চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া
ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় বোৰ্ড
भारतीय प्रतिभूति और विनिमय बोर्ड

ছেবি ভৱন, মুম্বইৰ মূখ্য কাৰ্যালয়
সংস্থাৰ ৰূপৰেখা
গঠন ১২ এপ্ৰিল, ১৯৯২[1]
ক্ষেত্ৰাধিকাৰ ভাৰত চৰকাৰ
মুখ্য কাৰ্যালয় মুম্বাই, মহাৰাষ্ট্ৰ
কৰ্মচাৰী ৬৪৩ (২০১২)[2]
সংস্থাৰ কাৰ্যবাহী মাধৱী পুৰী বুচ, অধ্যক্ষ
ৱেবছাইট www.sebi.gov.in

চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া (চমুকৈ ছেবি) বা ভাৰতীয় প্ৰতিভূতি আৰু বিনিময় বোৰ্ড হৈছে ভাৰতৰ চিকিউৰিটি অৰ্থাৎ ঋণপত্ৰৰ বজাৰখনৰ নিয়ন্ত্ৰণকাৰী এক প্ৰতিষ্ঠান। ১৯৮৮ চনত প্ৰতিষ্ঠা কৰা ছেবিৰ হাতত চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া আইন ১৯৯২-ৰ অধীনত ১৯৯২ চনৰ ১২ এপ্ৰিলত আইনী ক্ষমতাসমূহ প্ৰদান কৰা হয়।[1]

ইতিহাস[সম্পাদনা কৰক]

১৯৮৮ চনত ভাৰত চৰকাৰে আনুষ্ঠানিকভাৱে ব’ৰ্ডখনৰ প্ৰতিষ্ঠা কৰে যদিও ১৯৯২ চনৰ ১২ এপ্ৰিলত চিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়া আইন ১৯৯২ সংসদে গৃহীত কৰাৰ পিছতহে উক্ত আইনখনৰ অধীনত ইয়াক আইনী ক্ষমতাসমূহ প্ৰদান কৰা হয়। ছেবিৰ মূখ্য কাৰ্যালয় মুম্বাইৰ বান্দ্ৰা কাৰ্লা কমপ্লেক্সত অৱস্থিত। ইয়াৰ উত্তৰ, পুব, দক্ষিণ আৰু পশ্চিম অঞ্চলৰ ক্ষেত্ৰীয় কাৰ্যালয়সমূহ যথাক্ৰমে নতুন দিল্লী, কলকাতা, চেন্নাই আৰু আহমদাবাদত অৱস্থিত।

ছেবি প্ৰতিষ্ঠা হোৱাৰ আগতে কেপিটেল ইচ্যুছ আইন ১৯৪৭-ৰ অধীনত কন্ত্ৰ’লাৰ অফ কেপিটেল ইচ্যুছ নামৰ সংস্থাটো চিকিউৰিটি বজাৰৰ নিয়ন্ত্ৰণকাৰী ভূমিকাত আছিল।

প্ৰথমাৱস্থাত ছেবি আইনী ক্ষমতা থকা এক অনা-আইনী সংস্থা আছিল। ১৯৯৫ চনত ছেবি আইনৰ সংশোধনীৰ যোগেদি ভাৰত চৰকাৰে প্ৰতিষ্ঠানটোক অতিৰিক্ত আইনী ক্ষমতা প্ৰদান কৰে।

ছেবি মুঠ ন জন সদস্যৰে গঠিত।

  1. ভাৰত চৰকাৰৰদ্বাৰা নিৰ্বাচিত এগৰাকী অধ্যক্ষ।
  2. বিত্ত মন্ত্ৰণালয়ৰ দুজন বিষয়া।
  3. ভাৰতীয় ৰিজাৰ্ভ বেংকৰ এজন সদস্য।
  4. কেন্দ্ৰীয় চৰকাৰে নিৰ্বাচিত কৰা ৫ জন সদস্য। ইয়াৰে কমেও ৩ জন সদস্য পূৰ্ণকালীন।

ক্ষেত্ৰীয় কাৰ্যালয়সমূহৰ উপৰিও জয়পুৰ আৰু বাংগালোৰত ছেবিৰ স্থানীয় কাৰ্যালয় আছে।

দায়িত্ব আৰু কাৰ্যাৱলী[সম্পাদনা কৰক]

ছিকিউৰিটিজ এণ্ড এক্সচেঞ্জ ব’ৰ্ড অফ ইণ্ডিয়াৰ ভূমিকা শীৰ্ষক অনুচ্ছেদত কাৰ্যাৱলীৰ বিষয়ে কোৱা হৈছে যে "...ঋণপত্ৰত বিনিয়োগকাৰীসকলৰ স্বাৰ্থৰ সুৰক্ষা আৰু ছিকিউৰিটি বজাৰ তথা ইয়াৰ সৈতে সম্পৰ্কিত বিষয়সমূহৰ উন্নতি আৰু নিয়ন্ত্ৰণ"

ছেবি নিম্নলিখিত ছিকিউৰিটি বা ঋণপত্ৰৰ বজাৰখনৰ তিনিটা মূল উপাদানৰ প্ৰতি দায়িত্বশীল:

  • ঋণপত্ৰৰ বিতাৰক
  • বিনিয়োগকাৰী
  • মধ্যভোগী

ছেবিয়ে মূলতঃ তিনিটা দিশত কাৰ্যসমূহ চলাই নিয়ে: প্ৰতিষ্ঠানটোৱে -

  1. নীতি-নিয়মসমূহ প্ৰণয়ন কৰে।
  2. অনুসন্ধান চলায় আৰু নীতিসমূহ কাৰ্যকৰী কৰে।
  3. অধিসূচনা তথা নিৰ্দেশনা জাৰী কৰে।

অৰ্থাৎ ছেবি একে সময়তে আইনকৰ্তা, বিচাৰকৰ্তা আৰু কাৰ্যকৰ্তা। ছেবিৰ তিনিগৰাকী সদস্যৰে গঠিত এক বিচাৰালয়ো (Securities Appellate Tribunal) আছে আৰু ইয়াৰ বৰ্তমানৰ মূৰব্বী ব’ম্বে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশ জে পি দেৱধৰ।[3]

ক্ষমতাসমূহ[সম্পাদনা কৰক]

ছেবিৰ হাতত নিম্নলিখিত ক্ষমতাসমূহ প্ৰদান কৰা হৈছে:

  1. ষ্টক এক্সচেঞ্জসমূহৰ উপৰঞ্চি আইনসমূহক বৈধতা প্ৰদান,
  2. ষ্টক এক্সচেঞ্জসমূহৰ উপৰঞ্চি আইনসমূহৰ সালসলনি,
  3. প্ৰতিষ্ঠিত ষ্টক এক্সচেঞ্জসমূহৰ হিচাপৰ বহী আৰু পিৰিয়ডিকেল ৰিটাৰ্নৰ পৰীক্ষণ,
  4. বিত্তীয়মধ্যভোগীসমূহৰ হিচাপৰ বহীৰ পৰীক্ষণ,
  5. নিৰ্দিষ্ট কিছুমান কোম্পানীক তেওঁলোকৰ অংশপত্ৰসমূহ এক বা ততোধিক ষ্টক এক্সচেঞ্জত অন্তৰ্ভূক্ত কৰিবলৈ বাধ্য কৰা,
  6. দালালসমূহৰ ভূক্তিকৰণ।

বিভিন্ন কমিটিসমূহ[সম্পাদনা কৰক]

  1. টেকনিকেল এডভাইছৰী কমিটি
  2. কমিটি ফৰ ৰিভিউ অফ ষ্ট্ৰাকচাৰ অফ মাৰ্কেট ইনফ্ৰাষ্ট্ৰাকচাৰ ইনষ্টিটিউচনছ

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. 1.0 1.1 "About SEBI". SEBI. Archived from the original on 3 October 2010. http://www.sebi.gov.in/sebiweb/stpages/about_sebi.jsp। আহৰণ কৰা হৈছে: 26 September 2012. 
  2. http://www.sebi.gov.in/acts/EmployeeDetails.html
  3. Govt appoints JP Devadhar as new Presiding Officer of Securities Appellate Tribunal - Economic Times. Articles.economictimes.indiatimes.com (2013-07-15). Retrieved on 2013-12-06.

বাহ্যিক সংযোগ[সম্পাদনা কৰক]