গুড়

Wikipedia -ৰ পৰা

গুড় (Molasses) হ’ল কুঁহিয়াৰ অথবা sugar beet ৰ পৰা চেনী প্রস্তুত কৰণত সৃষ্টি হোৱা এবিধ সান্দ্র পদার্থ । ইংৰাজী শব্দ Molasses টো পর্টুগীজ শব্দ melaço ৰ পৰা আহিছে , যাৰ মূল হ’ল লেটিন শব্দ mel যাৰ অর্থ মৌ-জোল । গুড়ৰ গুণমান নির্ভৰ কৰে কুঁহিয়াৰৰ পূৰঠ হোৱাৰ মাত্রা, চেনী নিষ্কাষণৰ মাত্রা আৰু নিষ্কাষণৰ পদ্ধতিৰ ওপৰত ।

[সম্পাদন কৰক] কুঁহিয়াৰৰ গুড়

কুমলীয়া কুঁহিয়াৰৰ পৰা নিষ্কাষণ কৰা গুড়ত ছালফাৰ ডাই অক্সাইড দিয়া হয় যি সংৰক্ষকৰ কাম কৰে । পূৰঠ কুঁহিয়াৰৰ ক্ষেত্রত ইয়াক প্রয়োগ কৰাৰ প্রয়োজন নহয় । গুড়ৰ তিনিটা প্রকাৰ আছে – কোমল গুড় বা প্রথমিক গুড়, গাঢ় বৰণৰ গুড় বা দ্বিতীয় পর্যায়ৰ গুৰ আৰু তৃতীয় পর্যায়ৰ গুড় (Blackstrap) ।

কুঁহিয়াৰৰ গুড় বনাবৰ বাবে কুঁহিয়াৰৰ ৰস সান্দ্র হোৱা অৱস্থালৈকে উতলোৱা হয় । প্রথমে সান্দ্র হোৱা অংশখিনি কাঢ়ি যি গুড় পোৱা যায় সেয়া হ’ল প্রথম পর্যায়ৰ গুড় । এই পর্যায়ৰ গুড়ত সবাতোতকৈ বেছি চেনী থাকে । দ্বিতীয় বাৰ উতলাই যি খিনি সান্দ্র অংশ কঢ়া হয় সেয়া দ্বিতীয় পর্যায়ৰ গুড় । ইয়াৰ সোৱাদ কিছু পৰিমানে চুকা ।

সবাতোকৈ শেষত থকা অংশৰ পৰা তৃতীয় পর্যায়ৰ গুড় প্রস্তুত হয় । এই পর্যায়ত অধিকাংশ ৰস গাঢ় হৈ যায় যদিও ইয়াৰ চেনীত যথেষ্ট পৰিমাণে কেল’ৰি থাকে । ইয়াৰ ওপৰিও ই হ’ল ভিটামিন, খনিজ দ্রব্য কেলছিয়াম, মেগনেছিয়াম, পটেছিয়াম আৰু লৌহ ৰ ভাল উত্স । দৈনিক এক চাহ চামুচ এই পর্যায়ৰ গুড়ে আমাৰ দৈনিক প্রয়োজনীয় ২০% নিউট্রিনচৰ যোগান ধৰিব পাৰে ।