গ'ল্ডেন গ্ল'ব বঁটা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
গ'ল্ডেন গ্ল'ব বঁটা
৭০তম গ'ল্ডেন গ্ল'ব বঁটা

গ'ল্ডেন গ্ল'ব প্ৰতিমূৰ্তি
বিৱৰণ চলচ্চিত্ৰ আৰু টেলিভিজনৰ ক্ষেত্ৰত উৎকৰ্ষতা
প্ৰদান কৰোঁতা হলীউড ফৰেইন প্ৰে'ছ এছ'চিয়েচন (১৯৪৩ চনৰ পৰা)
দেশ আমেৰিকা যুক্তৰাষ্ট্ৰ
প্ৰথম পুৰস্কাৰ প্ৰদান ১৯৪৪
ৱেবচাইট GoldenGlobes.org

গ'ল্ডেন গ্ল'ব বঁটা হলীউড ফৰেইন প্ৰে'ছ এছ'চিয়েচনৰ ৯৩ জন সদস্যই দেশী বা বিদেশী চলচ্চিত্ৰ আৰু টেলিভিজন প্ৰগ্ৰেমৰ ক্ষেত্ৰত উৎকৰ্ষতাৰ বাবে প্ৰদান কৰা এক বাৰ্ষিক বঁটা। বঁটাসমূহ প্ৰদান কৰা অনুষ্ঠান আৰু আহাৰগ্ৰহণ চলচ্চিত্ৰ উদ্যোগৰ বাৰ্ষিক বঁটা চিজনৰ এক উল্লেখযোগ্য পৰ্ব যি প্ৰতিবছৰে একাডেমী বঁটাৰ প্ৰদানেৰে সামৰণি পৰে।[1]

প্ৰথম গ'ল্ডেন গ্ল'ব বঁটা প্ৰদান অনুষ্ঠান ১৯৪৪ চনত টুৱেণ্টীথ চেঞ্চুৰী ফক্স ষ্টুডিঅ'ত অনুষ্ঠিত হৈছিল। ১৯৬১ চনৰ পৰা এই অনুষ্ঠান বেভাৰ্লী হিল্‌ছ, কেলিফৰ্নিয়াৰ বেভাৰ্লী হিল্টন হোটেলত অনুষ্ঠিত হৈ আহিছে আৰু ২০১২ চনৰ বঁটাও ২০১৩ চনৰ ১৩ জানুৱাৰীত ইয়াতে প্ৰদান কৰা হৈছিল।[2]

ইতিহাস[সম্পাদনা কৰক]

১৯৪৩ চনত কেইজনমান লেখকে গোট খাই "হলিউড ফৰেইন প্ৰে'ছ এছ'চিয়েচন" গঠন কৰে আৰু গ'ল্ডেন গ্ল'ব নামৰ এটা বঁটা আৰম্ভ কৰাৰ সিদ্ধন্ত লয়। আজিকালি তেওঁলোকে চলচ্চিত্ৰ বিপণনত গুৰুত্বপূৰ্ণ ভূমিকা লয়।[3] ১৯৪৩ চনৰ চলচ্চিত্ৰসমূহৰ শ্ৰেষ্ঠতা বিচাৰৰ বাবে প্ৰথম গ'ল্ডেন গ্ল'ব বঁটা প্ৰদান অনুষ্ঠান ১৯৪৪ চনত টুৱেণ্টীথ চেঞ্চুৰী ফক্স ষ্টুডিঅ'ত অনুষ্ঠিত হৈছিল। পিছলৈ এই স্থান সলনি কৰা হৈছিল আৰু বেভাৰ্লী হিল্‌ছ নাইবা হলিউড ৰ'জভেল্ট হোটেলত বঁটা প্ৰদান হৈছিল।[4]

১৯৫০ চনত হলিউড প্ৰে'ছ এছ'চিয়েচনে মনোৰঞ্জন উদ্যোগলৈ আগবঢ়োৱা অনবদ্য বৰঙণিৰ বাবে এক বিশেষ সন্মানীয় বঁটা প্ৰদানৰ সিদ্ধান্ত লয়। এই বঁটাৰ বাবে মনোৰঞ্জন উদ্যোগত আন্তঃৰাষ্ট্ৰীয় খ্যাতি থকা ব্যক্তিক আওতালৈ আনি প্ৰথম বঁটাটো চেচিল বি ডিমিলিলৈ আগবঢ়োৱা হয়। ইয়াৰ পিছত বঁটাটোৰ আনুষ্ঠানিক নাম গ'ল্ডেন গ্ল'ব চেচিল ৱি ডিমিলি হৈ পৰে।[5]

১৯৬৩ চনত মিছ্‌ গ'ল্ডেন গ্ল'বৰ ধাৰণা আৰম্ভ হয়। প্ৰথম বৰ্ষত চলচ্চিত্ৰ আৰু টেলিভিজনৰ বাবে দুটা মিছ্‌ গ'ল্ডেন গ্ল'ব ঘোষণা কৰা হয়। বঁটা প্ৰাপকসকল আছিল ইভা ছিক্স (অ'পাৰেচন বিকিনি আৰু বীচ্ছ পাৰ্টী বোলছবিৰ নায়িকা) আৰু ড'না ডগ্‌লাছ (বেভাৰ্লী হিলিবিলিজ টেলিভিজন চিৰিজ খ্যাত)।[6]

২০০৯ চনত হলিউড ফৰেইন প্ৰে'ছ এছ'চিয়েচনৰ লগত এবছৰীয়া সহযোগিতাৰে নিউ য়ৰ্ক ফাৰ্মে গ'ল্ডেন গ্ল'ব বঁটা প্ৰতিমূৰ্তিৰ ডিজাইনটো নতুন কৰা হয়। ইয়াক অনুষ্ঠানৰ পূৰ্বে বেভাৰ্লী হিল্টনত এক প্ৰে'ছ কন্‌ফাৰেন্সত উন্মোচন কৰা হয়।[7]

বাৰ্ষিক অনুষ্ঠানৰ জৰিয়তে আহৰণ কৰা ৰাজহৰ একাংশ হলিউড ফৰেইন প্ৰে'ছ এছ'চিয়েচনে মনোৰঞ্জন উদ্যোগৰ লগত জড়িত দাতব্য প্ৰতিষ্ঠান, বা জলপানি আৰু বোলছবি-টেলিভিজনৰ ডেকা পেছাদাৰীলৈ আগবঢ়াই আহিছে। ইয়াৰ ভিতৰত মুখ্য প্ৰাপক হৈছে য়ং আৰ্টিষ্ট এৱাৰ্ড। ১৯৭৮ চনত হলিউড ফৰেইন প্ৰে'ছ সদস্য ম'ৰিন ড্ৰেগনে প্ৰতিষ্ঠা কৰা "য়ং আৰ্টিষ্ট ফাউণ্ডেছনে" হলিউডত উৎকৰ্ষতাৰ পৰিচয় দিয়া ২১ বছৰ অনুৰ্ধ শিল্পী আৰু শাৰীৰিক/আৰ্থিকভাৱে বাধাগ্ৰস্ত শিল্পীক এই বঁটা প্ৰদান কৰ হয়।[4][8][9]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. "HFPA History". www.goldenglobes.org. HFPA. http://www.goldenglobes.org/history/। আহৰণ কৰা হৈছে: 2008-11-02. 
  2. Butler, Don. "Beverly Hilton recaptures lustre of its glory days", Regina Leader-Post, May 9, 2008. Accessed January 28, 2009. "And the Golden Globe Awards have been handed out in its swanky International Ballroom since 1961."
  3. Through their eyes: foreign correspondents in the United States
  4. 4.0 4.1 "History of the Golden Globes". GoldenGlobes.org. http://www.goldenglobes.org/history/। আহৰণ কৰা হৈছে: 2012-12-27. 
  5. "Cecil B. DeMille Award". GoldenGlobes.org. http://www.goldenglobes.org/cecil-b-demille-award/। আহৰণ কৰা হৈছে: 2012-12-27. 
  6. "Miss Golden Globe". GoldenGlobes.org. http://www.goldenglobes.org/about-the-hfpa/। আহৰণ কৰা হৈছে: 2012-12-27. 
  7. "New Look For Golden Globe Statuette". cbsnews.com. http://www.cbsnews.com/2100-503683_162-4707856.html। আহৰণ কৰা হৈছে: 2012-12-27. 
  8. "KABC-TV – Budding stars shine at Young Artist Awards". ABCLocal.go.com. http://abclocal.go.com/kabc/story?section=news/entertainment&id=7380555। আহৰণ কৰা হৈছে: 2011-03-31. 
  9. "Young Artist Awards – President's Message". YoungArtistAwards.org. http://www.youngartistawards.org/presidents.html। আহৰণ কৰা হৈছে: 2011-03-31. 

বহিঃ সংযোগ[সম্পাদনা কৰক]