এৰিষ্ট'টল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
এৰিষ্ট'টল

এৰিষ্ট'টলৰ মাৰ্বলৰ মূৰ্তি। ৩৩০ খ্ৰী:পূ: লিছিপ্পাছৰ মূল গ্ৰীক ব্ৰঞ্জৰ পৰা কৰা ৰোমান প্ৰতিলিপি। এলেবেষ্টাৰৰ আৱৰণটো আধুনিক।
সম্পূৰ্ণ নাম এৰিষ্ট'টল
জন্ম খ্ৰী:পূ: ৩৮৪
ষ্টেগিৰা, Chalcidice
মৃত্যু খ্ৰী:পূ: ৩২২(বয়স ৬২)
Euboea
যুগ প্ৰাচীন দৰ্শন
অঞ্চল পাশ্চাত্য দৰ্শন
ধাৰা পৰিব্ৰাজক শিক্ষা
এৰিষ্ট'টলবাদ
আগ্ৰহ পদাৰ্থবিজ্ঞান, অধিবিদ্যা, কবিতা, নাটক, সংগীত, বক্তৃতা, ৰাজনীতি, প্ৰশাসন, নীতি শিক্ষা, জীৱবিজ্ঞান, প্ৰাণীবিজ্ঞান
উল্লেখযোগ্য কৰ্ম Golden mean, এৰিষ্ট'টলীয় যুক্তিবিদ্যা, syllogism, hexis, hylomorphism, Aristotle's theory of soul

এৰিষ্ট'টল (প্ৰাচীন গ্ৰীক: Ἀριστοτέλης [aristotélɛːs], Aristotélēs) (৩৮৪ খৃঃপূঃ- ৩২২ খৃঃপূঃ)[1] এগৰাকী গ্ৰীক দাৰ্শনিক আছিল। তেওঁৰ জন্ম ৩৮৪ খৃঃপূঃত গ্ৰীক দেশৰ এখন প্ৰাচীন নগৰ ষ্টেজাইৰাত হৈছিল। তেওঁৰ শৈশৱ অৱস্থাতে পিতৃ নিকোমাকাচৰ (Nicomachus) মৃত্যু হৈছিল। ফলস্বৰূপে তেওঁ এজন অভিভাৱকৰ তত্বাৱধানত ডাঙৰ-দীঘল হৈছিল। ১৮ বছৰ বয়সত এৰিষ্ট'টলে এথেঞ্চত অৱস্থিত প্লেটোৰ শিক্ষানুষ্ঠানত ভৰ্তি হৈছিল আৰু ৩৭ বছৰ বয়সলৈ তেওঁ তাত আছিল। তেওঁৰ ৰচনাই পদাৰ্থবিদ্যা, অধিবিদ্যা, কবিতা, নাট্যশাস্ত্ৰ, সঙ্গীত, তৰ্কশাস্ত্ৰ, বাখ্যান শাস্ত্ৰ ভাষাতত্ব,ৰাজনীতি বিজ্ঞান, চৰকাৰ, ন্যায়শাস্ত্ৰ, জীৱবিদ্যা, প্ৰাণীবিদ্যা আদি বিভিন্ন বিষয় সামৰি লৈছে। তেওঁৰ ৰচনাই পোন প্ৰথমবাৰৰ বাবে ন্যায়শাস্ত্ৰ, নন্দনতত্ব, তৰ্কশাস্ত্ৰ, বিজ্ঞান, ৰাজনীতি আৰু অধিবিদ্যাক সাঙুৰি পশ্চিমীয়া দৰ্শনশাস্ত্ৰৰ সৰ্বাত্মক পদ্ধতি এটাৰ সৃষ্টি কৰিছিল। প্লেটোৰ মৃত্যুৰ পিছতে তেওঁ এথেঞ্চৰ পৰা আঁতৰি আহিছিল। মেচিডনীয়াৰ ৰজা ফিলিপ দ্বিতীয়ৰ অনুৰোধ মৰ্মে তেওঁ ৩৫৬ খৃঃপূঃৰ পৰা ৩২৩ খৃঃপূঃলৈ আলেকজেণ্ডাৰৰ গৃহ শিক্ষকতাৰ দায়িত্ব গ্ৰহণ কৰিছিল।

আলেক্‌জেণ্ডাৰৰ শিক্ষক হিচাবে এৰিষ্ট'টলে প্ৰসিদ্ধি লাভ কৰে। এই পদে তেওঁক অনেক যোগাৰ যন্ত্ৰ (ইং ৱিকিত থকামতে abundance of supplies) আৰু ৰাজকীয় সা সুবিধাৰ অধিকাৰী কৰে। তেওঁ নিজে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনত শতাধিক কিতাপেৰে এক পুথিভঁৰালো মুকলি কৰিছিল৷ তেওঁৰ লিখনি সমূহে বহুতো বিষয়ত ধাৰণা প্ৰকাশ কৰিছিল৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল- পদাৰ্থবিদ্যা, কাব্য সাহিত্য, নাট্য, গীত, ভাষাবিজ্ঞান (linguistics),ৰাজনীতি , চৰকাৰ, জীৱবিজ্ঞান ইত্যাদি৷ প্লেট'ৰ শিষ্য হোৱাৰ বাবে এৰিষ্টট'ল জীৱনৰ আগভাগত 'প্লেট'নিজম' ( Platonism) ভাৱাদৰ্শত বিশ্বাসী আছিল যদিও পিছলৈ তেওঁ প্ৰয়োগবাদ (empiricism ) ৰ বিশ্বাসী হৈ উঠে৷ .[2] এৰিষ্ট'টলৰ কৰ্মৰাজিয়েই আধুনিক বিশ্বৰ বহুতো বিষয়ৰ প্ৰথম ভেঁটি প্ৰতিষ্ঠা কৰি গৈছে৷ [3]

তেওঁৰ দৰ্শনৰ ধাৰণাসমূহ বৰ্তমান শিক্ষাৰ এক অপৰিহাৰ্য অংশ৷ যদিও তেওঁ অসংখ্য ধাৰণা লিখনি আকাৰে প্ৰকাশ কৰিছিল , তথ্য অনুসৰি তেওঁৰ প্ৰায়ভাগ লিখনিয়ে সংৰক্ষণ কৰা নহ"ল৷ বৰ্তমান এৰিষ্ট'টলৰ মূল কৰ্মৰ কেৱল এক তৃতীয়াংশহে সংৰক্ষিত হৈ থকা বুলি জনা যায়৷[4] [5]

সূচী

জীৱন[সম্পাদনা কৰক]

এৰিষ্ট'টল নামৰ অৰ্থ হ'ল "সৰ্বোত্তম উদ্দেশ্য"।[6] ৩৮৪ খ্ৰীষ্টপূৰ্বত এতিয়াৰ গ্ৰীচৰ থেছাল'নিকি চহৰৰপৰা পূবে ৫৫ km (৩৪ mi) দূৰত্বত খল্কিডিকি উপদ্বীপৰ ষ্টেজাইৰা গাঁৱত তেওঁৰ জন্ম হৈছিল।[7] তেওঁৰ পিতৃ নিক'মাকুছ আছিল মেচিডনৰ ৰজা আমিণ্টছৰ ব্যক্তিগত চিকিৎসক। এৰিষ্ট'টলৰ শৈশৱৰ বিষয়ে বেছি তথ্য পোৱা নাযায় যদিও সম্ভৱতঃ তেওঁ বেছিভাগ সময় মেচিডনৰ ৰাজপ্ৰাসাদত অতিবাহিত কৰিছিল আৰু এনেকৈয়ে তেওঁৰ মেচিডনৰ ৰাজবংশৰ লগত প্ৰথম সম্পৰ্ক স্থাপন হৈছিল।[8]

প্ৰায় ১৮ বছৰ বয়সত প্লেট'জ একাডেমীত (Plato's Academy) শিক্ষাগ্ৰহণৰ বাবে তেওঁ এথেন্সলৈ যায়। প্ৰায় ২০ বছৰ সেই শিক্ষানুস্থানত থাকি তেওঁ ৩৪৮/৪৭ খ্ৰীষ্টপূৰ্বত এথেন্স ত্যাগ কৰে। প্ৰচলিত কাহিনীমতে প্লেট'ৰ মৃত্যুৰ পাছত একাডেমীৰ নিয়ন্ত্ৰণ প্লেট'ৰ ভতিজাক স্পে'ছিপছৰ হাতলৈ যোৱাৰ পাছত একাডেমীৰ সিদ্ধান্তত অসন্তুষ্ট হৈ তেওঁ একাডেমী ত্যাগ কৰে। অৱশ্যে এইটোও সম্ভৱ যে মেচিডনবিৰোধী অনুভূতিলৈ ভয় কৰি প্লেট'ৰ মৃত্যুৰ আগেয়েই তেওঁ একাডেমী ত্যাগ কৰিছিল।[9]

ইয়াৰ পিছত তেওঁ বন্ধু 'Hermias of Atarneus' ৰ এছিয়া মিনৰ (Asia Minor) ত থকা সভাসদলৈ Xenocrates ৰ সৈতে যায়৷ এছিয়াত থকা কালত এৰিষ্ট'টলে 'Theophrastus' ৰ সৈতে 'Lesbos' দ্বীপলৈ যায়৷ এই দ্বীপত দুয়ো মিলি ইয়াৰ উদ্ভিদ তথা প্ৰাণীসমূহৰ ওপৰত অধ্যয়ন কৰে বুলি জনা যায়৷ এৰিষ্ট'টলে হাৰমিয়াজ ( Hermias) ৰ ভতিজা পিথিয়াছ (Pythias) ৰ সৈতে বিবা্হ পাশত আবদ্ধ হয়৷ তেওঁলোকৰ এগৰাকী ছোৱালী সন্তানৰ জন্ম হয় যাৰ নামো পিথিয়াছ ৰখা হয়৷ হাৰমিয়াজৰ মৃত্যুৰ পিছতে এৰিষ্ট'টলক Philip II of Macedon এ এৰিষ্ট'টলক খ্ৰীষ্টপূৰ্য় ৩৪৩ শতিকাত তেওঁৰ পুত্ৰ আলেকজেণ্ডাৰ শিক্ষা দিবলৈ অনুৰোধ কৰে৷[10]

An early Islamic portrayal of Aristotle (r) and Alexander the Great (l).

এৰিষ্ট'টল ৰাজকীয় বিদ্যালয় (royal academy) মেচিডন ( Macedon) প্ৰধান শিক্ষ হিচাপে অধিষ্ঠিত হয়৷ এইসময়ছোৱাত আলেকজেণ্ডাৰৰ উপৰিও ভৱিষ্যতৰ মহাৰজা টলেমি ( Ptolemy) আৰু কেছেণ্ডাৰ ( Cassande) ক এৰিষ্ট'টলে শিক্ষা দিয়ে৷ [11] এৰিষ্ট'টলে আলেকজেণ্ডাৰক পূবৰ দেশসমূহ জয় কৰিবলৈ উৎসাহ দিয়ে বুলি জনা যায়৷ [11]

খ্ৰীষ্টপূৰ্ব ৩৩৫ শতিকাত তেওঁ এথেন্সলৈ উভতি আহে আৰু 'Lyceum' নামেৰে নিজাকৈ বিদ্যালয় স্থাপন কৰে৷ এই বিদ্যালয় এৰিষ্ট'টলে বাৰ বছৰ ধৰি বিভিন্ন পাঠদান পৰিচালনা কৰে৷ এইসময়তে এথেন্সত তেওঁৰ পত্নী পিথিয়াছৰ মৃত্যু হয়৷ পৰৱৰ্ত্তী কালত তেওঁ হাৰ্পিলিছ ( Herpyllis ) ক বিয়া কৰায় আৰু তেওঁলোকৰ এটা ল'ৰাসন্তান জন্ম হয় যাৰ নাম Nicomachus ৰাখে৷ [12]

এথেন্সত থকা এই কালছোৱাতে খ্ৰীষ্টপূৰ্য় ৩৩৫-৩২৩ শতিকাৰ ভিতৰত এৰিষ্ট'টলে তেওঁৰ প্ৰায়ভাগ সৃষ্টি কৰা বুলি জনা যায়৷ [10] তেওঁৰ লিখনিসমূহৰ ক্ষুদ্ৰ অংশএটাহে সংৰক্ষণ হৈ থাকিল৷ ইয়াৰ ভিতৰত বিদ্যালয়ত বা শিষ্যসকলক কৰা পাঠদানৰ অংশসমূহেই প্ৰধান৷ এইসমূহৰ ভিতৰত প্ৰধান হ'ল-Physics, Metaphysics, Nicomachean Ethics, Politics, De Anima (On the Soul) আৰু Poetics.

এৰিষ্ট'টলে সেইসময়ৰ সম্ভৱ হোৰা সকলোবোৰ বিষয় অধ্যয়ন কৰাই নহয়, বেছিভাগতেই তেওঁ অতি উল্লেখযোগ্য অৱদানো আগবঢ়াই গৈছে৷ তাত্বিক বিজ্ঞানৰ ভিতৰত এৰিষ্ট'টলে anatomy, astronomy, embryology, geography, geology, meteorology, physics আৰু প্ৰাণীবিজ্ঞান অধ্যয়ন কৰিছিল৷ দৰ্শনৰ ক্ষেত্ৰত তেওঁ aesthetics, ethics, চৰকাৰ, metaphysics, ৰাজনীতি, মনোবিজ্ঞান, rhetoric আৰু theology আদি সম্পৰ্কত লিখিছিল৷ তাৰোপৰি তেওঁ শিক্ষা, বৈদেশিক নীতি, সাহিত্য আদিও অধ্যয়ন কৰিছিল৷ তেওঁৰ সমূহ কৰ্মৰাজিয়ে গ্ৰীক সকলৰ জ্ঞানৰ এক বিশ্বকোষকে সূচায়৷ [13]

আলেকজেণ্ডাৰ জীৱনৰ শেষৰফালে তেওঁ এৰিষ্ট'টলৰ ধাৰণাসমূহৰ ওপৰত সন্দেহ কৰিবলৈ লয় আৰু এৰিষ্ট'টলক চিঠিৰ যোগেদি ভাবুকিও দিয়াৰ কথা জনা যায়৷ এৰিষ্ট'টলেও আলেকজেণ্ডাৰৰ স্বৰ্গ সম্পৰ্কীয় ধাৰণাসমূহৰ অশুদ্ধতা আঙুলিয়াই দিবলৈ কুন্ঠাবোধ কৰা নাছিল৷ এনে কাৰণতে এৰিষ্ট'টলৰ নাতি-ভতিজাক ৰাজকীয় মহলে বিশ্বাসঘাটকতাৰ বাবে দোষী সাবস্ত্য কৰি মৃত্যুদণ্ড দিছিল৷ জনশ্ৰুতি অনুসৰি এৰিষ্ট'টলৰ আলেকজেণ্ডাৰৰ মৃত্যুতো হাত থকাৰ কথা জনা যায়, কিন্তু এইসম্পৰ্কত কোনো প্ৰমাণ পোৱা হোৱা নাই৷ [14]

আলেকজেণ্ডাৰৰ মৃত্যুৰ পিছতে এথেন্সত ৰাজকীয় পক্ষৰ প্ৰতি অসন্তোষে গা কৰি উঠে৷ ইয়াৰ লগে লগে 'Eurymedon the hierophant' আৰু তেওঁৰ পক্ষই এৰিষ্ট'টলক হিশ্বৰক যথাৰ্থ সন্মান প্ৰদৰ্শন নকৰা বুলি দোষী সাব্যস্ত কৰে৷ এৰিষ্ট'টলে এথেন্স এৰিবলৈ বাধ্য হয় আৰু মাকৰ পুৰণি ঠাইলৈ গুচি যায়৷ [15][16] খ্ৰীষ্টপূৰ্ব ৩২২ শতিকাত তেওঁৰ স্বাভাৱিক কাৰণত 'Euboea' চহৰত মৃত্যু হয়৷ [17]

স্মৃতি[সম্পাদনা কৰক]

স্মৃতি[সম্পাদনা কৰক]

এৰিষ্ট'টলৰ মত অনুসৰি স্মৃতি হ'ল এটা অভিজ্ঞতাক মনত ৰখা আৰু এই মনত ৰখা কথাটোৰ অন্তৰ্ভাগৰ উপস্থিতিৰ পৰা অতীতত ঘটাৰ পাৰ্থক্য চিনিব পৰাৰ ক্ষমতা[18]৷ অন্য অৰ্থত, এৰিষ্ট'টলে De Anima ৰ যোগেদি দিয়া সংজ্ঞা অনুসৰি স্মৃতি একধৰণৰ মানসিক চিত্ৰ (phantasm) যি মানুহৰ সত্তা মুদ্ৰিত ( imprint) হৈ পৰে৷ এৰিষ্ট'টলে বিশ্বাস কৰিছিল যে এনধৰণৰ মানসিক চিত্ৰবোৰ অৰ্ধতৰল এক শাৰিৰীক অংগত মুদ্ৰিত হৈ পৰে আৰু কিছু পৰিৱৰ্ত্তনৰ যোগেদি স্মৃতিলৈ ৰূপান্তৰিত হয়৷ এই অৰ্ধতৰল শাৰিৰীক অংগ অৰ্থাৎ স্নায়ুতন্ত্ৰই যেতিয়া কোনো জটিল উদ্দীপক (stimuli)ৰ সকলোবোৰ মানসিক চিত্ৰ একেলগে মুদ্ৰন কৰিব নোৱাৰে তেতিয়াই স্মৃতিৰ উৎপত্তি হয়৷ এৰিষ্ট'টলৰ ধাৰণা অনুসৰি এই পৰিৱৰ্ত্তন সমূহ মানুহৰ অনুভৱ বা চিন্তাৰ দৰে একেই৷ [19] অনুভৱ (sense perception) ৰ সম্পূৰ্ণ প্ৰক্ৰিয়াৰ শেষ উৎপাদন সামগ্ৰীটো হৈছে স্নায়ুতন্ত্ৰত মুদ্ৰিত হোৱা এই মানসিক চিত্ৰবোৰ৷ দেখি বা শুনি হোৱা যিকোনো অভিজ্ঞতাৰে এনেদৰে মানসিক চিত্ৰবোৰ স্মৃতি হিচাপে ৰৈ যায়৷ [20]

এৰিষ্ট'টলে স্মৃতি শব্দটো মূলত: দুটা অৰ্থত ব্যৱহাৰ কৰিছিল৷ প্ৰথমটো হ'ল, কোনো অভিজ্ঞতাই জন্ম দিয়া অনু্ভূতিৰ মুদ্ৰন কৰাৰ ক্ষমতা আৰু দ্বিতীয়টো হ'ল, কোনো বিশেষ সময়ত হোৱা এনে মুদ্ৰনৰ সৈতে উপজা বৌদ্ধিক অস্থিৰতা (intellectual anxiety)৷ যিহেতু স্মৃতি কিছু সময়ৰ বিৰতিত উৎপন্ন হয়, ই কেৱল অনুভূতি বা কোনো ভাৱ নহয়৷ সেয়ে স্মৃতি অতীতৰ [21] , অনুমান (prediction) ভৱিষ্যতৰ আৰু অনুভূতি (sensation) বৰ্তমানৰ৷ আমাৰ মনত থকা মানসিক চিত্ৰ মুদ্ৰিত ৰুপবোৰ হঠাতে আনিব (retrieval) নোৱাৰি৷ ইয়াৰ বাবে এক মাধ্যম (transitional channel ) ৰ প্ৰয়োজন হয়৷

এৰিষ্ট'টলে ধাৰণা কৰিছিল যে ৰসবোধ কম (slow-witted) থকা লোকৰ স্মৃতি শক্তি তুলনামূলকভাৱে বেছি ভাল হ'ব কাৰণ, তেনে লোকৰ মগজুত থকা জুলীয়া পদাৰ্থবোৰে স্মৃতিশক্তিৰ লগত জড়িত অংগৰ মুদ্ৰন ক্ষমতা নোহোৱা নকৰে৷ তেওঁ বিশ্বাস কৰিছিল যে শিশু আৰু বৃদ্ব লোকে ভালদৰে অভিজ্ঞতাসমূহ মুদ্ৰণ কৰিব নোৱাৰে৷ শিশুৰ দেহৰ বৃদ্বিৰ লগে লগে মগজুৰো ঘনাই পৰিৱৰ্ত্তন হয়৷ তেনেদৰে বৃদ্ধ লোকৰ অংগসমূহৰ কাৰ্য্যক্ষমতাও বয়সৰ লগে লগে কমি আহে৷ যিহেতু বৌদ্ধিক কাৰ্য্য (intellectual functions) স্মৃতিৰ সৈতে জড়িত নহয়, সেয়ে সময়বোধ থকা কিছুমান জীৱ-জন্তুৰো স্মৃতি থকা দেখা যায়৷

স্মৰণ[সম্পাদনা কৰক]

এৰিষ্টট'লে ধাৰণা কৰিছিল যে যিহেতু মানুহে সকলোধৰণৰ অনুভূতিৰ পৰা মানসিক চিত্ৰ বা মুদ্ৰণ গ্ৰহণ কৰিব পাৰে গতিকে মানুহৰ মনত নিৰন্তৰভাৱে নতুন নতুন অভিজ্ঞতাৰ পৰা ন ন মুদ্ৰিত স্মৃতি সৃষ্টি হয়৷ এই মানসিক চিত্ৰৰ সন্ধান কৰোতে মানুহে প্ৰকৃততে স্মৃতিৰেই সন্ধান কৰে৷[22] এনেদৰে সন্ধান কৰোঁতে এটাৰ পিছত আনটোকৈ অভিজ্ঞতাসমূহ আহিলে স্মৰণ (Recollection) প্ৰক্ৰিয়াৰ সৃষ্টি হয়৷ যেতিয়া মানুহে কোনো বিশেষ অভিজ্ঞতা মনত পেলায়, তেতিয়া মানুহৰ মগজুৱে পূৰ্বৰ কিছুমান অভিজ্ঞতাৰ মুদ্ৰিত ৰূপটোৰ সন্ধান কৰে আৰু এইসমূহে সেই বিশেষ অভিজ্ঞতাটো মনত পেলোৱাত সহায় কৰে৷ [23]

গতিকে মনত পেলোৱা (Recollection) হ'ল স্মৃতিত থকা কোনো মুদ্ৰণ কিছু সময়ৰ পিছত উলিয়াই অনা প্ৰক্ৰিয়া৷ এনেদৰে সাঁচি থোৱা কোনো তথ্যৰ পুনৰ উলিয়াই অনাৰ প্ৰক্ৰিয়া নিৰ্ভৰ কৰে মানুহৰ 'mnemonic' ক্ষমতাৰ ওপৰত নিৰ্ভৰ কৰে৷ [24] কেৱল মানুহেহে বৌদ্ধিক কাৰ্য্যৰ মুদ্ৰণসমূহ যেনে সংখ্যা বা শব্দ আদি মনত ৰাখিবলৈ সক্ষম৷ অৱশ্যে সময়বোধ থকা অন্য প্ৰণিসমূহেও পূৰ্বৰ অভিজ্ঞতাসমূহ মনত পেলাব পাৰে৷ কোনো এটা মুদ্ৰণ মনত পেলালে ইয়াৰ লগত কোনো প্ৰকাৰে জড়িত থকা অন্য বহুতু মুদ্ৰণ স্মৃতি হৈ মনলৈ আহিব পাৰে৷ [25]

এৰিষ্টটলে বিশ্বাস কৰিছিল যে কিছুমান চিন্তাৰ সমষ্টিৰে মনলৈ আনি দিয়া বিশেষ মুদ্ৰণবোৰ তিনিধৰণৰ সম্পৰ্কেৰে ইটো-সিটোৰ সৈতে সংযোজিত হৈ থাকে৷ এইবোৰ হৈছে-মিল (similarity),অমিল (contrast) আৰু সংস্পৰ্শ (contiguity)৷ এই তিনিটাই তেওঁৰ 'Laws of Association' ৰ মূল উপাদান৷ এৰিষ্ট'টলে ধাৰণা কৰিছিল যে অতীতৰ অভিজ্ঞতাসমূহ মানুহৰ মনতে লুকাই থাকে৷ এটা শক্তিয়ে প্ৰকৃতি অভিজ্ঞতাটো এই পূৰ্বৰ অভিজ্ঞতাসমূহ জাগ্ৰত কৰি উলিয়াই আনে৷ তেওঁৰ মতে সংযোগ (association) হৈছে মানসিক সত্ত্বাত লুকাই থকা এক শক্তি৷ ই পুৰ্বৰ অভিজ্ঞতাৰ অপ্ৰকাশিক অংশক জাগ্ৰত কৰি তোলে আৰু মনত পেলোৱাত সহায় কৰে৷ [26]

চিন্তা (Thought)[সম্পাদনা কৰক]

যুক্তি (Logic)[সম্পাদনা কৰক]

Aristotle portrayed in the 1493 Nuremberg Chronicle as a scholar of the 15th century A.D.

এৰিষ্ট'টলে পোনপ্ৰথমে যুক্তি সম্পৰ্কীয় চিন্তা চৰ্চা কৰা বুলি জনা যায়৷ তেওঁৰ ধাৰণাসমূহ উনৈশ শতিকা পৰ্যন্ত পশ্চিমীয়া দেশসমূহত প্ৰভূতভাৱে প্ৰচলিত আছিল৷[27]

ইতিহাস[সম্পাদনা কৰক]

এৰিষ্ট'টলৰ মত অনুসৰি কাৰক (reasoning) সম্পৰ্কত পূৰ্বতে তেওঁৰ বিশেষ একো ক'বলগীয়া নাছিল ৷ (On the subject of reasoning' he 'had nothing else on an earlier date to speak of'").[28] অৱশ্যে প্লেটোৰ তথ্য অনুসৰি এৰিষ্ট'টলৰ পূৰ্বেই শব্দৰ শুদ্ধ ব্যৱহাৰৰ প্ৰতি গুৰুত্ব দিয়া Prodicus of Ceos য়ে 'বাক্য-গাঁথনি' (syntax ) ৰ প্ৰবৰ্ত্তন কৰিছিল৷ সেইদৰে 'যুক্তি (Logic) ৰ ধাৰণা 'dialectics' ৰ পৰা উদ্ভৱ হোৱা বুলি জনা যায়৷ [29]

ভূ-বিজ্ঞান[সম্পাদনা কৰক]

ছাৰ্লছ ল্যেল (Charles Lyell ) ৰ Principles of Geology নামৰ গ্ৰন্থখনত উল্লেখ কৰা অনুসৰি-

He [Aristotle] refers to many examples of changes now constantly going on, and insists emphatically on the great results which they must produce in the lapse of ages. He instances particular cases of lakes that had dried up, and deserts that had at length become watered by rivers and fertilized. He points to the growth of the Nilotic delta since the time of Homer, to the shallowing of the Palus Maeotis within sixty years from his own time ... He alludes ... to the upheaving of one of the Eolian islands, previous to a volcanic eruption. The changes of the earth, he says, are so slow in comparison to the duration of our lives, that they are overlooked; and the migrations of people after great catastrophes, and their removal to other regions, cause the event to be forgotten.

He says [12th chapter of his Meteorics] 'the distribution of land and sea in particular regions does not endure throughout all time, but it becomes sea in those parts where it was land, and again it becomes land where it was sea, and there is reason for thinking that these changes take place according to a certain system, and within a certain period.' The concluding observation is as follows: 'As time never fails, and the universe is eternal, neither the Tanais, nor the Nile, can have flowed for ever. The places where they rise were once dry, and there is a limit to their operations, but there is none to time. So also of all other rivers; they spring up and they perish; and the sea also continually deserts some lands and invades others The same tracts, therefore, of the earth are not some always sea, and others always continents, but every thing changes in the course of time.'[30]

পদাৰ্থ বিদ্যা[সম্পাদনা কৰক]

পাচঁটা উপাদান[সম্পাদনা কৰক]

এম্পেড’ক্লেচে আগবঢ়োৱা চাৰিটা উপাদানৰ ধাৰণাৰ লগত এৰিষ্ট'টলে পঞ্চমটো উপাদানৰ ধাৰণা আগবঢ়ায়,

  • পৃথিৱী (ধ্ৰুপদী উপাদান), যি চেঁচা আৰু শুকান; ই আধুনিক ধাৰণাৰ গোটা বস্তুৰ সৈতে একে।
  • পানী (ধ্ৰুপদী উপাদান), যি চেঁচা আৰু ভিজা; ই আধুনিক ধাৰণাৰ তৰল পদাৰ্থৰ সৈতে একে।
  • বায়ু (ধ্ৰুপদী উপাদান), যি তপত আৰু ভিজা; ই আধুনিক ধাৰণাৰ গেছীয় পদাৰ্থৰ সৈতে একে।
  • জুই (ধ্ৰুপদী উপাদান), যি তপত আৰু শুকান; ইয়াৰ আধুনিক ধাৰণাৰ প্লাজমা আৰু তাপৰ সৈতে সম্পৰ্ক আছে।
  • ইথাৰ (ধ্ৰুপদী উপাদান), যি মহাকাশত বিয়পি আছে আৰু যিহেৰে গ্ৰহ নক্ষত্ৰবোৰ গঠিত হৈছে।


প্ৰত্যেকটো ধ্ৰুপদী উপাদানৰে নিজা প্ৰাকৃতিক স্থান আছে৷ ধ্ৰুপদী উপাদানবোৰে বিশ্বব্ৰহ্মাণ্ড বা পৃথিৱীৰ কেন্দ্ৰলৈ গতি কৰাৰ প্ৰৱণতা দেখুৱায়৷ পানীয়ে পৃথিৱীৰ কেন্দ্ৰৰ চাৰিওকাষে থকা গোলাকাৰ অংশতোলৈ গতি কৰে৷ বায়ুয়ে পানীপূৰ্ণ গোলাকাৰ অংশৰ চাৰিওকাষে স্থান লয়৷ জুইয়ে চন্দ্ৰই পৰিভ্ৰমণ কৰা গতিপথৰ চাৰিওকাষে স্থান লোৱাৰ প্ৰবণতা দেখুৱায়৷ যদিহে এই ধ্ৰুপদী উপাদান সমহূহ সিহঁতৰ স্বাভাৱিক স্থানৰ পৰা আঁতৰোৱা হয়, তেন্তে ই আকৌ পূৰ্বৰ স্থানলৈ ঘুৰি যোৱাৰ প্ৰবণতা দেখুৱায়৷ এই গতি কোনো বাহ্যিক শক্তি জড়িত নথকা স্বাভাৱিক গতি৷

আলোকবিজ্ঞান[সম্পাদনা কৰক]

তেওঁৰ সমসাময়িক দাৰ্শনিকসকলৰ তুলনাত এৰিষ্ট'টলৰ আলোক সম্পৰ্কীয় ধাৰণাৰ তত্বসমূহ বেছি নিখুঁত আছিল। খ্ৰী:পূ: ৩৫০-ত এৰিষ্ট'টলৰ দ্বাৰা লিখিত Problemata-ত কৃষ্ণ কক্ষ [(ইংৰাজী:camera obscura) -ই এনে এবিধ আলোকীয় সজুঁলি যাৰ দ্বাৰা ইয়াৰ কোনো চৌপাশৰ প্ৰতিবিম্ব কোনো পৰ্দাত প্ৰক্ষেপ কৰিব পৰা যায়)] সম্পৰ্কীয় ধাৰণাৰ সাক্ষ্য পোৱা যায়। এৰিষ্ট'টলৰ আহিলাত এটা সূক্ষ্ম ছিদ্ৰৰে সৈতে এটা অন্ধকাৰ কক্ষ আছিল। এই ছিদ্ৰৰে সূৰ্যৰ পোহৰ প্ৰৱেশ কৰিব পাৰিছিল। এৰিষ্ট'টলে এই আহিলাৰে সূৰ্য পৰ্যবেক্ষণ কৰিছিল আৰু মন কৰিছিল যে, ছিদ্ৰৰ আকৃতি যিয়েই নহওক লাগে সূৰ্যৰ আকৃতি সম্পূৰ্ণ শুদ্ধ ভাৱে গোলাকাৰ হিচাপে প্ৰদৰ্শিত হয়। আধুনিক কেমেৰাসমূহত ইয়েই ডায়েফ্ৰাম(ইংৰাজী:Diaphragm)ৰ অনুৰূপ। এৰিষ্ট'টলে এই কথাটোও পৰ্যবেক্ষণ কৰিছিল যে, ছিদ্ৰৰ পৰা প্ৰতিবিম্ব প্ৰক্ষেপিত পৃষ্ঠৰ দূৰত্ব বৃদ্ধিৰ লগে লগে প্ৰতিবিম্বৰ আকাৰো বিবৰ্ধিত হয়। [31]

সুযোগ আৰু স্বতঃস্ফূৰ্ত্ততা[সম্পাদনা কৰক]

এৰিষ্ট'টলৰ ধাৰণা অনুসৰি, স্বতঃস্ফূৰ্ত্ততা আৰু সুযোগ হৈছে কোনো সংঘটনৰ কাৰণ আৰু ইহঁত অন্য ধৰণৰ কাৰণৰ পৰা পৃথক। কোনো সংঘটনৰ কাৰণ হিচাপে সুযোগ ইয়াৰ অঘটনৰ ক্ষেত্ৰৰ অধীন।

অধিবিদ্যা (Metaphysics)[সম্পাদনা কৰক]

Statue of Aristotle (1915) by Cipri Adolf Bermann at the University of Freiburg im Breisgau

এৰিষ্ট'টলে অধিবিদ্যাক "the knowledge of immaterial being," বা "being in the highest degree of abstraction." হিচাপে উল্লেখ কৰিছিল৷ তাৰোপৰি তেওঁৰ ধাৰণা অনুসৰি অধিবিদ্যা হৈছে প্ৰথম দৰ্শন আৰু 'তাত্বিক বিজ্ঞান'৷

সাৰ্বজনীনতা (Universal) আৰু বিশেষত্বতা (particulars)[সম্পাদনা কৰক]

এৰিষ্ট'টলৰ পূৰ্বসুৰী প্লেটৰ মত অনুসৰি প্ৰত্যেক বস্তুৰে এটা সাৰ্বজনীন ৰূপ আছে৷ ই বস্তুটোৰ নিজা কোনো বৈশিষ্ট্য বা অন্য বস্তুৰ সৈতে সম্পৰ্কও হ'ব পাৰে৷

জীৱবিজ্ঞান আৰু ভেষজবিদ্যা[সম্পাদনা কৰক]

এৰিষ্ট'লিয়ান বিজ্ঞানত, বিশেষকৈ জীৱবিজ্ঞানত, তেওঁ আনৰ বৰ্ণনাৰে জানিব পৰা জীৱসমূহতকৈ নিজে দেখা জীৱৰ বৰ্ণনাসমূহ অধিক তথ্যসমৃদ্থ৷ তেওঁ নিজে জীৱসমূহৰ দেহ ব্যৱচ্ছেদন কৰিছিল, কিন্তু মানৱদেহৰ কৰাৰ চেষ্টা কৰা নাছিল৷ এই কাৰণতে হয়তো মানৱ দেহৰ ভিতৰত চলি থকা প্ৰক্ৰিয়াসমূহৰ বিষয়ে তেওঁ দিয়া বৰ্ণনা সমূহ কালৰ গৰ্ভত হেৰাই গ'ল৷

Octopus swimming

এৰিষ্ট'টলেই হ'ল আটাইতকৈ পুৰণি জীৱবিজ্ঞানী যাৰ কৰ্মৰাজিৰ কিছু তথ্য পোৱা যায়৷ তেওঁ বসবাস কৰা ঠাইৰ চাৰিওকাষৰ অঞ্চলসমূহ আৰু সাগৰত জীৱসমূহৰ অধ্যয়ন কৰিছিল৷ এই অধ্যয়নৰ ভিত্তিতে তেওঁৰ বিভিন্ন গ্ৰন্থ যেনে History of Animals, Generation of Animals, আৰু Parts of Animals ৰচনা কৰিছিল৷ এই গ্ৰন্থসমূহতে তেওঁৰ পৰ্য্যবেক্ষণ তথা গৱেষণালব্ধ তথ্যসমূহৰ উল্লেখ আছে৷ তাৰোপৰি এৰিষ্ট'টলে ইয়াত কেটফিছ ( catfish), ইলেক্ট্ৰিক মাছ ( electric fish) আদি মাছসমূহ আৰু অক্টোপাছ, চেপিয়া ( Sepia ) আদিৰ বিতং বৰ্ণনা দিছে৷ মলাস্কান পৰজীৱি প্ৰাণী হেক্ট'ডেক্টাইলাছৰ বাহুক যৌন প্ৰজননত ব্যৱহাৰ হোৱাৰ পৰিঘটনাৰ এৰিষ্ট'টলেই পোনপ্ৰথমে উল্লেখ কৰিছিল যদিও উনৈশ শতিকালৈকে এই ধাৰণা কোনেও বিশ্বাস কৰা নাছিল৷ তাৰোপৰি এৰিষ্ট'টলেই পোনপ্ৰথমে জলচৰ স্তন্যপায়ী প্ৰাণীসমূহ মাছৰ সৈতে একে নহয় বুলি ধাৰণা প্ৰকাশ কৰিছিল আৰু ইহঁতক বেলেগকৈ চেলচি (Selachē) নামৰ গোটত শ্ৰেণীভুক্ত কৰিছিল৷ [32]

জীৱজগতৰ শ্ৰেণীবিভাজন[সম্পাদনা কৰক]

এৰিষ্ট'টলে কৰা জীৱজগতৰ শ্ৰেণিবিভাজন পদ্ধতিৰ বহুতো ধাৰণা উনৈশ শতিকালৈকে বহুলভাৱে প্ৰচলিত হৈ আছিল৷ আধুনিক প্ৰাণীবিজ্ঞানত মেৰুদণ্ডী আৰু অমেৰুদণ্ডী প্ৰাণীসমূহক এৰিষ্ট'টলে ক্ৰমান্বয়ে 'ৰক্ত থকা প্ৰাণী' ('animals with blood') আৰু 'ৰক্ত নথকা প্ৰাণী' ( 'animals without blood' ) বুলি উল্লেখ কৰিছিল৷ ৰক্ত থকা প্ৰাণীবোৰক আকৌ দুটা ভাগত ভাগ কৰা হৈছিল- পোৱালি জন্ম দিয়া (live-bearing ), যেনে -মানুহ আৰু অন্য স্তন্যপায়ী প্ৰাণী; আৰু কণী পৰা ( egg-bearing ), যেনে- চৰাই আৰু মাছ৷ এৰিষ্ট'টলৰ মত অনুসৰি ৰক্ত নথকা প্ৰাণীবোৰ হৈছে- কীট-পতংগ, কেকোঁৰা, মলাস্কা আদি৷[33]

ভেষজবিদ্যা[সম্পাদনা কৰক]

থিয়'ফ্ৰেষ্টাছৰ পিছত এৰিষ্ট'টলে প্ৰতিষ্ঠা কৰা বিদ্যালয়খনে কোনো উল্লেখযোগ্য অৱদান আগবঢ়াব পৰা নাছিল৷ এৰিষ্ট'টলৰ ধাৰণাসমূহ সকলো শিষ্যই বিনাপ্ৰশ্নই অনুকৰণ কৰিছিল৷ [34] টলেমিয়ে আলেকজেণ্ড্ৰিয়া প্ৰতিষ্ঠা নকৰালৈকে ভেষজবিদ্যাত বিশেষ একো অগ্ৰগতি হোৱাৰ তথ্য পোৱা নাযায়৷

আলেকজেণ্ড্ৰিয়াৰ প্ৰথমগৰাকী ভেষজবিদ্যাৰ শিক্ষক Herophilus of Chalcedon য়ে পোনপ্ৰথমে এৰিষ্ট'টলৰ ধাৰণাসমূহৰ ত্ৰুতি আঁতৰোৱাৰ চেষ্টা কৰে৷ তে্ৱেই পোণপ্ৰথমে স্নায়ুতন্ত্ৰৰ সৈতে জীৱদেহৰ গতি আৰু অনুভুতিৰ সংযোগ স্থাপন কৰে৷ হিৰফিলাছেই প্ৰথমে সিৰা আৰু ধমণীৰ মাজৰো পাৰ্থক্য বৰ্ণনা কৰে৷[35] যদিও কিছু শেহতীয়া বিজ্ঞানী যেনে লুক্ৰেটিয়াছ ( Lucretius) আদিয়ে জীৱন সম্পৰ্কে এৰিষ্ট'লিয়ান ধাৰণাৰ সমালোচনা কৰিছিল, এই ধাৰণাসমূহ ওঠৰ আৰু উনৈশ শতিকালৈকে বহুলভাৱে গ্ৰহণীয় হৈ থাকিল৷ [36] [37]

মনোবিজ্ঞান[সম্পাদনা কৰক]

'On the Soul'(peri psyche, প্ৰায়ে De Animaনামৰ লেটিন নামেৰে জনা যায় ) নামৰ গ্ৰন্থত উল্লেখ থকা মতে এৰিষ্ট'লিয়ান মনোবিজ্ঞানত মূলত: তিনিপ্ৰকাৰৰ মনোজগত ( "psyches") ৰ অস্তিত্ব মানি লোৱা হয়৷ এইবোৰ হৈছে- আংগিক মনোজগত (vegetative soul),সংবেদনশীল মনোজগত ( sensitive soul) আৰু যুক্তিসম্পন্ন মনোজগত (rational soul) ৷ তেওঁৰ ধাৰণা অনুসৰি মানুহৰ মনোজগত হৈছে যুক্তিসম্পন্ন মনোজগত৷ এই মনোজগতৰ বাকী দুবিধৰ দৰেই ক্ষমতাসমূহ আছে৷ উদাহৰণস্বৰূপে ই আংগিক মনোজগতৰ দৰেই বৃদ্ধ পাব পাৰে,পৰিপুষ্টি লাভ কৰিব পাৰে আৰু সংবেদনশীল মনোজগতৰ দৰে ই অনুভৱ কৰিবও পাৰে৷ আনহাতে যুক্তিসম্পন্ন মনোজগতৰ একক ক্ষমতা হ'ল এয়ে যে ই যুক্তিৰে বিভিন্ন ধাৰণাৰ তুলনা কৰিব পাৰে৷ [38]

প্ৰয়োগিক দৰ্শন[সম্পাদনা কৰক]

নীতি শাস্ত্ৰ (Ethics)[সম্পাদনা কৰক]

এৰিষ্ট'টলে নীতিশাস্ত্ৰক তাত্বিকৰ পৰিৱৰ্ত্তে প্ৰায়োগিক শাস্ত্ৰ বুলিহে ধাৰণা কৰিছিল৷ ইয়াৰ অৰ্থ হ'ল কেৱল এক শাস্ত্ৰ ৰূপে অধ্যন কৰাৰ সলনি ব্যক্তিৰ নিজৰ উৎকৰ্ষ সাধনৰ চেষ্টা হিচাপে নীতিশাস্ত্ৰক গ্ৰহণ কৰা৷ তেওঁ নীতিশাস্ত্ৰৰ ওপৰতো একাধিক গ্ৰন্থ ৰচনা কৰিছিল৷ ইয়াৰ ভিতৰত উল্লেখযোগ্য হ'ল- Nicomachean Ethics নামৰ গ্ৰন্থখন৷ [39]

ৰাজনীতি[সম্পাদনা কৰক]

Like Aristotle, conservatives generally accept the world as it is; they distrust the politics of abstract reason – that is, reason divorced from experience.
Benjamin Wiker[40]

ব্যক্তিবিশেষক সম্বোধন কৰি ৰচনা কৰা নীতিশাস্ত্ৰৰ গ্ৰন্থসমূহৰ উপৰিও এৰিষ্ট'টলে সমগ্ৰ চহৰখনকে সম্বোধি তেওঁৰ ৰাজনীতি সম্পৰ্কীয় গ্ৰন্থ' ' Politics' ৰচনা কৰি উলিয়াইছিল৷[41] তাৰোপৰি ৰাজনীতি সম্পৰ্কত তেওঁৰ এক বিখ্যাত উক্তি হৈছে- "man is by nature a political animal"৷ এৰিষ্ট'টলে ৰাজনীতিক এক যান্ত্ৰিক ধাৰণাৰ পৰিৱৰ্ত্তে এক জীৱৰ দৰে কাৰ্য্যকৰি বুলি ধাৰণা কৰিছিল৷ তেওঁৰ মতে ই বহুতো অংশৰে গঠিত আৰু ইয়াৰে যিকোনো এটাৰ অবিহনে সমগ্ৰ ব্যৱস্থাই অচল হৈ পৰিব বুলি ধাৰণা কৰিছিল৷ [42]

কাব্যসাহিত্য[সম্পাদনা কৰক]

এৰিষ্ট'টলে মহাকাব্যিক কবিতা ( epic poetry), ট্ৰেজেদী, হাস্যৰস সমৃদ্ধ সাহিত্য তথা ডিডাৰেম্বিক কাব্য সাহিত্য ( dithyrambic poetry) আৰু গীত্যৰ মাজত পাৰস্পৰিক মিল থকা ( imitative) বুলি গণ্য কৰিছিল৷ কেৱল প্ৰত্যেকৰে মাধ্যম, লক্ষ্য আৰু উপস্থাপনৰ পাৰ্থক্য থাকে৷ [43] [44] [45]

যদিও লোকবিশ্বাস অনুসৰি এৰিষ্ট'টলৰ কাব্যসাহিত্য দুখন গ্ৰন্থত সংযোজিত হৈ আছিল- এখন ট্ৰেজেদী আৰু আনখন হাস্যৰস সমৃদ্ধ৷ কিন্তু কেৱল ট্ৰেজেদীসম্পন্ন কিছুসংখ্যক কবিতাহে বৰ্তমান পোৱা যায়৷ [46] [47]ইয়াৰোপৰি এৰিষ্ট'টলে খুবেই শৃংখলাবদ্ধভাৱে সাঁথৰ( riddles) লোকসাহিত্য (folklore), ফঁকৰা-যোজনা আদিৰ সংগ্ৰহ কৰিছিল বুলি জনা যায়৷ [48]

কিংবদন্তী[সম্পাদনা কৰক]

Aristotle with a Bust of Homer, by Rembrandt

এৰিষ্ট'টলৰ মৃত্যুৰ ২৩০০ বছৰৰ পিছতো তেওঁ বৰ্তমানলৈকে বিশ্বৰ আটাইতকৈ প্ৰভাৱশালী ব্যক্তিসকলৰ এজন বুলি পৰিগণিত হৈ আছে৷ মানুহৰ জ্ঞানৰ প্ৰতিখন ক্ষেত্ৰলৈকে তেওঁ অৰিহণা আগবঢ়াই গৈছে৷ তাৰ লগতে নতুন নতুন ক্ষেত্ৰৌ তেওঁ উদ্ভাৱন কৰি গৈছে৷ দাৰ্শনিক 'Bryan Magee'ৰ মতে তেওঁৰ সমপৰ্য্যায়ৰ জ্ঞান কোনো অন্য কোনো ব্যক্তিৰে থাকিব নে নাথাকে সেয়ে সন্দেহজনক ("it is doubtful whether any human being has ever known as much as he did")[49] অসংখ্য কৃতিত্ব সমূহৰ ভিতৰত অন্যতম হৈছে এৰিষ্ট'টলৰ যুক্তি (formal logic) উদ্ভাৱন[50] , প্ৰাণীবিজ্ঞান আৰু বৈজ্ঞানিক পদ্ধতিৰ প্ৰতি অতুলনীয় অৱদান৷[51][52]

পৰৱৰ্ত্তী গ্ৰীক দাৰ্শনিকসকল[সম্পাদনা কৰক]

এৰিষ্ট'টলৰ কৰ্মসমূহৰ প্ৰভাৱ তেওঁৰ Peripatetic school ত শিষ্যৰ সংখ্যা বঢ়াৰ লগে লগে বৃদ্ধি পাবলৈ ধৰিলে৷ এৰিষ্ট'টলৰ প্ৰিয় শিষ্যসকলৰ ভিতৰত এৰিষ্ট'জেনাছ (Aristoxenus), Dicaearchus, Demetrius of Phalerum, Eudemos of Rhodes, Harpalus, Hephaestion, Meno, Mnason of Phocis, Nicomachus, আৰু Theophrastus আদিয়ে প্ৰধান৷ আলেকজেণ্ডাৰ ( Alexander the Great) ৰ ওপৰতো এৰিষ্ট'টলৰ বিস্তৰ প্ৰভাৱ পৰা দেখা যায়৷ অৱশ্যে দুৰ-দুৰণিলৈ ভ্ৰমণ কৰিবলৈ লোৱাৰ পৰা আলেকজেণ্ডাৰে ক্ৰমান্বয়ে এৰিষ্ট'টলৰৰ ভৌগোলিক তথ্যসমূহৰ ত্ৰুতিসমূহ ধৰা পেলাবলৈ ধৰিলে৷ গতিকে এৰিষ্ট'টলে তেওঁৰ কৰ্মসমূহ ৰাজহুৱা কৰাৰ সময়ত আলেকজেণ্ডাৰে এনেদৰে অসন্তোষ প্ৰকাশ কৰিছিল- "Thou hast not done well to publish thy acroamatic doctrines; for in what shall I surpass other men if those doctrines wherein I have been trained are to be all men's common property?"[53]

বিজেন্টিন (Byzantine) শিক্ষাবিদসকলৰ ওপৰত প্ৰভাৱ[সম্পাদনা কৰক]

এৰিষ্ট'টলৰ প্ৰয়ভাগ লিখনিৰে পাঠ লিখি ৰাখি গ্ৰীক লেখক (Greek Christian scribe) সকলে তেওঁৰ কৰ্মৰাজিৰ সংৰক্ষণত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল৷ এৰিষ্ট'টলৰ কৰ্মৰাজিৰ ওপৰত বিস্তৰভাৱে অধ্যয়ন কৰা আৰু মতামত আগবঢ়োৱা গ্ৰীক শিক্ষাবিদসকলৰ ভিতৰত জন ফিল'পনাছ ( John Philoponus), এলিয়াছ (Elias) আৰু ডেভিদ ( David), ষ্টিফেন অব আলেকজেণ্ড্ৰিয়া ( Stephen of Alexandria) আদি অন্যতম৷ [54] জন ফিল'পনাছক প্ৰধানকৈ এৰিষ্ট'টলৰ বিশ্বব্ৰহ্মাণ্ডৰ অনন্তকাল (eternity of the world) কে ধৰি অন্যান্য ধাৰণাসমূহৰ সমালোক হিচাপে জনা যায়৷ [55]

ইছলামিক ধৰ্মতাত্ত্বিক (theologian) সকলৰ ওপৰত প্ৰভাৱ[সম্পাদনা কৰক]

ইছলামিক ধৰ্মতত্ত্বত আটাইতকৈ সন্মানীয় পশ্চিমীয়া চিন্তাবিদসকলৰ ভিতৱত এৰিষ্ট'টল অন্যতম৷ এৰিষ্ট'তলৰ প্ৰায়ভাগ কৰ্মৰাজিয়ে আৰবী ভাষালৈ অনদিত হৈছে আৰু মুছলিম দাৰ্শনিক, বিজ্ঞানী আৰু চিন্তাবিদসকলে এইসমূহ গভীৰভাৱে অধ্যয়ন কৰিছে৷ [56] ইয়াৰে ভিতৰত Averroes, Avicenna আৰু Alpharabius আদিয়ে এৰিষ্ট'টল সম্পৰ্কে বিস্তৃতভাৱে লিখি গৈছে৷ Alkindus এ এৰিষ্ট'টলক দৰ্শনৰ এক একক আৰু উৎকৃষ্ট প্ৰতিনিধি হিচাপে গণ্য কৰিছিল৷[57] তেওঁ এৰিষ্ট'টলক ভৱিষ্যতৰ সকলো দাৰ্শনিকৰ বাবে পথ পদৰ্শক ("exemplar") বুলিও উল্লেখ কৰি গৈছে৷ [58] মধ্যযুগৰ মুছলিম শিক্ষাবিদসকলে এৰিষ্ট'টলক প্ৰথম শিক্ষক বুলি গণ্য কৰিছিল৷ [59] এৰিষ্ট'টলক পোন-প্ৰথমে শিক্ষক বুলিও মুছলিম শিক্ষাবিদসকলেই আখ্যা দিছিল৷[60]

পশ্চিমীয়া খ্ৰীষ্টান ধৰ্মতাত্ত্বিক সকলৰ ওপৰত প্ৰভাৱ[সম্পাদনা কৰক]

প্ৰাচীন গ্ৰীক সাহিত্য অপ্ৰচলিত হৈ থকাৰ বাবে ৬০০ এ ডিৰ পৰা ১০০০ লৈকে এৰিষ্ট'টলৰ বিষয়ে পশ্চিমীয়া ধৰ্মত্ত্বত কোনো উল্লেখ নাছিল৷ কেৱল ব'থিয়াছ (Boethius) এ তেওঁৰ 'Organon' নামৰ গ্ৰন্থখনৰ লেটিন ভাষালৈ কৰা তৰ্জমাৰ বাবেহে কিছু কিছু লোকে এৰিষ্ট'টল সম্পৰ্কে জানিছিল৷ বাৰ আৰু তেৰ শতিকাত অৱষ্যে তেওঁৰ কৰ্মৰাজি লেটিনলৈ তৰ্জমা হোৱাৰ লগে লগে চিন্তাবিদ সকল এৰিষ্ট'টলৰ অৱদান সম্পৰ্কে আগ্ৰহী হৈ উঠিল৷ [61]

থ'মাছ একোইনাছ (Thomas Aquinas) এ এৰিষ্ট'টলৰ কৰ্মৰাজিৰ তৰ্জমা কৰিবলৈ লোৱাৰ পিছৰ পৰা এৰিষ্ট'টলৰ খ্যাতি বিয়পিবলৈ ধৰিলে৷ [62] সেইসময়ৰ পশ্চিমীয়া শিক্ষাবিদসকলে এৰিষ্ট'টল খ্যাতনাম দাৰ্শনিক ' ( "The Philosopher") হিচাপে আদৰি লয়৷

প্ৰবুদ্ধিৰ পৰৱৰ্ত্তী কাল (Post-Enlightenment)ৰ চিন্তাবিদসকলৰ ওপৰত প্ৰভাৱ[সম্পাদনা কৰক]

ফ্ৰেডৰিক নিৎসে ( Friedrich Nietzsche) নামৰ জাৰ্মান দাৰ্শনিকগৰাকীয়ে তেওঁৰ প্ৰায় সকলো ৰাজনৈতিক দৰ্শন এৰিষ্ট'টলৰ পৰাই লৈছিল বুলি জনা যায়৷ [63] আয়ন ৰেণ্ড (Ayn Rand) নামৰ অন্য এগৰাকী চিন্তাবিদে এৰিষ্ট'টলক 'ইতিহাসৰ আটাইতকৈ মহান দাৰ্শনিক ' ( "the greatest philosopher in history") বুলি আখ্যা দিছিল৷ [64]

অৱদান[সম্পাদনা কৰক]

এৰিষ্ট'টলৰ উদ্ধাৰ পোৱা প্ৰায়ভাগ কৰ্মৰাজি 'Corpus Aristotelicum' নামৰ গ্ৰন্থত সন্নিবিষ্ট কৰা হৈছে৷

সন্মান[সম্পাদনা কৰক]

এৰিষ্ট'টলে পৃথিৱীৰ দক্ষিণভাগত এন্টাৰ্কটিকাৰ অৱস্থিতিৰ সম্পৰ্কে পোনপ্ৰথমে কৰা অনুমানৰ প্ৰতি সন্মান জনাই তেওঁৰ নামেৰে এন্টাৰ্কটিকাৰ গ্ৰাহাম লেণ্ডত থকা এৰিষ্ট'টল পৰ্বত (Aristotle Mountains) নামকৰণ কৰা হৈছে৷ [65]


তথ্যসুত্ৰ[সম্পাদনা কৰক]

  1. That these undisputed dates (the first half of the Olympiad year 384/383 BCE, and in 322 shortly before the death of Demosthenes) are correct was shown already by August Boeckh (Kleine Schriften VI 195); for further discussion, see Felix Jacoby on FGrHist 244 F 38. Ingemar Düring, Aristotle in the Ancient Biographical Tradition, Göteborg, 1957, p. 253.
  2. Barnes 2007, পৃষ্ঠা. 6.
  3. Barnes 2007, পৃষ্ঠা. 9.
  4. Cicero, Marcus Tullius (106 BC – 43 BC). "flumen orationis aureum fundens Aristoteles". Academica. http://www2.cddc.vt.edu/gutenberg/1/4/9/7/14970/14970-h/14970-h.htm#BkII_119। আহৰণ কৰা হৈছে: 25 January 2007. 
  5. Jonathan Barnes, "Life and Work" in The Cambridge Companion to Aristotle (1995), p. 9.
  6. Campbell, Michael. "Behind the Name: Meaning, Origin and History of the Name Aristotle". Behind the Name: The Etymology and History of First Names. www.behindthename.com. http://www.behindthename.com/name/aristotle। আহৰণ কৰা হৈছে: 6 April 2012. 
  7. McLeisch, Kenneth Cole (1999). Aristotle: The Great Philosophers. Routledge. পৃষ্ঠা. 5. ISBN 0-415-92392-1. 
  8. Anagnostopoulos, G., "Aristotle's Life", A Companion to Aristotle (Blackwell Publishing, 2009), p. 4.
  9. Carnes Lord, Introduction to The Politics, by Aristotle (Chicago: University of Chicago Press, 1984).
  10. 10.0 10.1 Bertrand Russell, "A History of Western Philosophy", Simon & Schuster, 1972
  11. 11.0 11.1 Peter Green, Alexander of Macedon, 1991 University of California Press, Ltd. Oxford, England. Library of Congress Cataloging-in-Publication Data, p.58–59
  12. William George Smith,Dictionary of Greek and Roman Biography and Mythology, vol. 3, p. 88
  13. Neill, Alex; Aaron Ridley (1995). The Philosophy of Art: Readings Ancient and Modern. McGraw Hill. পৃষ্ঠা. 488. http://www.amazon.com/dp/0070461929/. 
  14. Peter Green, Alexander of Macedon, 1991 University of California Press, Ltd. Oxford, England. Library of Congress Cataloging-in-Publication Data, p.379,459
  15. Jones, W.T. (1980). The Classical Mind: A History of Western Philosophy. Harcourt Brace Jovanovich. পৃষ্ঠা. 216. http://www.amazon.com/dp/0155383124/. 
  16. Vita Marciana 41, cf. Aelian Varia historica 3.36, Ingemar Düring, Aristotle in the Ancient Biographical Tradition, Göteborg, 1957, T44a-e.
  17. Aufstieg und Niedergang der römischen Welt by Hildegard Temporini, Wolfgang Haase Aristotle's Will
  18. Bloch, David (2007). Aristotle on Memory and Recollection. পৃষ্ঠা. 12. http://books.google.com/books?hl=en&lr=&id=QwTHng_5RqAC&oi=fnd&pg=PR9&dq=Aristotle+on+Memory+and+Recollection&ots=Mx4oCdBGv-&sig=RI_bdGZvcYi7-dT_Em547aTi2XE#v=onepage&q=Aristotle%20on%20Memory%20and%20Recollection&f=false. 
  19. Bloch 2007, পৃষ্ঠা. 61.
  20. Carruthers, Mary (2007). The Book of Memory: A Study of Memory in Medieval Culture. পৃষ্ঠা. 16. http://books.google.com/books?hl=en&lr=&id=dntrAnqfIasC&oi=fnd&pg=PR8&dq=The+book+of+memory:+the+study+of+memory+in+medieval+times&ots=we1jd9n54J&sig=Lr9XAjRR9tiUyA0rCgI04VzEuKo#v=onepage&q=The%20book%20of%20memory%3A%20the%20study%20of%20memory%20in%20medieval%20times&f=false. 
  21. Bloch 2007, পৃষ্ঠা. 25.
  22. Warren, Howard (1921). A History of the Association Psychology. পৃষ্ঠা. 30. http://books.google.com/books?hl=en&lr=&id=D4IXAAAAYAAJ&oi=fnd&pg=PA3&dq=The+history+of+the+association+of+psychology&ots=YfWh-rerz2&sig=1U6rgT1pNbwy18xC50m9kopXVXw#v=onepage&q=The%20history%20of%20the%20association%20of%20psychology&f=false. 
  23. Warren 1921, পৃষ্ঠা. 25.
  24. Carruthers 2007, পৃষ্ঠা. 19.
  25. Warren 1921, পৃষ্ঠা. 296.
  26. Warren 1921, পৃষ্ঠা. 259.
  27. Corcoran, John (2009). “Aristotle's Demonstrative Logic”. History and Philosophy of Logic, 30: 1–20.
  28. Bocheński, I. M. (1951). Ancient Formal Logic. প্ৰকাশক Amsterdam: North-Holland Publishing Company. 
  29. Bocheński, 1951.
  30. Charles Lyell, Principles of Geology, 1832, p.17
  31. Michael Lahanas. "Optics and ancient Greeks". Mlahanas.de. Archived from the original on 11 April 2009. http://www.mlahanas.de/Greeks/Optics.htm। আহৰণ কৰা হৈছে: 26 April 2009. 
  32. Singer, Charles. A short history of biology. Oxford 1931.
  33. Guthrie, A History of Greek Philosophy Vol. 1 pp. 348
  34. Annas, Classical Greek Philosophy pp 252
  35. Mason, A History of the Sciences pp 56
  36. Mayr, The Growth of Biological Thought, pp 90–94; quotation from p 91
  37. Annas, Classical Greek Philosophy, p 252
  38. Stanford Encyclopedia of Philosophy, article "Psychology".
  39. Nicomachean Ethics Book I. See for example chapter 7 1098a.
  40. "Aristotle: Father of political conservatism". Wnd.com. 14 August 2010. http://www.wnd.com/2010/08/191121। আহৰণ কৰা হৈছে: 15 October 2012. 
  41. Politics 1253a19–24
  42. Ebenstein, Alan; William Ebenstein (2002). Introduction to Political Thinkers. Wadsworth Group. পৃষ্ঠা. 59. 
  43. Aristotle, Poetics I 1447a
  44. Aristotle, Poetics III
  45. Aristotle, Poetics IV
  46. Aristotle, Poetics VI
  47. Aristotle, Poetics XXVI
  48. Temple, Olivia, and Temple, Robert (translators), The Complete Fables By Aesop Penguin Classics, 1998. ISBN 0-14-044649-4 Cf. Introduction, pp. xi–xii.
  49. Magee, Bryan (2010). The Story of Philosophy. Dorling Kindersley. পৃষ্ঠা. 34. 
  50. W. K. C. Guthrie (1990). "A history of Greek philosophy: Aristotle : an encounter". Cambridge University Press. p.156. ISBN 0-521-38760-4
  51. "Aristotle (Greek philosopher) – Britannica Online Encyclopedia". Britannica.com. Archived from the original on 22 April 2009. http://www.britannica.com/EBchecked/topic/34560/Aristotle। আহৰণ কৰা হৈছে: 26 April 2009. 
  52. Durant, Will (1926 (2006)). The Story of Philosophy. প্ৰকাশক United States: Simon & Schuster, Inc.. পৃষ্ঠা. 92. ISBN 978-0-671-73916-4. 
  53. Plutarch, Life of Alexander
  54. Richard Sorabji, ed. Aristotle Transformed London, 1990, 20, 28, 35–36.
  55. Richard Sorabji, ed. Aristotle Transformed (London, 1990) 233–274.
  56. Encyclopedia of Islam, Aristutalis
  57. Rasa'il I, 103, 17, Abu Rida
  58. Comm. Magnum in Aristotle, De Anima, III, 2, 43 Crawford
  59. al-mua'llim al-thani, Aristutalis
  60. Nasr, Seyyed Hossein (1996). The Islamic Intellectual Tradition in Persia. Curzon Press. পৃষ্ঠা. 59–60. ISBN 0-7007-0314-4. 
  61. Influence of Arabic and Islamic Philosophy on the Latin West entry in the Stanford Encyclopedia of Philosophy
  62. Aristotelianism in the Renaissance entry in the Stanford Encyclopedia of Philosophy
  63. Durant, p. 86
  64. Kelvin Knight, Aristotelian Philosophy, Polity Press, 2007, passim.
  65. Aristotle Mountains. SCAR Composite Antarctic Gazetteer.

লগতে চাওক[সম্পাদনা কৰক]

The secondary literature on Aristotle is vast. The following references are only a small selection.

  • Ackrill J. L. (1997). Essays on Plato and Aristotle, Oxford University Press, USA.
  • Ackrill, J. L. (1981). Aristotle the Philosopher. প্ৰকাশক Oxford and New York: Oxford University Press. 
  • Adler, Mortimer J. (1978). Aristotle for Everybody. প্ৰকাশক New York: Macmillan.  A popular exposition for the general reader.
  • Ammonius (1991). Cohen, S. Marc; Matthews, Gareth B. eds. On Aristotle's Categories. প্ৰকাশক Ithaca, NY: Cornell University Press. ISBN 0-8014-2688-X. 
  • Aristotle (1908–1952). The Works of Aristotle Translated into English Under the Editorship of W. D. Ross, 12 vols. প্ৰকাশক Oxford: Clarendon Press.  These translations are available in several places online; see External links.
  • Bakalis Nikolaos. (2005). Handbook of Greek Philosophy: From Thales to the Stoics Analysis and Fragments, Trafford Publishing ISBN 1-4120-4843-5
  • Barnes J. (1995). The Cambridge Companion to Aristotle, Cambridge University Press.
  • Bocheński, I. M. (1951). Ancient Formal Logic. প্ৰকাশক Amsterdam: North-Holland Publishing Company. 
  • Bolotin, David (1998). An Approach to Aristotle's Physics: With Particular Attention to the Role of His Manner of Writing. Albany: SUNY Press. A contribution to our understanding of how to read Aristotle's scientific works.
  • Burnyeat, M. F. et al. (1979). Notes on Book Zeta of Aristotle's Metaphysics. Oxford: Sub-faculty of Philosophy.
  • Cantor, Norman F.; Klein, Peter L., eds (1969). Ancient Thought: Plato and Aristotle. Monuments of Western Thought. 1. প্ৰকাশক Waltham, Mass: Blaisdell Publishing Co.. 
  • Chappell, V. (1973). Aristotle's Conception of Matter, Journal of Philosophy 70: 679–696.
  • Code, Alan. (1995). Potentiality in Aristotle's Science and Metaphysics, Pacific Philosophical Quarterly 76.
  • Ferguson, John (1972). Aristotle. প্ৰকাশক New York: Twayne Publishers. 
  • Frede, Michael. (1987). Essays in Ancient Philosophy. Minneapolis: University of Minnesota Press.
  • Fuller, B.A.G. (1923). Aristotle. History of Greek Philosophy. 3. প্ৰকাশক London: Cape. 
  • Gendlin, Eugene T. (2012). Line by Line Commentary on Aristotle's De Anima, Volume 1: Books I & II; Volume 2: Book III. Spring Valley, New York: The Focusing Institute. Available online in PDF.
  • Gill, Mary Louise. (1989). Aristotle on Substance: The Paradox of Unity. Princeton: Princeton University Press.
  • Guthrie, W. K. C. (1981). A History of Greek Philosophy, Vol. 6. Cambridge University Press. 
  • Halper, Edward C. (2007). One and Many in Aristotle's Metaphysics, Volume 1: Books Alpha — Delta, Parmenides Publishing, ISBN 978-1-930972-21-6.
  • Halper, Edward C. (2005). One and Many in Aristotle's Metaphysics, Volume 2: The Central Books, Parmenides Publishing, ISBN 978-1-930972-05-6.
  • Irwin, T. H. (1988). Aristotle's First Principles. Oxford: Clarendon Press, ISBN 0-19-824290-5.
  • Jaeger, Werner (1948). Robinson, Richard. ed. Aristotle: Fundamentals of the History of His Development (2nd সম্পাদনা). প্ৰকাশক Oxford: Clarendon Press. 
  • Jori, Alberto. (2003). Aristotele, Milano: Bruno Mondadori Editore (Prize 2003 of the "International Academy of the History of Science") ISBN 88-424-9737-1.
  • Kiernan, Thomas P., ed (1962). Aristotle Dictionary. প্ৰকাশক New York: Philosophical Library. 
  • Knight, Kelvin. (2007). Aristotelian Philosophy: Ethics and Politics from Aristotle to MacIntyre, Polity Press.
  • Lewis, Frank A. (1991). Substance and Predication in Aristotle. Cambridge: Cambridge University Press.
  • Lloyd, G. E. R. (1968). Aristotle: The Growth and Structure of his Thought. Cambridge: Cambridge Univ. Pr., ISBN 0-521-09456-9.
  • Lord, Carnes. (1984). Introduction to The Politics, by Aristotle. Chicago: Chicago University Press.
  • Loux, Michael J. (1991). Primary Ousia: An Essay on Aristotle's Metaphysics Ζ and Η. Ithaca, NY: Cornell University Press.
  • McKeon, Richard (1973). Introduction to Aristotle (2d সম্পাদনা). প্ৰকাশক Chicago: University of Chicago Press. 
  • Owen, G. E. L. (1965c). "The Platonism of Aristotle". Proceedings of the British Academy খণ্ড 50: 125–150.  [Reprinted in J. Barnes, M. Schofield, and R. R. K. Sorabji, eds.(1975). Articles on Aristotle Vol 1. Science. London: Duckworth 14–34.]
  • Pangle, Lorraine Smith (2003). Aristotle and the Philosophy of Friendship. Cambridge: Cambridge University Press. Aristotle's conception of the deepest human relationship viewed in the light of the history of philosophic thought on friendship.
  • Plato (1979). Allen, Harold Joseph; Wilbur, James B. eds. The Worlds of Plato and Aristotle. প্ৰকাশক Buffalo: Prometheus Books. 
  • Reeve, C. D. C. (2000). Substantial Knowledge: Aristotle's Metaphysics. Indianapolis: Hackett.
  • Rose, Lynn E. (1968). Aristotle's Syllogistic. প্ৰকাশক Springfield: Charles C Thomas Publisher. 
  • Ross, Sir David (1995). Aristotle (6th সম্পাদনা). প্ৰকাশক London: Routledge.  A classic overview by one of Aristotle's most prominent English translators, in print since 1923.
  • Scaltsas, T. (1994). Substances and Universals in Aristotle's Metaphysics. Ithaca: Cornell University Press.
  • Strauss, Leo (1964). "On Aristotle's Politics", in The City and Man, Chicago; Rand McNally.
  • Swanson, Judith (1992). The Public and the Private in Aristotle's Political Philosophy. প্ৰকাশক Ithaca: Cornell University Press. 
  • Taylor, Henry Osborn (1922). "Chapter 3: Aristotle's Biology". Greek Biology and Medicine. Archived from the original on 11 February 2006. https://web.archive.org/web/20060327222953/http://www.ancientlibrary.com/medicine/0051.html. 
  • Veatch, Henry B. (1974). Aristotle: A Contemporary Appreciation. প্ৰকাশক Bloomington: Indiana U. Press.  For the general reader.
  • Woods, M. J. (1991b). "Universals and Particular Forms in Aristotle's Metaphysics". Aristotle and the Later Tradition. Oxford Studies in Ancient Philosophy. Suppl. পৃষ্ঠা. 41–56.