কলীয়াভোমোৰা সেতু
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
কলীয়াভোমোৰা সেতু অসমৰ শোণিতপুৰ আৰু নগাঁও জিলাৰ মাজৰ অৱস্থিত৷ ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত এই দলংখনৰ আধাৰশিলা তদানীন্তন প্ৰধানমন্ত্ৰী মোৰাৰজী দেশায় ১৯৭৮ চনত স্থাপন কৰে৷ ১৯৮৭ চনত প্ৰয়াত প্ৰধানমন্ত্ৰী ৰাজীৱ গান্ধীয়ে কলীয়াভোমোৰা সেতু উদ্বোধন কৰে৷
১৭৯৫ চনত কামৰূপৰ হৰদত্ত-বীৰদত্ত নামৰ ভাতৃদ্বয়ে আহোম ৰাজশক্তিৰ বিৰুদ্ধে বিদ্ৰোহ ঘোষণা কৰিছিল৷ কিন্তু এই বিদ্ৰোহক আহোম সেনাপতি বৰফুকন কলীয়াভোমোৰাই দমন কৰিবলৈ সক্ষম হৈছিল৷ এইজনা আহোম সেনাপতিৰ নামেৰে দলংখনৰ নামকৰণ কৰা হৈছে৷ ৩.৩ কিলোমিটাৰ দৈৰ্ঘ্যৰ মূল দলংখনত প্ৰায় ৪৪ কোটি টকাৰ লগতে সৰ্বমুঠ ব্যয় হৈছিল ৮৯ কোটি টকা৷[1]
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ কলীয়াভোমোৰা সেতু, মেৰু মিঠু কটকী, অনুভূতি, দেওবাৰ ২৯ জানুৱাৰী ২০১২
Kaliabhumura Hetu r Ratipuwa Manumuha Dreshya==বৰ্হি সংযোগ==
- Kaliabhomora Rosd Bridge on the river; by Akash Protim Barua
|
||||||||||||