চন্দ্ৰধৰ বৰুৱা
অসমীয়া ৱিকিপিডিয়া -ৰ পৰা
চন্দ্ৰধৰ বৰুৱা ( ১৮৭৪-১৯৬১) নাট্যকাৰ, কবি আৰু গীতিকাৰ৷ ১৮৭৪ চনৰ ১৫ অক্টোবৰত দেৰগাঁৱত জন্ম৷ ১৯৩০ চনত অসমৰ প্ৰতিনিধিৰূপে ভাৰতৰ স্বাধীনতা সম্পৰ্কে আলোচনা কৰিবলৈ ইংলেণ্ডত অনুষ্ঠিত ঘূৰণীয়া মেজমেলত যোগদান৷ ১৯১৮ চনত অসম সাহিত্য সভাৰ সভাপতি৷ ১৯২৬ চনত 'অসম সাহিত্য সভা প্ৰত্ৰিকা'ৰ প্ৰতিষ্ঠাপক সম্পাদক৷ ১৯২৯ চনত 'সাহিত্য ৰত্ন' উপাধি লাভ৷ প্ৰকাশিত পুথি: মেঘনাদ বধ নাট, ভাগ্য পৰীক্ষা, ৰঞ্জন, ৰত্নকোষ আদি৷ ১৯৬১ চনৰ ২৬ অক্টোবৰত মৃত্যু৷