গুৱাহাটী বিশ্ববিদ্যালয়

অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
গুৱাহাটী বিশ্ববিদ্যালয়
উদ্দেশ্য Vidyayā Sādhayet
স্থাপিত ১৯৪৮
ধৰণ ৰাজহুৱা
আচাৰ্য অসমৰ ৰাজ্যপাল
উপাচাৰ্য অখিল কুমাৰ মেধি
স্থান গুৱাহাটী, অসম, ভাৰত
ৱেবচাইট http://www.gauhati.ac.in/

গুৱাহাটী বিশ্ববিদ্যালয় বা গৌহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিশ্ববিদ্যালয়। উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী আৰু অতি পুৰণি বিশ্ববিদ্যালয়খনে অসমৰ শৈক্ষিক, বৌদ্ধিক তথা ৰাজনৈতিক বাতাবৰণ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

সূচী

[সম্পাদনা কৰক] ইতিহাস

গুৱাহাটী বিশ্ববিদ্যালয়ৰ মূল প্ৰবেশদ্বাৰ

গুৱাহাটী বিশ্ববিদ্যালয় গুৱাহাটী বিশ্ববিদ্যালয় অধিনিয়ম ১৯৪৭ (Assam Act, XVI of 1947) আৰু অসম বিধান সভাত প্ৰস্তাৱিত এক বিধেয়কৰদ্বাৰা ১৯৪৮ চনত প্ৰতিষ্ঠা কৰা হয়৷ বিশ্ববিদ্যালয়খন বিশ্ববিদ্যালয় অনুদান আয়োগ আৰু অসম চৰকাৰৰ যুতিয়া প্ৰচেষ্টাত প্ৰতিষ্ঠা কৰা হয়৷ ২৬ জানুৱাৰী ১৯৪৮ চনত গুৱাহাটী কটন কলেজৰ চুডমাৰ্চন হলত বিশ্ববিদ্যালয়ৰ প্ৰথমখন সভা অনুষ্ঠিত হয়৷ গুৱাহাটী কটন কলেজৰ ভিতৰত প্ৰথমতে বিশ্ববিদ্যালয়খনৰ কাম-কাজ পৰিচালনা কৰা হৈছিল যদিও ১৯৫৫-৫৬ চনত ইয়াক জালুকবাৰী গোপীনাথ বৰদলৈ নগৰলৈ স্থানান্তৰিত কৰা হয়৷ গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য আছিল কৃষ্ণকান্ত সন্দিকৈ[1]

[সম্পাদনা কৰক] পৰিসীমা

বিশ্ববিদ্যালয়খন গুৱাহাটী মহানগৰৰ জালুকবাৰী অঞ্চলত অৱস্থিত৷ আনহাতে লোকপ্ৰিয় গোপীনাথ বৰদলৈ বিমান বন্দৰৰ পৰা ১০ কিলোমিটাৰ দূৰত্বত, কামাখ্যা ৰে'ল ষ্টেশ্বনৰ পৰা ৫ কিলোমিটাৰ দূৰত্বত ৩৭ নং ৰাষ্ট্ৰীয় ঘাই পথত অৱস্থিত৷ বৰ্তমান সমগ্ৰ অঞ্চলটোক গোপীনাথ বৰদলৈ নগৰ নামেৰে জনা যায়৷ বিশ্ববিদ্যালয়ৰ পৰিসীমাৰ ভিতৰত ৩০০০ হাজাৰ ছাত্ৰ-ছাত্ৰী থাকিব পৰা আৱাসসমূহৰ লগতে শিক্ষক-কৰ্মচাৰীৰ আৱাসসমূহো আছে৷[2]

[সম্পাদনা কৰক] স্বীকৃতি

বিশ্ববিদ্যালয়খন National Assessment and Accreditation Council (NAAC), Bangaloreৰ দ্বাৰা মূল্যাঙ্কিত আৰু ৪-তৰা (****) প্ৰাপ্ত।[3]

[সম্পাদনা কৰক] বিশ্ববিদ্যালয় সংগীত

গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰশাসনিক ভৱন

বিশ্ববিদ্যালয় সংগীতটোৰ ৰচক ভূপেন হাজৰিকা৷ এই গীতটো সকলো অনুষ্ঠানৰ আৰম্ভণিতে পৰিৱেশন কৰা হয়৷

জিলিকাব লুইতৰে পাৰ
এন্ধাৰৰ ভেটা ভাঙি প্ৰাগজ্যোতিষত বয়
জেউতি নিজৰাৰে ধাৰ
শত শত বন্তিৰে জ্ঞানৰে দীপালীয়ে
জিলিকাব লুইতৰে পাৰ

সাঁচিপাতে ভাষা দিব
চিফুঙে আশা দিব
ৰংঘৰে মেলিব দুৱাৰ
সমাজে সাৱটিব মহান মানৱতা
বিজ্ঞানে আনিব জোঁৱাৰ

নতুনৰ গতি খেদি ডেকা গাভৰু আমি
নিৰ্ভীক কুৰি শতিকাৰ
অজ্ঞান চাকনৈয়া এফলীয়া কৰি থৈ
মাৰি যাওঁ জীৱনৰ ডাৰ
জিলিকাব লুইতৰে পাৰ৷

[সম্পাদনা কৰক] শৈক্ষিক দিশ

[সম্পাদনা কৰক] বিভিন্ন বিভাগ আৰু অধ্যয়ন কেন্দ্ৰসমূহ[4]

[সম্পাদনা কৰক] কলা

  1. অসমীয়া বিভাগ
  2. অৰ্থনীতি বিভাগ
  3. শিক্ষাতত্ত্ব বিভাগ
  4. ইংৰাজী বিভাগ
  5. বুৰঞ্জী বিভাগ
  6. ৰাজনীতি-বিজ্ঞান বিভাগ
  7. সমাজতত্ত্ব বিভাগ
  8. আৰৱিক বিভাগ
  9. বাংলা বিভাগ
  10. বড়ো বিভাগ
  11. ইংৰাজী ভাষা শিক্ষণ বিভাগ
  12. বিদেশী ভাষা বিভাগ
  13. হিন্দী বিভাগ
  14. ভাষাতত্ত্ব বিভাগ
  15. গ্ৰন্থাগাৰ আৰু তথ্য বিজ্ঞান বিভাগ
  16. আধুনিক ভাৰতীয় ভাষা বিভাগ
  17. পাৰ্চি বিভাগ
  18. দৰ্শন বিভাগ
  19. মনোবিজ্ঞান বিভাগ
  20. সংস্কৃত বিভাগ
  21. সাংবাদিকতা আৰু গণ-সংযোগ অধ্যয়ন কেন্দ্ৰ

[সম্পাদনা কৰক] বিজ্ঞান বিভাগ

  1. ৰসায়ন-বিজ্ঞান বিভাগ
  2. জীৱ-বিজ্ঞান বিভাগ
  3. গণিত বিভাগ
  4. পেট্ৰলিয়াম প্ৰযুক্তিবিদ্যা বিভাগ
  5. ভেষজ বিজ্ঞান বিভাগ
  6. পদাৰ্থ-বিজ্ঞান বিভাগ
  7. পৰিসংখ্যা বিভাগ
  8. পৰিকলন অধ্যয়ন কেন্দ্ৰ
  9. ব্যৱস্থাপনা অধ্যয়ন কেন্দ্ৰ
  10. জৈৱ-প্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ
  11. জৈৱ-তথ্যপ্ৰযুক্তি অধ্যয়ন কেন্দ্ৰ
  12. ভূগোল অধ্যয়ন কেন্দ্ৰ
  13. নৃতত্ত্ব বিভাগ
  14. কম্পিউটাৰ বিজ্ঞান বিভাগ
  15. লোকসংস্কৃতি
  16. Department of Electronics and Communication Technology

[সম্পাদনা কৰক] বাণিজ্য বিভাগ

[সম্পাদনা কৰক] Business Administration

[সম্পাদনা কৰক] আইন বিভাগ

[সম্পাদনা কৰক] সুবিধাসমূহ

[সম্পাদনা কৰক] গ্ৰন্থাগাৰ

গ্ৰন্থাগাৰৰ ভিতৰ ভাগ

গুৱাহাটী বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰ প্ৰথম অৱস্থাত ১৯৪৮ চনত গুৱাহাটী চানমাৰীত (এতিয়া বিশ্ববিদ্যালয়ৰ পুৰণি কলনি নামেৰে জনাজাত) প্ৰতিস্থা কৰা হয়৷ ১৯৬২ চনত সেই স্থানৰ পৰা বিশ্ববিদ্যালয়ৰ বৰ্তমান থকা স্থানলৈ স্থানান্তৰিত কৰা হয়৷ আনহাতে ১৯৮২ চনত বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কৃষ্ণকান্ত সন্দিকৈ নামেৰে নামকৰণ কৰা হয়৷ বৰ্তমান গ্ৰন্থাগাৰটোত ২৫,৯৪৯০ খন কিতাপ, ১,০২২১২ খন BOUND PERIODICALS, ২২৫০ খন গৱেষণা গ্ৰন্থ আৰু পত্ৰ, ৬৯০৮ খন প্ৰতিবেদন আৰু নিবন্ধ আৰু ৩০৬ খন মানচিত্ৰ আছে৷ সাচিপাত আছে ৪৫০০ খন৷ কৃষ্ণকান্ত সন্দিকৈ নিজা সংগ্ৰহ আছে ৭৫৯৩ খন৷ ইয়াত কম্পিউটাৰৰ দ্বাৰা কোনো গ্ৰন্থ অনুসন্ধান কৰাৰ ব্যৱস্থা ৰখা হৈছে৷ লগতে বিভিন্ন দৈনিক কাকত-আলোচনী অধ্যয়ন কৰাৰো ব্যৱস্থা আছে৷[5]

[সম্পাদনা কৰক] চিকিত্সালয়

[সম্পাদনা কৰক] বিশ্ববিদ্যালয় ডাকঘৰ

[সম্পাদনা কৰক] বিশ্ববিদ্যালয় বেঙ্ক

[সম্পাদনা কৰক] অতিথিশালা

[সম্পাদনা কৰক] প্ৰেক্ষাগৃহ

[সম্পাদনা কৰক] ছাত্ৰাবাস

বিশ্ববিদ্যালয়খনত মুঠ ১২ টা ছাত্ৰাৱাস আছে৷[6]

  1. লক্ষ্মীনাথ বেজবৰুৱা অসম আৰ্হি ৪ নং ছাত্ৰাৱাস
  2. অতুল চন্দ্ৰ হাজৰিকা অসম আৰ্হি ৫ নং ছাত্ৰাৱাস
  3. পদ্মনাথ গোহাঞিবৰুৱা অসম আৰ্হি ৬ নং ছাত্ৰাৱাস
  4. লাচিত বৰফুকন অসম আৰ্হি ৭ নং ছাত্ৰাৱাস
  5. জ্যোতিপ্ৰসাদ আগৰৱালা অসম আৰ্হি ৮ নং ছাত্ৰাৱাস
  6. জ্ঞানভিৰাম বৰুৱা অসম আৰ্হি ৯ নং আইন ছাত্ৰাৱাস
  7. মাধৱ বেজবৰুৱা ১ নং দুমহলীয়া ছাত্ৰাৱাস
  8. গোপীনাথ বৰদলৈ ২ নং দুমহলীয়া ছাত্ৰাৱাস
  9. বাণীকান্ত কাকতি ৩ নং দুমহলীয়া ছাত্ৰাৱাস
  10. ভুবনেশ্বৰ বৰুৱা ৪ নং তিনিমহলীয়া ছাত্ৰাৱাস
  11. ভি ভেঙ্কত ৰাও ৫ নং তিনিমহলীয়া গৱেষক ছাত্ৰাৱাস

[সম্পাদনা কৰক] ছাত্ৰীনিবাস

বিশ্ববিদ্যালয়ত মুঠ ৯ টা ছাত্ৰীনিৱাস আছে৷[7]

  1. ৰাণী গাইডালু অসম আৰ্হি ২ নং আইন ছাত্ৰীনিৱাস
  2. চন্দ্ৰপ্ৰভা শইকীয়া অসম আৰ্হি ৩ নং ছাত্ৰীনিৱাস
  3. মুলাগাভৰু অসম আৰ্হি ১০ নং ছাত্ৰীনিৱাস
  4. নলিনীবালা দেৱী ১ নং দুমহলীয়া ছাত্ৰীনিৱাস
  5. ইন্দিৰা মিৰি ২ নং দুমহলীয়া ছাত্ৰীনিৱাস
  6. পুষ্পলতা দাস ৩ নং তিনিমহলীয়া ছাত্ৰীনিৱাস
  7. পদ্মাৱতী দেৱী ৪ নং দুমহলীয়া ছাত্ৰীনিৱাস
  8. নতুন ৫ নং দুমহলীয়া ছাত্ৰীনিৱাস
  9. গান্ধী ভৱন গৱেষক ছাত্ৰীনিৱাস

[সম্পাদনা কৰক] তথ্যসূত্ৰ

  1. [1]Administration, তথ্য সংগ্ৰহৰ সময়-২৩ ছেপ্তেম্বৰ ২০১১
  2. [2]PG Prospectus 2011 - 2012 , তথ্য সংগ্ৰহৰ সময়-২৬ ছেপ্তেম্বৰ ২০১১
  3. [3]Administration, তথ্য সংগ্ৰহৰ সময়-২৩ ছেপ্তেম্বৰ ২০১১
  4. [4]PG Prospectus 2011 - 2012 , তথ্য সংগ্ৰহৰ সময়-২৩ ছেপ্তেম্বৰ ২০১১
  5. [5]Krishna Kanta Handiqui Library, তথ্য সংগ্ৰহৰ সময়-২৩ ছেপ্তেম্বৰ ২০১১
  6. [6]PG Prospectus 2011 - 2012 , তথ্য সংগ্ৰহৰ সময়-২৩ ছেপ্তেম্বৰ ২০১১
  7. [7]PG Prospectus 2011 - 2012 , তথ্য সংগ্ৰহৰ সময়-২৩ ছেপ্তেম্বৰ ২০১১

[সম্পাদনা কৰক] বৰ্হি সংযোগ

ব্যক্তিগত সৰঞ্জাম
নামস্থান

বিকল্পসমূহ
কাৰ্য্যসমূহ
দিশ-নিৰ্দেশনা
সা-সঁজুলি
আন ভাষাত