কৰুণাভিৰাম বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কৰুণাভিৰাম বৰুৱা
জন্ম ২ জুন, ১৮৭৪
নগাওঁ
মৃত্যু ১২ জুলাই, ১৮৯৩
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
পিতৃ-মাতৃ গুণাভিৰাম বৰুৱা (পিতৃ)
বিষ্ণুপ্ৰিয়া দেৱী (মাতৃ)

কৰুণাভিৰাম বৰুৱাৰ (২ জুন ১৮৭৪ - ১২ জুলাই ১৮৯৩) জন্ম হৈছিল নগাঁৱতগুণাভিৰাম বৰুৱা আৰু বিষ্ণুপ্ৰিয়া দেৱীৰ বৰপুত্ৰ আছিল। তেওঁৰ জ্যেষ্ঠ ভগ্নী আছিল স্বৰ্ণলতা বৰুৱা আৰু কণিষ্ঠ ভ্ৰাতৃ আছিল জ্ঞানদাভিৰাম বৰুৱা

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

১৮৮৫ চনত আসাম বন্ধু আলোচনীৰ প্ৰথম ভাগৰ সপ্তম আৰু অষ্টম সংখ্যাত ধাৰাবাহিক ভাৱে তেওঁৰ 'প্ৰমীলা ' নামৰ উপন্যাস এখন প্ৰকাশ পাইছিল। সেই শাওন আৰু ভাদ মাহৰ দুটা সংখ্যাত 'ঘোৰ নিশা' আৰু 'ঘৰতে বন্দী' নামৰ অধ্যায় দুটা প্ৰকাশ পাই উপন্যাসখন বন্ধ হৈ গৈছিল। তেওঁ এইখনক 'সামাজিক নৱন্যাস' বুলিছে আৰু তাৎপৰ্যপূৰ্ণ ভাৱে অসমীয়া সাহিত্যত ' উপন্যাস ' শব্দটো প্ৰমীলা ৰ প্ৰসংগতে প্ৰথমবাৰৰ বাবে ব্যৱহাৰ কৰা হৈছিল।[1]

তেওঁ 'ল'ৰাবন্ধু' নামে ১৮৮৮ চনত প্ৰকাশ পোৱা এখন শিশু আলোচনীৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। 'ল'ৰাবন্ধু' অসমৰ প্ৰথম শিশু আলোচনী।[2]

তথ্য সমল[সম্পাদনা কৰক]

  1. হাজৰিকা, পৰীক্ষিত (২০০০). "অসমীয়া উপন্যাসৰ প্ৰস্তুতি পৰ্ব." নগেন ঠাকুৰ (সম্পা.), এশ বছৰৰ অসমীয়া উপন্যাস , পৃ. ২৮.
  2. বৰ্মন, শিৱনাথ (২০০০). অসমীয়া জীৱনী অভিধান. চ'ফিয়া প্ৰেছ এণ্ড পাব্লিচাৰ্ছ প্ৰা: লি:, গুৱাহাটী, পৃ: ৪৬