কেডবাৰী ডেইৰী মিল্ক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ডেইৰী মিল্ক
Cadbury Dairy Milk Caramel
A Dairy Milk Caramel bar.
প্ৰকাৰ Confectionery
গৰাকী কেডবাৰী (ক্ৰাফ্ট ফুডচ)
দেশ United Kingdom
আত্মপ্ৰকাশ ১৯০৫
সম্বন্ধীয় ব্ৰেণ্ড বিভিন্ন কেডবাৰী উৎপাদ
বজাৰ বিশ্বজুৰি
ৱেবছাইট cadburydairymilk.co.uk

ডেইৰী মিল্ক (ইংৰাজী: Cadbury Dairy Milk) যুক্তৰাষ্ট্ৰৰ দ্য হাৰ্শ্বে কোম্পানী কেডবাৰীৰ দ্বাৰা উৎপাদিত এবিধ মিল্ক চকলেট। ১৯০৫ চনত ইউ কেত ইয়াৰ আত্মপ্ৰকাশ ঘটে[উদ্ধৃতিৰ প্ৰয়োজন]

ইতিহাস[সম্পাদনা কৰক]

১৯০৫ চনৰ জুন মাহত আগৰ সকলো উৎপাদতকৈ বেছি অনুপাতত গাখীৰ লৈ প্ৰথম ডেইৰী মিল্ক প্ৰস্তুত কৰে আৰু ১৯১৩ লৈ ই কোম্পানীৰ শ্ৰেষ্ঠ বিক্ৰী হোৱা উপাদান হয়[উদ্ধৃতিৰ প্ৰয়োজন]। ইয়াৰ প্ৰস্তুতকৰ্তা আছিল জৰ্জ কেডবাৰী কনিষ্ঠ। ডেইৰী মিল্ক শ্ৰেণীৰ উৎপাদ হিচাপে ১৯২৮ তফ্ৰুট এণ্ড নাট্ আৰু ১৯৩৩ ত হোল নাট্ প্ৰস্তুত কৰা হয়। ডেইৰী মিল্কৰ গাখীৰৰ পৰ্যাপ্ত পৰিমাণক সূচাবলৈ ১৯২৮ চনত কেডবাৰীয়ে 'গ্লাচ এণ্ড এ হাফ্' শ্লোগান প্ৰচাৰ কৰে[1]

উৎপাদন[সম্পাদনা কৰক]

ডেইৰী মিল্কৰ বহুতো নতুন প্ৰকাৰ আয়াৰলেণ্ড, ফ্ৰান্স আৰু পোলেণ্ডতো নিৰ্মিত হয়। বহুতৰ মতে ই আগৰ মান হেৰুৱাই পেলাইছে।

যুক্তৰাষ্ট্ৰত ডেইৰী মিল্ক কেডবাৰীৰ লেবেলত বিক্ৰী হয় যদিও ইয়াৰ প্ৰকৃত নিৰ্মাতা পেনছিলভেনিয়াৰ দ্য হাৰ্শ্বে কোম্পানী।

বিজ্ঞাপন[সম্পাদনা কৰক]

"এ গ্লাচ এণ্ড এ হাফ অফ ফুল ক্ৰীম মিল্ক ইন এভৰী হাফ পাউণ্ড" আৰু এটা গিলাচ ৰ পৰা গাখীৰ পৰি এটা চকলেট সৃষ্টি হোৱা আদি বিজ্ঞাপনৰ দ্বাৰা কেডবাৰীয়ে সদায় ডেইৰী মিল্কত গাখীৰৰ পৰিমাণক প্ৰচাৰ কৰি আহিছে।

২০০৪ ত কেডবাৰীয়ে ইউ.কে. আৰু আয়াৰলেণ্ডত টেলিভিছন বিজ্ঞাপনৰ এক শৃংখলা আৰম্ভ কৰে য'ত এজন মানুহ আৰু এটা জন্তুৱে বিভিন্ন চকলেটৰ মাজত কিয়ডেইৰী মিল্কহে খাব লাগে তাক লৈ তৰ্ক কৰে।

ইয়াৰ পিছত ২০০৭ চনত ড্ৰাম বজাই থকা গৰিলা,২০০৮ ত গান শুনি আগবাঢ়ি থকা ট্ৰাক ,২০০৮ তেই এটা নতুন সংগীতৰ সৈতে গৰিলা আৰু আন বহুতো বিজ্ঞাপনেৰে দৰ্শকৰ মন কাঢ়ে।

ভাৰততো শেহতীয়াকৈ কুছ মীঠা হো যায়ে (অলপ মীঠা খাই লোৱা যাওঁক) শীৰ্ষকেৰে প্ৰচাৰ কৰা বিজ্ঞাপন সমূহে বহুল জনপ্ৰিয়তা পাইছে[উদ্ধৃতিৰ প্ৰয়োজন]। পৰিয়ালৰ সকলোটিলৈ লক্ষ্য ৰাখি সৃষ্টি কৰা এই বিজ্ঞাপন সমূহে দৰ্শকক আকৰ্ষিত কৰিছে আৰু এতিয়া ভাৰতীয় উৎসৱ পাৰ্বণ সমূহতো ডেইৰী মিল্কে আকৰ্ষণীয় স্থান পাবলৈ লৈছে[উদ্ধৃতিৰ প্ৰয়োজন]


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. begins in Cadbury Dairy Milk ads Archived 2011-07-16 at the Wayback Machine. Cadbury plc website. Accessed 30 May 2010.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]