চকৰিফেঁটী সাপ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
Monocled cobra
চকৰিফেঁটী সাপ
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Reptilia
বৰ্গ: Squamata
উপবৰ্গ: Serpentes
পৰিয়াল: Elapidae
গণ: Naja
প্ৰজাতি: N. kaouthia
বৈজ্ঞানিক নাম
Naja kaouthia
Lesson, 1831
Naja kaouthia distribution

চকৰিফেঁটী সাপ বা monocled cobra (Naja kaouthia) ফেঁটীসাপৰ এটা প্ৰজাতি। ইয়াক মধ্য এছিয়া আৰু দক্ষিণ এছিয়াৰ বহু অঞ্চলত পোৱা যায়।

শ্ৰেণীবিভাজনৰ ইতিহাস[সম্পাদনা কৰক]

১৮৩১ চনত René Lesson নামৰ ব্যক্তিজনে চকৰিফেঁটী সাপক ভাৰতীয় ফেঁটী সাপতকৈ পৃথক এক ধুনীয়া সাপ বুলি বৰ্ণনা কৰে যাৰ সন্মখৰ ফালে ১৮৮ টা স্কে'ল আৰু পিঠিৰ ফালে ৫৩ যোৰ স্কে'ল থাকে।[1]

তেতিয়াৰে পৰা কেইবাবিধো চকৰিফেঁটী সাপক ভিন ভিন বৈজ্ঞানিক নামেৰে বৰ্ণোৱা হৈছে:

  • ১৮৩৪ চনত জন এড্‌ৱাৰ্ড গ্ৰে'-এ থমাছ হাৰ্ড্‌ৱিকে অঁকা চকৰিফেঁটী সাপৰ ছবি Naja tripudians var. fasciata নামেৰে প্ৰকাশ কৰে।[2]
  • ১৮৩৯ চনত থমাছ কেণ্টৰে Naja larvata নামেৰে অগণন পাতল হালধীয়া পথালি আঁচ থকা আৰু ফণাত এটা বগা চকৰি থকা মাটীয়া ৰঙৰ চকৰিফেঁটী সাপৰ বৰ্ণনা দিয়ে। ইয়াক বম্বে, কলিকতা আৰু অসমত পোৱা গৈছিল।[3]

Naja tripudians নামেৰে চকৰিফেঁটী সাপৰ কেইবাবিধো প্ৰকাৰ ১৮৯৫ৰ পৰা ১৯১৩ চনৰ ভিতৰত উল্লেখ কৰা হৈছিল।

  • Naja tripudians var. scopinucha 1895
  • Naja tripudians var. unicolor 1876
  • Naja tripudians var. viridis 1913
  • Naja tripudians var. sagittifera 1913

১৯৪০ চনত মেল্‌কম আৰ্থাৰ স্মিথে চকৰিফেঁটী সাপক Naja naja kaouthia নাম দি spectacled cobra-ৰ অন্তৰ্গত কৰে।[4]

  • Naja kaouthia kaouthia – Deraniyagala, 1960

বিৱৰণ[সম্পাদনা কৰক]

এটা কমবয়সীয়া চকৰিফেঁটী সাপ

চকৰিফেঁটী সাপৰ ফণাত চকৰিৰ নিচিনাকৈ এট ঘূৰণীয়া (monocellate) বিন্যাস থাকে (ভাৰতীয় ফেঁটী সাপতকৈ বেলেগ)। কম বয়সীয়া সাপৰ ৰঙৰ ভিন্নতা কম। সাপডালৰ সন্মুখভাগ হালধীয়া, মুগা, ধোঁৱাবৰণীয়া বা ক'লা ৰঙৰ হয় আৰু পথালি আঁচৰ সমষ্টি থাকিব বা নাথাকিব পাৰে। ই জলফাই বৰণীয়া বা মাটীয়া বা ক'লা বৰণৰ হ'ব পাৰে আৰু ফণাত ফালধীয়া বা কমলা ৰঙৰ ঘূৰণীয়া দাগ থাকিব বা নাথাকিব পাৰে।

আৰু চাওক[সম্পাদনা কৰক]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. Lesson, R.-P. (1831) Catalogue des Reptiles qui font partie d’une Collection zoologique recueillie dans l’Inde continental ou en Afrique, et apportée en France par M. Lamare-Piqout. Catalogue dressé (juillet 1831). 25. Le Naja Kaouthia, Naja kaouthia, Less.. Bulletin des Sciences Naturelles et de Géologie, Tome XXV: 122.
  2. Gray, J. E. (ed.) (1834) Cobra Capella. Illustrations of Indian zoology chiefly selected from the collection of Maj.-Gen. Hardwicke. Vol. II: Plate 78.
  3. Cantor, T. (1839) Naja larvata. Proceedings of the Zoological Society of London. Vol. VII: 32–33.
  4. Smith, M. A. (1940) Naja naja kaouthia. Records of the Indian Museum. Volume XLII: 485.

অতিৰিক্ত পঠন[সম্পাদনা কৰক]

  • Wüster, Wolfgang (1993) A century of confusion: Asiatic cobras revisited. Vivarium 4 (4): 14–18
  • Cox, Merel J. (1995) Naja kaouthia Herpetological Review 26 (3): 156–157
  • Kyi, S. W., Zug, G. R. (2003) Unusual foraging behaviour of Naja kaouthia at the Moyingye Wetlands Bird Sanctuary, Myanmar. Hamadryad 27 (2): 265–266
  • Wüster, W. Thorpe, R.S. (1991) Asiatic cobras: Systematics and snakebite. Experientia 47: 205–209
  • Wüster, W., Thorpe, R.S., Cox, M.J., Jintakune, P., Nabhitabhata, J. (1995) "Population systematics of the snake genus Naja (Reptilia: Serpentes: Elapidae) in Indochina: Multivariate morphometrics and comparative mitochondrial DNA sequencing (cytochrome oxidase I)". Journal of Evolutionary Biolology 8: 493–510
  • Wüster, W. (1996) Taxonomic changes and toxinology: Systematic revisions of the Asiatic cobras (Naja naja complex). Toxicon 34 (4): 399–406
  • Wüster, W. (1998) The cobras of the genus Naja in India Hamadryad 23 (1): 15–32

বাহ্যিক সংযোগ[সম্পাদনা কৰক]