কোৱান্টাম বলবিজ্ঞান
| কোৱান্টাম বলবিজ্ঞান |
|---|
![]() |
| পৰিচয় শব্দাৱলী · ইতিহাস |
|
মৌলিক ধাৰণাসমূহ
|
|
সমীকৰণ
|
|
অগ্ৰণী বিষয়সমূহ
|
|
বিজ্ঞানীসকল
বেল · ব’ম · ব’ৰ · ব’ৰ্ণ · সত্যেন্দ্ৰ নাথ বসু
লুই ডি ব্ৰ’গলি · ডিৰাক · আৰ্হেনফাষ্ট এভেৰেট · ফাইনমেন · হাইজেনবাৰ্গ জৰ্ডান · ক্ৰেমাৰচ · ভ’ন নিউমেন পাউলি · প্লাংক · স্ক্ৰ’ডিনজাৰ চ’মাৰফিল্ড · ৱিন · ৱিগনাৰ |
কোৱান্টাম বলবিজ্ঞান পদাৰ্থ বিজ্ঞানৰ এক শাখা, যি পাৰমাণৱিক আৰু অতিপাৰমাণবিক স্তৰত দ্বৈত ধৰ্ম, অৰ্থাৎ কণা সদৃশ আৰু তৰংগ সদৃশ আচৰণ আৰু শক্তি আৰু পদাৰ্থৰ পাৰস্পৰিক ক্ৰিয়া সৰ্ম্পকীয় ব্যাখ্যা আগবঢ়ায়। কোৱান্টাম বলবিজ্ঞানক কোৱান্টাম পদাৰ্থ বিজ্ঞান অথবা কোৱান্টাম তত্ত্ব হিচাপেও জনা যায়। প্ৰাথমিক ভাৱে ই পাৰমাণৱিক আৰু আণৱিক স্তৰত (যাক সাধাৰণতে কোৱান্টাম পৰিসৰ হিচাপেও জনা যায়) ধ্ৰুপদী বলবিজ্ঞান ৰ পৰা বিচ্যুতি দেখুৱায়। কোৱান্টাম বলবিজ্ঞানৰ উচ্চস্তৰীয় বিষয়সমূহত এই আচৰণসমূহৰ কিছুমান মেক্ৰ'স্ক'পিক (macroscopic) আৰু অতি উচ্চ বা নিম্ন শক্তি অথবা উষ্ণতাৰ পৰিসৰত হে দেখা যায়। জাৰ্মান বিজ্ঞানী ম্যাক্স প্লাংকৰ দ্বাৰা "কোৱান্টাম বলবিজ্ঞান" নামকৰণ হৈছিল। (পৰ্যবেক্ষণত দেখা গৈছিল যে, কিছুমান ভৌতিক ৰাশি "বিছিন্ন পৰিমাণ" বা "কোৱান্টা"ৰ জৰিয়তেহে সলনি হ'ব পাৰে; এই "কোৱান্টা" শব্দৰ পৰাই "কোৱান্টাম বলবিজ্ঞান" নাম উদ্ভূত।)
