কৰিমগঞ্জ অসমৰ এখন প্ৰশাসনিক জিলা। ১৮৭৮ চনত কৰিমগঞ্জ নগৰক সদৰ হিচাপে লৈ তদানীন্তন বৃটিছ ভাৰতৰ নৱসংগঠিত অসম ৰাজ্যৰ ছিলেট জিলাৰ এটা মহকুমা হিচাপে কৰিমগঞ্জ মহকুমা গঠন কৰা হৈছিল। ১৯৪৭ চনত স্বাধীনতাৰ সময়ত হোৱা দেশ বিভাজনত ছিলেট জিলা পূৱ পাকিস্তান (বৰ্তমানৰ বাংলাদেশ)লৈ হস্তান্তৰিত হয় যদিও সেইসময়ৰ অবিভক্ত কৰিমগঞ্জ মহকুমাৰ চাৰে তিনিখন থানাৰ অঞ্চলৰে গঠিত সংকুচিত কৰিমগঞ্জ মহকুমা ভাৰতৰ অসম ৰাজ্যৰ কাছাৰ জিলাৰ এক মহকুমা হিচাপে অন্তৰ্ভুক্ত হয়। এই অঞ্চল কেইটা আছিল, ৰাতাবাৰী থানা, পাথাৰকান্দি থানা, বদৰপুৰ থানা আৰু কৰিমগঞ্জ থানাৰ অাধা অঞ্চল। ১৯৮৩ চনৰ ১লা জুলাইৰ পৰা অসম চৰকাৰে কৰিমগঞ্জ মহকুমাক পূৰ্ণপৰ্যায়ৰ জিলাৰ স্বীকৃতি দিয়ে।