গদাধৰ সিংহ

অসমীয়া ৱিকিপিডিয়াৰ পৰা


গদাধৰ সিংহ
অসমৰ ৰজা
ৰাজত্ব ১৬৮১-১৬৯৬

চুপাত্‌ফা (শাসনকাল: ১৬৮১ - ১৬৯৬)[1], বা গদাধৰ সিংহ (ইংৰাজী: Sudangpha) অসমআহোম ৰাজবংশস্বৰ্গদেউ আছিল। তেওঁ আহোম ৰাজবংশৰ টুংখুঙীয়া ফৈদৰ প্ৰতিস্থা কৰে, আহোম সাম্ৰাজ্যৰ অন্ত পৰালৈকে এই ফৈদে অসমত শাসন কৰি যায়। তেওঁ চুহুংমুংৰ উত্তৰ পুৰুষ গোবৰ ৰজাৰ পুত্ৰ আছিল। গোবৰ ৰজা মাত্ৰ ২০ দিনৰ বাবে ৰাজপাটত উঠিছিল। পূৰ্বতে গদাপানি বুলি জনাজাত, গদাধৰ সিংহই শৰাইঘাটৰ যুদ্ধ জয় কৰাৰ পাছত আহোম সাম্ৰাজ্যৰ অস্থিৰতা দূৰ কৰি এখন সুস্থিৰ ৰাজ্য স্থাপনত সফল হৈছিল। ইয়াৰ আগৰ সময়চোৱা ল’ৰা ৰজা চুলিকফাৰ শাসনকাল দেবেৰা বৰবৰুৱা আৰু লালুক সোলা বৰফুকনৰ অত্যাচাৰী শাসনৰ সময় আছিল এই সময়তে গুৱাহাটীও প্ৰায় হেৰুৱাব লগা হৈছিল, গদাধৰ সিংহ স্বৰ্গদেউ হৈ চিৰকালৰ বাবে গুৱাহাটীক মোগলৰ পৰা নিজৰ হাতলৈ আনে। পাছত গদাধৰ সিংহৰ বৈষ্ণৱ সত্ৰ সমূহৰ সৈতে কিছু মতবিৰোধ হয় সেইসময়তে তেওঁ শাসনৰ বাঘজৰী পুত্ৰ ৰুদ্ৰ সিংহক দিয়ে, যি সময়ত সাম্ৰাজ্য খ্যাতিৰ শিখৰত প্ৰতিষ্ঠিত হয়[1]। গদাধৰ সিংহৰ শাসনকালত ৰাজ্যৰ ৰাজধানী আছিল বৰকলা[1]

শাসনকাল[সম্পাদনা কৰক]

গদাধৰ সিংহ বা গদাপানি আছিল গোবৰ গোহাঁইৰ পুত্ৰ, ১৬৭৫ চনত গোবৰ গোহাঁইক দেবেৰা বৰবৰুৱাই স্বৰ্গদেউ পাতে। তেওঁ মাত্ৰ ২০ দিনৰ বাবে ৰজা হয়, তাৰ পাছত দেবেৰা বৰবৰুৱা, আতন বুঢ়াগোহাঁইৰ হাতত পৰাস্ত হয় আৰু গোবৰ ৰজাক মৄত্যুদণ্ড দিয়া হয়। ১৬৭৯ চনত আতন বুঢ়াগোহাঁইলালুক সোলা বৰফুকনে হত্যা কৰে আৰু "ল’ৰা ৰজা"ক সিংহাসনত বহুৱাই নিজে আহোম সাম্ৰাজ্যৰ শাসনকৰ্তা হৈ পৰে। এই সময়চোৱাত নিজৰ স্থান সুৰক্ষিত কৰিবৰ বাবে, লালুক সোলা বৰফুকনে ৰজা হ’ব পৰা আহোম কোৱঁৰ সকলৰ অংগক্ষত কৰা আৰম্ভ কৰে[1]। ইয়াৰ পৰা বাচিবলৈ গদাপানি কোৱঁৰে নগাপাহাৰত আত্মগোপন কৰি থাকে। এতিয়াৰ ম’ন জিলাৰ আশে পাশে গদাপানিয়ে আত্মগোপন কৰিছিল। এই সময়চোৱাতে তেওঁৰ পত্নী জয়মতীক ল’ৰা ৰজা আৰু লালুকসোলা বৰফুকনে অত্যাচাৰ কৰি হত্যা কৰে। ইয়াৰ পাছতে গদাপানিয়ে ল’ৰা ৰজাক হত্যা কৰি আহোম ৰাজ্য নিজৰ দখললৈ আনে আৰু তেওঁৰ শাসনকালৰ আৰম্ভ হয়।


তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 "Sukhaangpha (1923) to Rudra Singha (1714)". The Assam Chronicle. 2011-02-28. http://www.assamchronicle.com/node/7। আহৰণ কৰা হৈছে: ২৪ মাৰ্চ, ২০১৩. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]