ঘোঁৰা নিদান (গ্ৰন্থ)

অসমীয়া ৱিকিপিডিয়াৰ পৰা


ঘোঁৰা নিদান  
লেখক অজ্ঞাত
দেশ ভাৰত
ভাষা অসমীয়া
ৱিকিউৎসত ঘোৰা নিদানৰ সম্পূৰ্ণ পাঠ পঢ়ক

ঘোঁৰা নিদান হৈছে ঘোঁৰাৰ বেমাৰ আৰু চিকিৎসা সৰ্ম্পকীয় এখন পুথি। এই পুথিখনৰ ৰচয়িতা গৰাকীৰ নাম পোৱা নাযায় যদিও পুথিখন অসমআহোম ৰাজত্বৰ কালতে ৰচনা কৰা হৈছিল। পুথিখনৰ বিশেষত্ব এয়েই যে এইখন সৰ্ম্পূণ অসমীয়া ভাষাত ৰচিত প্ৰথম পুথি। ই কোনো সংস্কৃত বা টাই ভাষাৰ পুথিৰ অনুবাদ, সম্পাদনা বা সহায় লৈ ৰচনা কৰা গ্ৰন্থ নহয়। অসমত নথকা বনৌষধিৰ বিষয়ে ইয়াত উল্লেখ নাই। সৰ্ম্পূণ থলুৱা অসমীয়া ভাষাত লিখা এই পুথিখনত বাৰটামানহে সংস্কৃত শব্দ পোৱা যায়।[1]

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. আহোম ৰাজত্বত চিকিৎসা সেৱা " লেখক : ডাঃ ৰতন কুমাৰ কটকী।