চি এন আৰ ৰাও
| চিন্তামানি নাগেশা ৰামচন্দ্ৰ ৰাও (Chintamani Nagesa Ramachandra Rao) | |
|---|---|
| জন্ম | ৩০ জুন, ১৯৩৪ বাংগালোৰ, কৰ্ণাটক, ভাৰত |
| জাতীয়তা | Iভাৰতীয় |
| ক্ষেত্ৰ | ৰসায়ন বিজ্ঞান |
| প্ৰতিষ্ঠান | ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কানপুৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান অক্সফ'ৰ্ড বিশ্ববিদ্যালয় কেমব্ৰিজ বিশ্ববিদ্যালয় কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয়, ছান্টা বাৰবাৰা জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰ |
| শিক্ষানুষ্ঠান | বেনাৰস হিন্দু বিশ্ববিদ্যালয় পুৰুডে বিশ্ববিদ্যালয় |
| জনা যায় | কঠিন-অৱস্থাৰ ৰসায়ন আৰু বস্ত বিজ্ঞান |
| উল্লেখনীয় বঁটা | হুগছ মে'ডেল (2000) ভাৰত বিজ্ঞান পুৰস্কাৰ (2004) এফ আৰ এছ(১৯৮৪) আব্দুছ চালাম মে'ডেল (২০০৮) ডান ডে'ভিদ পুৰস্কাৰ (২০০৫) লীজ'ন সন্মান (২০০৫) পদ্মশ্ৰী পদ্ম বিভূষণ |
চিন্তামানি নাগেশা ৰামচন্দ্ৰ ৰাও, (চি. এন. আৰ. ৰাও হিচাপে প্ৰখ্যাত) (কানাড়া: ಚಿಂತಾಮಣಿ ನಾಗೇಶ ರಾಮಚಂದ್ರ ರಾಯ(Ciṃtāmaṇi Nāgēśa Rāmacaṃdra Rāva)) (জন্ম ৩০ জুন ১৯৩৪, বাংগালোৰ, ভাৰত) এজন বিখ্যাত ভাৰতীয় ৰসায়নবিজ্ঞানী। তেওঁ মূখ্যতঃ কঠিন-অৱস্থা আৰ গাঁথনিক ৰসায়ন(structural chemistry) বিষয়ত কৰ্মৰত। ৰাও বৰ্তমান ভাৰতৰ প্ৰধানমন্ত্ৰীৰ বৈজ্ঞানিক উপদেষ্টা পৰিষদৰ প্ৰধান।
সূচী |
শিক্ষা[সম্পাদনা কৰক]
অধ্যাপক ৰাওয়ে ১৯৫১ চনত মহীশূৰ বিশ্ববিদ্যালয়ৰ পৰা বিজ্ঞানৰ স্নাতক আৰু তাৰ ২ বছৰ পিছত বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰে। ১৮৫৮ চনত তেওঁ পুৰুডে বিশ্ববিদ্যালয়(Purdue University)ৰ পৰা পি এইছি ডি ডিগ্ৰী লাভ কৰে। ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, কানপুৰত তেওঁ ১৯৬৩ চনৰ পৰা ১৯৭৬ চনলৈকে অধ্যাপক হিচাপে কাম কৰে। ১৯৮৪ চনৰ পৰা ১৯৯৪ চনলৈকে অধ্যাপক ৰাও ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠান, বাংগালোৰৰ সঞ্চালক পদত কৰ্মৰত আছিল। বিভিন্ন সময়ত তেওঁ পুৰুডে বিশ্ববিদ্যালয়, অক্সফ'ৰ্ড বিশ্ববিদ্যালয়, কেমব্ৰিজ বিশ্ববিদ্যালয়, ছান্টা বাৰবাৰাৰ কেলিফ'ৰ্নিয়া বিশ্ববিদ্যালয় ইত্যাদি সুপ্ৰসিদ্ধ প্ৰতিষ্ঠানত ভিজিটিং প্ৰফেছৰ হিচাপেও কৰ্মৰত আছিল। তেওঁ বাংগালোৰত অৱস্থিত জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰৰ প্ৰতিস্থাপক সভাপতি।
পেচা[সম্পাদনা কৰক]
বৰ্ত্তমান চি এন আৰ ৰাও জাতীয় গৱেষণা অধ্যাপক(National Research Professor) আৰু লিনাচ পাউলিং(Linus Pauling) গৱেষণা অধ্যাপক আৰু লগতে বাংগালোৰৰ জৱাহৰলাল নেহৰু উন্নত বৈজ্ঞানিক গৱেষণা কেন্দ্ৰৰ সন্মানীয় সভাপতি। ২০০৫ চনত অধ্যাপক ৰাওক প্ৰধানমন্ত্ৰীৰ বৈজ্ঞানিক উপদেষ্টা পৰিষদৰ অধ্যক্ষ হিচাপে নিযুক্তি দিয়া হয়। ১৯৮৫-১৯৮৯ চনৰ কালছোৱাতো তেওঁ একেই পদবীত কাৰ্যৰত আছিল। ইয়াৰ লগতে তেওঁ আন্তৰাষ্ট্ৰীয় বস্তু বিজ্ঞান গৱেষণা কেন্দ্ৰ(International Centre for Materials Science (ICMS))ৰ সঞ্চালক।
অধ্যাপক ৰাও কঠিন অৱস্থা আৰু বস্তু বিজ্ঞান(Materials Science)ৰ ক্ষেত্ৰৰ বিশ্বৰ অগ্ৰণী ৰসায়নবিজ্ঞানী সকলৰ ভিতৰত অন্যতম। তেওঁ পাঁচ দশকতকৈও অধিক কাল ধৰি এই ক্ষেত্ৰৰ গৱেষণালৈ উল্লেখনীয় বৰঙনি আগবঢ়াই আহিছে। সংক্ৰমণ মে'টেল অক্সাইদ(transition metal oxide)ৰ গৱেষণাত তেওঁৰ বৈজ্ঞানিক অৱদানে বহু মৌলিক প্ৰক্ৰিয়া বুজাৰ ক্ষেত্ৰত বাট দেখুওৱাৰ লগতে পদাৰ্থৰ ৰাসায়নিক গঠন আৰু বস্তুগত বা ভৌতিক ধৰ্মসমূহৰ মাজৰ সম্পৰ্কৰ অধয়নৰ ক্ষেত্ৰতো প্ৰভূত বৰঙনি যোগাইছে।
অধ্যাপক ৰাও দ্বি-মাত্ৰিক অক্সাইদ পদাৰ্থ, যেনে La2CuO4 সংশ্লেষণৰ বাটকটীয়াসকলৰ অন্যতম। সংযুক্তিগত ভাৱে নিয়ন্ত্ৰিত ধাতু-অপৰিবাহী সংক্ৰমণৰ পদ্ধতিগত অধ্যয়নৰ ক্ষেত্ৰলৈও তেওঁৰ বৈজ্ঞানিক অৱদান আছে। বিশাল চুম্বকীয় ৰোধ(colossal magneto resistance) আৰু উচ্চ উষ্ণতা অতিপৰিবাহিতা(high temperature superconductivity) ইত্যাদি ক্ষেত্ৰত এনেধৰণৰ অধ্যয়নৰ গভীৰ প্ৰয়োগ আছে। অক্সাইদ অৰ্ধপৰিবাহী বিলাকৰ আচহুৱা ধৰণৰ প্ৰায়োগিক সম্ভাৱনীয়তা আছে। বিগত দুটা দশকত সংকৰ পদাৰ্থৰ ক্ষেত্ৰৰ লগতে নেন'-পদাৰ্থ(nanomaterials)ৰ গৱেষণাৰ ক্ষেত্ৰতো তেওঁৰ বিশাল বৰঙনি যোগাইছে। তেওঁ ১৫০০ ত কৈও অধিক বৈজ্ঞানিক গৱেষণা পত্ৰৰ লেখক। তেওঁ ৪২ খন বিজ্ঞান গ্ৰন্থ প্ৰণয়ন আৰু সম্পাদনা কৰিছে।
ৰাও বিজ্ঞান পদক্ষেপ গোট(Science Initiative Group) মণ্ডলৰো কাৰ্যবাহী।
সন্মান আৰু বঁটা[সম্পাদনা কৰক]
২০০০ চনত লণ্ডনৰ ৰ'য়েল চছাইটিয়ে সন্মানীয় হুগছ্ মে'ডেল প্ৰদান কৰে। কঠিন-অৱস্থাৰ ৰসায়ন আৰু মে'টেৰিয়েল বিজ্ঞানৰ ক্ষেত্ৰলৈ আগবঢ়োৱা অৱদানৰ বাবে ভাৰত চৰকাৰৰ দ্বাৰা স্থাপিত ভাৰত বিজ্ঞান পুৰস্কাৰ ২০০৪ চনত পোনপ্ৰথম বাৰৰ বাবে অধ্যাপক ৰাওক প্ৰদান কৰা হৈছিল।
ৰাও বহু আন্তঃৰাষ্ট্ৰীয় বঁটাৰ প্ৰাপক হোৱাৰ লগতে বিশ্বৰ বহু বিখ্যাত সংস্থাৰো সদস্য। তেওঁ আমেৰিকাৰ National Academy of Sciences, American Academy of Arts and Sciences, আৰু Royal Society (লণ্ডন; এফ আৰ এছ, ১৯৮২), ফৰাঁচী একাডে'মী (French Academy), জাপানীজ একাডে'মী(Japanese Academy), Serbian Academy of Sciences and Arts আৰু পন্টিফিকেল একাডে'মী(Pontifical Academy)ৰ সন্মানীয় সদস্য।
২০০৫ চনত তেওঁক ডান ডেভিদ পুৰস্কাৰ [1] George Whitesides আৰু Robert Langerৰ সৈতে যুটীয়াভাৱে টেল আভিভ বিশ্ববিদ্যালয়ৰ ডান ডেভিদ ফাউণ্ডেছন(Dan David Foundation)ৰ পৰা প্ৰদান কৰা হয়। [2] ২০০৫ চনত তেওঁক Chevalier de la Légion d'honneur (Knight of the Legion of Honour) প্ৰদান কৰে ফ্ৰান্স চৰকাৰে। অধ্যাপক ৰাও ভাৰত চৰকাৰৰৰ দ্বাৰা পদ্মশ্ৰী আৰু পদ্ম বিভূষণ আৰু কৰ্ণাটকৰ ৰাজ্যিক চৰকাৰৰ দ্বাৰা কৰ্ণাটক ৰত্ন সন্মানেৰে বিভূষিত হৈছে। তেওঁ Bangladesh Academy of Sciencesৰ "বিদেশী ফেল'"।[3] ২০০৪০ চনত কলিকতা বিশ্ববিদ্যালয়ে তেওঁক সন্মানীয় Doctor of Science প্ৰদান কৰে। [4]