গ্ৰীটিংছ কাৰ্ড

অসমীয়া ৱিকিপিডিয়াৰ পৰা

গ্ৰীটিংছ কাৰ্ড (ইংৰাজী: Greeting card) শুভেচ্ছা, অভিনন্দন, অভিবাদন আদি জনাই প্ৰেৰণ কৰা শুভেচ্ছা পত্ৰ। অতি প্ৰাচীন কালৰে পৰাই বিভিন্ন উপহাৰৰ মাধ্যমেৰে শুভেচ্ছা জনোৱাৰ নিয়ম মানৱ সমাজত প্ৰচলিত হৈ আছে। প্ৰাচীন কালত (এতিয়াও) ফুলৰ থোপা, কাৰু-কাৰ্য খোদিত কাঠৰ টুকুৰা, জলফাইৰ ডালেৰে নিৰ্মিত সুন্দৰ সামগ্ৰী, সুগন্ধিৰ বটল, সোণপানী চৰোৱা পাত্ৰ আদিক শুভেচ্ছা আদান-প্ৰদানৰ সামগ্ৰীৰূপে ব্যৱহাৰ কৰা হৈছিল। মিছৰ দেশৰ মানুহে সুগন্ধি বটল, সুগন্ধিতেল সনা কাপোৰ, খাদ্য আদিৰ টোপোলাত "Au Abnab" (All Good Luck), অৰ্থাৎ "সমস্ত শুভেচ্ছাৰে" কথাষাৰ বন্ধু-বান্ধবী, আত্মীয়-স্বজনলৈ শুভেচ্ছা জনাই লিখিছিল। খ্ৰীষ্টপূৰ্ব যুগৰ ৰোমত নৱবৰ্ষৰ দিনটোত আপোনজনক শুভেচ্ছাবাণী লিখা, তাম বা আন ধাতুৰ মসৃণ মোহৰ নতুবা ঘৰৰ কামত ব্যৱহাৰ কৰিব পৰা তেলৰ চাকি আদি উপহাৰ দিয়াৰ নিয়ম আছিল। সেই উপহাৰবোৰত "Anno Novo Faustum"(নতুন বছৰ সুখৰ আৰু সমৃদ্ধিৰ হওঁক) বুলি লিখি দিছিল। ইউৰোপৰ কোনো কোনো দেশত খ্ৰীষ্টীয় বৰ্ষৰ আৰম্ভণিৰ পৰা কাৰুকাৰ্য খচিত কিছুমান ৰং-বিৰঙৰ কাঠৰদ্বাৰা শুভেচ্ছা জনাইছিল। চীনা সকলৰ মাজত আজিকালিৰদৰে গ্ৰীটিংছ কাৰ্ডৰ প্ৰচলন আছিল বুলি জনা যায়। চীনৰ জাতীয় সংগ্ৰহালয়ত সংৰক্ষিত তথ্যৰ পৰা ইয়াৰ উমান পোৱা যায়। ষষ্ঠ শতিকাৰ মিচৰীয় কবৰতো মৃতকৰ ব্যক্তিগত গ্ৰীটিংছ কাৰ্ড উদ্ধাৰ কৰা হৈছে। চতুৰ্দশ শতিকাত ফ্ৰান্স, জাপান আদি দেশত কোনো বিশেষ অনুষ্ঠানত কাঠত খোদিত কৰি শুভেচ্ছা বা ওলগবাণী জনোৱা হৈছিল। কিন্তু তাৰো আগতে দ্বাদশ শতিকাতে ভাৰতত কোনো বিশেষ আড়ম্বৰপূৰ্ণ অনুষ্ঠান উপলক্ষে শুভেচ্ছামূলক ঘোষণা তামৰ ফলিত লিপিবদ্ধ কৰি দিয়াৰ প্ৰথা প্ৰচলিত আছিল। সেই ঐতিহ্যকে অনুকৰণ কৰি আজিও ভাৰতত মুক্তি যুজাঁৰু, সন্মানীয় ব্যক্তি আদিক তাম্ৰ ফলি- প্ৰশস্তি পত্ৰ আদি প্ৰদান কৰা হয়। খ্ৰীষ্টীয় নৱম-দশম শতিকাতো ভাৰতত প্ৰেমিক প্ৰেমিকাই শুভেচ্ছা পত্ৰ বা গ্ৰীটিংছ কাৰ্ড প্ৰেৰণ কৰা কথা জনা যায় । সেই সময়ৰ কবি ৰাজশেখৰৰ " কৰ্পূৰ মঞ্জৰী" ত এই কথাৰ উল্লেখ আছে।

গ্ৰীটিংছ কাৰ্ডৰ বিপণী


ইতিহাস[সম্পাদনা কৰক]

আধুনিক গ্ৰীটিংছ কাৰ্ড ৰ জন্মদাতা বুলি ইংলেণ্ডৰ যোছেফ চি হৰ্চলি (Joseph C Horshley ) নামৰ লোকজনকে কোৱা হয়। ১৮৪৩ চনত যোচেফে তেওঁৰ প্ৰিয়বন্ধু ছাৰ হেনৰী ক'ললৈ (১৮০৮-১৮৮২) বৰদিনৰ শুভেচ্ছা জনাবলৈ আঁকি দিয়া কাৰ্ডখনকে আধুনিক গ্ৰীটিংছ কাৰ্ডৰ প্ৰথম বুলি আখ্যা দিয়া হয়[1]। ৫.৫ ইঞ্চি দৈৰ্ঘ্যৰ আৰু ৩.৫ ইঞ্চি প্ৰস্থৰ এই গ্ৰীটিংছ কাৰ্ডখনত লিখা আছিল " A Merry Christmass and A Happy New Year ". প্ৰথম মহাসমৰৰ (১৯১৪-১৯১৮) সময়ৰ পৰা গ্ৰীটিংছ কাৰ্ডৰ ব্যৱহাৰ দ্ৰুতগতিত আৰম্ভ হয়। তাৰ মূখ্য কাৰণ হ'ল সৈনিক সকলে ঘৰৰ পৰা দূৰৈত অজান দেশ, অজান ঠাইত যুদ্ধত লিপ্ত থাকিবলগীয়া হৈছিল। সেয়েহে বৰদিন, নতুন বছৰ আদিত সৈনিকসকলে ঘৰৰ মানুহ, আত্মীয়-স্বজন, বন্ধু-বান্ধবীক সুৱঁৰি আৰু তেওঁলোকলৈ মৰম-শুভেচ্ছা গ্ৰীটিংছ কাৰ্ড যোগে পঠিয়াবলৈ লয়। দ্বিতীয় মহাসমৰে (১৯৩৯-১৯৪৫) এই পৰম্পৰা বহুগুণে বঢ়াই তোলে। ফলত সমগ্ৰ বিশ্বতে গ্ৰীটিংছ কাৰ্ড অধিক জনপ্ৰিয় হ'বলৈ ধৰে।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "The History of Greeting Cards". greetingcard.org. Archived from the original on February 10, 2013. https://web.archive.org/web/20130210141955/http://www.greetingcard.org/AbouttheIndustry/History/tabid/72/Default.aspx। আহৰণ কৰা হৈছে: February 02, 2013. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]