খাদ্য সুৰক্ষা

অসমীয়া ৱিকিপিডিয়াৰ পৰা

খাদ্য সুৰক্ষা বুলিলে খাদ্যজনিত ৰোগ ৰোধ কৰিব পৰাকৈ খাদ্যৰ প্ৰস্তুতকৰণ, সঞ্চয় আদি দিশ আলোচনা কৰা বিজ্ঞানৰ ভাগটোক বুজায়। খাদ্য সুৰক্ষা বৰ্তমান সময়ত মানৱ সুৰক্ষা নামৰ নতুন ধাৰণাটোৰ সাত প্ৰকাৰৰ সুৰক্ষাৰ ভিতৰত অন্যতম। এই ধাৰণাটো খাদ্যৰ যোগান আৰু ব্যক্তিৰ খাদ্য আহৰণ কৰিব পৰা পৰিস্থিতিৰ লগত সম্পৰ্কিত। আগতে খাদ্য সুৰক্ষা বুলি কওতে কেৱল খাদ্যৰ যোগানৰ ওপৰতহে গুৰুত্ব দিয়া হৈছিল। কিন্তু সময় বাগৰাৰ লগে লগে ইয়াৰ লগত আনুষংগিক আন আন বিষয়বোৰো যোগ হ'ব ধৰিলে। ৰাষ্ট্ৰসংঘৰ মতে খাদ্যৰ অপৰ্যাপ্ততাই একমাত্ৰ কথা নহয়, বৰঞ্চ খাদ্যৰ সমস্যাৰ লগত খাদ্যৰ অসম বিতৰণ আৰু খাদ্য কিনিবলৈ থকা ক্ৰয় ক্ষমতাৰ কথাও আছে। [উদ্ধৃতিৰ প্ৰয়োজন] ৱৰ্ল্ড ফুড চামিট 1996-য়ে খাদ্য সুৰক্ষাক এইদৰে সংজ্ঞায়িত কৰিছে যে খাদ্য সুৰক্ষা, "exists when all people at all times have physical and economic access to sufficient, safe and nutritious food to meet their dietary needs and food preferences for an active and healthy life" . খাদ্য সুৰক্ষা ধাৰণাটো 'খাদ্যৰ অধিকাৰ' ৰ লগত পোনপটীয়াকৈ জড়িত। ৰাষ্ট্ৰ সংঘৰ মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণা পত্ৰ, 1948 চনতে খাদ্যৰ অধিকাৰৰ কথা উল্লেখ কৰিছিল।

খাদ্যৰ জৰিয়তে এজন মানুহৰ পৰা আনজনলৈ ৰোগ বিয়পাৰ লগতে ইয়াত বিষ ক্ৰিয়া হ'ব পৰাকৈ বেক্টেৰিয়াৰ মাধ্যম হিচাপেও কাম কৰে। উন্নত দেশসমূহত খাদ্যৰ প্ৰস্তুতকৰণৰ বাবে নিৰ্দিষ্ট মান নিৰ্ধাৰণ কৰা হয়, আন হাতে কম উন্নত দেশসমূহত সুৰক্ষিত পানীৰ উপলভ্যতাৰ ওপৰত জোৰ দিয়া হয়।[1] তাত্বিকভাৱে খাদ্যৰ বিষ ক্ৰিয়া ১০০%ই প্ৰতিৰোধ কৰিব পাৰি। বিশ্ব স্বাস্থ্য সংস্থাৰ মতে খাদ্য সুৰক্ষাৰ প্ৰধান পাঁচটা নীতি হৈছে:[2]

  1. দূষিত খাদ্য আৰু জীৱাণু মানুহ, পোহনীয়া জন্তু আৰু কীটৰ পৰা বিয়পা প্ৰতিৰোধ কৰা।
  2. ৰন্ধা খাদ্য দূষিত নহ'বলৈ নৰন্ধা আৰু ৰন্ধা খাদ্য পৃথক কৰা।
  3. জীৱাণুমুক্ত কৰিবলৈ খাদ্য নিৰ্দিষ্ট সময়ৰ বাবে আৰু সঠিক তাপমাত্ৰাত ৰন্ধা।
  4. সঠিক তাপমাত্ৰাত খাদ্য সঞ্চয় কৰা।
  5. সুৰক্ষিত পানী আৰু কেঁচামালৰ ব্যৱহাৰ।

খাদ্য সুৰক্ষা ৰ গুৰুত্বৰ প্ৰতি লক্ষ্য ৰাখি ভাৰততো খাদ্য সুৰক্ষা আইন প্ৰস্তুত কৰা হৈছে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Shiklomanov, I. A. (2000). "Appraisal and Assessment of World Water Resources" (PDF). Water International. International Water Resources Association. পৃষ্ঠাসমূহ: 11–32. http://www.bvsde.paho.org/bvsacg/fulltext/worldr.pdf. 
  2. "Prevention of foodborne disease: Five keys to safer food". World Health Organisation. http://www.who.int/foodsafety/consumer/5keys। আহৰণ কৰা হৈছে: 2010-12-10. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]