উৎপাদন (অৰ্থনীতি)

অসমীয়া ৱিকিপিডিয়াৰ পৰা
(উৎপাদনৰ পৰা পুনঃনিৰ্দেশিত)

অৰ্থবিজ্ঞান বা অৰ্থনীতিত উপযোগিতা সৃষ্টি কৰাকে উৎপাদন (ইংৰাজী: Production) বোলে। সাধাৰণতে উৎপাদন বুলিলে কোনো বস্তু তৈয়াৰ কৰা বুজায়। কিন্তু মানুহে কোনো পদাৰ্থ নিজে তৈয়াৰ বা সৃষ্টি কৰিব নোৱাৰে। প্ৰকৃতি প্ৰদত্ত্ব সকলো বস্তুৱেই মানুহে নিজৰ বুদ্ধি, শ্ৰম আৰু কৌশল প্ৰয়োগ কৰি নিজৰ উপযোগী কৰি লয়। অৰ্থাৎ মানুহে প্ৰকৃতিয়ে দিয়া বস্তু সমুহ নিজৰ শ্ৰম, বুদ্ধি আৰু কৌশল খটুৱাই উপযোগীতা বৃদ্ধি কৰি লয়। ইয়াকে অৰ্থবিজ্ঞানত "উৎপাদন" বোলে। মানুহে কোনো বস্তু কৰিব বা ধংসও কৰিব নোৱাৰে, মাত্ৰ উপযোগিতাৰ সৃষ্টি কৰিব পাৰে।[1]

উদাহৰণ[সম্পাদনা কৰক]

হাবিত থকা গছ এডালৰ উপযোগিতা আছে কাৰণ তাৰ পৰা কাঠ পোৱা যায়। সেই কাঠৰ স্থান পৰিবৰ্তন কৰি চহৰলৈ নিলে তাৰ উপযোগিতা আৰু বাঢ়িব। সেই কেঁচা কাঠ খিনি কিছুদিন থৈ শুকাবলৈ দিলে তাৰ উপযোগিতা আৰু বৃদ্ধি হ'ব। কাৰণ শুকান কাঠৰ আচবাব মানুহৰ বাবে বেছি উপযোগী। উপযোগিতা তিনি ধৰণে বৃদ্ধি কৰা হয়। স্থান উপযোগিতা (Place Utility), সময় বা কাল উপযোগিতা (Time Utility) আৰু গঠন উপযোগিতা(Form Utility)।

উৎপাদনৰ উপাদান[সম্পাদনা কৰক]

উৎপাদন কাৰ্য সম্পাদন কৰিবৰ বাবে কিছুমান উপাদান বা সম্পদৰ প্ৰয়োজন হয়। এই আহিলা সমুহক অধ্যয়নৰ সুবিধাৰ বাবে চাৰিটা ভাগত ভগোৱা হয়। সেই সমুহ হ'ল:-

ভূমি[সম্পাদনা কৰক]

প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ সম্পদকে অৰ্থবিজ্ঞানত 'ভুমি' (Land) বুলি কোৱা হয়।[2]

ভূমিৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

১)ভূমি প্ৰকৃতিৰ দান। মানুহৰ শ্ৰমেৰে ইয়াক উৎপাদন কৰিব নোৱাৰি। সেয়ে ভূমিৰ উৎপাদন ব্যয় নাই।
২)ভূমিৰ যোগান সীমাবদ্ধ। মানুহে কোনো কাৰণতে ভূমিৰ যোগান বঢ়াবো নোৱাৰে, কমাবও নোৱাৰে।
৩)ভূমি স্থায়ী, অৰ্থাৎ ইয়াৰ মূল আৰু অবিনস্বৰ গুণ আছে। ভূমি কেতিয়াও ক্ষয় নাযায়।
৪)ভূমিৰ স্থানান্তৰ যোগ্যতা নাই। ইয়াক এঠাইৰ পৰা আনঠাইলৈ স্থানান্তৰ কৰিব নোৱাৰি। ভূমি অলৰ-অচৰ। অৱশ্যে যদিও ভূমিৰ কায়িক স্থানান্তৰ গুণ নাই কিন্তু ইয়াৰ মালিকী স্বত্বৰ পৰিবৰ্তন হ’ব পাৰে।
৫)ভূমি বিসম গুণসম্পন্ন। ভূমি সমগুণ সম্পন্ন নহয়। উৰ্ব্বৰতা, স্থান ইত্যাদিৰ ফালৰ পৰা ভূমি ভিন্ন ভিন্ন হয়।
৬)ভূমিৰ উৎপাদন ক্ৰমহ্ৰাসমান উৎপন্ন বিধিৰ অধিন। একেখণ্ড ভূমিতে যেতিয়া উৎপাদন বৃদ্ধিৰ উদ্দেশ্যে শ্ৰম আৰু মুলধনৰ মাত্ৰা বৃদ্ধি কৰা হয়, তেতিয়া প্ৰান্তিক উৎপাদন ক্ৰমে হ্ৰাস পায় বা মুঠ উৎপাদন ক্ৰমহ্ৰাসমান গতিত বৃদ্ধি পায়।

শ্ৰম[সম্পাদনা কৰক]

উৎপাদন কাৰ্য্যত খটোৱা সকলো ধৰণৰ প্ৰচেষ্টাকে অৰ্থবিজ্ঞানত 'শ্ৰম' (Labour) বোলে। অথবা আৰ্থিক বিবেচনাধীন হৈ মানুহে প্ৰবৃত্ত হোৱা শাৰীৰিক আৰু মানসিক সকলো কামকে অৰ্থ-বিজ্ঞানত শ্ৰম বোলে।("Any work, whether mental or manual, undertaken for a moneytary consideration is called Labour in Economics")[3] উৎপাদনৰ উপাদান হিছাবে শ্ৰমিকৰ স্থান মন কৰিব লগা।আন উপাদানৰ তুলনাত ই সম্পূৰ্ণ বেলেগ। শ্ৰমৰ যোগান ধৰোতা শ্ৰমিক এটা জীৱন্ত বস্তু, ই মানুহ। মানৱীয় বিচাৰ-বুদ্ধি সকলো ইয়াৰ আছে। শ্ৰমিক কেৱল উৎপাদনৰ উপাদানেই নহয়, উৎপাদনৰ লক্ষ্যও। শ্ৰম, উৎপাদনৰ এনে এটা আহিলা যাৰ লগত মানুহ প্ৰত্যক্ষভাৱে জৰিত। শ্ৰমিকৰ কেইবাটাও গুৰুত্বপুৰ্ণ বৈশিষ্ট্য আছে। তলত শ্ৰমৰ কেইটামান উদাহৰণ দিয়া হ'ল।

শ্ৰমৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

  1. শ্ৰমক শ্ৰমিকৰ পৰা পৃথক কৰিব নোৱাৰি। ভূমি বা মুলধনক যেনেকৈ গৰাকীৰ পৰা আহিলাটোক বিচ্ছিন্ন কৰিব পাৰি তেনেকৈ শ্ৰমক শ্ৰমিকৰ পৰা আঁতৰাই আনিব নোৱাৰি। শ্ৰমিকে তেওঁৰ শ্ৰমহে বিক্ৰী কৰে, কিন্তু তেঁও নিজেই নিজৰ শ্ৰমৰ মালিক।
  2. শ্ৰম ক্ষণস্থায়ী। এজন শ্ৰমিক নিবনুৱা হৈ থকা মানে তেওঁৰ শ্ৰম শক্তি আৰু সময়ৰ অপচয়। সেই ক্ষতি অপুৰণীয়। নিবনুৱা হৈ থকাৰ অৰ্থ হ'ল শ্ৰমিকৰ শ্ৰম নষ্ট হোৱা।
  3. ভূমি আৰু মুলধনৰ দৰে শ্ৰম সাঁচি থ'ব নোৱাৰি।যিহেতু বয়স বঢ়াৰ লগে লগে মানুহৰ আয়ুস হ্ৰাস হৈ আহে।সাঁচি থ'লে শ্ৰমিকৰ জীৱনৰ পৰা শ্ৰম হেৰাই যায়। ভূমি আৰু মূলধন সাঁচি থলে উপযোগিতা বৃদ্ধি হয়, আনহাতে শ্ৰম সাঁচি থলে মূল্য কমিহে যায়।
  4. শ্ৰম সাঁচি থব নোৱাৰি বাবেই শ্ৰমিকৰ দৰ-দাম কৰাৰ ক্ষমতা তেনেই কম।শ্ৰম সাঁচি থব নোৱাৰা কাৰণেই শ্ৰমিকে কম মজুৰিত কাম কৰিবলৈ বাধ্য হয়।উৎপাদন প্ৰতিস্থানৰ মালিক বা পুঁজিপতি সকলে শ্ৰমিকক কম মজুৰিত খটুৱাই অধিক মুনাফা লাভৰ চেষ্টা কৰে।
  5. শ্ৰমৰ দাম পৰিবৰ্তনে ইয়াৰ যোগানৰ ওপৰত বিপৰীত প্ৰতিক্ৰিয়া সৃষ্টি কৰে।যোগানৰ নিয়ম অনুসৰি যিকোনো সামগ্ৰীৰ দাম বৃদ্ধি হলে যোগান বৃদ্ধি হয়।কিন্তু শ্ৰমিকৰ দাম অৰ্থাৎ মজুৰি বৃদ্ধি হলে, শ্ৰমিকৰ যোগান হ্ৰাস পায়।
  6. শ্ৰম চলনশীল।শ্ৰমিকৰ লগতে যিহেতু শ্ৰম থাকে সেয়ে শ্ৰম চলনশীল।অৱশ্যে শ্ৰমৰ চলনশীলতা আংশিকহে।সামাজিক,ভৌগলিক,ৰাজনৈতিক আদি বিভিন্ন কাৰকৰ ওপৰত শ্ৰমিকৰ চলনশীলতা নিৰ্ভৰ কৰে।
  7. ভূমিৰ দৰে শ্ৰমো বিসম গুণসম্পন্ন।স্ধান,কাল,পাত্ৰ ভেদে শ্ৰমিকৰ গুণ ভিন্ন ভিন্ন হয়।নিপুন বা প্ৰশিক্ষণ প্ৰাপ্ত শ্ৰমিকৰ দক্ষতা অনিপুন শ্ৰমিকৰ তুলনাত বেছি হয়।জন্মগত কাৰণ, জলবায়ু, খাদ্যাভাস ইত্যাদি কাৰকৰ ওপৰত শ্ৰমিকৰ দক্ষতা বহুপৰিমানে নিৰ্ভৰ কৰে।
  8. শ্ৰমৰ যোগান হ্ৰসকালত অস্থিতিস্থাপক।অৰ্থাৎ প্ৰয়োজন অনুসৰি শ্ৰমৰ যোগান তৎক্ষনাৎ বঢ়াব নোৱাৰি।
  9. শ্ৰমৰ আতাইতকৈ লক্ষনীয় বৈশিষ্ট্য হ'ল, শ্ৰমৰ নিজা বিচাৰ বিবেচনা আছে।

মূলধন[সম্পাদনা কৰক]

মুলধন (Capital) হ’ল ভূমিৰ ওপৰত শ্ৰম খটুৱাই উৎপাদন কৰা যি বিলাক বস্তু আকৌ উৎপাদন কাৰ্য্যত খটুৱা হয়,সেই বোৰকে অৰ্থবিজ্ঞানত মুলধন বোলা হয়।

মূলধনৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

  1. মূলধন উৎপাদনক্ষম: মূলধনৰ উৎপাদন ক্ষমতা আছে। অৰ্থাৎ মূলধনৰ সহায়ত শ্ৰমিকে অধিক উৎপাদন কৰিব পাৰে। এই বৈশিষ্ট্যৰ বাবেই উৎপাদনকাৰীৰ বাবে মূলধনৰ চাহিদা বেছি আৰু মূলধনৰ ব্যৱহাৰৰ বাবে সূদ প্ৰদান কৰা হয়।
  2. মূলধন সঞ্চয়ৰ ফল: মানুহে অৰ্জন কৰা আয়ৰ সম্পুৰ্ণকৈ ভোগ নকৰি সাঁচি থোৱাৰ ফলতে মূলধন সৃষ্টি হয়। সেই বাবেই মূলধনক সঞ্চয়ৰ ফল বা অপেক্ষাৰ ফল বুলি কোৱা হয়।
  3. মূলধন দীৰ্ঘস্থায়ী কিন্তু চিৰস্থায়ী নহয়: ভোগ্য দ্ৰব্যতকৈ মূলধন দীৰ্ঘস্থায়ী। সেইবাবে এবিধ মূলধন বহুদিনলৈ ব্যৱহাৰ কৰিব পাৰি। কিন্তু মূলধন চিৰস্থায়ী নহয়। বহুদিন ব্যৱহাৰৰ পাছত সকলো মূলধনেই এদিন নাশ হয়। মাজে মাজে মূলধনৰ আ্য়ুস বৃদ্ধিৰ বাবে মূলধন মেৰামতি কৰিব লগা হয়। ইয়াৰ বাবে ব্যয় কৰিব লগা হয়।
  4. মূলধনৰ যোগান স্থিতিস্থাপক: যিহেতু মূলধন মানুহে সৃষ্টি কৰে, সেয়ে প্ৰয়োজনৰ সময়ত মূলধন বৃদ্ধি কৰিব পৰা যায়। মুলধন সাঁচি থব পাৰি বাবেই মূলধনৰ দাম হ্ৰাস পালে মূলধনৰ যোগান হ্ৰাস কৰিব পাৰে।
  5. মূলধন গতিশীল: শ্ৰমৰ দৰে মূলধনো গতিশীল। উৎপাদনৰ আটাইকেইটা উপাদানৰ ভিতৰত মূলধনেই আটাইতকৈ বেছি গতিশীল।

সংগঠন[সম্পাদনা কৰক]

সংগঠন (Organisation) বুলিলে কিছুমান বিশেষজ্ঞ বা বিশেষ পাৰদৰ্শিতা থকা লোকক বুজায় যেয়ে ভূমি, শ্ৰম আৰু মুলধন একেলগ কৰি উৎপাদন কাৰ্য্য সম্ভৱ কৰি তোলে আৰু উৎপাদনৰ ক্ষেত্ৰত সম্ভাব্য ক্ষতিৰ দায়িত্ত্ব গ্ৰহণ কৰে।

সংগঠনৰ বৈশিষ্ট্য[সম্পাদনা কৰক]

১)সংগঠন শ্ৰমৰেই এক বিশেষ ৰূপ।শ্ৰমক যেনেকৈ শ্ৰমিকৰ পৰা পৃথক কৰৰিব নোৱাৰি, তেনেকৈ সংগঠনকো সংগঠকৰ পৰা পৃথক কৰিব নোৱাৰি।
২)সংগঠক জনে উৎপাদনৰ বাকি কেইটা উপাদান একলগ কৰি উৎপাদন কাৰ্য্য সম্ভৱ কৰি তোলে।
৩)সংগঠকজনে উৎপাদনত জৰিত সকলো অনিশ্চয়তা আৰু ক্ষতিশংকা বহন কৰে।

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. প্ৰাথমিক অৰ্থ-বিজ্ঞান, লিখক: সত্য নাথ দাস,পৃষ্ঠা: ৭৪, প্ৰকাশক:এল বি এছ পাব্লিকেশ্যন: আমবাৰী গুৱাহাটী।
  2. "উচ্চতৰ মাধ্যমিক অৰ্থতত্ত্ব আৰু ভাৰতীয় অৰ্থনীতি",পৃষ্ঠা: ১২৮, লিখক: ড° হেম বৰুৱা আৰু অৰ্চনা শৰ্ম্মা, সম্পাদনা: ড° বিমান কৰ। প্ৰকাশক: ষ্টুডেণ্টচ্‌ ষ্ট'ৰচ্‌, গুৱাহাটী।
  3. "Principles of Economics"--Marshall.