৰে৷[1]

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

এই প্ৰাণীবিধ জীয়াই থাকিবলৈ বিভিন্ন বাধাৰ সন্মুখীন হব লগা হৈছে৷ নৈ,জান,জুৰিৰ কাষত আৰু দ পথাৰ আদি পুতি মানুহৰ বসতিস্থান কৰা বাবে ইহঁত সাধাৰণতে আমাৰ পৰিবেশৰপৰা আঁতৰি যাবলৈ বাধ্য হৈছে৷ যাৰ বাবে ইহঁতৰ বংশ বৃদ্ধি কমিবলৈ ধৰিছে৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 জিতু কলিতা (১৬ - ২৯ ফেব্ৰুৱাৰি ২০১২). "উদ মাছমৰীয়াৰ প্ৰিয় বন্ধু". প্ৰান্তিক খণ্ড ৩১শ বছৰ (৬ষ্ঠ সংখ্যা): ২৪ - ২৫. 
  2. Koepfli KP, Deere KA, Slater GJ, et al (2008). "Multigene phylogeny of the Mustelidae: Resolving relationships, tempo and biogeographic history of a mammalian adaptive radiation". BMC Biol. খণ্ড 6: 4–5. doi:10.1186/1741-7007-6-10. PMID 18275614. 
  3. Bininda-Emonds OR, Gittleman JL, Purvis A (1999). "Building large trees by combining phylogenetic information: a complete phylogeny of the extant Carnivora (Mammalia)". Biol Rev Camb Philos Soc খণ্ড 74 (2): 143–75. doi:10.1017/S0006323199005307. PMID 10396181.