কোচ ৰাজবংশ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কোচ ৰাজ্য
কোচ ৰাজবংশ
ৰাজ্য

১৫১৫–১৯৪৭

কোচ বিহাৰৰ পতাকা

কোচ বিহাৰৰ ঐতিহাসিক মানচিত্ৰ
ৰাজধানী Chikana
কমতাপুৰ
ভাষা(সমূহ) বাংলা
অসমীয়া
ধৰ্ম হিন্দুত্ব
চৰকাৰ Monarchy
মহাৰাজ বিশ্ব সিংহ
নৰ নাৰায়ণ
জগদ্দিপেন্দ্ৰ নাৰায়ণ
কাল মধ্যযুগীয় ভাৰত
 - স্থাপিত ১৫১৫
 - পতন ১৯৪৭
Warning: Value specified for "continent" does not comply
দৰং ৰজাৰ বংশাৱলী অনুসৰি কোচ ৰাজবংশৰ পাতনি।[1]

অসম আৰু বঙ্গকোচ ৰাজবংশ (কোচ জনগোষ্ঠীৰ নামেৰে হোৱা)[2] কমতা ৰাজ্যত শাসন কৰা এক শাসক গোষ্ঠী। ১৪৯৮ চনত খেন ৰাজবংশৰ পতনৰ পিছত ১৫১৫ চনত কোচ ৰাজবংশ‍ই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰে। কোচ ৰাজবংশৰ প্ৰথম ৰজা বিশ্ব সিংহ আৰু তেওঁৰ পুত্ৰদ্বয় পৰৱৰ্তী ৰজা নৰ নাৰায়ণ আৰু সেনাপতি চিলাৰায়ে সোনকালেই কামৰূপ ৰাজ্যৰ পশ্চিম অংশ আৰু দক্ষিণ অসমৰ কিছু অংশ অধিকাৰ কৰে। পিছলৈ বংশটো দুভাগ হৈ বেলেগ বেলেগকৈ কোচ বিহাৰৰ আৰু কোচ হাজো শাসন কৰিবলৈ লয়। কোচ বিহাৰ মোগলসকলৰ তলতীয়া হৈ পৰে আৰু কোচ হাজো আহোমৰ নিয়ন্ত্ৰণলৈ আহে। ব্ৰিটিছৰ শাসনত কোচ বিহাৰ তলতীয়া হৈ থাকি ভাৰতৰ স্বাধীনতা লাভৰ পিছত নিঃচিহ্ন হৈ পৰে। খাছপুৰত প্ৰতিষ্ঠা লাভ কৰা ৰাজবংশটোৰ এটা তৃতীয় শাখা কচাৰী ৰাজ্যৰ অন্তৰ্গত হৈ পৰে।

ইতিহাস[সম্পাদনা কৰক]

ঐতিহাসিক পটভূমি[সম্পাদনা কৰক]

পাল ৰাজবংশৰ পতনৰ পিছত কামৰূপ ৰাজ্য বেলেগ বেলেগ ঠাইত ভাগ হৈ পৰে। একেবাৰে পূবত ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰে চুতীয়া ৰাজ্য গঢ় লৈ উঠে। ব্ৰহ্মপুত্ৰ দক্ষিণে আহোম ৰাজ্য আৰু ইয়াৰ পশ্চিমফালে কচাৰী ৰাজ্যই প্ৰতিষ্ঠা লাভ কৰে। তাৰো পশ্চিমফালে আছিল বাৰভূঞা সামন্তসকলৰ ৰাজ্য আৰু তাৰ পশ্চিমত আছিল কমতা ৰাজ্য। কোচসকলৰ শাসনৰ আগতে কমতাত থকা শেষজন ৰজা আছিল নীলাম্বৰ। ১৪৯৮ চনত গৌৰৰ আলাউদ্দিন হুছেইন ছাহ-এ তেওঁক পৰাস্ত কৰি ৰাজ্য অধিকাৰ কৰে আৰু পুত্ৰ দানিয়েলক ইয়াৰ শাসনকৰ্তা পাতে। কিছুদিন পিছতে হাৰুপ নাৰায়ণৰ নেতৃত্বত বাৰভূঞাসকলে দানিয়েলক যুদ্ধত পৰাস্ত কৰি বধ কৰে।[3]

এনে সময়তে মেছ জনগোষ্ঠীৰ নেতা হাড়িয়া মণ্ডল আৰু তেওঁৰ কোচ পত্নী হীৰাৰ বিশু নামৰ এজন পুত্ৰ জন্ম হয়। বিশুৱে ডাঙৰ হৈ ভিন ভিন জনগোষ্ঠীবোৰক একত্ৰিত কৰি বাৰভূঞাসকলক পৰাস্ত কৰে আৰু সমগ্ৰ কমতা অঞ্চলৰ শাসনভাৰ লয়। তেঁৱেই বিশ্ব সিংহ নাম গ্ৰহণ কৰে।

কোচ ৰাজবংশৰ আৰম্ভণি[সম্পাদনা কৰক]

কোচ ৰাজবংশৰ প্ৰথম শাসক আছিল বিশ্ব সিংহ। তেওঁ ১৫১৫ চনত কমতা ৰাজ্যৰ ৰাজপাটত উঠে। জে এন চৰকাৰৰ মতে বিশ্ব সিংহ এটা ক্ষমতাৱান কোচ জনগোষ্ঠীৰ লোক অছিল[4] যি মেছ, গাৰো, থাৰু আৰু দ্ৰাবিড়িয়ানৰ লগত মিল থকা কিছুমান মঙ্গোলীয় গোষ্ঠীৰ সমষ্টি আছিল।[5][6] বিশুৱে ক্ষমতা লাভ কৰাৰ লগে লগে ব্ৰাহ্মণ পণ্ডিতসকলে কোচ ৰাজবংশক দৈৱিক শক্তিৰ অধিকাৰী বুলি প্ৰচাৰ কৰি তেওঁলোকক ক্ষত্ৰিয়ৰ মৰ্যদা দিয়ে। ইয়াৰ পিছত লাহে লাহে কোচসকল হিন্দুলৈ ৰূপান্তৰিত হ'ল।[7] বিশ্ব সিংহৰ পিতৃ হাৰিয়া মণ্ডলকে কোচসকলৰ আদি পুৰুষ বুলি কোৱা হয়।[8] তেওঁ পুৰণি গোৱালপাৰা জিলাৰ চিকণাবাৰী গাঁৱৰ বাৰটা সকলোতকৈ ক্ষমতাশালী মেছ পৰিয়ালৰ মুখিয়াল আছিল। তেওঁ "হাজো" নামৰ এজন কোচ নেতাৰ (তেওঁৰ পৰাই কোচ হাজো নাম হয়) জীয়েক জীৰা আৰু হীৰাক বিয়া কৰায়। হীৰাৰ গৰ্ভতে বিশ্ব সিংহৰ জন্ম হয়।[9]

বিশ সিংহ‍ই শক্তিশালী বাৰভূঞাসকলৰ বিৰুদ্ধে জনগোষ্ঠীয় নেতাসকলক সহায় খোজে[10] আৰু ১৫০৯ চনমানত তেওঁৰ অভিযান আৰম্ভ কৰে।[11] তেওঁ ঔগুৰি, বনগাঁও, ফুলগুৰি, বিজনী, পাণ্ডু আদি ঠাইত ভূঞাসকলক পৰাস্ত কৰে। কৰ্ণপুৰৰ ভূঞাক হৰুৱাবলৈ তেওঁ কষ্ট কৰিবলগীয়া হয়। ইয়াৰ পিছত তেওঁ ১৫১৫ চনত পূবত বৰনদী নৈ আৰু পশ্চিমে কৰতোৱা নৈক সীমা হিচাপে ধৰি নিজকে কমতাৰ ৰজা ঘোষণা কৰে।[10][12] তেওঁ ৰাজধানী চিকণাৰ পৰা এতিয়াৰ কোচবিহাৰ নগৰ পৰা কেইমাইলমান দক্ষিণপূবে থকা কমতাপুৰলৈ (কান্তাপুৰ বুলিও কোৱা হয়) তুলি আনে।[13]

বিশ্ব সিংহৰ নৰনাৰায়ণে ৰজা হৈ আৰু শুক্লধ্বজে (চিলাৰাই) সেনাপতিৰূপে কোচ ৰাজ্যক উন্নতিৰ শিখৰলৈ লৈ যায়। নৰনাৰায়ণে চিলাৰাইৰ পুত্ৰ ৰঘূদেৱক ৰাজ্যৰ পূব অংশ কোচ হাজোৰৰ শাসক পাতে। নৰনাৰায়ণৰ মৃত্যুৰ পিছত ৰঘূদেৱে নিজকে স্বাধীন ৰজা ঘোষণা কৰে। ইয়াৰ পিছতে কমতা ৰাজ্যখন স্থায়ীভাৱে কোচ বিহাৰআৰু কোচ হাজোত ভাগ হয়।

নৰনাৰায়ণ মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ সংস্পৰ্শলৈ আহিছিল আৰু জীৱনৰ শেষৰ তিনিবছৰ তেওঁৰ সভাত গুৰুজনাক স্থান দিছিল। শঙ্কৰদেৱে কোচ ৰাজ্যত এখন সত্ৰও স্থাপন কৰিছিল।

কোচ বিহাৰৰ ইতিহাস[সম্পাদনা কৰক]

ব্ৰিটিছ শাসনত কোচ বিহাৰ বুলি জনা যোৱা ৰাজ্যখন ৪ৰ্থ শতিকাৰ পৰা ১২শ শতিকালৈ কামৰূপ ৰাজ্যৰ অন্তৰ্গত আছিল আৰু ইয়াত বৰ্মন, ম্লেছ আৰু পাল ৰাজবংশ‍ই শাসন কৰিছিল। ১২শ শতিকাৰ পৰা অঞ্চলটো কমতা ৰাজ্যৰ অন্তৰ্গত হয় য'ত প্ৰথমে খেন ৰাজবংশ‍ই ৰাজধানী কমতাপুৰৰ পৰা ৰাজত্ব কৰে। সকলোতকৈ প্ৰখ্যাত খেন শাসকসকল আছিল নীলধ্বজ (১৪৪০-১৪৬০), চক্ৰধ্বজ (১৪৬০-১৪৮০) আৰু নীলাম্বৰ (১৪৮০-১৪৯৮)। থলুৱা জনগোষ্ঠী খেনসকলে প্ৰায় ১৪৯৮ চনলৈকে ৰাজত্ব কৰে আৰু তাৰপিছত গৌড়ৰ স্বাধীন পাঠান চুলতান আলাউদ্দিন হুছেইন ছাহৰ চক্ৰান্তত ৰাজ্য হেৰুৱায়। নতুন শাসকজন অহাৰ পিছত স্থানীয় বাৰভূঞা আৰু আহোম ৰজা চুহুংমুঙৰ লগত সংঘৰ্ষ হয় আৰু অঞ্চলটোৰ নিয়ন্ত্ৰণ হেৰুৱাই পেলায়।

মুছলমানসকল গুছি যোৱাৰ পিছত ৰাজ্যখনত অশান্তিয়ে বিৰাজ কৰে। এই সময়তে স্বাধীন ভূঞাসকলে সৰু সৰু ঠাই শাসন কৰিবলৈ লয়। এওঁলোকৰ মাজত হাজো নামৰ এজন এজন কোচ ভূঞাৰ জীৰা আৰু জীৰা নামৰ দুজনী জীয়েক আছিল। অঞ্চলটোৰ সিপাৰে সংকোশ নদী আৰু চম্পাৱতী নদীৰ মাজত চিকণা পাহাৰ অঞ্চলটো (বৰ্তমানৰ গোৱালপাৰা জিলাধুবুৰীৰ পৰা প্ৰায় ৮০ কিলোমিটাৰ উত্তৰে) হাৰিয়া মণ্ডল নামৰ এজন মেছ নেতাই শাসন কৰিছিল। চিকণাৰ লগত সম্পৰ্ক গঢ়ি তুলিবলৈ হাজোৱে তেওঁৰ জীয়েক দুজনীক হাৰিয়া মণ্ডললৈ বিয়া দিলে। জীৰাৰ গৰ্ভৰ পৰা মদন আৰু চন্দন নামৰ দুটি সন্তান আৰু হীৰাৰ গৰ্ভৰ পৰা শিশু (শিষ্য সিংহ) আৰু বিশু (বিশ্ব সিংহ)ৰ জন্ম হয়। চাৰিজন ককাই-ভাইৰ মাজত বিশু সকলোতকৈ বুধিয়ক আৰু শক্তিশালী আছিল।

প্ৰবাদমতে এদিন চাৰি ককাই-ভায়ে দেৱী ভগৱতীক প্ৰাৰ্থনা কৰি আছিল আৰু ধেমালিতে তেওঁলোকৰ এজন বন্ধুক বলি হিচাপে আগবঢ়ায়। তাৰ পিছত আচৰিতভাৱে সেই বন্ধুজনৰ মূৰটো গাৰপৰা কাট খাই যায়। তুৰ্ক কটোৱালে তেওঁলোকক কৰায়ত্ত কৰিবলৈ আদেশ দিলে। তেতিয়া তেওঁলোকে অৰণ্যলৈ পলাই যায়।

পিছত তেওঁলোকে সৈন্য, হাতী আদি গোটাই তুৰ্ক কটোৱালক আক্ৰমণ কৰে। মদন যুদ্ধত নিহত হয় আৰু তাৰ প্ৰতিশোধ ল'বলৈ বিশ্ব সিংহ‍ই তুৰ্ক কটোৱালক হত্যা কৰে। মাহীআই জীৰাৰ দুখ পাতলাবলৈ বিশ্ব সিংহ‍ই চন্দনক ৰজা পাতে। এনেদৰে ১৫১০ চনত কোচ ৰাজ্যৰ আৰম্ভণি হয়।

ৰজাসকল[সম্পাদনা কৰক]

অবিভক্ত কোচ ৰাজ্যৰ শাসক[সম্পাদনা কৰক]

কোচ বিহাৰৰ শাসক[সম্পাদনা কৰক]

কোচ বিহাৰৰ মহৰাজা জগদ্দীপেন্দ্ৰ নাৰায়ণ
  • লক্ষ্মী নাৰায়ণ
  • বীৰ নাৰায়ণ
  • প্ৰাণ নাৰায়ণ
  • বসুদেৱ নাৰায়ণ
  • মহেন্দ্ৰ নাৰায়ণ
  • ৰূপ নাৰায়ণ
  • উপেন্দ্ৰ নাৰায়ণ
  • দেৱেন্দ্ৰ নাৰায়ণ
  • ধৈৰ্জেন্দ্ৰ নাৰায়ণ
  • ৰাজেন্দ্ৰ নাৰায়ণ
  • ধৰেন্দ্ৰ নাৰায়ণ
  • হৰেন্দ্ৰ নাৰায়ণ
  • শিৱেন্দ্ৰ নাৰায়ণ
  • নৰেন্দ্ৰ নাৰায়ণ
  • নৃপেন্দ্ৰ নাৰায়ণ[14]
  • ৰাজৰাজেন্দ্ৰ নাৰায়ণ
  • জিতেন্দ্ৰ নাৰায়ণ (গায়ত্ৰী দেৱীৰ পিতৃ)
  • জগদ্দীপেন্দ্ৰ নাৰায়ণ
  • বিৰাজেন্দ্ৰ নাৰায়ণ

কোচ হাজোৰ শাসক[সম্পাদনা কৰক]

দৰঙৰ শাসক[সম্পাদনা কৰক]

কোচ বিহাৰৰ লক্ষ্মী নাৰায়ণৰ সহযোগত ১৬১২ চনত মোগলসকলে পৰীক্ষিত নাৰায়ণক আক্ৰমণ কৰে। পশ্চিমে সংকোশ নৈ আৰু পূবে বৰনদী নৈৰে আৱৰা তেওঁৰ ৰাজ্য সেই বছৰৰ শেষৰফালে অধিকাৰ কৰা হয়। পৰীক্ষিত নাৰায়ণক দিল্লীলৈ মোগল ৰজাৰ ওচৰলৈ পঠিওৱা হয় যদিও তেওঁৰ ভায়েক বলিনাৰায়ণে আহোম ৰাজ্যত আশ্ৰয় লয়। ভৰলী নদীলৈকে বৰনদীৰ পূব অংশটোত কোনোবা বাৰভূঞা নেতাই শাসন কৰি আছিল কিন্তু তেওঁলোকক সোনকালেই মোগলে আঁতৰাই পঠিয়ায়। ১৬১৫ চনত চৈয়দ হাকিম আৰু চৈয়দ আবা বকৰৰ নেতৃত্বত মোগলসকলে আহোম ৰাজ্য আক্ৰমণ কৰে। আহোমৰ হাতত তেওঁলোক পৰাস্ত হৈ বৰনদীলৈ পিছুৱাই যায়। আহোম ৰজা প্ৰতাপ সিংহই তাৰপিছত বলিনাৰায়ণক বৰনদী আৰু ভৰলী নৈৰ মাজত নতুনকৈ লাভ কৰা অঞ্চলটোত তলতীয়া ৰজা পাতে আৰু অঞ্চলটোক "দৰং" নাম দিয়ে। ১৮২৬ চনত ব্ৰিটিছ শাসন আৰম্ভ হোৱাৰ আগলৈকে ইয়াত বলিনাৰায়ণৰ বংশ‍ই ৰাজত্ব কৰি আছিল।[15]

  • বলিনাৰায়ণ (পৰীক্ষিত নাৰায়ণৰ ভায়েক)
  • মহেন্দ্ৰ নাৰায়ণ
  • চন্দ্ৰ নাৰায়ণ
  • সূৰ্য নাৰায়ণ
  • ...

বেলতলাৰ শাসক[সম্পাদনা কৰক]

  • গজ নাৰায়ণ (কোচ হাজোৰ শাসক পৰীক্ষিত নাৰায়ণৰ ভাতৃ, দৰঙৰৰ প্ৰথম শাসক বলিনাৰায়ণৰ ভাতৃ)
  • শিৱেন্দ্ৰ নাৰায়ণ
  • গন্ধৰ্ব নাৰায়ণ দেৱ
  • উত্তম নাৰায়ণ দেৱ
  • ধ্বজ নাৰায়ণ দেৱ
  • জয় নাৰায়ণ দেৱ
  • লম্বোদৰ নাৰায়ণ দেৱ
  • লোকপাল নাৰায়ণ দেৱ
  • অমৃত নাৰায়ণ দেৱ
  • চন্দ্ৰ নাৰায়ণ দেৱ (১৯১০ চনত মৃত্যু)
  • ৰাজেন্দ্ৰ নাৰায়ণ দেৱ (১৯৩৭ চনত মৃত্যু)
  • লক্ষ্মীপ্ৰিয়া দেৱী (ৰাজেন্দ্ৰ নাৰায়ণ দেৱৰ পত্নী) (ৰাজত্ব ১৯৩৭-১৯৪৭, মৃত্যু ১৯৯১)

বিজনীৰ শাসক[সম্পাদনা কৰক]

বিজনীৰ শাসকসকলে কোচ বিহাৰৰ পূবে সংকোশ আৰু মানস নদীৰ মাজৰ অঞ্চলটোত ৰাজত্ব কৰিছিল।

  • চন্দ্ৰ নাৰায়ণ (পৰীক্ষিত নাৰায়ণৰ পুত্ৰ)
  • জয় নাৰায়ণ
  • শিৱ নাৰায়ণ
  • বিজয় নাৰায়ণ
  • মুকুন্দ নাৰায়ণ
  • হৰিদেৱ নাৰায়ণ
  • ইন্দ্ৰ নাৰায়ণ
  • অমৃত নাৰায়ণ
  • কুমুদ নাৰায়ণ
  • ভৈৰৱেন্দ্ৰ নাৰায়ণ

খাছপুৰৰ শাসক[সম্পাদনা কৰক]

  • কমল নাৰায়ণ
  • উদিত নাৰায়ণ (খাছপুৰৰ স্বাধীনতা ঘোষণা কৰে)
  • বিজয় সিংহ
  • ধীৰ সিংহ
  • মহেন্দ্ৰ সিংহ
  • ৰঞ্জিত সিংহ
  • নৰ সিংহ
  • ভীম সিংহ (তেওঁৰ একমাত্ৰ সন্তান জী কাঞ্চনীক কছাৰী ৰাজ্যৰ কোঁৱৰ লক্ষ্মীচন্দ্ৰলৈ বিয়া দিয়ে, পিছলৈ খাছপুৰ কছাৰী ৰাজ্যত অন্তৰ্ভুক্ত হয়।)

চিত্ৰ সংগ্ৰহ[সম্পাদনা কৰক]

টোকা[সম্পাদনা কৰক]

  1. (Sarkar 1992:91)
  2. (Nath 1989:2–11)
  3. (Nath 1989:21)
  4. (Sarkar 1992:69)
  5. (Sarkar1992:69f). "Minjahuddin found the features of the Koch, Mech and Tharu tribes similar to a south Siberian tribe. Bryan Hodgson (JASB) xviii (2) 1849, 704-5, classes the Koches with the Bodo and Dhimal tribes. Buchanan agrees. Dalton takes them to be Dravidian. But Risley thinks they represented a fusion of Mongoloid and Dravidian stock, with the later predominating. According to Waddell Mongoloid type of Koches predominated in Assam."
  6. (Nath 1989:2–3)
  7. (Gogoi 2002, পৃষ্ঠা 18)
  8. (Sarkar 1992:70f)
  9. (Sarkar 1992:70f) কিছুমান কোচ বংশাৱলীৰ মতে হাৰিয়া মণ্ডলৰ এজন পুত্ৰ চন্দন ১৫১০ চনত ৰজা হোৱাৰ পিছত বিশ সিংহ ৰাজপাটত উঠে। আন কিছুমানৰ মতে চন্দন তাতকৈ আগৰ সময়ৰ ৰজা আছিল।(Nath 1989:17)
  10. 10.0 10.1 (Nath 1989:23–24)
  11. (Nath 1989:28–29)
  12. (Nath 1989:28)
  13. (Nath 1989:35)
  14. An Introduction to Shri Sir Nripendra Narayan
  15. (Nath 1989:102–104)

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  • Gogoi, Jahnabi (2002), Agrarian system of medieval Assam, Concept Publishing Company, New Delhi 
  • Nath, D (1989), History of the Koch Kingdom: 1515-1615, প্ৰকাশক Delhi: Mittal Publications 
  • Sarkar, J N (1992), "Chapter IV: Early Rulers of Koch Bihar", in Barpujari, H. K., The Comprehensive History of Assam, 2, প্ৰকাশক Guwahati: Assam Publication Board 
  • Royal History of Koch Bihar, http://coochbehar.nic.in/Htmfiles/royal_history.html, r কৰা হৈছে: 2007-12-05