কণী যুঁজ
কণী যুঁজ (ইংৰাজী: Egg tapping) বিশ্বৰ বিভিন্ন সংস্কৃতিৰ এক জনপ্ৰিয় খেল। অসমৰ লগতে বিশ্বৰ আন আন প্ৰান্তত, যেনে: হলেণ্ড,[1] ৰোমানিয়া,[1] বুলগেৰিয়া,[2][3][4] ৰুঠেনিয়া,[5] গ্ৰীচ[6][7] আদিত এই খেল প্ৰচলিত।
[সম্পাদনা কৰক] অসমত কণী যুঁজ
কণী যুঁজ অসমৰ এটি প্ৰিয় খেল৷ ব’হাগ বিহুৰ কেইদিনমান আগৰেপৰাই ই আৰম্ভ হৈ বিহু উৰুকালৈকে কণী যুঁজ চলি থাকে৷ যুঁজত সাধাৰণতে পাতিহাঁহৰ কণীৰে যুঁজাই৷[8] খেলাৰুসকলে বিভিন্ন ঠাইৰপৰা টান কণী কিনি আনি যুঁজলৈ সাজু হয়৷ টান কণীৰ নাম সৈয়া ( বা হৈয়া)৷ কড়ি অথবা নখেৰে টুকুৰীয়াই কণীৰ কাঠিন্য নিৰূপণ কৰিব লাগে৷ কণী যুঁজৰ আগতে দুই যুঁজাৰুৰ মাজত ‘দৰ-দাম’ ঠিক কৰা প্ৰয়োজন৷ ‘দৰ-দাম’ৰ দ্বাৰা কণীৰ জোঙা আৰু বহল- এই ফাল দুটাৰ কোনটোৰ দ্বাৰা কণীক যুঁজোৱা হ’ব তাকেই বুজায়৷ দৰ-দাম ঠিক হোৱাৰ পিছত এজনে কণীৰ এটা ফালেৰে আনজনৰ কণীটোৰ নিৰ্দিষ্টকৈ দিয়া ফালটোত খুন্দা মাৰি দিয়ে৷ যাৰ কণী ভাগে, তেওঁ কণীটো কণী নভগাজনক দিব লাগে৷ কোনো কোনোৱে হাঁহ কণীৰ মাজত দুই এটা কুকুৰা অথবা গিনিফাউলৰ কণী মিহলাই কণী যুঁজায়৷ পিছত উল্লেখ কৰা কণীসমূহ হেনো পাতিহাঁহৰ কণীতকৈ টান৷ কোনো কোনোৱে সাত বিহুলৈকে বা হৈয়া কণী নভগাকৈ ৰাখি গৌৰৱৰ ভাগী হয়৷ এনে কণীক কোৱা হয়- ‘সাত বিহুৰ সৈয়া কণী’৷ কণী যুঁজত আবাল-বৃদ্ধ-বনিতা সকলোৱে অংশ গ্ৰহণ কৰে৷
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ 1.0 1.1 Linda Polan, Aileen Cantwell (1983). The Whole Earth Holiday Book. Good Year Books. ISBN 978-0673165855.
- ↑ [1]
- ↑ [2]
- ↑ [3]
- ↑ http://www.wirnowski.com/Carp/Pas_Customs.html
- ↑ http://www.holidays.net/easter/greekeaster.htm
- ↑ "The word tsougrisma means "clinking together" or "clashing." In Greek: τσούγκρισμα, pronounced TSOO-grees-mah." http://greekfood.about.com/od/greeklenteaster/f/tsougrisma.htm
- ↑ অসমীয়া সংস্কৃতিৰ কণিকা; সম্পাদক: ডঃ নাৰায়ণ দাস, ডঃ পৰমানন্দ ৰাজবংশী; পৃষ্ঠা: ৫৯-৬০