কাৰ্তিক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাৰ্তিক
ৰাজা ৰৱি বাৰ্মাৰ দ্বাৰা অংকিত এখন কাৰ্তিকৰ চিত্ৰ
ৰাজা ৰৱি বাৰ্মাৰ দ্বাৰা অংকিত এখন কাৰ্তিকৰ চিত্ৰ
অধিকাৰ বিজয় আৰু কুণ্ডলী
তামিল লিপি முருகன்
গোত্ৰ দেৱতা
অধিষ্ঠান কৈলাস
অস্ত্ৰ ধনু, বাণ (ৰূপভেদে বল্লম)
দাম্পত্যসঙ্গী বল্লী আৰু দেৱযানী
বাহন ময়ূৰ


কাৰ্তিক হিন্দুসকলৰ যুদ্ধদেৱতা। তেওঁ শিৱ আৰু পাৰ্বতীৰ কণিষ্ঠ সন্তান। কাৰ্তিক বৈদিক দেৱতা নহয়; তেওঁ পৌৰাণিক দেৱতা। প্ৰাচীন ভাৰতত সকলোতে কাৰ্তিক পূজা প্ৰচলিত আছিল। উত্তৰ ভাৰতত এওঁ এজন প্ৰাচীন দেৱতা ৰূপে পৰিগণিত। অন্যান্য হিন্দু দেৱদেৱীৰ দৰে কাৰ্তিককো একাধিক নামেৰে অভিহিত কৰা হয়। ইয়াৰে কিছুমান নাম তলত উল্লেখ কৰা হ’ল-

  1. কৃত্তিকাসুত
  2. আম্বিকেয়
  3. নমুচি
  4. স্কন্দ
  5. শিখিধ্বজ
  6. অগ্নিজ
  7. বাহুলেয়
  8. ক্ৰৌঞ্চাৰতি
  9. শৰজ
  10. তাৰকাৰি
  11. শক্তিপাণি
  12. বিশাখ
  13. ষড়ানন
  14. গুহ
  15. ষান্মাতুৰ
  16. কুমাৰ
  17. সৌৰসেন
  18. দেৱসেনাপতি ইত্যাদি।

ইয়াৰ উপৰিও দূৰ্গাপূজাৰ সময়তো কাৰ্তিকৰ পূজা কৰা হয়। ভাৰতৰ অনান্য অঞ্চলৰ তুলনাত দক্ষিণ ভাৰতত কাৰ্তিকৰ পূজা অধিক জনপ্ৰিয়। তামিল আৰু মালয়ালম ভাষাত কাৰ্তিকক মুৰুগান বা ময়ূৰী কন্দস্বামী (তামিল:முருகன், মালয়ালম:മുരുകന്‍) নামত আৰু কন্নড় আৰু তেলুগু ভাষাত তেওঁক সুব্ৰহ্মণ্যম (কন্নড়:ಸುಬ್ರಹ್ಮಣ್ಯ, তেলুগু:సుబ్రమణ్య స్వామి‍) নামে পৰিচিত। তামিল বিশ্বাস অনুযায়ী মুৰুগান তামিলদেশৰ (তামিলনাড়ু) ৰক্ষাকৰ্তা।[1] দক্ষিণ ভাৰত, ছিঙ্গাপুৰ, শ্ৰীলঙ্কা, মালয়েছিয়া আৰু মৰিছাছ – যিবোৰত তামিল জাতিগোষ্ঠীৰ প্ৰভাৱ বিদ্যমান তাতেই মুৰুগানৰ পূজা প্ৰচলিত হৈ আহিছে। শ্ৰীলঙ্কাৰ দক্ষিণাংশত কাৰ্তিকৰ উদ্দেশ্যে উৎসৰ্গিত কথাৰাগম (সিংহলী ভাষাত "কথাৰাগম দেৱালয়") মন্দিৰত হিন্দু আৰু বৌদ্ধ উভয় সম্প্ৰদায়ৰ মানুহেই শ্ৰদ্ধা নিবেদন কৰে।

টোকা[সম্পাদনা কৰক]

  1. Cage of Freedom By Andrew C. Willford

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

সম্পৰ্কীয় প্ৰবন্ধ[সম্পাদনা কৰক]

  1. কাৰ্তিক পূজা
  2. দূৰ্গাপূজা
  3. মুৰুগান