কোকৰাঝাৰ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কোকৰাঝাৰ জিলা
—  জিলা  —
অসমত কোকৰাঝাৰ জিলাৰ অৱস্থান
ভৌগোলিক স্থানাংক: 26°24′N 90°16′E / 26.4°N 90.27°E / 26.4; 90.27
ৰাজ্য অসম
দেশ  ভাৰত
মাটিকালি
 - মুঠ 3,169[1] কি.মি. ( বৰ্গ মাইল)
জনসংখ্যা (২০১১)
 - মুঠ 8,86,999[1]
 - জনঘনত্ব 280[1]/কি.মি. (/বৰ্গ মিটাৰ)
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+05:30)
ৱেবছাইট kokrajhar.gov.in

কোকৰাঝাৰ জিলা (ইংৰাজী: Kokrajhar district) ভাৰতৰ অংগৰাজ্য অসমৰ ২৭ খন জিলাৰ ভিতৰত এখন। ই উত্তৰ-পূৰ্বাঞ্চলৰ বাবে ই এক প্ৰৱেশদ্বাৰ স্বৰূপ। ১৯৯৩ চনত স্থাপিত "বড়োলেণ্ড স্বায়ত্ব শাসিত পৰিষদ"ৰ মূল কাৰ্য্যালয় কোকৰাঝাৰ জিলাতে অৱস্থিত।

ভৌগোলিক বৰ্ণনা[সম্পাদনা কৰক]

কোকৰাঝাৰ জিলা ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰত অৱস্থিত এখন জিলা। কোকৰাঝাৰ জিলাৰ ভৌগোলিক অৱস্থান ৮৯ ডিগ্ৰী ৪৬ মিনিটৰ পৰা ৯০ ডিগ্ৰী ৩৮ মিনিট দ্ৰাঘিমাংশলৈ আৰু ২৬ ডিগ্ৰী ১৯ মিনিটৰ পৰা ২৬ ডিগ্ৰী ৫৪ মিনিট অক্ষাংশলৈ বিস্তৃত। কোকৰাঝাৰ জিলাৰ উত্তৰে ভূটান, পূবে বঙাইগাঁও জিলা, পশ্চিমে পশ্চিম বংগ ৰাজ্য, দক্ষিণে ধুবুৰী জিলা অৱস্থিত। কোকৰাঝাৰ জিলাৰ মাটিকালি ৩১৬৯ বৰ্গ কিলোমিটাৰ।[1]

নৈ-উপনৈ[সম্পাদনা কৰক]

কেইখনমান উল্লেখযোগ্য নৈ-উপনৈ হৈছে: মানাহ, আই, চম্পাৱতী, সৰলভঙা, সোণকোষ।

ইতিহাস[সম্পাদনা কৰক]

কোকৰাঝাৰ পূৰ্বতে অবিভ্ক্ত গোৱালপাৰা জিলাৰ এক অংশহে আছিল। ১৯৫৬ চনলৈকে, এটা সৰু ৰেল ষ্টেচনৰ সৈতে ই এখন সৰু গাঁৱহে আছিল। ১৯৫৭ চনত, সেই সময়ৰ অসমৰ মুখ্য মন্ত্ৰী বিমলা প্ৰসাদ চলিহাদেৱে ধুবুৰী মহকুমাৰ উত্তৰ ভাগৰ এক অংশ আৰু গোৱালপাৰা জিলাৰ কিছু অংশ লৈ এটা নতুন মহকুমাৰ সৃষ্টি কৰিছিল। এই নতুন মহকুমাটোক কোকৰাঝাৰ মহকুমা বোলা হৈছিল। গোৱালপাৰা জিলাখন্ এনেদৰে তিনিটাকৈ মহকুমাত ভাগ কৰা হৈছিল। বিজনী, ছিডলী, ছিৰাং, ৰিপু আৰু গোমা অঞ্চলৰ সৈতে সেই সময়ৰ কোকৰাঝাৰ মহকুমাৰ মুঠ মাটিকালি আছিল ৪০৬৫.৮৮ বৰ্গ কিঃমিঃ(১৫৬৯.৯ বৰ্গ মাইল)।[1]

১৯৮৩ চনৰ ১ জুলাইত, কোকৰাঝাৰ চহৰক জিলাখনৰ সদৰ কোকৰাঝাৰ মহকুমাটো কোকৰাঝাৰ জিলালৈ উন্নীত হয়। কোকৰাঝাৰ চহৰক জিলাখনৰ সদৰ বনোৱা হয়। নতুন জিলাখনত চাৰিটাকৈ পুলিছ থানা আছিল: বিজনী, ছিডলী, কোকৰাঝাৰ আৰু গোসাঁইগাঁও। জিলাখন পূবে মানাহ নদীৰপৰা পশ্চিমে সোণকোষলৈকে বিস্তৃত আছিল।[1]

প্ৰশাসনিক বিভাজন[সম্পাদনা কৰক]

কোকৰাঝাৰ জিলাত অৱস্থিত এটি ব্ৰহ্ম ধৰ্মৰ মন্দিৰ

কোকৰাঝাৰ জিলাক দুটা মহকুমাত ভাগ কৰা হৈছে। সেই দুটা হ’ল: কোকৰাঝাৰ আৰু গোঁসাইগাঁও। গঙ্গিয়া নদীখনে ("টিপকাই" নামে পৰিচিত) জিলাখনৰ দক্ষিণ অংশত জিলাখনক দুটা ভাগত ভাগ কৰিছে।[1]

মহকুমা মহকুমাৰ সদৰ
কোকৰাঝাৰ কোকৰাঝাৰ
গোঁসাইগাঁও গোঁসাইগাঁও

জনগাঁথনি[সম্পাদনা কৰক]

কোকৰাঝাৰ জিলাৰ সমতল আৰু ভূটানৰ পাৰ্বত্য অঞ্চলৰ লোকসকলৰ জীৱনৰ মাজত এক জটিল সম্পৰ্কই গঢ় লৈ উঠিছে। ইয়াত লোকসকলে বেপাৰ বাণিজ্য আৰু ভ্ৰমণৰ কাৰণে কোনো অসুবিধা অবিহনে আন্তঃৰাষ্ট্ৰীয় সীমান্ত পাৰ হয়।

কোকৰাঝাৰ জিলাৰ মুঠ জনসংখ্যাৰ অধিকাংশই বড়ো সম্প্ৰদায়ৰ লোক। ইয়াৰ উপৰিও বহুল সংখ্যাত ৰাজবংশী আৰু চাওতাল লোকো আছে।[1]

যাতায়ত[সম্পাদনা কৰক]

গুৱাহাটীৰপৰা প্ৰায় ২১২ কিঃমিঃ দূৰত্বত কোকৰাঝাৰ জিলা অৱস্থিত। ইয়াৰপৰা জিলাখনলৈ যাবলৈ প্ৰায় তিনি ঘণ্টা সময় লাগে। গুৱাহাটী আন্তঃৰাজ্যিক বাছ আস্থানৰ পৰা জিলাখনলৈ দৈনিক বাছ চলাচল কৰে।

বিমান বন্দৰ[সম্পাদনা কৰক]

কোকৰাঝাৰত কোনো বিমান বন্দৰ নাই। ইয়াৰ নিকটতম বিমান বন্দৰ হৈছে গুৱাহাটীৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰ। ইয়াৰ পৰা বাছ আৰু টেক্সীৰ দ্বাৰা কোকৰাঝাৰলৈ যোৱাৰ সু-ব্যৱস্থা আছে।

ৰেল ষ্টেচন[সম্পাদনা কৰক]

কোকৰাঝাৰ ষ্টেচন হৈছে উত্তৰ-পূব সীমান্ত ৰেলৱেৰ প্ৰৱেশদ্বাৰ। গুৱাহাটী আৰু কোকৰাঝাৰৰ মাজত দৈনিক যাত্ৰীবাহী ৰেল চলাচল কৰে। ৰেলৰ দ্বাৰাও জিলাখনলৈ যোৱাৰ সু-ব্যৱস্থা আছে।[2]

অৰ্থনৈতিক ব্যৱস্থা[সম্পাদনা কৰক]

জিলাখনৰ এখন শস্যৰ পথাৰ

জিলাখনৰ অৰ্থনৈতিক ব্যৱস্থা মূলতঃ কৃষিৰ ওপৰতে নিৰ্ভৰশীল। ইয়াৰ প্ৰায় ৮০% লোক কৃষিকৰ্মৰ লগত জড়িত হৈ আছে। জিলাখনৰ মুঠ মাটিকালিৰ প্ৰায় শতকৰা ২৫ভাগেই হৈছে কৃষিভূমি।

শিক্ষা[সম্পাদনা কৰক]

উল্লেখযোগ্য মহাবিদ্যালয় কেইখনমানৰ নাম হৈছে:

  • কোকৰাঝাৰ কলেজ
  • কমাৰ্চ কলেজ, কোকৰাঝাৰ
  • চায়েঞ্চ কলেজ, কোকৰাঝাৰ

বৰ্তমানৰ ৰাজনৈতিক অৱস্থা[সম্পাদনা কৰক]

অসমৰ ভৈয়াম জনজাতি সকলে স্বায়ত্ব শাসিত দাবীৰ প্ৰভাৱ জিলাখনৰ বড়ো লোকসকলৰ মাজতো ইয়াৰ পৰে। প্ৰথমতে "ভৈয়াম জনজাতি পৰিষদ"ৰ নেতৃত্বত ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে বসবাস কৰা ভৈয়াম জনজাতি সকলৰ কাৰণে সুকীয়াকৈ উদয়াচল ৰাজ্যৰ দাবী কৰিছিল। পাছত, "সদৌ বড়ো ছাত্ৰ সন্থা"ৰ নেতৃত্বত এখন সুকীয়া "বড়োলেণ্ড"ৰ দাবীত আন্দোলন আৰম্ভ কৰিছিল। এই আন্দোলনে ১৯৮৫ চনৰপৰা ১৯৯২ চনলৈ হিংসাত্মক ঘটনাৰ ৰূপ লোৱাত অসম চৰকাৰে "সদৌ বড়ো ছাত্ৰ সন্থা"ৰ লগত হোৱা এক চুক্তি কৰিছিল। ইয়াৰ ফলতহে এই আন্দোলনৰ শাম কাটে। সৰ্বশেষত, ২০০৩ চনৰ ১০ ফেব্ৰুৱাৰী তাৰিখে "বড়োলেণ্ড সন্ধি"ত অসম চৰকাৰে স্বাক্ষৰ কৰাত "বড়োলেণ্ড স্বায়ত্ব শাষিত পৰিষদ" গঠন হৈছিল। [2]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 1.4 1.5 1.6 1.7 Kokrajhar : Census 2011; আহৰণৰ তাৰিখ: ২৫ জুন, ২০১২
  2. 2.0 2.1 "কোকৰাঝাৰ জিলাৰ তথ্য". http://www.assaminfo.com/districts/17/kokrajhar.htm। আহৰণ কৰা হৈছে: June 27, 2012. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]