কিকি হাঁহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Cotton Pygmy Goose (কিকি হাঁহ)
মতা আৰু মাইকী কিকি হাঁহ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Anseriformes
পৰিয়াল: Anatidae
গণ: Nettapus
প্ৰজাতি: N. coromandelianus
বৈজ্ঞানিক নাম
Nettapus coromandelianus
Gmelin, 1789
উপপ্ৰজাতি
  • N. c. coromandelianus

(Lesser Cotton Pygmy Goose)

  • N. c. albipennis

(Greater Cotton Pygmy Goose)

কিকি হাঁহ (ইংৰাজী: Cotton Pygmy Goose বা Cotton Teal, বৈজ্ঞানিক নাম: Nettapus coromandelianus)[2]এবিধ সৰু আকাৰৰ হাঁহৰ প্ৰজাতি৷ ই সাধাৰণতে পাকিস্তান, ভাৰত, বাংলাদেশ, দক্ষিণ-পূব এছিয়া আৰু অষ্ট্ৰেলিয়াত প্ৰজনন কৰে৷

বিৱৰণ[সম্পাদনা কৰক]

থাইলেণ্ডত এটা মতা কিকি হাঁহ
থাইলেণ্ডত এজনী মাইকী কিকি হাঁহ

কিকি হাঁহৰ আকাৰ সৰু, ইয়াৰ ওজন প্ৰায় ১৬০ গ্ৰাম আৰু দৈৰ্ঘ্য ২৬ ছে: মি: হয়৷ ইয়াৰ ঠোঁট চুটি আৰু দেহত বগা ৰঙৰ প্ৰাচুৰ্য্য অধিক৷ প্ৰজনন কালত মতা কিকি হাঁহৰ মূৰ ঘূৰণীয়া হয়৷ মূৰৰ ওপৰভাগ জিলিকা (glossy) ক’লা বৰণৰ, মূৰ, ডিঙি আৰু দেহৰ তলভাগ বগা ৰঙৰ হয়৷ ইয়াৰ ডিঙিত এটা স্পষ্ট ক’লা বৰণৰ কলাৰ (collar) থাকে৷ ইয়াৰ ঠেং তুলনামূলক ভাৱে চুটি৷ উৰন্ত অৱস্থাত মতা কিকি হাঁহৰ সেউজীয়া ডেউকাত বগা আঁচ স্পষ্টকৈ দেখা যায়৷ মাইকী হাঁহৰ বৰণ শেঁতা, ডিঙিত কলাৰ নাথাকে আৰু ডেউকাত তুলনামূলক ভাৱে ক্ষীণ বগা আঁচ থাকে৷ প্ৰজনন নোহোৱা সময়ত মতা আৰু মাইকী দেখাত প্ৰায় একে হয়৷

বিস্তৃতি[সম্পাদনা কৰক]

কিকি হাঁহ এবিধ থলুৱা হাঁহৰ প্ৰজাতি৷ অৱশ্যে চীনা কিকি হাঁহে শীত কালত দক্ষিণলৈ প্ৰব্ৰজন কৰে বুলিও জনা যায়৷ এই প্ৰজাতিটো সকলো ধৰণৰ জলাশয় যেনে- হ্ৰদ, পুখুৰী, পানীময় ধাননি পথাৰ আদিত দেখা পোৱা যায়৷

আচৰণ[সম্পাদনা কৰক]

কিকি হাঁহে প্ৰধানকৈ গছৰ গুটি আৰু বিভিন্ন উদ্ভিদ খাই জীয়াই থাকে। তাৰোপৰি ই পোক-পৰুৱা, কেকোঁৰা ইত্যাদিও খায়৷ কিকি হাঁহৰ প্ৰজনন কাল জুলাইৰ পৰা ছেপ্টেম্বৰ মাহলৈ৷ ই জলাশয়ৰ পাৰৰ গছৰ খোৰোঙত বাঁহ সাজে৷ এবাৰত ই ৮-১৫ টাকৈ কণী পাৰে৷ কণীৰ বৰণ সাধাৰণতে বগা হয়৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. BirdLife International (2004). Nettapus coromandelianus. 2006. IUCN Red List of Threatened Species. "IUCN" 2006. www.iucnredlist.org. Retrieved on 11 May 2006. Database entry includes justification for why this species is of least concern
  2. Ali, Salim; Daniel, J. C. (1983). The book of Indian Birds (Twelfth Centenary সম্পাদনা). প্ৰকাশক New Delhi: Bombay Natural History Society/Oxford University Press. 
  • Madge, Steve; Burn, Hilary (1988). Waterfowl: An Identification Guide to the Ducks, Geese, and Swans of the World. প্ৰকাশক Boston: Houghton Mifflin. ISBN 0-395-46727-6. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]