এলকেন

অসমীয়া ৱিকিপিডিয়াৰ পৰা
মিথেনৰ ৰাসায়নিক গঠন

জৈৱ ৰসায়নত এলকেন (ইংৰাজী: Alkane) বা পেৰাফিন (ইংৰাজী: Paraffin) (পুৰণি নাম) হৈছে এবিধ সংপৃক্ত মুক্ত শৃংখলযুক্ত হাইড্ৰ'কাৰ্বন। এটা এলকেন হাইড্ৰ'জেন আৰু কাৰ্বন পৰমাণুৰ দ্বাৰা গঠিত য'ত কাৰ্বন পৰমাণুবোৰ এক বান্ধনিৰে যুক্ত হৈ থাকে। এলকেনৰ সাধাৰণ ৰাসায়নিক সংকেত হ'ল CnH2n+2[1] উদাহৰণস্বৰূপে, n=1 ৰ ক্ষেত্ৰত CH4, যাৰ নাম মিথেন। মিথেন হৈছে এলকেন পৰিয়ালৰ প্ৰথম সদস্য। এলকেনসমূহৰ পৰিসৰ মিথেনৰ নিচিনা সৰল যৌগৰ পৰা আৰম্ভ কৰি পেণ্টাক'ণ্টেন বা ৬-ইথাইল-২-মিথাইল-৫-(১-মিথাইল‌ইথাইল) অক্টেন (টেট্ৰাডেকেনৰ (C14H30) এটা সমযোগী) আদিৰ নিচিনা ডাঙৰ তথা জটিল যৌগলৈ বিস্তৃত হৈ আছে।

বিশুদ্ধ আৰু প্ৰায়োগিক ৰসায়ন বিজ্ঞানৰ আন্তৰ্জাতিক সংস্থাই (IUPAC) সংজ্ঞায়িত কৰিছে যে এলকেনসমূহ “সাধাৰণ সংকেত CnH2n+2 বিশিষ্ট অচক্ৰীয় শাখাযুক্ত বা শাখাবিহীন হাইড্ৰ'কাৰ্বন, আৰু সেয়েহে এইবোৰ সম্পূৰ্ণ হাইড্ৰ'জেন পৰমাণু আৰু সংপৃক্ত কাৰ্বন পৰমাণুৰে গঠিত”। অৱশ্যে, কিছুমান উৎসত একচক্ৰীয় (অৰ্থাৎ চাইক্ল'এলকেনসমূহ যাৰ সাধাৰণ সংকেত CnH2n) বা বহুচক্ৰীয় হাইড্ৰ'কাৰ্বনকে ধৰি যিকোনো সংপৃক্ত হাইড্ৰ'কাৰ্বন বুজাবলৈ এলকেন শব্দটো ব্যৱহাৰ কৰা হৈছে।[2]

এটা এলকেনত প্ৰত্যেকটো কাৰ্বন পৰমাণু চাৰিডাল ছিগমা বান্ধনিসহ (C–C বা C–H) sp3-সংকৰিত হৈ থাকে আৰু প্ৰত্যেকটো হাইড্ৰ'জেন পৰমাণু কাৰ্বন পৰমাণুৰ (এডাল C–H বান্ধনিত) এটাৰ লগত সংযুক্ত হৈ থাকে। এটা অণুত সংযোজিত কাৰ্বন পৰমাণুৰ আটাইতকৈ দীঘল শৃংখলাটোক ইয়াৰ কাৰ্বন কংকাল বা কাৰ্বন মেৰুদণ্ড বুলি কোৱা হয়। কাৰ্বন পৰমাণুৰ সংখ্যাক এলকেনৰ আকাৰ হিচাপে গণ্য কৰিব পৰা যায়।

উচ্চতৰ এলকেনৰ এটা গোট হৈছে মম (প্ৰমাণ বায়ুমণ্ডলীয় উষ্ণতা আৰু চাপত (SATP) থকা এবিধ কঠিন পদাৰ্থ) যাৰ কাৰ্বন মেৰুদণ্ডত কাৰ্বন পৰমাণুৰ সংখ্যা ১৭ তকৈ বেছি। পুনৰাবৃত্তি ঘটা –CH2 এককৰ সৈতে এলকেনসমূহে জৈৱিক যৌগৰ এক সমজাত শৃংখলা গঠন কৰে য'ত তাৰ সদস্যসকলৰ আণৱিক ভৰ ১৪.০৩ ডেল্টনৰ গুণিতকৰ দ্বাৰা পৃথক হয়।

মিথেন মিথেনোজেনিক বেক্টেৰিয়াৰ দ্বাৰা উৎপন্ন হয়। কিছুমান দীঘল-শৃংখলযুক্ত এলকেনে কিছুমান নিৰ্দিষ্ট প্ৰাণীৰ প্ৰজাতিত ফেৰ'ম'ন হিচাপে আৰু উদ্ভিদ তথা ভেঁকুৰত সুৰক্ষামূলক মম হিচাপে কাম কৰে যদিও বেছিভাগ এলকেনৰে বেছি জৈৱিক কাৰ্যকলাপ নাই। সেইবোৰক আণৱিক গছ হিচাপে গণ্য কৰিব পাৰি যাৰ ওপৰত জৈৱিক অণুৰ অধিক সক্ৰিয়/বিক্ৰিয়ক কাৰ্যকৰী গোটসমূহ ওলোমাই ৰাখিব পাৰি।

পেট্ৰ'লিয়াম (খাৰুৱা তেল) আৰু প্ৰাকৃতিক গেছ হৈছে এলকেনৰ দুটা মুখ্য বাণিজ্যিক উৎস।

এটা এলকাইল গোট হৈছে এলকেনৰ ওপৰত আধাৰিত এক আণৱিক খণ্ড যিয়ে বন্ধনৰ বাবে এটা মুক্ত যোজ্যতা বহন কৰে।

গঠন আৰু শ্ৰেণীবিভাজন[সম্পাদনা কৰক]

সাধাৰণতে C-C (কাৰ্বন-কাৰ্বন) এক বান্ধনিৰ দূৰত্ব ১.৫৩ Å (১ মিটাৰ = 10-10 আংষ্টৰ্ম)।[3] সংপৃক্ত হাইড্ৰ'কাৰ্বনবোৰ ৰৈখিক, শাখাযুক্ত বা চক্ৰীয় হ'ব পাৰে। ইয়াৰে তৃতীয় গোটটোক প্ৰায়েই চাইক্ল'এলকেন বুলি কোৱা হয়।[1] ৰৈখিক, শাখাযুক্ত আৰু চক্ৰীয় এলকেনবোৰক একত্ৰিত কৰিলে অতি জটিল গাঁথনিও পাব পাৰি।

ভৌতিক ধৰ্ম[সম্পাদনা কৰক]

এলকেনসমূহৰ কোনো ৰং নাই।[4] কম আণৱিক ভৰযুক্ত এলকেনসমূহ গেছ, মধ্যমীয়া আণৱিক ভৰযুক্ত এলকেনসমূহ তৰল আৰু বেছি আণৱিক ভৰযুক্ত এলকেনসমূহ কঠিন।[5][6]

এলকেনসমূহৰ তালিকা[সম্পাদনা কৰক]

এলকেন সাংকেতিক চিহ্ন উতলাংক [°C] গলনাংক [°C] ঘনত্ব [kg/m3] (20 °C ত) সমযোগী
মিথেন CH4 -১৬২ −১৮২ ০.৬৫৬ (গেছ)
ইথেন C2H6 −৮৯ −১৮৩ ১.২৬ (গেছ)
প্ৰ'পেন C3H8 −৪২ −১৮৮ ২.০১ (গেছ)
বিউটেন C4H10 −১৩৮ ২.৪৮ (গেছ)
পেণ্টেন C5H12 ৩৬ −১৩০ ৬২৬ (তৰল)
হেক্সেন C6H14 ৬৯ −৯৫ ৬৫৯ (তৰল)
হেপ্টেন C7H16 ৯৮ −৯১ ৬৮৪ (তৰল)
অ'ক্টেন C8H18 ১২৬ −৫৭ ৭০৩ (তৰল) ১৮
ন'নেন C9H20 ১৫১ −৫৪ ৭১৮ (তৰল) ৩৫
ডেকেন C10H22 ১৭৪ −৩০ ৭৩০ (তৰল) ৭৫
আনডেকেন C11H24 ১৯৬ −২৬ ৭৪০ (তৰল) ১৫৯
ড'ডেকেন C12H26 ২১৬ −১০ ৭৪৯ (তৰল) ৩৫৫
ট্ৰাইডেকেন C13H28 ২৩৫ −৫.৪ ৭৫৬ (তৰল) ৮০২
টেট্ৰাডেকেন C14H30 ২৫৩ ৫.৯ ৭৬৩ (তৰল) ১৮৫৮
পেণ্টাডেকেন C15H32 ২৭০ ১০ ৭৬৯ (তৰল) ৪৩৪৭
হেক্সাডেকেন C16H34 ২৮৭ ১৮ ৭৭৩ (তৰল) ১০,৩৫৯
হেপ্টাডেকেন C17H36 ৩০৩ ২২ ৭৭৭ (কঠিন) ২৪,৮৯৪
অ'ক্টাডেকেন C18H38 ৩১৭ ২৮ ৭৮১ (কঠিন) ৬০,৫২৩
ন'নাডেকেন C19H40 ৩৩০ ৩২ ৭৮৫ (কঠিন) ১৪৮,২৮৪
আইক'ছেন C20H42 ৩৪৩ ৩৭ ৭৮৯ (কঠিন) ৩৬৬,৩১৯
ট্ৰায়াক'ণ্টেন C30H62 ৪৫০ ৬৬ ৮১০ (কঠিন) ৪,১১১,৮৪৬,৭৬৩
টেট্ৰাক'ণ্টেন C40H82 ৫২৫ ৮২ ৮১৭ (কঠিন)
পেণ্টাক'ণ্টেন C50H102 ৫৭৫ ৯১ ৮২৪ (কঠিন)
হেক্সাক'ণ্টেন C60H122 ৬২৫ ১০০ ৮২৯ (কঠিন)
হেপ্টাক'ণ্টেন C70H142 ৬৫৩ ১০৯ ৮৬৯ (কঠিন)

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 G. P. Moss, P. A. S. Smith, D. Tavernier (1995). "Article Glossary of class names of organic compounds and reactivity intermediates based on structure (IUPAC Recommendations 1995)". Pure and Applied Chemistry খণ্ড 67 (8-9): 1307-1375. https://doi.org/10.1351/pac199567081307. 
  2. "Alkanes". LibreTexts. 29 November, 2016. https://chem.libretexts.org/Bookshelves/Organic_Chemistry/Supplemental_Modules_(Organic_Chemistry)/Hydrocarbons/Alkanes। আহৰণ কৰা হৈছে: 12 January 2022. 
  3. Smith, Michael B.; March, Jerry (2007), Advanced Organic Chemistry: Reactions, Mechanisms, and Structure (6th সম্পাদনা), প্ৰকাশক New York: Wiley-Interscience, p. 23, ISBN 978-0-471-72091-1, https://books.google.com/books?id=JDR-nZpojeEC&printsec=frontcover 
  4. "Archived copy". Archived from the original on 29 October 2013. https://web.archive.org/web/20131029192647/http://nsdl.niscair.res.in/bitstream/123456789/777/1/Revised+organic+chemistry.pdf। আহৰণ কৰা হৈছে: 16 January 2022. 
  5. "Molecule Gallery - Alkanes". www.angelo.edu. Archived from the original on 19 March 2022. https://web.archive.org/web/20220319042437/https://www.angelo.edu/faculty/kboudrea/molecule_gallery/01_alkanes/00_alkanes.htm। আহৰণ কৰা হৈছে: 16 January 2022. 
  6. Allaby, Michael, ed (1988). "Alkanes (paraffins)". Illustrated Dictionary of Science, Andromeda. Windmill Books (Andromeda International). Archived from the original on 2023-12-11. https://web.archive.org/web/20231211132627/https://search.credoreference.com/content/entry/andidsci/alkanes_paraffins। আহৰণ কৰা হৈছে: 2022-01-16. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]