চাতক

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চাতক বা টেলটুপী (Barn Swallow)
ৰাছিয়াত চাতক বা টেলটুপী
সংৰক্ষণ স্থিতি
জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন
জগৎ/ৰাজ্য: Animalia
পৰ্ব: Chordata
শ্ৰেণী: Aves
বৰ্গ: Passeriformes
পৰিয়াল: Hirundinidae
গণ: Hirundo
প্ৰজাতি: H. rustica
বৈজ্ঞানিক নাম
Hirundo rustica
Linnaeus, 1758
চাতক চৰাইৰ বিতৰণ
  Breeding range
  Resident year-round
  Non-breeding range
সমাৰ্থক
  • Hirundo erythrogaster

চাতক বা টেলটুপী (ইংৰাজী: Barn Swallow, বৈজ্ঞানিক নাম-Hirundo rustica) চাতক(Swallow) এইজাতীয় চৰাইসমূহৰ ভিতৰত আটাইতকৈ বহুলভাৱে বিস্তৃত হৈ থকা চৰাইৰ প্ৰজাতি।[2] ই এবিধ সহজে চিনিব পৰা চৰাই-ইয়াৰ দেহৰ ওপৰভাগ নীল-বৰণীয়া, নেজ জোঙা আৰু দকৈ দুভাগকৈ কটা। ইয়াক প্ৰধানকৈ ইউৰোপ, এছিয়া, আফ্ৰিকা আৰু আমেৰিকাত দেখা পোৱা যায়। [2]

বিৱৰণ[সম্পাদনা কৰক]

ইংলেণ্ডত চাতক চৰাই

পূৰ্ণবয়স্ক চাতক চৰাইৰ দেহৰ দৈৰ্ঘ্য প্ৰায় ১৭-১৯ ছে:মি: আৰু ওজন প্ৰায় ১৬-২২ গ্ৰাম হয়। ইয়াৰ দেহৰ ওপৰ অংশ নীলা বৰণীয়া আৰু কপাল আৰু ডিঙি মাখনবৰণীয়া। ইয়াৰ বুকুত বহল আৰু গাঢ় নীলা আঁচ এডাল থাকে। চাতক চৰাইৰ নেজ দীঘলীয়া আৰু খাঁজকটা হয়। নেজৰ ওপৰৰ ফালে বগা দাগেৰে এডাল দীঘলীয়া আঁচ থকা দেখা যায়। [3]

মাইকী চাতক চৰাই দেখাত মতাটোৰ সৈতে একে হয়, কিন্তু ইয়াৰ নেজ কিছু চুটি আৰু বুকুৰ আঁচডাল সিমান উজ্জ্বল নহয়। পোৱালি চাতক চৰাইৰ গাৰ বৰণ মুগা হয় আৰু মুখখন কিছু ৰঙচুৱা হয়। ইয়াৰ দেহৰ তলৰ অংশ বগা চানেকীয়া হোৱা দেখা যায়। ইয়াৰো পূৰ্ণবয়স্ক চৰাইতকৈ নেজৰ দৈৰ্ঘ্য কম হোৱা দেখা যায়। [2]

টেক্স'নমি[সম্পাদনা কৰক]

চাতক চৰাইৰ বিষয়ে পোণপ্ৰথমে কেৰ'লাছ লিনিয়াছে ১৭৫৮ চনত তেওঁৰ 'Systema Naturae' নামৰ গ্ৰন্থত 'Hirundo rustica' নামৰে উল্লেখ কৰিছিল।[4][5]

ইউৰোপীয়ান চাতক চৰাইৰ ভিডিঅ'

বৰ্তমানলৈকে চাতক চৰাইৰ ছটা উপ-প্ৰজাতি চিনাক্ত কৰা হৈছে-

  • Hirundo rustica saturata- ১৮৮৩, ৰবাৰ্ট ৰিডগৱে (Robert Ridgway)- প্ৰধানকৈ পূব এছিয়াত বিস্তৃত। [6]
  • Hirundo rustica rustica- ইউৰোপ আৰু এছিয়াত বিস্তৃত হৈ আছে। [2] The Barn Swallows wintering in southern Africa are from across Eurasia to at least 91°E,[7]
  • Hirundo rustica transitiva - ১৯১০, আৰ্ণেষ্ট হাৰ্টাৰ্ট (Ernst Hartert)- মধ্য-পূব প্ৰান্তৰ তুৰ্কী, ইজৰাইল আদি দেশত বিস্তৃত। [2]
leftজাপানত H. r. gutturalis
  • Hirundo rustica savignii- ১৮১৭, জেমছ ফ্ৰান্সিছ ষ্টিফেনছ (James Francis Stephens)-ফ্ৰান্সত দেখা পোৱা যায়[8]
  • Hirundo rustica gutturalis, ১৭৮৬, Giovanni Antonio Scopoli[6][9]
  • Hirundo rustica tytleri, ১৮৬৪, থমাছ জাৰদন (Thomas C. Jerdon)[6][9]
আমেৰিকাত H. r. erythrogaster
  • Hirundo rustica erythrogaster,১৭৮৩,Pieter Boddaert- প্ৰধানকৈ উত্তৰ আমেৰিকাত দেখা যায়। [6]

| deadurl= no}}</ref> -->

তথ্যসূত্ৰ[সম্পাদনা কৰক]

  1. BirdLife International (2012). "Hirundo rustica". IUCN Red List of Threatened Species. Version 2012.1. International Union for Conservation of Nature. http://www.iucnredlist.org/apps/redlist/details/106007116। আহৰণ কৰা হৈছে: 16 July 2012. 
  2. 2.0 2.1 2.2 2.3 2.4 Turner, Angela K; Rose, Chris (1989). Swallows & martins: an identification guide and handbook. প্ৰকাশক Boston: Houghton Mifflin. ISBN 0-395-51174-7.  p164–169
  3. Snow, David; Perrins, Christopher M (editors) (1998). The Birds of the Western Palearctic concise edition (2 volumes). প্ৰকাশক Oxford: Oxford University Press. ISBN 0-19-854099-X.  p1061–1064
  4. লেটিন Linnaeus, Carolus (1758). Systema naturae per regna tria naturae, secundum classes, ordines, genera, species, cum characteribus, differentiis, synonymis, locis. Tomus I. Editio decima, reformata.. Holmiae. (Laurentii Salvii).. পৃষ্ঠা. 191. 
  5. Lewis, Charlton T (1888). A Latin dictionary for schools. Harper & Brothers. ISBN 0-19-910204-X. http://www.archive.org/details/latindictionaryf00lewiuoft. 
  6. 6.0 6.1 6.2 6.3 Dickinson, Edward C.; Eck, Siegfried; Christopher M. Milensky (2002). "Systematic notes on Asian birds. 31. Eastern races of the barn swallow Hirundo rustica Linnaeus, 1758". Zoologische Verhandelingen, Leiden খণ্ড 340: 201–203. ISSN 0024-1652. http://www.repository.naturalis.nl/document/46729। আহৰণ কৰা হৈছে: 2007-11-17. 
  7. "European Swallow Hirundo rustica". SAFRING results. Avian Demography Unit, Department of Statistical Sciences, University of Cape Town. Archived from the original on 2007-12-11. https://web.archive.org/web/20071211102131/http://web.uct.ac.za/depts/stats/adu/safring/results/0493.htm। আহৰণ কৰা হৈছে: 2007-12-01. 
  8. Dekker, René (2003). "Type specimens of birds. Part 2.". NNM Technical Bulletin খণ্ড 6: 20. http://www.repository.naturalis.nl/document/43413। আহৰণ কৰা হৈছে: 2001-11-24. 
  9. 9.0 9.1 Rasmussen, Pamela C. & John C. Anderton (2005). Birds of South Asia: The Ripley Guide. Smithsonian Institution and Lynx Edicions. ISBN 84-87334-67-9. 

আলোকচিত্ৰৰ ভঁৰাল[সম্পাদনা কৰক]

বাহ্যিক সংযোগ[সম্পাদনা কৰক]

লগতে চাওক[সম্পাদনা কৰক]

Smiddy, P. 2010. Post-fledging roosting at the nest in juvenile barn swallows (Hirundo rustica). Ir Nat. J. : 31: 44 – 46.