চালভাদ'ৰ দালি

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চালভাদ'ৰ দালি

২৯ নৱেম্বৰ, ১৯৩৯ত কাৰ্ল ভান ভেচ্‌তেনে লোৱা দালিৰ আলোকচিত্ৰ
নাম চালভাদ'ৰ হেল' ফেলিপ জেচিন্ত' দালি ই ডমিনিচ
জন্ম মে' ১১, ১৯০৪
ফিগুৱেৰেচ, কাটালনিয়া
মৃত্যু জানুৱাৰী ২৩, ১৯৮৯ (৮৪ বছৰ)
ফিগুৱেৰেচ, কাটালনিয়া
দেশ স্পেনীয়
পেচা চিত্ৰ, নক্সা, আলোকচিত্ৰ, ভাস্কৰ্য, লিখা, চলচ্চিত্ৰ
প্ৰশিক্ষণ , মাদ্ৰিদ
বিপ্লৱ কিউবিজম, দাদা, চাৰিয়েলিজম
কৰ্মৰাজী দা পাৰ্চিচ্‌টেন্স অৱ মেম'ৰী (১৯৩১)
ফে'চ অৱ মে' ৱেষ্ট হুইচ্‌ মেই বি ইউজ্‌দ এজ এন এপাৰ্টমেণ্ট , (১৯৩৫)
ছফ্ট কন্‌ষ্ট্ৰাক‌চন ৱিথ ব'ইল্‌ড বীনচ্‌ (অসামৰিক যুদ্ধৰ পূৰ্বানুমান) (১৯৩৬)
স্বানচ্‌ ৰিফ্লেক্‌টিং এলিফেণ্টচ্‌ (১৯৩৭)
বেলেৰিনা ইন এ ডেথচ্‌ হে'ড (১৯৩৯)
ড্ৰিম ক'জড বাই দা ফ্লাইট অৱ এ বী এৰাউণ্ড এ প'মেগ্ৰেনেট এ চেকেণ্ড বিফ'ৰ এৱেকেনিং (1944)
দা টেম্পটেচন অৱ ছেইণ্ট এন্থনী (১৯৪৬)
গেলেটী অৱ দা স্ফেয়াৰ্চ্‌ (১৯৫২)
ক্ৰুচিফিক্সন (ক'ৰপাচ্‌ হাইপাৰকিউবাচ্‌ (১৯৫৪)

চালভাদ'ৰ ডমিনিক ফেলিপ জেচিন্ত দালি ই ডমিনিচ, মাৰ্কুচ দে পিউবল (১১ মে', ১৯০৪ – ২৩ জানুৱাৰী, ১৯৮৯), বা অধিক জনাজাত চালভাদ'ৰ দালি (কাটালান উচ্চাৰণ: [səɫβəˈðo ðəˈɫi]), আছিল ফিগুৱেৰেচত জন্মলাভ কৰা এজন প্ৰখ্যাত স্পেনীয় কাটালান চিত্ৰশিল্পী।

দালি কৌশলগত নক্সাত পাৰ্গত আছিল। তেখেত চাৰিয়েলিজম বা অধিবাস্তৱবাদী ধাৰাৰ অদ্ভুত অথচ চকুতলগা চিত্ৰসমূহৰ বাবে জনপ্ৰিয় হৈ পৰিছিল। ৰেঁনেচা যুগৰ শিল্পীসকলৰ প্ৰভাৱ তেখেতৰ চিত্ৰত পৰা বুলিও কোৱা হয়[1][2]। তেখেতৰ সৰ্বোৎকৃষ্ট কৰ্ম, দা পাৰ্চিচ্‌টেন্স অৱ মেম'ৰী ১৯৩১ চনত সমাপ্ত হয়। তাৰ উপৰিও তেখেতৰ চলচ্চিত্ৰ, ভাস্কৰ্য আৰু আলোকচিত্ৰ গ্ৰহণতো দখল আছিল যাক বিভিন্ন ক্ষেত্ৰত আন আন বহুতো শিল্পীৰ লগত ফুটাই তুলিছিল।

দালিৰ কল্পনাশক্তি আছিল প্ৰচুৰ, লগতে আচহুৱা আচৰণৰ প্ৰতি তেখেতৰ অহেতুক প্ৰীতি আছিল। অপ্ৰকৃতিস্থ ব্যৱহাৰ আৰু মনোযোগ আকৰ্ষণৰ বাবে কৰা ৰাজহুৱা কাম-কাজ কিছুমানে মাজে-সময়ে তেখেতৰ চিত্ৰশিল্পতকৈ অধিক প্ৰচাৰ লাভ কৰিছিল। ইয়াৰ বাবে তেখেত অনুৰাগী আৰু সমালোচকসকলৰ অপ্ৰিয়ভাজন হৈছিল [3]

গেলাৰী [সম্পাদনা কৰক]

তথ্যসূত্ৰ [সম্পাদনা কৰক]

  1. "Phelan, Joseph, ',The Salvador Dalí Show". Artcyclopedia.com. http://www.artcyclopedia.com/feature-2005-03.html। আহৰণ কৰা হৈছে: August 22, 2010. 
  2. Dalí, Salvador. (2000) Dalí: 16 Art Stickers, Courier Dover Publications. ISBN 0-486-41074-9.
  3. Saladyga, Stephen Francis. "The Mindset of Salvador Dalí". lamplighter (Niagara University). Vol. 1 No. 3, Summer 2006. Retrieved July 22, 2006.