চেলা গিৰিপথ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
চেলা গিৰিপথ
Se La Pass
2007-sela-pass-1.jpg
২০০৭ চনৰ এপ্ৰিলত চেলা গিৰিপথৰ দৃশ্য
উচ্চতা ৪,১৭০ metre (১৩,৬৮০ ft)
অৱস্থান অৰুণাচল প্ৰদেশ, ভাৰত
পৰ্বতমালা হিমালয়

চেলা গিৰিপথ (ইংৰাজী: Sela Pass) অৰুণাচল প্ৰদেশৰ টাৱাং জিলাত সাগৰপৃস্থৰ পৰা প্ৰায় ১৩,০০০ ফুট উচ্চতাত অৱস্থিত।[1][2] স্থানীয় লোকৰ মতে চেলা নামটো আহিছে চে-লা ৰ পৰা, লা মানে গিৰিপথ। চেলা গিৰিপথ হৈছে টাৱাং জিলাৰ ভিতৰত আটাইতকৈ ওখ ঠাইত থকা ৰাস্তা। টাৱাং নগৰৰ পৰা প্ৰায় ৭৮ কিঃমিঃ উত্তৰলৈ গ'লে এই অঞ্চলটো পোৱা যায়। শীতকালি ইয়াৰ তাপমাত্ৰা -১০ ডিগ্ৰী চেঃ লৈ নিম্নগামী হয়। বছৰৰ ১২ মাহে চেলা পাছটো বৰফাবৃত্ত হৈ থাকে। ইয়াত থকা চেলা সৰোবৰটোৰ সৌন্দৰ্য্য দেখি পৰ্য্যটক সমূহে ইয়াক স্বৰ্গীয় সৰোবৰ বুলি কয়।[3]

ভূগৌলিক বিৱৰণ[সম্পাদনা কৰক]

চেলা গিৰিপথ টাৱাং ৰ পৰা উত্তৰে ৭৮ কিঃমিঃ দূৰত অৱস্থিত। পথটো বছৰৰ ১২ মাহেই খোলা থকে যদিও কেতিয়াবা ঘন তুষাৰপাতৰ বাবে ৰাস্তাটো মাজে সময়ে বন্ধ কৰিবলগীয়া হয়। সীমান্ত সুৰাক্ষা পথ নিৰ্মাণ কোম্পানীয়ে এই পথটোৰ চোৱা-চিটাৰ দায়িত্বত আছে। অঞ্চলটোৰ সৰ্ব্বোচ গড় তাপমাত্ৰা ১৫ ডিগ্ৰী চেঃ আৰু সৰ্বনিম্ন -১০ ডিগ্ৰী চেঃ।[4]

কিম্বদন্তী[সম্পাদনা কৰক]

বৌদ্ধ ধৰ্মৰ লোকসকলে বিশ্বাস কৰে যে চেলা গিৰিপথৰ আশে-পাশে প্ৰায় ১০১ টা সৰু-ডাঙৰ সৰোবৰ আছে।

চেলা গিৰিপথৰ আলোকচিত্ৰ[সম্পাদনা কৰক]

লগতে চাওঁক[সম্পাদনা কৰক]

তথ্য সূত্ৰ[সম্পাদনা কৰক]

  1. "High Altitude Sela Pass–Backbone of Tawang District". Sankara Subramanian C (www.beontheroad.com). beontheroad.com. JANUARY 21, 2011. http://www.beontheroad.com/2011/01/high-altitude-sela-passbackbone-of.html। আহৰণ কৰা হৈছে: 2013-04-18. 
  2. "Sela Passmountain pass". travelomy.com. http://www.travelomy.com/sela-pass/। আহৰণ কৰা হৈছে: 2013-04-18. 
  3. "Other Important Atractions of Tawang District". National Informatics Centre, Tawang (Arunachal Pradesh). http://tawang.nic.in/others.html। আহৰণ কৰা হৈছে: 2013-04-18. 
  4. "Sela Pass". Pan India Internet Private Limited (PIIPL). arunachalonline.in. http://www.arunachalonline.in/about/Tourism/Tawang/Sela-Pass.html। আহৰণ কৰা হৈছে: 2013-04-19. 

বাহ্যিক সংযোগ[সম্পাদনা কৰক]