গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান, গুৱাহাটী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান
(জি আই এম টি)
মূলমন্ত্ৰ Truth, Discipline & Excellence
স্থাপিত ২০০৬
অধ্যক্ষ o মুকুলেশ বৰুৱা
সঞ্চালক জি চি কাকতি
শৈক্ষিক কৰ্মচাৰী ১০০তকৈ অধিক
স্নাতক শিক্ষাৰ্থী ১৩২০ জন
স্নাতকোত্তৰ শিক্ষাৰ্থী ১৮০ জন
স্থান গুৱাহাটী, অসম, ভাৰত ভাৰত
চৌহদ চহৰৰ উপকণ্ঠ, ৫ একৰ
চমু নাম জি আই এম টি
জি চি আই এম টি
ৱেবছাইট gimt-guwahati.ac.in

গিৰিজানন্দ চৌধুৰী ব্যৱস্থাপনা আৰু প্ৰযুক্তি প্ৰতিষ্ঠান (ইংৰাজী নাম: Girijananda Chowdhury Institute of Management and Technology; চমুকৈ জি আই এম টি, কেতিয়াবা জি চি আই এম টি) হৈছে অসমৰ ব্যক্তিগতখণ্ডৰ এখন আগশাৰীৰ ব্যৱস্থাপনা আৰু অভিযান্ত্ৰিক প্ৰতিষ্ঠান। শ্ৰীমন্ত শংকৰ একাডেমী সমাজৰ আধিনত ২০০৬ চনত স্থাপিত ই হৈছে অসমৰ প্ৰথম ব্যক্তিগতখণ্ডৰ অভিযান্ত্ৰিক প্ৰতিষ্ঠান।

পাঠ্যক্ৰম[সম্পাদনা কৰক]

গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিনত এই প্ৰতিষ্ঠানখনে স্নাতক আৰু স্নাতকোত্তৰ পৰ্যায়ত পাঠ্যক্ৰম আগবঢ়ায়।

অভিযান্ত্ৰিক বিষয়ত চাৰিবছৰীয়া স্নাতক পৰ্যায়ৰ পাঠ্যক্ৰম আগবঢ়োৱা বিভাগসমূহ হৈছে:

  • বিদ্যুত পাৰমাণৱিক আৰু দূৰসংযোগ বিভাগ (Electronics and Telecommunication Engineering)
  • কম্পিউটাৰ বিজ্ঞান আৰু অভিযান্ত্ৰিক বিভাগ (Computer Science and Engineering)
  • তথ্য প্ৰযুক্তিবিদ্যা বিভাগ (Information Technology)
  • প্ৰায়োগিক বিদ্যুত পাৰমাণৱিক আৰু যন্ত্ৰায়ক বিভাগ (Applied Electronics and Instrumentation Engineering)
  • বৈদ্যুতিক অভিযান্ত্ৰিক বিভাগ (Electrical Engineering)
  • যান্তিক অভিযান্ত্ৰিক বিভাগ (Mechanical Engineering)

স্নাতকোত্তৰ পৰ্যায়ৰ পাঠ্যক্ৰম সমূহ:

  • দুবছৰীয়া স্নাতকোত্তৰ ব্যৱাসায়িক প্ৰশাসন (Master of Business Administration)
  • তিনিবছৰীয়া স্নাতকোত্তৰ প্ৰায়োগিক কম্পিউটাৰ (Master of Computer Application)