কাৰ্শলা সাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কাৰ্শলা সাপ (Daudin's Bronzeback)
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Colubridae
গণ: ''[[Dendrelaphis]]''
প্ৰজাতি: D. tristis
বৈজ্ঞানিক নাম
Dendrelaphis tristis
(Daudin, 1803)

কাৰ্শলা সাপ (ইংৰাজী: Bronzeback, বৈজ্ঞানিক নাম- Dendrelaphis tristis)দক্ষিণ এছিয়াত দেখা পোৱা আবিধ গছ সাপ (tree-snake)ৰ প্ৰজাতি৷

বিৱৰণ[সম্পাদনা কৰক]

Bronzeback head sal.jpg

কাৰ্শলা সাপ এবিধ দীঘল সাপ, ইয়াৰ মূৰটো জোঙা আৰু ব্ৰঞ্জৰ বৰণৰ এডাল আঁচ ইয়াৰ পিঠিয়েদি তললৈ গৈছে৷

বিতৰণ[সম্পাদনা কৰক]

এই সাপবিধ দক্ষিণ এছিয়াৰ হিমালয় পৰ্বতৰ পাদদেশ আৰু দক্ষিণ ভাৰতত দেখিবলৈ পোৱা যায়৷

বাসস্থান[সম্পাদনা কৰক]

কাৰ্শলা সাপে ঘাইকৈ গছৰ ডালে পাতে বাস কৰে৷ ইয়াৰ গাৰ মুগা বৰণৰ বাবে এই সাপবিধ গছৰ সৈতে মিলি থাকে৷

আচৰণ[সম্পাদনা কৰক]

এই সাপবিধ প্ৰায় সকলো সময়তে অস্থিৰ হৈ থাকে৷ মাটি তথা গছ সকলোতে ই খুবেই খৰকৈ চালচলন কৰিব পাৰে৷

খাদ্য[সম্পাদনা কৰক]

কাৰ্শলা সাপে সাধাৰণতে চৰাই, ভেকুলী, জেঠী আদি খাই জীয়াই থাকে৷

প্ৰজনন[সম্পাদনা কৰক]

এই সাপবিধে কণী পাৰি পোৱালি জন্ম দিয়ে৷ এবাৰত ই ৬-৭ টাকৈ কণী পাৰে৷ ৪-৬ সপ্তাহৰ উমনিৰ অন্তত কণী ফুটি পোৱালি জগে৷

তথ্যসুত্ৰ[সম্পাদনা কৰক]

  • Boulenger, George A. 1890 The Fauna of British India, Including Ceylon and Burma. Reptilia and Batrachia. Taylor & Francis, London, xviii, 541 pp.
  • Daudin, F. M. 1803 Histoire Naturelle Generale et Particuliere des Reptiles. Vol. 6. F. Dufart, Paris.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]