কিৰণ বেদি
| কিৰণ বেদি | |
|---|---|
| জন্ম | ৯ জুন ১৯৪৯ |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
| পেচা | ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া (১৯৭২–২০০৭) সমাজসেৱী |
| ধৰ্ম | হিন্দু |
| দাম্পত্যসঙ্গী | ব্ৰজ বেদি |
| বঁটা, সন্মান, পুৰস্কাৰ আদি | ৰাষ্ট্ৰ সঙ্ঘৰ পুৰস্কাৰ ২০০৪; ৰামন মেগচেচে বটাঁ ১৯৯৪ |
| ৱেবছাইট | |
| www.kiranbedi.com | |
কিৰণ বেদি (পাঞ্জাৱী:ਕਿਰਣ ਬੇਦੀ) ভাৰতবৰ্ষৰ এগৰাকী সমাজ সংস্কাৰক আৰু ভাৰতীয় আৰক্ষী সেৱাৰ এগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া।[1] ১৯৭২ চনত ভাৰতৰ আৰক্ষী বাহিনীত যোগদান কৰা কিৰণ বেদি হৈছে ভাৰতীয় আৰক্ষী সেৱাৰ প্ৰথমগৰাকী মহিলা বিষয়া। ভাৰতীয় আৰক্ষী অনুসন্ধান আৰু বিকাশ দপ্তৰৰ প্ৰধান আয়ুক্ত হিচাপে কাৰ্য্যনিৰ্বাহ কৰি থকা কালতে ২০০৭ চনত এখেতে ভাৰতীয় আৰক্ষী সেৱাৰ পৰা স্বেচ্ছাকৃতভাৱে অৱসৰ গ্ৰহণ কৰে।[2] এখেত ভাৰতীয় দূৰদৰ্শনৰ জনপ্ৰিয় ধাৰাবাহিক আপ কি কচেহৰি (ইংৰাজী:Your Court)ৰ আঁতধৰোতা তথা বিচাৰক আছিল।[3]
সূচী |
[সম্পাদনা কৰক] প্ৰাৰম্ভিক জীৱন আৰু শিক্ষা
১৯৪৯ চনৰ ৯ জুনত ভাৰতৰ পাঞ্জাৱ ৰাজ্যৰ অমৃতসৰত প্ৰকাশ পেশৱাৰিয়া আৰু প্ৰেম পেশৱাৰিয়াৰ দ্বিতীয় গৰাকী কন্যা সন্তান হিচাপে কিৰণ বেদিৰ জন্ম হয়।
অমৃতসৰৰ চেক্ৰেদ হাৰ্ট কনভেন্ট স্কুলত শিক্ষা গ্ৰহণ কৰি থকা সময়ত এখেতে ৰাষ্ট্ৰীয় কেডেট কৰ্পচ (ইংৰাজী:National Cadet Corps, NCC))ত যোগদান কৰে। টেনিচ খেলি ভাল পোৱা বেদিয়ে একেৰাহে জুনিয়ৰ নেচনেল ল'ন টেনিচ চেম্পিয়নচীপ (ইংৰাজী:Junior National Lawn Tennis Championship) (১৯৬৬ চন), এচিয়ান ল'ন টেনিচ চেম্পিয়নচীপ (ইংৰাজী:Asian Lawn Tennis Championship) (১৯৭২ চন) আৰু অল ইন্ডিয়া ইন্টাৰ স্তেট অ'মেনচ ল'ন টেনিচ চেম্পিয়নচীপ (ইংৰাজী:All-India Interstate Women's Lawn Tennis Championship)(১৯৭৬ চন) ত বিজয়ী হ'বলৈ সক্ষম হয়।[4]
১৯৭৮ চনত অমৃতসৰৰ গভৰ্ণমেন্ট কলেজ ফ'ৰ অ'মেন ৰ পৰা ইংৰাজী বিষয়ত স্নাতক হৈ এখেতে ১৯৭০ চনত চন্ডীগড়ৰ পাঞ্জাৱ বিশ্ববিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞানত স্নাতকোত্তৰ উপাধি লাভ কৰে
১৯৮৮ চনত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিভাগত স্নাতক উপাধি লাভ কৰে।
১৯৯৯ চনত ইণ্ডিয়ান ইনস্টিটিউট অফ টেকনল'জি, দিল্লী (IIT Delhi)ৰ পৰা সমাজ বিজ্ঞান বিভাগত পি. এইচ. ডি উপাধি লাভ কৰে। এখেতৰ গৱেষনাৰ বিষয় আছিল নিচাসক্ত দ্ৰব্যৰ অপব্যৱহাৰ আৰু ঘৰুৱা অশান্তি (Drug Abuse and Domestic Violence)।[5]
[সম্পাদনা কৰক] জীৱিকা
প্ৰবক্তা: ১৯৭০-৭২ চন, ৰাজনীতি বিজ্ঞান; খালছা কলেজ ফ'ৰ অ'মেন, অমৃতসৰ
ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া: ১৯৭২ চন, এই বিভাগত প্ৰথম মহিলা বিষয়া
[সম্পাদনা কৰক] সমাজ সেৱা
লোকপাল আন্দোলন
[সম্পাদনা কৰক] সামাজিক স্বীকৃতি আৰু সন্মান
- ভাৰতীয় মানৱতা বিকাশ পুৰস্কাৰ, ২০১১ (Indian Institute of Planning and Management, IIPM)
- ষ্টাৰ পৰিবাৰ এৱাৰ্ড, ২০১০ (ষ্টাৰ প্লাচ)
- মাদাৰ টেৰেছা মেম'ৰিয়েল নেচনেল এৱাৰ্ড, ২০০৫ (Indian Development Foundation, IDF)
- ৰাষ্ট্ৰ সঙ্ঘৰ বটাঁ, ২০০৪ (ৰাষ্ট্ৰ সঙ্ঘ)
- Woman of the year award, ২০০২, (Blue Drop Group Management, Cultural and Artistic Association, Italy)
- ভাৰতবৰ্ষৰ গৌৰৱ, ১৯৯৯ (American Federation of Muslims of Indian Origin (AFMI)
- Fourth Joseph Beuys Award, ১৯৯৭ (জাৰ্মানী)
- Lion of the Year, ১৯৯৫
- Father Machismo Humanitarian Award, ১৯৯৫ (Don Bosco Shrine Office, Bombay-India)
- মহিলা শিৰোমণি পুৰস্কাৰ, ১৯৯৫
- ৰামন মেগচেচে বটাঁ, ১৯৯৪ (Ramon Magsaysay Award Foundation)[6]
- Asia Region Award for Drug Prevention and Control, ১৯৯১ (International Organisation of Good Templars (IOGT), Norway)
- Women of the Year Award, ১৯৮১ (National Solidarity Weekly, India)
- President’s Gallantry Award, ১৯৭৯ (ৰাষ্ট্ৰপতি, ভাৰতবৰ্ষ)
[সম্পাদনা কৰক] বিতৰ্কত কিৰণ বেদি
[সম্পাদনা কৰক] তথ্য সুত্ৰ
- ↑ "Kiran Bedi Biography 1994 Ramon Magsaysay Awardee at rmaf"[1] /
- ↑ "Kiran Bedi quits police force, takes voluntary retirement". CNN-IBN. Retrieved 2 September 2011"[2] /
- ↑ "Courting trouble". Indian Express. Retrieved 2 September 2011"[3] /
- ↑ "Kiran Bedi essortment"[4]/
- ↑ "Kiran Bedi Celebrities at nilacharal"[5]/
- ↑ "The 1994 Ramon Magsaysay Award for Government Service". Ramon Magsaysay Award Foundation. Retrieved 2 September 2011[6]/