গুণাভিৰাম বৰুৱা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গুণাভিৰাম বৰুৱা
জন্ম ১৮৩৭
মৃত্যু ১৮৯৪
পেচা নাট্যকাৰ, বুৰঞ্জীবিদ, প্ৰবন্ধকাৰ, সমাজ সংস্কাৰক
ভাষা অসমীয়া
ৰাষ্ট্ৰীয়তা ভাৰতীয়
নাগৰিকত্ব ভাৰত
উল্লেখনীয় কৰ্মৰাজী ৰাম-নৱমী
দাম্পত্যসংগী বিষ্ণুপ্ৰিয়া
সন্তান স্বৰ্ণলতা দেৱী
কৰুণাভিৰাম বৰুৱা
জ্ঞানদাভিৰাম বৰুৱা

গুণাভিৰাম বৰুৱা (১৮৩৭-১৮৯৪) এগৰাকী অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। তেখেতক ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথ-প্ৰদৰ্শক ৰূপে গণ্য কৰা হয়[1]। অসমীয়া নাটকৰ আধুনিক ধাৰা প্ৰকৃততে তেখেতৰ "ৰাম-নৱমী" (১৮৫৭)ৰ পৰাই আৰম্ভ হয়[2]

শিক্ষা আৰু কৰ্ম জীৱন[সম্পাদনা কৰক]

১৮৩৭ চনত গুণাভিৰাম বৰুৱাৰ জন্ম হয়। তেখেতে কলিকতাপ্ৰেচিডেন্সী কলেজৰ পৰা উচ্চ শিক্ষা লাভ কৰি আইনৰ পাঠ্যক্ৰমো সম্পূৰ্ণ কৰে। আনন্দৰাম ঢেকিয়াল ফুকনৰ পৰাও বৰুৱাই শিক্ষা লাভ কৰিছিল[3]

কলিকতাৰ পৰা আহি বৰুৱাই ব্ৰিটিছ চৰকাৰৰ অধীনত অতিৰিক্ত সহকাৰী উপায়ুক্তৰ চাকৰিত যোগদান কৰে। ত্ৰিশ বছৰ চাকৰি কৰাৰ পাছত ১৮৯০ চনত তেখেতে অৱসৰ গ্ৰহণ কৰি গুৱাহাটীত নিগাজীকৈ থাকিবলৈ লয়।

কলিকতাত থাকোঁতেই তেখেত সমাজ সংস্কাৰক ঈশ্বৰচন্দ্ৰ বিদ্যাসাগৰৰ সান্নিধ্যলৈ আহে আৰু ব্ৰাহ্ম সমাজৰ দ্বাৰা অনুপ্ৰাণিত হয়[3]। ব্ৰাহ্মণ হোৱা সত্ত্বেও তেখেতে ব্ৰাহ্ম সমাজক আকোঁৱালি লৈ সমাজ সংস্কাৰমূলক কাম-কাজত মনোনিবেশ কৰে। প্ৰথমা পত্নীৰ মৃত্যুৰ পিছত তেখেতে এগৰাকী ব্ৰাহ্মণ বিধবা বিষ্ণুপ্ৰিয়াক বিয়া কৰায়[4]। নাৰী শিক্ষাৰ বাবেও তেখেতে প্ৰচেষ্টা চলাইছিল আৰু নগাঁৱত চাকৰি কৰি থাকোঁতে নিজৰ জীয়েক স্বৰ্ণলতা দেৱীক কলিকতালৈ শিক্ষা গ্ৰহণৰ বাবে পঠায়।

সাহিত্যিক জীৱন[সম্পাদনা কৰক]

অসমীয়া আলোচনী "অৰুণোদয়"ৰ পাতত গুণাভিৰাম বৰুৱাই সাহিত্যিক জীৱনৰ পাতনি মেলে[1]। তাত তেখেতে নাৰী শিক্ষা আৰু বিবাহ সংস্কাৰৰ ওপৰত কিছু প্ৰবন্ধ লিখিছিল। ১৮৫৭ চনত তেখেতৰ প্ৰথম নাটক "ৰাম-নৱমী"ৰ পৰাই আধুনিক অসমীয়া নাট্য সাহিত্যৰ ধাৰা আৰম্ভ হয়। "ৰামচন্দ্ৰ" আৰু "নৱমী" নামৰ দুটা মুখ্য চৰিত্ৰ লৈ লিখা এই নাটৰ মূল বিষয়বস্তু আছিল বিধবা বিবাহ[2]। বিবাহ সংস্কাৰৰ সপক্ষে চলা আন্দোলনক ই যথেষ্ট ইন্ধন যোগায় আৰু ১৮৫৮ চনত ব্ৰিটিছ চৰকাৰে বিধবা বিবাহৰ ফালে আইনী ৰায় দিয়ে[1]। ১৮৮৬ চনত লিখা তেখেতৰ আন এখন সামাজিক নাটক আছিল "বিবাহ ৰহস্য" য'ত কানি-আসক্ত অসমীয়া মানুহৰ চৰিত্ৰ বৰ্ণনা কৰা হৈছিল। কিন্তু এইখন নাট সম্পূৰ্ণ নহ'ল।

১৮৮৫-৮৬ চনত গুণাভিৰাম বৰুৱাই "অসম বন্ধু" নামৰ এখন আলোচনী প্ৰকাশ আৰু সম্পাদনা কৰে। ইয়াতো তেখেতৰ আৰু আন প্ৰবন্ধকাৰৰ বহু ৰচনা প্ৰকাশ পাইছিল[4]। তেখেতে প্ৰথম অসমীয়া জীৱনী "আনন্দৰাম ঢেকিয়াল ফুকনৰ জীৱন চৰিত" ১৮৮০ চনত লিখি উলিয়ায়[4]। তেখেতৰ আন এক গুৰুত্বপূৰ্ণ অৱদান আছিল ১৮৮৪ চনত লিখা "অসম বুৰঞ্জী" য'ত প্ৰাচীন কালৰ পৰা অসমত ব্ৰিটিছ শাসনৰ আৰম্ভণিলৈকে ঘটনাৱলী বৰ্ণনা কৰা হৈছে[1]। মৃত্যুৰ পিছত ১৯১২ চনত প্ৰকাশ পোৱা "কঠিন শব্দৰ ৰহস্য ব্যাখ্যা" এখন হাস্যৰসাত্মক পুথি[4]। তাৰোপৰি তেখেতে "জোনাকী" আলোচনীত "সৌমাৰ ভ্ৰমণ", "অলিখিত বুৰঞ্জী" আদি প্ৰবন্ধ সহজ-সৰল ভাষাৰে লিখি গৈছে[4]

গুণাভিৰাম বৰুৱাৰ পত্নী আৰু সন্তানো তেখেতৰ আদৰ্শৰ দ্বাৰা অনুপ্ৰাণিত হৈছিল। জী স্বৰ্ণলতাই "ল'ৰাৰ বন্ধু" আলোচনীলৈ বৰঙণি আগবঢ়াইছিল। ১৮৮৪ চনত তেখেতৰ পত্নীয়ে "নীতি কথা" নামৰ এখন পুথি লিখে[3]। পুত্ৰ কৰুণাভিৰাম বৰুৱাই ১৮৮৮ চনত প্ৰথম অসমীয়া শিশু আলোচনী "ল'ৰাৰ বন্ধু" আলোচনী সম্পাদনা কৰিছিল আৰু জ্ঞানদাভিৰাম বৰুৱা পিছলৈ অসম সাহিত্য সভাৰ সভাপতি নিৰ্বাচিত হৈছিল[3][5]

মৃত্যু[সম্পাদনা কৰক]

১৮৯৪ চনত গুণাভিৰাম বৰুৱাৰ মৃত্যু ঘটে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 1.2 1.3 [1]The Encyclopaedia Of Indian Literature,Volume One,By Amaresh Datta, আহৰণ ২২.০৯.২০১১
  2. 2.0 2.1 [2]Modern Assamese Drama,by Satya Prasad Barua, আহৰণ ২২.০৯.২০১১
  3. 3.0 3.1 3.2 3.3 http://onlinesivasagar.com/literature/gunabhiram-barua.html
  4. 4.0 4.1 4.2 4.3 4.4 [3]Handbook of twentieth-century literatures of India,By Nalini Natarajan & Emmanuel Sampath Nelson, আহৰণ ২২.০৯.২০১১
  5. http://enajori.com/literature/lit_org/Asam_Sahitya_Sabha.html