কামৰূপীয়া ঢুলীয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা

অসমৰ ঐতিহ্য বহনকাৰী আন এটি মূল্যৱান কৃষ্টি হ’ল কামৰূপীয়া ঢুলীয়া৷ ই সম্পূৰ্ণভাৱে লৌকিক আৰু বৰ জনপ্ৰিয় অনুষ্ঠান৷ ঢুলীয়া অনুষ্ঠানটিত ভাগ লোৱা লোকসকলৰ অভিনয় কৌশল আৰু হাস্য-ব্যংগ কৌতুকবোৰেই অনুষ্ঠানটিৰ মুখ্য আকৰ্ষণ৷ এনে এটি মনোৰঞ্জক অনুষ্ঠান সম্প্ৰতি মৃতপ্ৰায়; কিন্তু কেইজনমান উঠি অহা ব্যক্তিৰ প্ৰচেষ্টাত ই পুনৰ জীপ লৈ উঠিবলৈ আৰম্ভ কৰিছে৷[1]

সম্প্ৰতি মৃতপ্ৰায় অৱস্থাত থকা কামৰূপীয়া ঢুলীয়া কৃষ্টি

ঐতিহ্য[সম্পাদনা কৰক]

অসমৰ মঠ-মন্দিৰবোৰত দেৱতাৰ বন্দনাৰ সময়ত অন্যান্য বাদ্য যন্ত্ৰৰ লগতে মুখ্য বাদ্য ঢোলো ব্যৱহাৰ কৰা হৈছিল৷ মন্দিৰৰ বাহিৰতো ঢোলৰ যথেষ্ট সমাদৰ আছিল আৰু কালক্ৰমত ই এক সুকীয়া অনুষ্ঠানত পৰিণত হৈছিল৷ অসমৰ বিভিন্ন সামাজিক আৰু ধৰ্মীয় অনুষ্ঠানত ঢুলীয়া অনুষ্ঠান পৰিৱেশিত হৈছিল- সভা, উৎসৱ আদিৰ মুকলি মঞ্চতে ই অভিনীত হৈছিল[1][2][3]

বৰ্ণনা[সম্পাদনা কৰক]

কামৰূপীয়া ঢুলীয়া অনুষ্ঠানৰ কেন্দ্ৰস্থল নলবাৰী অঞ্চল৷ ভাও দিয়া ঠাইখিনিক খলা বোলা হৈছিল৷ খলা সজাবৰ বাবে কলগছ আৰু কলপাত ব্যৱহৃত হৈছিল৷ ঢুলীয়া অনুষ্ঠানত পুতলা নাচৰ সাদৃশ্য থকালৈ চাই বহুতে ইয়াক পুতলা নাচৰ ক্ৰমবিকাশিত ৰূপ বুলি ক’ব খোজে ৷ অনুষ্ঠানটিত বহুত মানুহৰ দল এটি থাকে৷ ঘাই ঢুলীয়া, খৰমৰা ঢুলীয়া, কুস্তিদিয়া ঢুলীয়া, টেমেকা, মহলাধাৰী, সূত্ৰধাৰ আৰু অন্যান্য ভালেমান ব্যক্তিৰদ্বাৰা ই গঠিত হয় ৷ তেওঁলোক স্বভাৱ শিল্পী৷ তেওঁলোকৰ কাহিনীৰ কোনো লিখিত ৰূপ নাই ৷ মৌখিকভাৱে আৰু কোনো অনুশীলন নকৰাকৈ তেওঁলোকে কাহিনী প্ৰদৰ্শন কৰিব পাৰিছিল ৷ অনুষ্ঠানৰ প্ৰদৰ্শনৰ বাবে লাগতিয়াল সামগ্ৰীবোৰো দলটিৰ লোকসকলে নিজে নিজে যুগুতাই লৈছিল ৷ ঢোল আৰু অভিনয়ৰ বাবে প্ৰয়োজনীয় কাঁড়, লাঠি, মাৰি, যাঠি-জোং জাতীয় বস্তুবোৰ নিজে যতনাই লৈছিল৷ প্ৰসাধনৰ সৰু-সুৰা সামগ্ৰীবোৰো ঘৰতেই তৈয়াৰ কৰি লৈছিল ৷ প্ৰসাধনৰ বাবে চাউলৰ গুড়িৰ ব্যৱহাৰ বৰকৈ কৰা হৈছিল৷ মতা মানুহে ধুতিখন শাৰীৰ দৰে কৰি লৈ আৰু মোছ থাকিলে হাতেৰে ঢাকি তিৰোতাৰ স্থান পূৰণ কৰিছিল ৷ মাতটোও সামান্য সৰু কৰি উলিয়াইছিল ৷ প্ৰথমতে বৰঢোলত গুৰুঘাত মাৰি অনুষ্ঠানটি আৰম্ভ কৰা হয়৷ তাৰপিছত গুৰিঢোল বজাই খলা ফুৰোৱা বাদী আদি কাৰ্য অনুষ্ঠিত কৰে ৷ ঢোলৰ বাজনা, চং, কুস্তিু, খেল-ধেমালি আদি চাৰ্কাচ আৰু কেৰিকচাৰ ধৰ্মী৷ মূখাৰ ব্যৱহাৰ এটাৰ এটি মন কৰিবলগীয়া বৈশিষ্ট৷ ভাৱৰীয়াৰ চৰিত্ৰবোৰ নিয়ন্ত্ৰণাধীন কৰিবলৈ সূত্ৰধাৰ জাতীয় চৰিত্ৰ এটাও ইয়াত থাকে৷ ঢুলীয়াই পদ গাই গাই কাহিনী ব্যাখ্যা কৰে৷ কিন্তু ঢুলীয়া অনুষ্ঠানৰ কোনো লিখিত বিৱৰণ নথকাৰ ফলত ইয়াৰ প্ৰাচীনত্ব কিমান দূৰ ৰক্ষা পৰিছে তাক সতকাই কোৱা টান৷[1]

কামৰূপীয়া ঢুলীয়া সকলৰ ভিতৰত আটাইতকৈ বিখ্যাত নাম মোহন ভাৱৰীয়া। মোহন ভাৱৰীয়াৰ খ্যাতি নলবাৰী অঞ্চলৰ লগতে গোটেই অসমতেই বিয়পি পৰিছিল।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 অসমীয়া সংস্কৃতিৰ কণিকা, সম্পাদনা- ডঃ নাৰায়ণ দাস, ডঃ পৰমানন্দ ৰাজবংশী, পৃষ্ঠা নং- ৭৩
  2. Śarmā, Hemantakumāra (1992). Socio-religious life of the Assamese Hindus:a study of the fasts and festivals of Kamrup District. Daya Pub. House. পৃষ্ঠা. 262. 
  3. Sinha,Dwivedi, Chitta Ranjan Prasad, Umesh Chandra (1998). Proceedings of the 7th session of Indian Art History Congress, Kanyakumari. Indian Art History Congress, and Sundeep Prakashan, New Delhi. পৃষ্ঠা. 126.