এবেল বঁটা

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
এবেল বঁটা
বঁটাৰ তথ্য
শ্ৰেণী গণিত
প্ৰতিষ্ঠা ২০০২
প্ৰথমবাৰ প্ৰদান ২০০৩
অন্তিমবাৰ প্ৰদান ২০১২
প্ৰদানকৰ্তা নৰৱেজিয়ান অকাদেমি আৱ ছায়েঞ্চ এণ্ড লেটাছ
বৰ্ণনা গণিত জগতলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে এই বঁটা প্ৰদান কৰা হয়


গণিতজ্ঞ নীলছ হেনৰিক এবেলৰ সোঁৱৰণীত নৰৱেজিয়ান অকাদেমি অৱ ছায়েঞ্চ এণ্ড লেটাৰ্ছ NASL -এ ২০০৩ চনৰ পৰা প্ৰতিবছৰে এবেল বঁটা (Abel Prize) নামৰ এক বঁটা গণিতৰ জগতখনলৈ অসামান্য বৰঙণি আগবঢ়োৱা এক বা ততোধিক গণিতজ্ঞক প্ৰদান কৰি আহিছে।[1][2][3][4][5][6][7]


সূচী

[সম্পাদনা কৰক] বুৰঞ্জী

২০০২ চনৰ পহিলা জানুৱাৰীত এবেলৰ সোঁৱৰণত 'নীলছ হেনৰিক এবেল পুঁজি’ প্ৰতিষ্ঠা কৰা হয়। এই পুঁজিৰ পৰাই প্ৰতিবছৰে নৰৱেজিয়ান অকাদেমি অৱ ছায়েঞ্চ এণ্ড লেটাছ-এ এবেল বঁটা প্ৰদান কৰে ।বৰ্তমান সময়ত এই বঁটাৰ মূল্য ৬ নিযুত নৰৱেইজিয়ান ক্ৰনাৰ, প্ৰায় ৭,৫০,০০০ ইউৰো[1] [8]

[সম্পাদনা কৰক] বঁটা বিজয়ী সকল

বছৰ বঁটা বিজয়ী সকল প্ৰতিষ্ঠান ৰাষ্ট্ৰ পৰিচয়
২০০৩ জঁ-পিয়েৰ চেৰ কলেজ দ্যে ফ্ৰেন্স ফ্ৰান্স ১৯৫৪ চনত সাতাইশ বছৰ বয়সত ফিল্ডছ পদক লাভ কৰাৰ লগতে আন বহুতো পুৰস্কাৰ লাভ কৰিছে। তেখেতেই হ’ল আটাইতকৈ কম বয়সত ফিল্ডছ মেডেল লাভ কৰা ব্যক্তি।
২০০৪ মাইকেল ফ্ৰান্সিছ আটিয়া
আৰু ইচাড’ৰ চিংগাৰ
এডিনবাৰ্গ বিশ্ববিদ্যালয়
মাছাছুটেছ ইণ্ষ্টিটিউট অৱ টেকনলজি
সংযুক্ত যুক্তৰাজ্য
আমেৰিকা যুক্তৰাষ্ট্ৰ
দুয়োগৰাকীয়েই তেওঁলোকৰ সূচক তত্বৰ বাবে বিখ্যাত।
২০০৫ পিটাৰ লেক্স Courant Institute, NYU হাঙ্গেৰী / আমেৰিকা যুক্তৰাষ্ট্ৰ আংশিক অৱকলনীয় সমীকৰণপ্ৰায়োগিক দিশৰ অধ্যয়ন।
২০০৬ লেনাৰ্ট কাৰ্লচন KTH ছুইডেন কেইবাবছৰো আন্তঃৰাষ্ট্ৰীয় গাণিতিক সংঘৰ প্ৰছিডেণ্ট হিচাপে কাৰ্যনিৰ্বাহ কৰে।
২০০৭ শ্ৰীনিবাস বৰধন Courant Institute, NYU ভাৰত / আমেৰিকা যুক্তৰাষ্ট্ৰ তামিলনাডুত জন্ম, বৰ্তমান আমেৰিকাবাসিন্দাপ্ৰেচিডেন্সি কলেজ, মাদ্ৰাজৰ পৰা স্নাতক ডিগ্ৰী আৰু ভাৰতীয় পৰিসংখ্যা বিজ্ঞান প্ৰতিষ্ঠানৰ পৰা ডক্টৰেট ডিগ্ৰীৰয়েল চচাইটিৰ সদস্য। মাৰ্কিন যুক্তৰাষ্ট্ৰ চৰকাৰ-এ বিজ্ঞানী তথা উদ্ভাৱকসকললৈ আগবঢ়োৱা সৰ্বোচ্চ সন্মান (National Medal of Science) তেখেতে লাভ কৰিছে।
২০০৮ জন গ্ৰিগছ থমছন
জেকাছ টিটছ
ফ্লৰিডা বিশ্ববিদ্যালয়
কলেজ দ্যে ফ্ৰেন্স
আমেৰিকা যুক্তৰাষ্ট্ৰ
বেলজিয়াম / ফ্ৰান্স
জন থমছনে ১৯৭০ চনত ফিল্ডছ মেডেল লাভ কৰে, তেখেত ৰয়েল চচাইটিৰ সদস্য।
২০০৯ মিখায়েল গ্ৰমভ IHÉS
Courant Institute, NYU
ৰাছিয়া / ফ্ৰান্স ৰয়েল চচাইটিৰো সদস্য।
২০১০ জন টৰেঞ্চ টেট’ UT Austin আমেৰিকা যুক্তৰাষ্ট্ৰ গণিত জগতত তেওঁক সংখ্যাতত্ত্বগেলিলিঅ’ হিছাপে খ্যাত।
১০১১ জন মিল্‌নৰ Stony Brook University আমেৰিকা যুক্তৰাষ্ট্ৰ ১৯৬২ চনত ৩১ বছৰ বয়সত ফিল্ড্‌ছ মেডেল লাভ কৰিছিল৷
১০১২ এন্দ্ৰে চেমেৰেডি Alfréd Rényi Institute
আৰু Rutgers University
হাঙ্গেৰী “for his fundamental contributions to discrete mathematics and theoretical computer science, and in recognition of the profound and lasting impact of these contributions on additive number theory and ergodic theory” [9]

[সম্পাদনা কৰক] লগতে চাওক

[সম্পাদনা কৰক] তথ্যসূত্ৰ

[সম্পাদনা কৰক] বহি:সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত