গ্লী
| গ্লী | |
|---|---|
| শৈলী | সংগীতময় কমেডি কমেডি ড্ৰামা ড্ৰামা |
| নির্মাণকৰ্তা | ৰায়ান মাৰ্ফি ব্ৰেড ফেলচাক ইয়ান ব্ৰেনান |
| লিখক | ৰায়ান মাৰ্ফি ব্ৰেড ফেলচাক ইয়ান ব্ৰেনান |
| অভিনয়ত | তলত চাওক |
| দেশ | আমেৰিকা যুক্তৰাষ্ট্ৰ |
| ভাষা | ইংৰাজী |
| শৃংখলাৰ সংখ্যা | ৩ |
| খণ্ডৰ সংখ্যা | ৫৫ |
| প্ৰযোজনা | |
| কাৰ্য্যকৰী প্ৰযোজক | ৰায়ান মাৰ্ফি ব্ৰেড ফেলচাক ডাণ্টে ডি লৰেটো ইয়ান ব্ৰেনান |
| স্থান | লচ এঞ্জেলচ, কেলিফোৰ্ণিয়া |
| কেমেৰাৰ ছেটআপ | একক কেমেৰা |
| দৈৰ্ঘ্য | ৪২–৪৮ মিনিট |
| ষ্টুডিঅ’ | টুৱেণ্টিথ চেঞ্চুৰি ফক্স টেলিভিজন ব্ৰেড ফেলচাক টেলি-ভিজন ৰায়ান মাৰ্ফি টেলিভিজন |
| পৰিবেশক | টুৱেণ্টিথ চেঞ্চুৰি |
| সম্প্ৰচাৰ | |
| মূল ছেনেল | ফক্স |
| দৃশ্যৰ ফৰমেট | 480i (SDTV) 720p (HDTV) |
| প্ৰদৰ্শনৰ সময় | ১৯ মে ২০০৯ – বৰ্তমানলৈ |
| Chronology | |
| সংশ্লিষ্ট ধাৰাবাহিক | গ্লী: দা থ্ৰী ডি কনচাৰ্ট মুভি দা গ্লী প্ৰজেক্ট |
| External links | |
| আধিকাৰিক ৱেবছাইট | |
গ্লী (ইংৰাজী: Glee) হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন সংগীতময় কমেডি ড্ৰামা ধাৰাবাহিক। ধাৰাবাহিকখন আমেৰিকা, কানাডা, আৰু ভাৰতত ক্ৰমে ফক্স টেলিভিজন, গ্লোবেল টিভি, আৰু ষ্টাৰ ৱৰ্ল্ড যোগে সম্প্ৰচাৰ হয়।
ধাৰাবাহিকখনৰ কাহিনী আমেৰিকাৰ লাইমা, অ’হাঅ’ৰ এখন কাল্পনিক বিদ্যালয়, মেককেনলি হাই,-ৰ ‘নিউ ডাইৰেকচন’ নামৰ সংগীত ক্লাবৰ সদস্য সকলক কেন্দ্ৰ কৰি গতি কৰে। বিভিন্ন কোৰাচ প্ৰতিযোগিতাত অংশগ্ৰহন কৰা এই ক্লাবৰ সদস্য সকলৰ সামাজিক মৰ্যদা একেবাৰে কম। বিদ্যালয়ৰ আন ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ ওপৰত নানা নিৰ্যাতন চলায়। ক্লাবটোৰ ডাইৰেক্টৰ আৰু স্পেনিছ ভাষাৰ শিক্ষক ৱিল চুষ্টাৰৰ নিউ ডাইৰেকচনক ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত বিজয়ী ৰূপে চাব বিচৰাৰ অদম্য স্পৃহাই ক্লাবটোৰ সদস্যসকলক একগোট কৰি ৰাখে। দ্বিতীয় শৃংখলাৰ শেষত নিউ ডাইৰেকচনে ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত অংশগ্ৰহন কৰিবলে সক্ষম হয় যদিও মূল গায়ক ফিন হাডচনে মঞ্চত কৰা এক ভুলৰ বাবে ১২তম স্থানতে সন্তুষ্ট থাকিব লগা হয়।
বৰ্তমান ধাৰাবাহিকখনৰ তৃতীয় শৃংখলা চলি আছে।[1] এই শৃংখলাৰ সম্প্ৰচাৰ আৰম্ভ হয় ২০১১ চনৰ ২০ চেপ্টেম্বৰৰ পৰা।
[সম্পাদনা কৰক] অভিনয়ত
- মেথিউ মৰিচন (ৱিল চুষ্টাৰৰ)
- জেন লিন্স (চু চিলভেষ্টাৰ)
- লিয়া মিচেল (ৰেচেল বেৰী)
- কৰী মণ্টেইটঠ (ফিন হাডচন)
- ক্ৰিচ কলফাৰ (কাৰ্ট হামল)
- এম্বাৰ ৰাইলী (মাৰ্চিডিচ জোনচ)
- জেন উজকোৱিচ (টিনা কোহান-চেং)
- কেভিন মেকহল (আৰ্টি আব্ৰামচ)
- ডায়েনা এগ্ৰণ (কুইন ফেব্ৰে)
- নায়া ৰিভেৰে (চেন্টেনা লোপেজ)
- হেথাৰ মৰিচ (ব্ৰিটনী এচ পিয়েৰ্চ)
- মাৰ্ক চেলিং (নোৱাহ "পাক" পাকাৰমৰন)
- ডাৰেণ ক্ৰিচ (ব্লেইন এণ্ডাৰচন)
- হেনৰী চাম, কনিষ্ঠ (মাইক চেং)
- জেময়া মেইচ (এমা পিলচবেৰী)
- মাইক অ’মেলী (বাৰ্ট হামল)
[সম্পাদনা কৰক] শৃংখলাসমূহৰ তালিকা
| Season | Timeslot (ET) | Season premiere | Season finale | TV season | Rank | Viewers (in millions) |
|---|---|---|---|---|---|---|
| 1 | Wednesday 9:00 pm (2009) Tuesday 9:00 pm (2010) |
May 19, 2009 | June 8, 2010 | 2009–2010 | No. 33 (overall)[2] | 9.77[2] |
| 2 | Tuesday 8:00 pm (2010–2011)[3] Sunday 10:38 pm (February 6, 2011) Tuesday 9:00 pm (May 24, 2011)[4] |
September 21, 2010 | May 24, 2011 | 2010–2011 | No. 43 | 10.112[5] |
| 3 | Tuesday 8:00 pm (2011–2012)[6] | September 20, 2011 | TBA | 2011–2012 | TBA | TBA |
[সম্পাদনা কৰক] তথ্যসূত্ৰ
- ↑ Rice, Lynette (May 23, 2010). "'Glee' earns season 3 pickup from Fox (EW Exclusive)". Entertainment Weekly. Time Inc. http://hollywoodinsider.ew.com/2010/05/23/glee-season-3-pickup/. Retrieved May 23, 2010.
- ↑ 2.0 2.1 "Deadline Hollywood". ZDeadline Hollywood. May 28, 2010. http://www.deadline.com/2010/05/full-series-rankings-for-the-2009-10-broadcast-season/#more-44277=*. Retrieved May 28, 2010.
- ↑ Rice, Lynette (November 19, 2010). "Fox moves 'American Idol' to Wednesdays and Thursdays". Entertainment Weekly. Time Inc. http://insidetv.ew.com/2010/11/19/fox-moves-american-idol-to-wednesdays-and-thursdays/. Retrieved November 20, 2010.
- ↑ "Showatch". The Futon Critic. http://www.thefutoncritic.com/showatch.aspx?id=glee&view=listings. Retrieved August 14, 2011.
- ↑ Gorman, Bill (June 1, 2011). "2010-11 Season Broadcast Primetime Show Viewership Averages". TV by the Numbers. http://tvbythenumbers.zap2it.com/2011/06/01/2010-11-season-broadcast-primetime-show-viewership-averages/94407/. Retrieved August 14, 2011.
- ↑ "Fox Announces Primetime Slate for 2011-2012 Season - ComingSoon.net". ComingSoon.net. May 16, 2010. http://www.comingsoon.net/news/tvnews.php?id=77591. Retrieved July 7, 2011.