কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ

কেন্দ্ৰীয় স্নায়ু তন্ত্ৰক গুলপীয়া ৰং আৰু প্ৰান্তীয় স্নায়ুতন্ত্ৰক হালধীয়া ৰঙেৰে দেখুওৱা ৰেখাচিত্ৰ
সবিশেষ
লসিকা 224
চিনাক্তকাৰক
লেটিন Systema nervosum centrale
pars centralis systematis nervosi[1]
MeSH D002490
TA98 A14.1.00.001
TA2 5364
FMA 55675
দেহতাত্ত্বিক পৰিভাষা

কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ (central nervous system বা CNS) বুলিলে মগজু আৰু স্নায়ুৰজ্জুৰে গঠিত স্নায়ু তন্ত্ৰৰ অংশক বুজায়। দ্বি সমমিত প্ৰাণীৰ ক্ষেত্ৰত (bilaterally symmetric animals) বা স্প'ঞ্জ আৰু জেলীফিছৰ দৰে প্ৰাণীৰ বাহিৰে সকলো বহুকোষী প্ৰাণীৰ ক্ষেত্ৰত ই গোতেই শৰীৰৰে পৰা তথ্য গ্ৰহণ, সমন্বয়কৰণ আৰু প্ৰভাৱিত কৰা বাবে ইয়াক কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ বোলা হয়। মাজত কোনো স্নায়ুগ্ৰন্থি (ganglion) নথকাকৈ মগজুৰ কলাত সংযোজিত হোৱা বাবে ৰেটিনা[2] আৰু নেত্ৰ স্নায়ু (প্ৰথম কৰোটিক স্নায়ু)-ৰ,[3][4] লগতে ঘ্ৰাণ স্নায়ু (প্ৰথম) আৰু ঘ্ৰাণ আচ্ছাদনকো (olfactory epithelium)[5] বহুতে কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ অংশ হিচাপে গণ্য কৰে। এই মতে ঘ্ৰাণ স্নায়ু কেন্দ্ৰীয় স্নায়ু তন্ত্ৰৰ একমাত্ৰ কলা যি বাহিৰৰ পৰিবেশৰ সংস্পৰ্শত থাকে। [5] কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ পচ্ছাৎ দেহ গহ্বৰত (dorsal body cavity) অৱস্থিত; ইয়াৰে মস্তিষ্ক কৰোটিক গহ্বৰ (cranial cavity) আৰু স্নায়ুৰজ্জু স্নায়ু নলীত (spinal canal) থাকে। মেৰুদণ্ডী প্ৰাণীৰ ক্ষেত্ৰত মগজুক কৰোটিয়ে সুৰক্ষা দিয়ে আৰু স্নায়ুৰজ্জুক ৰাজহাড়ে ৰক্ষা কৰে। মস্তিষ্ক আৱৰণীয়ে মগজু আৰু স্নায়ুৰজ্জু দুয়োটাকে আৱৰি থাকে।[6]

গঠন[সম্পাদনা কৰক]

কেন্দ্ৰীয় স্নায়ু তন্ত্ৰ দুটা প্ৰধান অংশৰে গঠিত: মস্তিষ্ক আৰু স্নায়ুৰজ্জু। মস্তিষ্ক কৰোটিৰ গহ্বৰৰ ভিতৰত আবদ্ধ হৈ থাকে।[7] মস্তিষ্কৰ পৰা স্নায়ুৰজ্জু কৰোটিৰ তলৰফালে থকা বিন্ধাইদি ওলাই আহে[8] আৰু ইয়াক ৰাজহাড়ে আৱৰি ৰাখে।[7] এই বিন্ধাটোক মহাৰন্ধ্ৰ (foramen magnum) বোলে।[7] তললৈ আহি স্নায়ুৰজ্জু প্ৰথম বা দ্বিতীয় লাম্বাৰ ৰাজহাড়ৰ পৰ্যায়ত শেষ হয়,[8][9] আৰু ই ৰাজহাড়ৰ নলীৰ ওপৰৰ অংশ অধিকাৰ কৰে।[4]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Farlex Partner Medical Dictionary, Farlex 2012. 
  2. Purves, Dale (2000). Neuroscience, Second Edition. প্ৰকাশক Sunderland, MA: Sinauer Associates. ISBN 9780878937424. http://www.ncbi.nlm.nih.gov/books/NBK10799/. 
  3. "Medical Subject Headings (MeSH): Optic Nerve". National Library of Medicine. http://www.ncbi.nlm.nih.gov/mesh/68009900। আহৰণ কৰা হৈছে: 28 September 2013. 
  4. 4.0 4.1 Estomih Mtui, M.J. Turlough FitzGerald, Gregory Gruener. Clinical neuroanatomy and neuroscience (6th ed. সম্পাদনা). প্ৰকাশক Edinburgh: Saunders. পৃষ্ঠা. 38. ISBN 978-0-7020-3738-2. 
  5. 5.0 5.1 Gizurarson S (2012). "Anatomical and histological factors affecting intranasal drug and vaccine delivery.". Current Drug Delivery খণ্ড 9 (6): 566–582. doi:10.2174/156720112803529828. PMID 22788696. 
  6. Maton, Anthea; Jean Hopkins; Charles William McLaughlin; Susan Johnson; Maryanna Quon Warner; David LaHart; Jill D. Wright (1993). Human Biology and Health. প্ৰকাশক Englewood Cliffs, New Jersey, USA: Prentice Hall. পৃষ্ঠা. 132–144. ISBN 0-13-981176-1. 
  7. 7.0 7.1 7.2 উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; Moore's নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  8. 8.0 8.1 Principles of neural science (5. ed. সম্পাদনা). প্ৰকাশক Appleton and Lange: McGraw Hill. 2012. পৃষ্ঠা. 338–343. ISBN 978-0-07-139011-8. 
  9. Huijzen, R. Nieuwenhuys, J. Voogd, C. van (2007). The human central nervous system (4th ed. সম্পাদনা). প্ৰকাশক Berlin: Springer. পৃষ্ঠা. 3. ISBN 978-3-540-34686-9. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]