কামাখ্যা মন্দিৰ
|
|
এই প্ৰবন্ধটোত কোনো কোনো স্থানত তথ্যসূত্ৰ বা প্ৰসংগৰ উল্লেখ প্রয়োজন। অনুগ্ৰহ কৰি বিশ্বাসযোগ্য উৎস দেখুৱাই বা য'তে প্রয়োজন দেখে {{উদ্ধৃতিৰ প্ৰয়োজন}} বুলি লিখি এই প্ৰবন্ধটো উন্নত কৰাত সহায় কৰক। বিশ্বাসযোগ্য তথ্য উৎসৰ উল্লেখ নথকা প্রবন্ধৰ বিশ্বাসযোগ্যতা কমে আৰু অনেক ক্ষেত্রত ই ইয়াক বিশ্বাস কৰি লোৱা পঢ়ুৱৈৰ ক্ষতি সাধনো কৰিব পাৰে। সেয়ে তথ্য-উৎসৰ উল্লেখ নথকা প্ৰবন্ধক প্ৰত্যাহ্বান জনোৱা হ'ব পাৰে । |
| কামাখ্যা মন্দিৰ | |
|---|---|
কামাখ্যা মন্দিৰ, গুৱাহাটী |
|
|
|
|
| ভূ-স্থানাংক: | 26°10′N 91°47′E / 26.16°N 91.78°E |
| নাম | |
| অন্যান্য নাম: | মা কামাখ্য |
| স্থান | |
| দেশ: | ভাৰত |
| ৰাজ্য/কেন্দ্রীয় শাসিত অঞ্চল: | অসম |
| জিলা: | কামৰূপ মহানগৰ |
| এলেকা: | কামাখ্যা |
| স্থাপত্য আৰু সংস্কৃতি | |
| মূখ্য দেৱ/দেৱী: | শক্তি |
| বিশিষ্ট উৎসব: | অম্বুবাচী, দুৰ্গাপূজা |
| বাস্তুশৈলী: | কোঁচ, অসমীয়া |
| বুৰঞ্জী | |
| প্রতিস্থাপক: | শেহতীয়াকৈ কোঁচ ৰজা নৰনাৰয়ন আৰু চিলাৰায়ে পুনৰনিৰ্মাণ কৰিছিল। |
কামাখ্যা মন্দিৰ হৈছে অসমৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্মৰ এক মন্দিৰ। নীলাচল পাহাৰত অৱস্থিত কামাখ্যা দেৱীৰ এই মন্দিৰকেই অসমৰ সবাতোকৈ প্ৰসিদ্ধ আৰু প্ৰভাৱশালী মন্দিৰ বুলি ভবা হয়। অতি প্ৰাচীন কালৰে পৰাই অসমৰ ইতিহাসৰ ৰাজনৈতিক আৰু ধাৰ্মিক দুয়ো দিশতে শক্তি উপাসনাৰ কেন্দ্ৰস্থল কামাখ্যাই অতিশয় গুৰুত্বপুৰ্ণ প্ৰভাৱ বিস্তাৰ কৰি আহিছে।
সূচী |
[সম্পাদনা কৰক] ইতিহাস আৰু প্ৰবাদৰ ছাঁ-পোহৰত
কামাখ্যা মন্দিৰৰ উৎপত্তি সংক্ৰান্তত কালিকা পুৰাণত এটা আখ্যান আছে। আখ্যানটো এনে ধৰণৰঃ দক্ষৰ জীয়ৰী সতীয়ে পিতৃৰ অমতত মহাদেৱৰ সৈতে বিবাহ হৈছিল। সা-সম্পত্তি নাইক্য়া টোকোনা বুলি মহাদেৱক দক্ষই চকু পাৰি দেখিব নোৱাৰিছিল। এবাৰ দক্ষই এটা যজ্ঞৰ আয়োজন কৰিলে। কিন্তু তালৈ জোৱায়েকক নিমন্ত্ৰণ নকৰিলে। তথাপিও সতীয়ে বিনা নিমন্ত্ৰণে পিতৃৰ যজ্ঞস্থলীত উপস্থিত হ'লগৈ। জীয়েকক দেখি দক্ষৰ খঙে চুলিৰ আগ পালে আৰু মহাদেৱক ভৎসৰ্না কৰিবলৈ ধৰিলে। স্বামীৰ বদনাম সহিব নোৱাৰি সতীয়ে যজ্ঞস্থলীতে প্ৰাণত্যাগ কৰিলে। প্ৰিয়াৰ বিয়োগত মহাদেৱ শোকত বলিয়া হ'ল আৰু সতীৰ মৃতদেহ কান্ধত তুলি লৈ বিশ্ব ভ্ৰমি ফুৰিবলৈ ধৰিলে। লাহে-লাহে মৃতদেহটো গেলি শৰীৰৰ অংশবোৰ ঠায়ে ঠায়ে পৰি গ'ল। য'তেই এনে অংশ পৰিল, তাতেই একোখন তীৰ্থস্থান গঢ়ি উঠিল। নীলাচল পাহাৰত সতীৰ যোনিভাগ পৰিল আৰু তাত কামাখ্যা দেৱীৰ মন্দিৰ প্ৰতিষ্ঠা হ'ল।
প্ৰাগজ্যোতিষাধিপতি কিৰাট বংশীয় নৰকাসুৰ আছিল কামাখ্যা দেৱীৰ পৰম ভক্ত। তেৱেঁই নীলাচল পাহাৰত প্ৰথম এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। প্ৰবাদ আছে যে এবাৰ নৰকাসুৰে কামাখ্যা দেৱীৰ দৰ্শন পালে। দেৱীৰ স্বৰ্গীয় সৌন্দৰ্যই প্ৰাগজ্যোতিষাধিপতিৰ মতিভ্ৰম ঘটালে। তেওঁ দেৱীক বিবাহৰ প্ৰস্তাৱ আগবঢালে। দেৱীয়ে কলে যে দেৱী আৰু নৰমনিচৰ মাজত মাজত বৈবাহিক সম্পৰ্ক অসম্ভৱ কথা। কিন্তু নৰকে যেন তেন প্ৰকাৰেণ বিয়া কৰাবলৈ জিদ ধৰাত কামাখ্যা দেৱীয়ে তেওঁৰ পৰা পৰিত্ৰাণ পাবলৈ বুদ্ধি এটা সাজিলে। দেৱী ক'লে যে নৰকে যদি মন্দিৰ দৰ্শনাৰ্থীসকলৰ সুবিধাৰ্থে নীলাচল পাহাৰৰ নামনিৰ পৰা মন্দিৰলৈ একে নিশাৰ ভিতৰতে এটা শিলৰ খটখটি সাজি দিয়ে, তেন্তে তেওঁ নৰকৰ সৈতে বিয়াত বহিবলৈ ৰাজি আছে। দেৱীয়ে ভাবিছিল, নৰকৰে এই কাম কৰিব নোৱাৰিব। কিন্তু দেৱীৰ ধাৰণাক ভুল প্ৰমাণিত কৰি নিশা শেষ হোৱাৰ আগেয়ে খটখটি নিৰ্মাণৰ কাম শেষ হোৱাৰ উপক্ৰম হ'ল। দেৱীয়ে দেখিলে কথা বিষম; সেয়েহে তেওঁ চক্ৰান্তৰ আশ্ৰয় লবলৈ বাধ্য হ'ল। তেওঁ কুকুৰাক আদেশ দিলে, ডাক দিবলৈ। নিশা শেষ নোহোৱাকৈ কুকুৰাই ডাক দিলে। দেৱীয়ে নৰকক ক'লে যে কুকুৰাই ডাক দিলে, ৰাতি পুৱাল। নৰকে চৰ্ত পূৰণ কৰিব নোৱাৰিলে। প্ৰচণ্ড ক্ৰোধত নৰকে খেদি খেদি গৈ বৰ্তমানৰ কুকুৰাকটা নামৰ ঠাই টুকুৰাত মায়াৱী কুকুৰাটো দুচেওকৈ কাটিলে। (নৰকে নিৰ্মাণ কৰা বুলি প্ৰবাদ থকা মেখেলা উজোৱা নামৰ শিলৰ খটখটিটো আজিও দেখিবলৈ পোৱা যায়।) এই ঘটনাৰ পিছত দেৱকুলৰ সৈতে নৰকৰ সংঘাত আৰম্ভ হ'ল। নৰকৰ অতিচাৰ ইমানে বাঢ়িল যে অৱশেষত কৃষ্ণই কিৰাটৰাজক বধ কৰি তেওঁৰ পুত্ৰ ভগদত্তক প্ৰাগজ্যোতিষৰ সিংহাসন অৰ্পণ কৰিলে।
[সম্পাদনা কৰক] মন্দিৰৰ স্থাপত্য
[সম্পাদনা কৰক] কামাখ্যা ধামৰ অম্বুবাচী মেলা
অম্বুবাচীৰ প্ৰবৃত্তিৰ লগে লগে কামাখ্যা ধামৰ দুৱাৰ বন্ধ ৰখা হয়৷ ফলস্বৰূপে সেইকেইদিন দেৱী দৰ্শন নিষিদ্ধ৷ চতুৰ্থ দিনত মন্দিৰ খোলাৰ লগে লগে দেৱীৰ স্নান, পূজা, প্ৰভৃতি সমাপন হোৱাৰ পৰাহে দৰ্শকে দেৱীক দৰ্শন কৰিব পাৰে৷ পূব ভাৰতৰ দৰে অন্যান্য প্ৰান্তৰ দৰে কামাখ্যা ধামৰো ব্ৰাহ্মণ বিধৱাসকলে অম্বুবাচী প্ৰবৃত্তিৰ পৰা নিবৃত্তিৰ পিছতো দেৱীৰ ভোগ শেষ নোহোৱা পৰলৈকে ফলাহাৰ গ্ৰহণ কৰি থাকে৷ চুৱাৰ কেইদিন সৰ্প ভয় নিবাৰণৰ বাবে দুগ্ধপান কৰে৷ ইঘৰে-সিঘৰলৈ ফল-মূল আগবঢ়ায়, প্ৰবৃত্তিৰ আগতে কলহত পানী জমা কৰি কলপাতৰ ওপৰত তুলি থয়৷ ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা অহা (আজিকালি বিদেশৰ পৰাও আহে)লাখ লাখ ভক্তই তিনিওদিন কামাখ্যা মন্দিৰৰ চৌপাশে থাকি নাম-কীৰ্তন কৰে৷ মন্দিৰৰ বাহিৰতে ধূপ-দীপ জ্বলাই দেৱীক প্ৰণাম জনায়৷ অম্বুবাচীৰ নিবৃত্তিৰ দিনা পাণ্ডাসকলে ভক্তসকললৈ আগবঢ়ায় ৰক্তবস্ত্ৰ৷ দেৱীপীঠৰ পৰা অনা এই ৰক্তবস্ত্ৰ শৰীৰত ধাৰণ কৰিলে অভীষ্ট সিদ্ধি হোৱাৰ সম্ভাৱনা প্ৰৱল৷ সেইবাবে পুৰুষে সেই ৰক্তবস্ত্ৰ সোঁহাতত বা ডিঙিত আৰু মহিলাসকলে বাওঁহাত বা ডিঙিত ধাৰণ কৰে৷ এই কাপোৰ লগত ৰাখি আন ঠাইত জপ কৰিলেও মনৰ কামনা পূৰণ হোৱাৰ কথা কুব্জিকা তন্ত্ৰৰ সপ্তম পটলত বৰ্ণিত হৈছে৷ এই ৰক্তবস্ত্ৰ ধাৰণ কৰি শ্মশান অথবা মৃতকৰ ঘৰলৈ যোৱাটো নিষিদ্ধ৷ কামাখ্যা ধামৰ অম্বুবাচী মেলাই আন্তৰ্জাতিক আৰু জাতীয় সম্প্ৰীতি ৰক্ষা কৰাত ভালেখিনি অৰিহণা যোগাইছে৷
[সম্পাদনা কৰক] তথ্যসূত্ৰ
[সম্পাদনা কৰক] বাহ্যিক সংযোগ
|
|||||