অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমীয়া স্বৰবৰ্ণমালাৰ সপ্তম আখৰ। 'ঋ'ৰ উচ্চাৰণ 'ৰি'ৰ দৰে।[1] ব্ৰেইল্ত 'ঋ'-ক এনেদৰে ⠐ (braille pattern dots-5)⠗ (braille pattern dots-1235) লিখা যায়।[2]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে[সম্পাদনা কৰক]

ব্যঞ্জন বৰ্ণৰ লগত যোগ হ'লে 'ঋ'ৰ ৰূপ সলনি হয়, অৰ্থাৎ ইয়াক অন্য ৰূপত লিখা হয়। সেই ৰূপ 'ঋ'ৰ গৌণ ৰূপ। 'ঋ'ৰ সেই ৰূপটো হ'ল 'ৃ'।[3] উদাহৰণ স্বৰূপে, ক্+ঋ=কৃ।

ইউনিক’ড[সম্পাদনা কৰক]

ৰূপ চিহ্ন ইউনিক’ড ক’ড নম্বৰ ইউনিক’ডত বিৱৰণ[4]
স্বতন্ত্ৰ ৰূপ U+098B U+098B BENGALI LETTER VOCALIC R
গৌণ ৰূপ U+09C3 U+09C3 BENGALI VOWEL SIGN VOCALIC R

ঋৰে আৰম্ভ হোৱা শব্দ[সম্পাদনা কৰক]

তলত ঋৰে আৰম্ভ হোৱা কেইটামান শব্দ দিয়া হ'ল:

  • ঋষি
  • ঋষভ
  • ঋতু
  • ঋণ
  • ঋজু আদি

ঋ-কাৰ যুক্ত শব্দ[সম্পাদনা কৰক]

তলত ঋ-কাৰযুক্ত শব্দৰ উদাহৰণ দিয়া হ'ল:

  • কৃষি
  • কৃত
  • কৃতকাৰ্য
  • কৃতঘ্ন
  • মৃগ আদি।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ 'অসমীয়া বৰ্ণমালা--স্বৰবৰ্ণ'ৰ মতে
  2. World Braille Usage, UNESCO, 2013
  3. ডেকা আৰু ডেকাৰ 'ৰচনা প্ৰবাহ'ৰ পৃষ্ঠা ৫
  4. বাংলা ইউনিক'ড তালিকা (পি.ডি.এফ.)