চেলুলাৰ জে'ল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ছেলুলাৰ জে'ল (আলফাস্তান জে’ল)

ছেলুলাৰ জে'ল, আন্দামান
সাধাৰণ তথ্য
প্ৰকাৰ ৰাজনৈতিক বন্দীৰ বাবে কাৰাগাৰ
স্থাপত্য শৈলী Cellular, Pronged
চহৰ পৰ্ট ব্লেয়াৰ, আন্দামান
দেশ ভাৰত
স্থানাংক 11°40′30″N 92°44′53″E / 11.675°N 92.748°E / 11.675; 92.748
নিৰ্মাণ আৰম্ভ ১৮৯৬
সম্পূৰ্ণ ১৯০৬
মূল্য ৫১৭,৩৫২[1]
নক্সা আৰু নিৰ্মাণ
গ্ৰাহক ব্ৰিটিছ ৰাজ

'ছেলুলাৰ জে'ল' (ইংৰাজী: Cellular Jail) ৰ নিৰ্মাণ আৰম্ভ হয় ১৮৯৬ চনত৷ আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জৰ ৰাজধানী পৰ্ট ব্লেয়াৰভাৰতৰ এই প্ৰসিদ্ধ জে'ল অৱস্থিত৷ ইয়াৰ প্ৰতিচপৰা ইটা,কাঠ-শিলৰ লগত সাঙোৰ খাই আছে ভাৰতীয় স্বাধীনতা সংগ্ৰামীৰ গৌৰৱময় গাথা আৰু ব্ৰিটিছ চৰকাৰৰ দমননীতি তথা নিৰ্যাতনৰ কলংকিত ইতিহাস৷ প্ৰায় ৬০০ বন্দীক ছেলুলাৰ জে'ল নিৰ্মাণৰ কামত লগোৱা হৈছিল আৰু ১৯০৬ চনত ইয়াৰ নিৰ্মাণ সম্পূৰ্ণ হৈছিল৷ এই কাৰাগাৰ নিৰ্মাণত খৰচ পৰিছিল ৫,১৭,৩৫২ টকা৷ ১৯৭৯ চনত ছেলুলাৰ জে'লক ৰাষ্ট্ৰীয় স্মাৰকৰূপে (National Memorial) ঘোষণা কৰা হয়৷ ছেলুলাৰ জে'লক কলীয়া পানী বুলিও কয়[2]

গঠন প্ৰণালী[সম্পাদনা কৰক]

মূল আন্দামানৰ উত্তৰ-পূব অংশৰ সমুদ্ৰ তীৰত নিৰ্মিত বৃহৎ আৰু ঐতিহাসিক ছেলুলাৰ জে'লৰ নামটো ইয়াৰ গঠনশৈলীৰপৰা আহিছে৷ ইয়াত প্ৰত্যেকটো কুঠৰী, অৰ্থাৎ ছেল (Cell) অকলশৰীয়াকৈ নিৰ্মাণ কৰা হৈছিল৷ ইয়াত কোনো সমূহীয়া কোঠা (Dormitory) নাছিল৷ আৰম্ভনিতে ইয়াত থকা কুঠৰীৰ সংখ্যা ৬৯৮ টা আছিল৷ বৰ্তমান এই সংখ্যা কমি ২৯৬ টা হৈছেগৈ৷ খিৰিকিবিহীন আৰু মাত্ৰ তিনি মিটাৰ উচ্চতাৰ এই সংকীৰ্ণ কুঠৰী বা ছেলত বন্দীসকলৰ ওপৰত জে'ল কৰ্তৃপক্ষই অকথ্য অত্যাচাৰ চলাইছিল৷ তিনিমহলীয়া এই ছেলুলাৰ জে'লৰ দ্বিতীয় মহলাৰ বেৰত ১৩ খন ফলকত তেনে ৩৩৬ জন ছহিদৰ নাম খোদিত হৈ আছে৷

তথ্য সংগ্ৰহ[সম্পাদনা কৰক]

  1. "A memorial to the freedom fighters". Hinduonnet.com. প্ৰকাশক India: The Hindu. August 15, 2004. http://www.hinduonnet.com/thehindu/features/andaman/stories/2004081500160200.htm। আহৰণ কৰা হৈছে: September 2, 2006. 
  2. জ্ঞানাঞ্জন প্ৰান্তিক, খণ্ড ২০১৩ ( ১ - ১৫ জুন ) ৩২শ বছৰ (১৩শ সংখ্যা) পৃষ্ঠা নং ৩৭