কৰিমগঞ্জ জিলা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৰিমগঞ্জ জিলা
—  জিলা  —
অসমত কৰিমগঞ্জ জিলাৰ অৱস্থান
দেশ  ভাৰত
ৰাজ্য অসম
সদৰ কৰিমগঞ্জ
মাটিকালি
 - মুঠ 1,809 কি.মি. (698.5 বৰ্গ মাইল)
সময় অঞ্চল ভাৰতীয় মান সময় (গ্ৰী.মা.স.+5:30)
ৱেবছাইট http://www.karimganj.nic.in

কৰিমগঞ্জ অসমৰ এখন প্ৰশাসনিক জিলা। ১৮৭৮ চনত কৰিমগঞ্জ নগৰক সদৰ হিচাপে লৈ তদানীন্তন বৃটিছ ভাৰতৰ নৱসংগঠিত অসম ৰাজ্যৰ ছিলেট জিলাৰ এটা মহকুমা হিচাপে কৰিমগঞ্জ মহকুমা গঠন কৰা হৈছিল। ১৯৪৭ চনত স্বাধীনতাৰ সময়ত হোৱা দেশ বিভাজনত ছিলেট জিলা পূৱ পাকিস্তান (বৰ্তমানৰ বাংলাদেশ)লৈ হস্তান্তৰিত হয় যদিও সেইসময়ৰ অবিভক্ত কৰিমগঞ্জ মহকুমাৰ চাৰে তিনিখন থানাৰ অঞ্চলৰে গঠিত সংকুচিত কৰিমগঞ্জ মহকুমা ভাৰতৰ অসম ৰাজ্যৰ কাছাৰ জিলাৰ এক মহকুমা হিচাপে অন্তৰ্ভুক্ত হয়। এই অঞ্চল কেইটা আছিল, ৰাতাবাৰী থানা, পাথাৰকান্দি থানা, বদৰপুৰ থানা আৰু কৰিমগঞ্জ থানাৰ আধা অঞ্চল। ১৯৮৩ চনৰ ১লা জুলাইৰ পৰা অসম চৰকাৰে কৰিমগঞ্জ মহকুমাক পূৰ্ণপৰ্যায়ৰ জিলাৰ স্বীকৃতি দিয়ে।

ইতিহাস[সম্পাদনা কৰক]

আদি কাল[সম্পাদনা কৰক]

বৰ্তমানৰ কৰিমগঞ্জ জিলাৰ ইতিহাস সুস্পষ্ট নহয়। উপলব্ধ উৎসৰ উপকৰণ আৰু প্ৰামাণৰ সহায়ত উক্ত অঞ্চলৰ ইতিহাসৰ সময়ানুক্ৰমিক সন্ধান উলিওৱাতো টান। বৃহৎ ব্যৱধানেৰে এটা মাত্ৰ ৰূপৰেখাহে অংকন কৰিব পৰা যায়। ভাস্কৰবৰ্মণএ লিপিৱদ্ধ কৰি থৈ যোৱা নিধানপুৰ তাম্ৰলিপিৰ পৰা এয়া গম পোৱা যায় যে ষষ্ঠ শতিকালৈ প্ৰায় এশ বছৰ কাল অঞ্চলটো কামৰূপ সাম্ৰাজ্যৰ অধীনতে আছিল। অগ্ৰদূত অভিবাসী ব্ৰাহ্মিণসকলৰ পৃষ্ঠপোষকতাত অৰ্থনৈতিকভাৱে নাঙল ব্যৱহাৰ কৰি খেতি কৰা আৰ্যীয় পদ্ধতিয়েই এই সময়ছোৱাৰ আৰম্ভণি আছিল বুলি জনা যায়। চমতা মৰুন্দনাথকলাপুৰ তামৰ ফলিৰ পৰা জনা যায় যে ৭ম শতিকাত এই অঞ্চল উত্তৰ কাছাৰৰ সৰু টিলাবোৰৰ সৈতে পূৰ্ব্ব বংগৰ চমতা সাম্ৰাজ্যৰ অধীনত আছিল। অৱশ্যে এয়া সঁচা বুলি প্ৰমাণ কৰিবলৈ কোনো ধৰণৰ নিশ্চিত তথ্য আৰু প্ৰমাণ পোৱা নাযায়। দশম শতিকাত পূৰ্ব্ব বংগৰ প্ৰখ্যাত চন্দ্ৰ বংশৰ ৰজা শ্ৰীচন্দ্ৰই সম্পূৰ্ণ এলেকাটো তেওঁৰ বংগ সাম্ৰাজ্যৰ অধীনলৈ নিছিল। এই সময়ছোৱাত পঞ্চখণ্ডত (কৰিমগঞ্জ নগৰৰ পৰা ৮ কিঃমিঃ দূৰৈত; বৰ্তমান বাংলাদেশত অৱস্থিত) অৱস্থিত চন্দ্ৰপুৰ মঠ শিক্ষাৰ উল্লেখনীয় কেন্দ্ৰ হিচাপে গঢ় লৈ উঠিছিল। প্ৰখ্যাত বুৰঞ্জীবিদ ডি,ছি, সৰকাৰৰ মতে আদিতে এই চন্দ্ৰপুৰ মঠটো সমগ্ৰ পূৰ্ব্ব ভাৰতৰ ভিতৰতে হিন্দু-শিক্ষাৰ বাবে আটাইতকৈ ডাঙৰ কেন্দ্ৰ আছিল। গোৱিন্দকেশৱ দেৱ আৰু ঈষাণ দেৱভতেৰাৰ লিপিৰ পৰা জনা যায় যে দ্বাদশ শতিকাত তাত শ্ৰীহট্ট ৰাজ্য নামেৰে এখন স্বাধীন ৰাজ্য আছিল আৰু সমগ্ৰ কৰিমগঞ্জ জিলাৰ লগতে কাছাৰ সমভূমিৰো কিছু অংশ ইয়াৰ অন্তৰ্ভুক্ত আছিল।

মধ্যযুগ[সম্পাদনা কৰক]

শ্বাহ জালাল নামৰ য়েমেনৰ পৰা অহা মুছলিম চুফী ফকীৰজনে ১৩২৮ চনত চিলেট জয়লাভ কৰাৰ পিছত শ্ৰীহট্টৰ লগতে কৰিমগঞ্জৰো বৃহৎ এলেকা এটা বংগ চুলতানৰ অধীনলৈ যায়। সেই সময়ত কৰিমগঞ্জ জিলাৰ বৰ্তমান পথেৰকান্দিৰ থানা থকা অঞ্চলটো ত্ৰিপুৰাৰ ৰজাৰ অধীনত আছিল। ১৩ শতিকাৰ শেষভাগত মিৰ্জা মালিক মহম্মদ টুৰাণি ৰ অধীনত অহা বৃহৎ পাৰ্চী বাহিনীয়ে এই অঞ্চলৰ বদৰপুৰ নগৰ দখল কৰে। টুৰাণিয়ে নিজকে ৰজা ঘোষণা কৰে আৰু পৰাজিত নগৰাধ্যক্ষ খাচী চীফ পুৰা ৰাজাৰ কন্যা উমাৱতীক বিয়া কৰায়। সেই পৰিয়ালটোৱে পিছৰ বংশধৰ মালিক প্ৰতাপ ৰাজাই সমগ্ৰ পথেৰকান্দি জয়লাভ নকৰালৈকে তেওঁলোকৰ সাম্ৰাজ্য বহলোৱা কাম কৰি আছিল। হুছেইন শ্বাহৰ ৰাজত্বকালত (১৪৮৩-১৫১৯) সেই সময়ত প্ৰতাপগড় বুলি জনাজাত অঞ্চলটো‍ও চুলতানৰ অধীনলৈ আহে। হুছেইন শ্বাহ আৰু তেওঁৰ পুত্ৰ মেহুমুদ শ্বাহৰ ক্ৰমে কালিগঞ্জ আৰু চুপ্ৰাকান্দিত পোৱা লিপিয়ে সমগ্ৰ অঞ্চলটো বংগ চুলতানৰ শাসনৰ অধীনত থকাটো প্ৰমাণ কৰে। চিলেটৰ লগতে এই অঞ্চলটো ১৫৭৬ চনত আকবৰৰ ৰাজত্বকালত মোগল সাম্ৰাজ্যৰ অধীনলৈ আহে। আইন-ই-আকবৰীৰ মতে জিলাখনৰ প্ৰায়ভাগ অঞ্চল মোগলৰ চিলহাট চৰকাৰৰ অধীনত প্ৰতাপগড় ৰাজহ মহলত ৰখা হৈছিল। জিলাখন মোগলৰ চিলহাট চৰকাৰ আৰু বাংলা চুবাৰ অংশ হিচাপে আছিল।

বৃটিছ যুগ আৰু স্বাধীনতা আন্দোলন[সম্পাদনা কৰক]

১৭৮৫ চনত বাংলা চুবাৰ দিৱানী বৃটিছ ইষ্ট ইণ্ডিয়া কম্পেনীয়ে হস্তগত কৰে আৰু কৰিমগঞ্জ জিলা এটা অংশ হিচাপে থকা চিলেট জিলা বৃটিছৰ অধীনলৈ যায়। তথাপি ১৭৮৬ চনলৈ বৃটিছে অঞ্চলটোত নিজৰ কৰ্তৃত্ব স্থাপন কৰিব পৰা নাছিল। ৰাধাৰাম নামৰ এজন স্থানীয় জমিদাৰে দক্ষিণ কৰিমগঞ্জৰ এক বিশাল এলেকা নিজৰ প্ৰশাসনৰ তললৈ আনিছিল। তেওঁক পিছলৈ স্থানীয় ৰাইজে নৱাব ৰাধাৰাম বুলিবলৈ আৰম্ভ কৰিছিল। তেওঁ বৃটিছ অগ্ৰাসনৰ বিৰুদ্ধে দুবাৰো সফলতাৰে যুঁজ দিছিল যদিও অৱশেষত পৰাস্ত হৈ বৃটিছৰ হাতত বন্দী হৈছিল। কম্পেনীৰ সৈন্যসকলে তেওঁক যেতিয়া ছিলেটলৈ লৈ গৈ আছিল, ৰাজাৰামে আত্মহত্যা কৰিছিল। তেতিয়াৰ পৰাহে অৰ্থাৎ ১৭৮৬ চনৰ পৰাহে বৃটিছে কৰিমগঞ্জৰ সম্পূৰ্ণ অঞ্চল নিজৰ অধীন কৰি লব পাৰিছিল।

১৮৫৭ চনৰ নৱেম্বৰত চিতাগঙত থকা ৩৪ নং পদাতিক সৈন্যৰ তিনিটা কম্পেনীয়ে বিদ্ৰোহ ঘোষনা কৰিছিল আৰু পৰৱৰ্তী কালত সেয়া দক্ষিণ-পূৱ চিলেট জিলালৈ সম্প্ৰসাৰিত হৈছিল।

বিভাজন আৰু বিভাজনৰ পৰৱৰ্তী সময়ছোৱা[সম্পাদনা কৰক]

১৯৪৭ চনৰ ভাৰত বিভাজনৰ সময়ত চিলেট জিলাৰ অধিকাংশই কৰিমগঞ্জ মহকুমাৰ চাৰে তিনি থানা এলেকাৰ (ৰাতাবাৰী, পথেৰকান্দি, বদৰপুৰ আৰু কৰিমগঞ্জ থানাৰ আধা) বাদে পূৱ পাকিস্তানৰ লগত চামিল হয় আৰু ১৯৭১ চনত ই বাংলাদেশ নামেৰে সুকীয়া ৰাষ্ট্ৰ হিচাপে স্বাধীনতা লাভ কৰে। ফলত কৰিমগঞ্জ মহকুমাৰ বাকী ৰৈ যাৱা এই অৰ্ধাংশ এটা সম্পূৰ্ণ মহকুমা হিচাপে অসমৰ কাছাৰ জিলাৰ লগত চামিল কৰা হয়। কৰিমগঞ্জ মহকুমাক এখন জিলালৈ পৰিৱৰ্তিত কৰা হয় ১৯৮৩ চনৰ ১ জুলাইত [1] কৰিমগঞ্জ নগৰক নতুনকৈ প্ৰস্তাৱিত কৰিমগঞ্জ জিলা ৰ জিলা সদৰ হিচাপে গঢ়া হয়।

ভূগোল[সম্পাদনা কৰক]

কৰিমগঞ্জ জিলাই অধিকাৰ কৰি থকা মাটিকালি হৈছে ১,৮০৯ square kilometre (৬৯৮ sq mi),[2] যি তুলনামূলকভাৱে আলস্কৰ (Alaska) আফোগ্নাক দ্বীপৰ (Afognak Island) সমান.[3] ই উত্তৰ-পূৱ দিশে কাছাৰ জিলা, পূৱ দিশে হাইলাকান্দি জিলা, দক্ষিণ দিশে মিজোৰাম ৰাজ্য, দক্ষিণ-পশ্চিম দিশে ত্ৰিপুৰা ৰাজ্য, আৰু পশ্চিম আৰু উত্তৰ-পশ্চিম দেশে বাংলাদেশৰ দ্বাৰা পৰিৱেষ্টিত হৈ আছে। কৰিমগঞ্জ জিলাৰ মুখ্য নগৰ কৰিমগঞ্জ নগৰ জিলাখনৰ প্ৰশাসনিক মুখ্য কাৰ্যালয় । কৰিমগঞ্জ নগৰ জিলাখনৰ উত্তৰ পাৰে কুছিয়াৰাৰ দ্বাৰা বাংলাদেশৰ লগত সংলগ্ন হৈ আছে। অসমৰ ৰাজধানী চহৰ গুৱাহাটিৰ পৰা স্থলপথেৰে ইয়াৰ দূৰত্ব -প্ৰায় ৩৩০ কিঃমিঃ আৰু ৰেলপথেৰে প্ৰায় ৩৫০ কিঃমিঃ। ইয়াৰপৰা অন্য মুখ্য ঠাইসমূহৰ দূৰত্ব এনেধৰণৰঃ শিলচৰ-৫৫ কিঃমিঃ, শ্বিলং-২২০ কিঃমিঃ, আগৰতলা-২৫০ কিঃমিঃ।

কুছিয়াৰা আৰু লঙ্গাই নদীৰ পাৰ্শ্বৱৰ্তী এলেকাত অৱস্থিত কৰিমগঞ্জ নগৰ বাংলাদেশৰ সীমান্তত অৱস্থিত হৈ আছে আৰু কুছিয়াৰা নদী ইয়াৰ মাজেৰে বৈ গৈছে । ঠাইটুকুৰাৰ এটা বিশেষত্ব হৈছে ইয়াৰ মাজেৰে একাঁবেকাঁকৈ বৈ যোৱা সুদীৰ্ঘ গোলাকাৰ খাল নটী খাল। আদিতে কুছিয়াৰা আৰু লঙ্গাই নদীক সংযোগ কৰি ইয়াৰ জলপথক সংযোগ কৰাৰ বাবে আৰু দুয়োখন নদীৰ জলপৃষ্ঠক সমাৱস্থা প্ৰদান কৰাৰ বাবে এই খাল ব্যৱহৃত হৈছিল। এতিয়া বহু ঠাইত খহনীয়াৰ বাবে আৰু পথৰ নিৰ্মাণকাৰ্যত মাটিৰে পূৰ্ণ হোৱাৰ ফলত এই খাল বন্ধ হৈ গৈছে। লাটু কৰিমগঞ্জৰ বুৰঞ্জীপ্ৰসিদ্ধ গাঁও সমূহৰ মাজত এখন।

কৰিমজঞ্জৰ বনাঞ্চল এটা সময়ত বন্যপ্ৰাণীৰ বাবে প্ৰসিদ্ধ আছিল যদিও বৰ্তমান মানৱ আবাদী বৃদ্ধিৰ বাবে ই নাইকীয়া হৈ যাব ধৰিছে। ইয়াৰ ভিতৰত হোলোক গিবন, কেইবা প্ৰজাতিৰো বান্দৰ, শুভ্ৰ পাখিৰ কাঁঠহাঁহ, এছিয়ান হাতী আদিৰ অৱস্থিতিৰ প্ৰমাণ পোৱা যায় [4][5]। ইয়াৰ দক্ষিনাঞ্চলক 'ধলেশ্বৰী' বন্যপ্ৰাণী উদ্যান ('Dhaleswari' wildlife sanctuary) বুলিও অভিহীত কৰা হয় [6][7]



তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Law, Gwillim (2011-09-25). "Districts of India". Statoids. http://www.statoids.com/yin.html। আহৰণ কৰা হৈছে: 2011-10-11. 
  2. Srivastava, Dayawanti et al. (ed.) (2010). "States and Union Territories: Assam: Government". India 2010: A Reference Annual (54th সম্পাদনা). প্ৰকাশক New Delhi, India: Additional Director General, Publications Division, Ministry of Information and Broadcasting (India), Government of India. পৃষ্ঠা. 1116. ISBN 978-81-230-1617-7. 
  3. "Island Directory Tables: Islands by Land Area". United Nations Environment Program. 1998-02-18. http://islands.unep.ch/Tiarea.htm। আহৰণ কৰা হৈছে: 2011-10-11. "Afognak 1,809km2" 
  4. Choudhury, A.U. (1999). Status and Conservation of the Asian elephant Elephas maximus in north-eastern India. Mammal Review 29(3): 141-173.
  5. Choudhury, A.U. (2004). Vanishing habitat threatens Phayre’s leaf monkey. The Rhino Found. NE India Newsletter 6:32-33.
  6. Choudhury, A.U. (1983). Plea for a new wildlife refuge in eastern India. Tigerpaper 10(4):12-15.
  7. Choudhury, A.U. (1983). Plea for a new wildlife sanctuary in Assam. WWF - India Newsletter 4(4):15.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]


<