উলূম’ৰা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
উলূম’ৰা
উলূম'ৰাৰ মতা আৰু মাইকী চৰাই
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Gruiformes
পৰিয়াল: Otididae
গণ: Houbaropsis
Sharpe, 1893
প্ৰজাতি: H. bengalensis
বৈজ্ঞানিক নাম
Houbaropsis bengalensis
(Gmelin, 1789)
সমাৰ্থক

Eupodotis bengalensis (Gmelin, 1789)

উলূম'ৰা (ইংৰাজী: Bengal Florican, বৈজ্ঞানিক নাম-Houbaropsis bengalensis) এবিধ বিৰল প্ৰজাতিৰ চৰাই। ইয়াক প্ৰধানতঃ দক্ষিণ-পূব এছিয়াত দেখিবলৈ পোৱা যায়। Houbaropsis গোত্ৰৰ ই একমাত্ৰ প্ৰজাতি। এই সংকটপূৰ্ণ প্ৰজাতিটোৰ সংখ্যা বৰ্তমান এহাজাৰৰো কম বুলি ধাৰণা কৰা হৈছে। [2]

বিৱৰণ[সম্পাদনা কৰক]

কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত এটা উলূমৰা চৰাই

পূৰ্ণবয়স্ক উলূম'ৰাৰ দেহৰ দৈৰ্ঘ্য ৬৬-৬৮ ছে:মি: আৰু উচ্চতা ৫৫ ছে: মি: মান হয়। [3]মতা উলূম'ৰাৰ মূৰৰ পৰা ডিঙি পৰ্য্যন্ত বৰণ ক'লা। ইয়াৰ মূৰত এটা দীঘল মুকুট (crest) থাকে। উৰন্ত অৱস্থাত মতা উলূম'ৰাৰ ডেউকা দুখন সম্পূৰ্ণ বগা যেন দেখা যায়। ইয়াৰ ঠেং কেইখন হালধীয়া, ঠোঁট গাঢ় বৰণৰ। [4]

মাইকী উলূম'ৰা চৰাইৰ দেহৰ আকাৰ মতাটোতকৈ ডাঙৰ হয়। [4] ইহঁত সাধাৰণতে নীৰৱ হৈ থাকে যদিও কেতিয়াবা 'চ্চিক-চ্চিক-চ্চিক' ধৰণে মতা শুনা যায়। [4]

বিতৰণ[সম্পাদনা কৰক]

উলূম'ৰা প্ৰধানকৈ দুটা অঞ্চলত বিস্তৃত হৈ আছে-[[ভাৰত উপমহাদেশ আৰু দক্ষিণ-পূব এছিয়াভাৰতত ই উত্তৰ প্ৰদেশ, নেপালৰ পৰা অসম আৰু অৰুণাচল প্ৰদেশ আদিত বিস্তৃত। দক্ষিণ-পূব [[এছিয়া]ত ইয়াক কম্বোডিয়া আৰু ভিয়েটনামত দেখা পোৱা যায়। [4]

বাসস্থান[সম্পাদনা কৰক]

উলূম'ৰাই মুকলি আৰু ওখ ঘাঁহনি অঞ্চলত বাস কৰে। ইয়াৰ পছন্দৰ ঘাঁহৰ প্ৰজাতি সমূহৰ বিতৰত 'satintail', কুঁহিয়াৰ আৰু 'Kans Grass' আদিয়ে প্ৰধান। [4]

আচৰণ[সম্পাদনা কৰক]

স্থিতি তথা সংৰক্ষণ[সম্পাদনা কৰক]

উলূম'ৰা বৰ্ত্তমান তেনেই বিৰল হৈ পৰিছে কাৰণ ই দক্ষিণ-পূব এছিয়াৰ দুবিধমান বিভক্ত (Fragments) সৰু অঞ্চলতহে বিস্তৃত হৈ আছে। খেতি-পথাৰৰ পৰিৱৰ্ত্তন , চোৰাং চিকাৰ আদিয়ে ইয়াৰ দ্ৰুত বিলুপ্তিৰ অন্যতম কাৰণ। ভাৰত তথা দক্ষিণ এছিয়াত ইয়াৰ ৩৫০ টামান উলূম'ৰা চৰাইহে আছেগৈ বুলি সন্দেহ কৰা হয়। আনহাতে দক্ষিণ-পূব এছিয়াৰ বাকী অঞ্চলত ১০০০ মান চৰাই বৰ্ত্তমান আছে বুলি তথ্য পোৱা যায়। [5]

ইয়াৰ শেহতীয়া স্থিতিৰ প্ৰতি লক্ষ্য ৰাখি উলূম'ৰাক বৰ্ত্তমান সংকটজনকভাৱে বিলুপ্তিৰ পথত বুলি স্বীকৃতি দিয়া হৈছে। [6]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Houbaropsis bengalensis". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106002782। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. BirdLife International (2009) Species factsheet: Houbaropsis bengalensis.
  3. Ali, S. (1993). The Book of Indian Birds. প্ৰকাশক Bombay: Bombay Natural History Society. ISBN 0-19-563731-3. 
  4. 4.0 4.1 4.2 4.3 4.4 Grimmett, R; Inskipp, C. and T. (1998): Birds of the Indian Subcontinent. Christopher Helm, London.
  5. BirdLife International (2008, 2009) Species factsheet: Houbaropsis bengalensis
  6. BirdLife International (2007, 2008, 2009) Species factsheets: Houbaropsis bengalensis.

লগতে চাওক[সম্পাদনা কৰক]