চকু

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চকু

চকুৰ বিভিন্ন অংশবোৰ
সবিশেষ
চিনাক্তকাৰক
লেটিন অকুলাছ
TA98 A15.2.00.001
A01.1.00.007
TA2 113, 6734
দেহতাত্ত্বিক পৰিভাষা


চকু (ইংৰাজী:Eyes) হৈছে দৰ্শন অংগ। চকুৱে পোহৰনিউৰণত বিদ্যুৎ-ৰাসায়নিক সংকেতলৈ ৰূপান্তৰ কৰে। চকুৰ আইৰিছে চাৰিওকাষৰ পোহৰক নিয়ন্ত্ৰিতভাৱে লেন্স মাজেৰে প্ৰৱেশ কৰিবলৈ দিয়ে। এই পোহৰক নিউৰণে কিছুমান সংকেতৰূপে স্নায়ুৰ সহায়ত মগজুলৈ প্ৰেৰণ কৰে। মগজুত এই সংকেতৰ বিশ্লেষণ হয় আৰু জীৱই দেখা পাবলৈ সক্ষম হয়। প্ৰায় ৯৬% প্ৰাণী প্ৰজাতিৰ জটিল দৰ্শন তন্ত্ৰ আছে।[1] ম'লাস্কা, ক'ৰডাটা আৰু সন্ধিপদীবোৰৰ ইমেজ-ৰিছল্ভিং চকু থাকে।[2]

সূক্ষ্মজীৱ বোৰৰ চকুৰ গঠন অতি সৰল, কেৱল আন্ধাৰ আৰু পোহৰহে চিনাক্ত কৰিব পাৰে।

গঠন[সম্পাদনা কৰক]

মেৰুদণ্ডী আৰু অন্য কিছুমান জীৱৰ চকুত ৰেটিনা নামৰ একতৰপ স্নায়ু কোষেৰে গঠিত এখন পোহৰ-সংবেদী পৰ্দা থাকে। ৰেটিনাত শংকু কোষ (ৰঙৰ বাবে) আৰু দণ্ড কোষ (কম পোহৰৰ বাবে) নামৰ দুই প্ৰকাৰৰ কোষ থাকে। এই কোষবোৰে ৰেটিনাত আপতিত পোহৰক নিউৰেল সংকেতলৈ ৰূপান্তৰ কৰে। এই সংকেত অপটিক স্নায়ুৰ মাধ্যমেদি মগজুত প্ৰৱেশ কৰে। এনে চকুবোৰ কিছু গোলাকৃতি আৰু গোলকটো ভিট্ৰিয়াছ হিউমাৰ নামৰ এবিধ জেলী-সদৃশ স্বচ্ছ তৰলেৰে পূৰ্ণ হৈ থাকে। পোহৰৰ প্ৰৱেশ পথত (পিউপিল) এখন লেন্স থাকে আৰু লেন্সখন আইৰিছ নামৰ এবিধ পেশীয়ে ধৰি ৰাখে। আইৰিছৰ চাৰিওকাষৰ পেশীৰ সংকুচন-প্ৰসাৰণৰ বাবে পিউপিলৰ আকাৰ সৰু-ডাঙৰ হব পাৰে, ফলত চকুত প্ৰৱেশ কৰা পোহৰৰ মাত্ৰা নিয়ন্ৰিত হৈ থাকে,[3] আৰু অত্যধিক পোহৰত দিক্ ভ্ৰান্ত হোৱাৰ অনুপাতো হ্ৰাস কৰে।[4]মাছ, উভচৰ আৰু সাপ আদিৰ চকুৰ লেন্সখনৰ আকৃতি অপৰিবৰ্তনীয়, কাৰ্যপদ্ধতি কেমেৰাৰ দৰেই।[5]

সন্ধিপদী প্ৰাণীবোৰৰ যৌগিক চকু থাকে। এনে চকু বহুতো সৰল ক্ষুদ্ৰচকুৰে গঠিত। এই ক্ষুদ্ৰচকুবোৰে প্ৰত্যেকে স্বাধীনভাৱে এক বা বহুতো ছবি গঠন কৰিব পাৰে। ইহঁতৰ প্ৰত্যেকৰে এখনকৈ নিজা লেন্স আৰু আলোকসংবেদী কোষ থাকে। কিছুমান যৌগিক চকুত ষড়ভূজাকৃতিত সজ্জিত ২৮,০০০ পৰ্যন্ত এনে ক্ষুদ্ৰচকু থাকে। এনে চকুৰ দৰ্শন ক্ষেত্ৰ সম্পূৰ্ণ ৩৬০°। প্ৰতিটো ক্ষুদ্ৰচকুৱে পঠিওৱা ছবিসমূহৰ পৰা মগজুত এখন উচ্চ মানৰ ছবি গঠন হয়।

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. Land, M. F.; Fernald, R. D. (1992). "The evolution of eyes". Annual Review of Neuroscience খণ্ড 15: 1–29. doi:10.1146/annurev.ne.15.030192.000245. PMID 1575438. 
  2. Frentiu, Francesca D.; Adriana D. Briscoe (2008). "A butterfly eye's view of birds". BioEssays খণ্ড 30 (11–12): 1151–62. doi:10.1002/bies.20828. PMID 18937365. 
  3. Nairne, James (2005). Psychology. প্ৰকাশক Belmont: Wadsworth Publishing. ISBN 0-495-03150-X. OCLC 61361417. http://books.google.com/?id=6MqkLT-Q0oUC&pg=PA146. 
  4. Bruce, Vicki; Green, Patrick R. and Georgeson, Mark A. (1996). Visual Perception: Physiology, Psychology and Ecology. Psychology Press. পৃষ্ঠা. 20. ISBN 0-86377-450-4. http://books.google.com/?id=ukvei0wge_8C&pg=PA20. 
  5. BioMedia Associates Educational Biology Site: What animal has a more sophisticated eye, Octopus or Insect?