চুতীয়া ৰাজ্য (ইংৰাজী: Sutiya kingdom) আছিল ত্ৰয়োদশ শতিকাত ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে "সোৱনশিৰি" আৰু "দিচাং নদী"ৰ মাজত এক বিশাল সাম্ৰাজ্য[1]। ১১৮৭ চনত বীৰপালে শদিয়াক ৰাজধানী পাতি উত্তৰ-পূব অসম আৰু অৰুণাচলৰ কিছু অঞ্চল লৈ চুতীয়া ৰাজ্য স্থাপন কৰিছিল। ইয়াৰ পিছত প্ৰায় দহজনমান ৰজাই এই সাম্ৰাজ্য চলাইছিল। কামৰূপ ৰাজ্য ধ্বংস হোৱাৰ লগে লগে অসমৰ উত্তৰ-পূবত চুতীয়াসকল, পশ্চিমদিশে বাৰভূঞা বিষয়াসকল আৰু খেন ৰজাসকল ক্ষমতালৈ আহিছিল[2]। অসমৰ স্থানীয় জনজাতিসকলৰ মাজত চুতীয়াসকল অন্যতম। তেওঁলোক তিব্বত-বাৰ্মীজ গোষ্ঠীৰ লোক আছিল আৰু তিব্বত-বাৰ্মীজ ভাষা ব্যৱহাৰ কৰিছিল। সাম্প্ৰতিক কালত, চুতীয়াসকলে অসমীয়া ভাষা ব্যৱহাৰ কৰে।
আনুমানিক ১১৮৭ চনত চুতীয়া ৰাজ্যৰ প্ৰথম ৰজা বীৰপাল বা বীৰবৰে প্ৰথমতে সোৱনশিৰি নদীৰ দাঁতিত অৱস্থিত সোণাগিৰি পাহাৰত বসবাস কৰা ৬০ ঘৰ মানুহৰ ওপৰত অধিনায়কত্ব স্থাপন কৰি শাসন কৰিবলৈ লৈছিল। ইয়াৰ পিছত চুবুৰীয়া জনজাতিসকলক পৰাস্ত কৰি তেওঁ 'গয়াপাল' নাম লৈছিল। পিছলৈ তেওঁ উত্তৰ-পূব অসম আৰু অৰুণাচলৰ অধিক অঞ্চল লৈ চুতীয়া ৰাজ্য বিস্তাৰ কৰে। শদিয়াক তেওঁ চুতীয়া ৰাজ্যৰ ৰাজধানী পাতিছিল।
ত্ৰয়োবিংশ শতিকাৰ আগভাগত আহোমসকলে অসমত তেওঁলোকৰ ৰাজ্য স্থাপন কৰিবৰ সময়ত উজনি অসমত চুতীয়াসকলেই আটাইতকৈ শক্তিশালী আছিল। এখন আহোম বুৰঞ্জীৰ মতে সি সময়ত চুতীয়া ৰাজ্যৰ পূবে আছিল ব্ৰহ্মকুণ্ড, পশ্চিমে চিচি নদী (সোৱনশিৰিৰ উপনদী), উত্তৰে পৰ্বতমালা আৰু দক্ষিণে বুঢ়ীদিহিং নদী। চুতীয়াসকলৰ মাজত বুৰঞ্জী লিখাৰ প্ৰথা নথকাৰ বাবে তেওঁলোকৰ আটাইবোৰ ৰজাৰ নাম জনা নাযায়। দেওধাই অসম বুৰঞ্জীৰ মতে বাৰ শতিকাৰ মাজভাগৰ পৰা ষোল্ল শতিকাৰ আগভাগলৈকে মুঠ দহজন চুতীয়া ৰজাই ৰাজত্ব কৰিছিল। নোই ইলিয়াছ চাহাবৰ "হিষ্ট্ৰী অৱ দা শ্বান্ছ" গ্ৰন্থৰ মতে আহোম ৰাজ্যৰ প্ৰতিষ্ঠাপক চুকাফাৰ সমসাময়িক চুতীয়া ৰজা কোছীৰ আগতে তেওঁৰ বংশৰ চৌত্ৰিশজন ৰজাই ৰাজত্ব কৰিছিল। তালৈ চাই কোনো কোনো পণ্ডিতে চুতীয়াসকলে খ্ৰীষ্টীয় সপ্তম শতিকামানতে ৰাজ্য স্থাপন কৰিছিল বুলি অনুমান কৰে।[3]
চুতীয়া ৰজাসকলৰ মাজত আটাইতকৈ শক্তিশালী তথা প্ৰভাৱশালী ৰজা আছিল বীৰপালৰ পুত্ৰ গৌৰীনাৰায়ণ (ৰত্নধ্বজপাল)[4]। ১২২৪ চনত তেওঁ স্বেতাগিৰিৰ ৰজা "ভদ্ৰসেন"ক যুদ্ধত হৰুৱাইছিল। তাৰপিছত ন্যায়পালক বশ কৰি কমতাপুৰ লৈকে আগবাঢ়ি গৈছিল। তেওঁ ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰৰ ৰত্বপুৰ বা ৰতনপুৰত ৰাজধানী স্থাপন কৰিছিল আৰু কমতাপুৰৰ ৰজাৰ জীয়েকক বিয়া পাতি বন্ধুত্ব স্থাপন কৰিছিল। ইয়াৰ উপৰিও তেওঁৰ ৰাজত্বকালত বহুতো চুতীয়া গোটক নিজ ৰাজ্যৰ অধীনলৈ আনিছিল অথবা গোটবোৰক চুতীয়া ৰাজ্যৰ লগত মিলি যাবলৈ উৎসাহিত কৰিছিল।
১৩৭৬ চনত হোৱা কোনো এক দ্বন্দৰ ফলত চুতীয়া ৰজাৰ হাতত আহোম ৰজা চুতাফাৰ মৃত্যু হয়। এনেদৰেই আহোম আৰু আৰু চুতীয়াসকলৰ মাজত কাজিয়া আৰম্ভ হয় আৰু এই কাজিয়া বহু বছৰ ধৰি চলি আছিল। অৱশেষত, ১৫২২ চনত আহোমে চুতীয়া ৰজা নীতিপালক হত্যা কৰি চুতীয়া ৰাজ্যৰ ৰাজধানী শদিয়া দখল কৰে। আহোমসকলে সেই অঞ্চলটো শাসন কৰিবৰ বাবে শদিয়া খোৱা গোঁহাই নামৰ পদৰ সৃষ্টি কৰে। কিন্তু চুতীয়াসকলে আহোমসকলৰ বিৰুদ্ধে বিভিন্ন লুণ্ঠন চলাইছিল। ১৬৭৩ চনত চুতীয়াসকলে আহোমসকলৰ বশ্যতা স্বীকাৰ কৰে[5]।
|
|
|
|
|
|
| প্ৰাগঐতিহাসিক অসম (?) |
|
|
|
| প্ৰাচীন অসম |
|
|
| মধ্যযুগীয় অসম |
|
|
| ঔপনৈবেশিক অসম |
|
|
| সমকালীন অসম |
|
|
|
|
|