চাকৰি ডট অৰ্গ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাকৰি ডট অৰ্গ
soft2i
বাণিজ্যক অব্যৱসায়িক
প্ৰকাৰ নিয়োগ সম্পৰ্কীয় বাতৰি
ভাষা ১ es-us
স্বত্বাধিকাৰী চাকৰি ডট অৰ্গ
সৃষ্টিকৰ্তা সত্যকাম দত্ত
অৱস্থান অসম, উত্তৰ-পূৰ্বাঞ্চল
মুকলি ১০ জুন, ২০১০
এলেক্সা স্থান 253,606[1]

চাকৰি ডট অৰ্গ হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ বিভিন্ন ব্যৱসায়িক প্ৰতিষ্ঠান, চৰকাৰী প্ৰতিষ্ঠান, শিক্ষানুষ্ঠান আদিৰ নিয়োগ সংক্ৰান্তীয় বাতৰি প্ৰকাশ কৰা এটা ৱেবছাইট। ২০১০ চনৰ ১০ জুনত ইয়াক মুকলি কৰা হয়। [2]

নিৰ্মাণ আৰু পৰিচালনা[সম্পাদনা কৰক]

চাকৰি ডট অৰ্গৰ মুখ্য পৃষ্ঠা

আই আই টি বোম্বেৰ ব্যৱস্থাপনা বিভাগৰ প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান ভাৰতীয় অসমাৰিক সেৱাৰ বিষয়া সত্যকাম দত্তই একক প্ৰচেষ্টাৰে এই ৱেবছাইটটো গঢ়ি তুলিছিল।[3] বৰ্তমান আন কেইবাজনো সদস্যই ইয়াৰ লগত জড়িত, যিসকলে প্ৰতি দিনে নিয়োগ সংক্ৰান্তীয় বাতৰিবোৰ প্ৰকাশ কৰে।

সুবিধা[সম্পাদনা কৰক]

  • নিয়োগ সংবাদৰ উপৰি ইয়াত দেশ-বিদেশৰ বৃত্তিৰ বাতৰিও উপলব্ধ হয়।
  • এছ.এম.এছ.ৰ মাধ্যমেৰে নিয়োগ সংবাদ গ্ৰহণ কৰিব পাৰি।[4]
  • নিয়োগ-কৰ্তাই নিজে নিয়োগৰ সংবাদ পঠিয়াব পৰা ব্যৱস্থা আৰু চাকৰি প্ৰত্যাশীয়ে bio-data সংলগ্ন কৰিব পৰা ব্যৱস্থা।[5]
অসমৰ বাহিৰত কৰ্মসূত্ৰে থকা অসমীয়া নৱ প্ৰজন্মৰ লোকসকল, যিসকল অসমলৈ পুনৰ ঘূৰি আহিবলৈ বিচাৰে তেওঁলোকৰ বাবে এই ৱেবছাইটটো খুবেই সহায়ক হৈ পৰিছে। চৰকাৰী-বেচৰকাৰী আদি বহুতো নিয়োগ সংবাদৰ মাধ্যমে ইতিমধ্যেই বহুতো অসমীয়ক অসমলৈ আকৰ্ষিত কৰিছে। Reverse Brain Drainৰ এটা উল্লেখযোগ্য মাধ্যম হৈ পৰিছে চাকৰি ডট অৰ্গ।

- হিমজ্যোতি তালুকদাৰ[6]

সফলতা[সম্পাদনা কৰক]

  • এলেক্সা ৰেংক ২৫৩,৬০৬ আৰু এলেক্সা ভাৰতীয় ৰেংক ২৪,১২২।[1]

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. 1.0 1.1 "sakori.org Site Info". Archived from the original on April 26, 2012. https://web.archive.org/web/20120426121731/http://www.alexa.com/siteinfo/sakori.org। আহৰণ কৰা হৈছে: October 09, 2012. 
  2. North East Business Reporter, October 2010
  3. এই মাহৰ ৱেবছাইট, সাতসৰী, আগষ্ট ২০১১, হিমজ্যোতি তালুকদাৰ।
  4. SMS Alert,Sakori[সংযোগবিহীন উৎস]
  5. "jobs.sakori.org". Archived from the original on 2012-12-15. https://web.archive.org/web/20121215152110/http://jobs.sakori.org/। আহৰণ কৰা হৈছে: 2012-10-09. 
  6. এই মাহৰ ৱেবছাইট, সাতসৰী, আগষ্ট ২০১১।

বাহ্যিক সংযোগ[সম্পাদনা কৰক]