কাৰ্বি আংলং জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাৰ্বি আংলং জিলা
Karbi Anglong
—  জিলা  —
অসমৰ মানচিত্ৰত জিলাখনৰ অৱস্থিতি
দেশ  ভাৰত
ৰাজ্য অসম
ৰাজধানী ডিফু
মাটিকালি
 - মুঠ 10,434 কি.মি. (4,028.6 বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ 965
সময় অঞ্চল ভা.মা.স. (গ্ৰী.মা.স.+৫:৩০)
ৱেবছাইট www.karbianglong.nic.in

কাৰ্বি আংলং জিলা (ইংৰাজী: Karbi Anglong district) অসমৰ মধ্য অঞ্চলত অৱস্থিত। অসমৰ জিলা সমূহৰ ভিতৰত মাটিকালিৰে ই সৰ্ববৃহৎ। জিলাখনৰ পূবে গোলাঘাট জিলা, পশ্চিমে মৰিগাঁও জিলা আৰু মেঘালয়, উত্তৰে নগাঁও আৰু গোলাঘাট জিলাৰ অংশ আৰু দক্ষিণে ডিমা হাছাও জিলা আৰু নাগালেণ্ড। উত্তৰ অক্ষাংশ ২৫º৩৩' -ৰ পৰা ২৬º৩৫'-লৈ আৰু পূব দ্ৰাঘিমাংশ ৯২º১০' -ৰপৰা ৯৩º৫০' লৈ কাৰ্বি আংলং জিলাৰ ভৌগোলিক ব্যাপ্তি। ডিফু এই জিলাৰ সদৰ চহৰ। কাৰ্বি আংলং জিলাৰ মাটিকালি ১০,৪৩৪ বৰ্গ কি.মি.।[1]


ইতিহাস[সম্পাদনা কৰক]

ব্ৰিটিছ শাসনৰ আগতে বৰ্তমানৰ কাৰ্বি আংলং জিলাৰ ভূখণ্ড ডিমাছা ৰাজ্যৰ অধীনত আছিল। ১৮৫৪ চনত তুলাৰাম হাস্নুৰ মৃত্যুৰ পাছত কাৰ্বি আংলং জিলা প্ৰত্যক্ষ ব্ৰিটিছ শাসনৰ তললৈ আহে আৰু ব্ৰিটিছে ইয়াক 'অনুসূচিত জিলা' আখ্যা দিয়ে। ১৯৩৫ চনৰ ভাৰত চৰকাৰৰ আইন অনুসৰি মিকিৰ পাহাৰ অঞ্চলক 'partially excluded areas' হিচাপে অন্তৰ্ভুক্ত কৰা হয়। ভাৰত স্বাধীন হোৱাৰ পাছত ১৯৫১ চনৰ ১৭ নভেম্বৰ তাৰিখে বৰ্তমানৰ কাৰ্বি আংলং জিলা, উত্তৰ কাছাৰ জিলা,আৰু কাছাৰ, নগাঁও, গোলাঘাট জিলাৰ অংশ বিশেষ আৰু 'সংযুক্ত খাছী আৰু জয়ন্তীয়া পাহাৰ জিলা'ক সাঙুৰি 'সংযুক্ত মিকিৰ পাহাৰ আৰু উত্তৰ কাছাৰ জিলা' ঘোষণা কৰা হৈছিল। ইয়াৰ পাছত ১৯৭০ চনৰ ২ ফেব্ৰুৱাৰীত এই জিলাক দ্বিখণ্ডিত কৰি ক্ৰমে 'মিকিৰ পাহাৰ জিলা' আৰু 'উত্তৰ কাছাৰ জিলা' গঠন কৰা হয়। ১৯৭৬ চনৰ ১৪ অক্টোবৰ তাৰিখে মিকিৰ পাহাৰ জিলাৰ নাম সলনি কৰি কাৰ্বি আংলা জিলা কৰা হয়।[2]

ভৌগোলিক বিৱৰণ[সম্পাদনা কৰক]


প্ৰশাসনীয় বিভাগ[সম্পাদনা কৰক]

কাৰ্বি আংলং জিলাক তিনিখন মহকুমাত ভগোৱা হৈছে। ইয়াৰে ডিফু মহকুমাৰ তিনিটা আৰু হামৰেণ আৰু বোকাজান মহকুমাৰ এটাকৈ ৰাজহ চক্ৰ আছে।

  • ডিফু মহকুমা:
    • ডিফু ৰাজহ চক্ৰ
    • ফুলনি ৰাজহ চক্ৰ
  • বোকাজান মহকুমা:
    • চিলনীজান ৰাজহ চক্ৰ
  • হামৰেণ মহকুমা:
    • ডংকামোকাম ৰাজহ চক্ৰ

সংসদীয় সমষ্টি[সম্পাদনা কৰক]

কাৰ্বি আংলং জিলাত বিধান সভাৰ চাৰিখন সমষ্টি আছে, ক্ৰমে, বোকাজান, হাওৰাঘাট, ডিফু আৰু বৈঠালাংচ।[3] এই আটাইকেইটা সমষ্টি অনুসূচিত জনজাতিৰ বাবে সংৰক্ষিত।[3] কাৰ্বি আংলং আৰু ডিমা-হাছাও জিলা সংলগ্ন কৰি 'স্বায়ত্ব শাসিত জিলা (লোকসভা সমষ্টি)' এটা সংসদীয় সমষ্টি।[4]

চহৰ আৰু গাঁও[সম্পাদনা কৰক]

ডিফু চহৰ কাৰ্বি আংলং জিলাৰ সদৰ। এই জিলাৰ আন চহৰকেইখন হৈছে, বোকাজান, ডংকামোকাম, ডকমকা, হামৰেণ আৰু হাওৰাঘাট। সৰ্বমুঠ গাঁওৰ সংখ্যা ২৬৩৩।

জনগাঁঠনি[সম্পাদনা কৰক]

২০১১ চনৰ লোকপিয়লৰ সাময়িক তথ্য অনুসৰি কাৰ্বি আংলং জিলাৰ মুঠ জনসংখ্যা ৯৬৫,২৮০[5]। এই জনসংখ্যা ফিজি দেশৰ জনসংখ্যাৰ[6] বা আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজ্য মন্টানাৰ জনসংখ্যাৰ প্ৰায় সমান।[7] এই সংখ্যাৰে ভাৰতৰ ৬৪০ খন জিলাৰ ভিতৰত জনসংখ্যাভিত্তিক তালিকাত কাৰ্বি আংলং-ৰ স্থান ৪৫১-তম।জনবসতিৰ ঘনত্ব ৯৩ জন প্ৰতি বৰ্গ কি.মি।২০০১ চনৰ তুলনাত জনসংখ্যা বৃদ্ধিৰ হাৰ ১৮.৬৯% আৰু নাৰী-পুৰুষৰ অনুপাত ৯৫৬ গৰাকী প্ৰতি ১০০০জন পুৰুষৰ বিপৰীতে। স্বাক্ষৰতাৰ হাৰ ৭৩.৫২%।[5] ধৰ্মীয় অনুপাত এনে ধৰণৰ হিন্দু ৬৭০, ১৩৯, খ্ৰীষ্টান ১১৭,৭৩৮ আৰু মুছলিম ধৰ্মাৱলম্ৱী ১৮,০৯১ জন।

কাৰ্বি আংলং জিলা কেইবাটাও পাৰ্বত্য জনগোষ্ঠীৰ বাসভূমি। কাৰ্বি আংলং জিলাত অনুসূচিত জনজাতিৰ লোকৰ সংখ্যা মুঠ জনসংখ্যাৰ ৫৫.৭% (২০০১ চনৰ লোক পিয়ল অনুসৰি)।[8] কাৰ্বি জনগোষ্ঠীৰ লোকৰ সংখ্যাই আটাইতকৈ বেছি। ইয়াৰ বাহিৰেও কাৰ্বিং আংলং জিলাত ৰেংমা নগা, ডিমাছা, বড়ো, কুকি, গাৰো, তিৱা, খাচী, মাৰ, মিজো আৰু চাক্‌মা জনগোষ্ঠীৰ লোক আছে।

প্ৰচলিত ভাষা[সম্পাদনা কৰক]

কাৰ্বি ভাষী লোকৰ সংখ্যাই আটাইতকৈ বেছি। ইয়াৰ বাহিৰেও বড়ো, কুকি, অসমীয়া আৰু আইটন ভাষাৰ প্ৰচলন আছে। আইটন ভাষী লোকৰ সংখ্যা প্ৰায় ১৫০০ জন। এই ভাষা শান ভাষাৰ লগত মিলে আৰু লিখা হয় মান (ব্ৰহ্মদেশীয়) লিপিত।[9]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Assam: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1116. ISBN 978-81-230-1617-7. 
  2. Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  3. 3.0 3.1 "List of Assembly Constituencies showing their Revenue & Election District wise break - up". Chief Electoral Officer, Assam website. http://ceoassam.nic.in/Gen_Informations/2.1%20-%20DEOs%20wise%20ACs%20breakup.pdf। আহৰণ কৰা হৈছে: 26 September 2011. 
  4. "List of Assembly Constituencies showing their Parliamentary Constituencies wise break - up". Chief Electoral Officer, Assam website. http://ceoassam.nic.in/Gen_Informations/2.2%20-%20PC-wise%20LAC%20breakup.pdf। আহৰণ কৰা হৈছে: 26 September 2011. 
  5. 5.0 5.1 "District Census 2011". Census2011.co.in. 2011. http://www.census2011.co.in/district.php। আহৰণ কৰা হৈছে: 2011-09-30. 
  6. US Directorate of Intelligence. "Country Comparison:Population". https://www.cia.gov/library/publications/the-world-factbook/rankorder/2119rank.html। আহৰণ কৰা হৈছে: 2011-10-01. "Fiji 883,125 July 2011 est." 
  7. "2010 Resident Population Data". U. S. Census Bureau. http://2010.census.gov/2010census/data/apportionment-pop-text.php। আহৰণ কৰা হৈছে: 2011-09-30. "Montana 989,415" 
  8. http://censusindia.gov.in/Tables_Published/SCST/dh_st_assam.pdf ’পৃ. ২, আহৰণ কৰা তাৰিখ:১৩-০৭-২০১২
  9. M. Paul Lewis, ed (2009). "Aiton: A language of India". Ethnologue: Languages of the World (16th edition সম্পাদনা). প্ৰকাশক Dallas, Texas: SIL International. http://www.ethnologue.com/show_language.asp?code=aio। আহৰণ কৰা হৈছে: 2011-09-28.