গৰীয়সী

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গৰীয়সী
গৰীয়সী
গৰীয়সীৰ ল’গ’
সম্পাদক ড° ৰীতা চৌধুৰী
পূৰ্বৰ সম্পাদক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া
(প্ৰতিষ্ঠাপক সম্পাদক),
হৰেকৃষ্ণ ডেকা,
লক্ষ্মীনন্দন বৰা
প্ৰকাশনৰ হাৰ মাহেকীয়া
প্ৰকাশক সাহিত্য প্ৰকাশ, ট্ৰীবুন বিল্ডিঙ, গুৱাহাটী-৭৮১০০৩
প্ৰথম সংখ্যা ১ অক্টোবৰ ১৯৯৩
দেশ ভাৰত
ভাষা অসমীয়া

গৰীয়সী অসমীয়া ভাষাৰ এখন সাহিত্য আলোচনী৷ গৰীয়সী আলোচনীৰ বৰ্তমান সম্পাদক হ'ল ৰীতা চৌধুৰী। ইয়াৰ প্ৰতিষ্ঠাপক সম্পাদক চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া[1] তেখেতৰ পাছৰ সম্পাদক হ'ল হৰেকৃষ্ণ ডেকা আৰু ২০০৯ চনৰ পৰা ২০২১ চনৰ জুন মাহলৈ সম্পাদকৰ দয়িত্বত থাকে ড॰ লক্ষ্মীনন্দন বৰা[2] ট্ৰিবিউন গোষ্ঠীৰ দ্বাৰা প্ৰকাশিত এইখন এখন অসমীয়া মাহেকীয়া আলোচনী।

সাহিত্য বিষয়ক গৱেষণামূলক প্ৰবন্ধ, গল্প, কবিতা, ধাৰাবাহিক আদি প্ৰকাশ কৰাৰ উপৰিও আলোচনীখনত ছেগাচোৰোকাকৈ বিশ্বসাহিত্যৰ শেহতীয়া গতিবিধি সম্পৰ্কীয় প্ৰবন্ধ লগতে বিজ্ঞান সংক্ৰান্তিয় দুই-এটা বিশেষ প্ৰবন্ধও প্ৰকাশ হয়।

আলোচনীখনে ইতিমধ্যে তিনিবাৰ সৰ্বভাৰতীয় ‘কথা’ পুৰস্কাৰ লাভ কৰিছে।

গৰীয়সীত ধাৰাবাহিকভাৱে প্ৰকাশিত বিখ্যাত গ্ৰন্থ[সম্পাদনা কৰক]

বিংশ শতাব্দীৰ শ্ৰেষ্ঠ অসমীয়া[সম্পাদনা কৰক]

একবিংশ শতাব্দীত প্ৰবেশৰ প্ৰাক মুহূৰ্তত গৰীয়সীয়ে বিংশ শতাব্দীৰ এগৰাকী সৰ্বশ্ৰেষ্ঠ আৰু কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়াৰ নাম প্ৰকাশ কৰিছিল। সমীক্ষকসকলৰ সৰ্বসন্মতিক্ৰমে সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱা হৈছে বিংশ শতাব্দীৰ সৰ্বশ্ৰেষ্ঠ অসমীয়া। সেই তালিকা অনুসৰি কুৰিগৰাকী শ্ৰেষ্ঠ অসমীয়া হ'ল:[3]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "Gariyoshi - Chandra Prasad Saikia short story competition awards presented". Assam Times. 9 August 2009. Archived from the original on 27 July 2011. https://web.archive.org/web/20110727022629/http://www.assamtimes.org/social/3284.html। আহৰণ কৰা হৈছে: 05 December 2009. 
  2. "Dr LN Bora new Gariyoshi Editor". The Assam Tribune. 2 April 2009. Archived from the original on 19 February 2012. https://web.archive.org/web/20120219170231/http://www.assamtribune.com/scripts/details.asp?id=apr0209%2Fat05। আহৰণ কৰা হৈছে: 05 December 2009. 
  3. [গৰীয়সী, সপ্তম বছৰ, চতুৰ্থ সংখ্যা, ২০০০]