চৈয়দ আব্দুল মালিক
| চৈয়দ আব্দুল মালিক | |
|---|---|
| জন্ম | ১৫ জানুৱাৰী, ১৯১৯ নাহৰণি, গোলাঘাট |
| মৃত্যু | ১৯ ডিচেম্বৰ, ২০০০ |
| পেচা | গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি |
| ৰাষ্ট্ৰীয়তা | ভাৰতীয় |
চৈয়দ আব্দুল মালিক (ইংৰাজী: Syed Abdul Malik, (১৯১৯-২০০০) অসমীয়া সাহিত্যৰ এজন বিশিষ্ট গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ আৰু কবি৷ তেওঁ ২৫ খনৰো অধিক গল্প সংকলন, ৫০ খনতকৈ অধিক উপন্যাস, পাঁচখন কবিতা সংকলন, তিনিখন শিশু সাহিত্য আৰু ২০ খন মঞ্চ অনাতাঁৰ নাট আৰু অলেখ প্ৰৱন্ধ ৰচনা কৰিছিল৷ তেওঁ ১৯৭৭ চনত অসম সাহিত্য সভাৰ সভাপতি হয়[1]৷ তেওঁ "অঘৰী আত্মাৰ কাহিনী" উপন্যাসৰ বাবে ১৯৭২ চনত সাহিত্য একাডেমী বঁটা[2] লাভ কৰাৰ উপৰিও ১৯৯২ চনত অসম উপত্যকা বঁটা, ১৯৯৫ চনত শংকৰদেৱ বঁটা আৰু পদ্মশ্ৰী, পদ্মভূষণ[3] সন্মান লাভ কৰে[4]৷
সূচী |
শিক্ষা [সম্পাদনা কৰক]
চৈয়দ আব্দুল মালিকৰ জন্ম ১৯১৯ চনৰ ১৫ জানুৱাৰীত হয়[5]৷ গোলাঘাট জিলাৰ নাহৰণিত[6] জন্ম গ্ৰহণ কৰা অসমীয়া কথা সাহিত্যৰ প্ৰবাদ পুৰুষ মালিকে যোৰহাট হাইস্কুলৰ পৰা প্ৰৱেশিকা, যোৰহাট মহাবিদ্যালয়ৰ পৰা আই এ আৰু কটন মহাবিদ্যালয়ৰ পৰা ১৯৪১ ত সুখ্যাতিৰে বি.এ. পৰীক্ষাত উত্তীৰ্ণ হয়। কেইবা বছৰ চাকৰি কৰাৰ পাছত ১৯৫১ ত বিশ্ববিদ্যালয়ৰ পৰা অসমীয়া বিভাগত এম.এ. পৰীক্ষা প্ৰাইভেটকৈ দি সুখ্যাতিৰে উত্তীৰ্ণ হয়।
কৰ্মজীৱন [সম্পাদনা কৰক]
১৯৪২ ত আবকাৰী বিভাগৰ চাব ইন্সপেক্টৰ হিচাপে কৰ্ম জীৱন আৰম্ভ কৰা মালিকে সৈন্য বিভাগতো কাম কৰিছিল। ১৯৪৬ ত যোৰহাট মহাবিদ্যালয়ৰ পাৰ্ছী ভাষাৰ প্ৰবক্তা হিচাপে দুবছৰ কাম কৰি শ্বিলং-গুৱাহাটী অনাতাঁৰ কেন্দ্ৰৰ প্ৰ'গেম এচিষ্টেণ্ট হিচাপে যোগ দিয়ে। ডেৰ বছৰ এই কাম কৰাৰ পাছত ঢেকীয়াল হাইস্কুল আৰু কুৰালগুৰি হাইস্কুলত শিক্ষকতা কৰে। ১৯৫১ৰ পৰা ১৯৭৬ লৈ যোৰহাটৰ জে বি কলেজত অসমীয়া বিভাগৰ প্ৰবক্তা হিচাপে কাম কৰে। ১৯৬৩ৰ পৰা ১৯৬৯ লৈ সাহিত্য একাডেমী কাউন্সিলৰ সদস্য হিচাপে থকা মালিক ১৯৬৯ত অসম সাহিত্য সভাৰ প্ৰধান সম্পাদক নিৰ্বাচিত হয়। ১৯৭৬ত ৰাজ্যসভাৰ সাংসদ হিচাপে নিৰ্বাচিত মালিকে তাৰ পাছৰ বছৰত অভায়াপুৰী অধিবেশনত অসম সাহিত্য সভাৰ সভাপতি হিচাপে নিৰ্বাচিত হয়। জীৱনৰ কোনো এক নিৰ্দিষ্ট সীমাবদ্ধ সুত্ৰতে নথকা মালিকে ভাৰতীয় গণ নাট্য সংঘ আৰু কমিউনিষ্ট আন্দোলনৰ সৈতেও ডেকা বয়সত ওতঃপ্ৰোতভাৱে জড়িত আছিল।
মৃত্যু [সম্পাদনা কৰক]
চৈয়দ আব্দুল মালিকৰ ২০০০ চনৰ ১৯ ডিচেম্বৰত ৮৯ বছৰ বয়সত মৃত্যু হয়।
সাহিত্যিক অৱদান [সম্পাদনা কৰক]
উপন্যাস [সম্পাদনা কৰক]
|
নাটক [সম্পাদনা কৰক]
কবিতা [সম্পাদনা কৰক]
গল্প সংকলন [সম্পাদনা কৰক]
হাস্যৰসৰ ৰচনা [সম্পাদনা কৰক]
ভ্ৰমণ কাহিনী [সম্পাদনা কৰক]
অন্যান্য গ্ৰন্থ [সম্পাদনা কৰক]
|
বঁটা আৰু সন্মান [সম্পাদনা কৰক]
| বৰ্ষ | বঁটা | তথ্য |
|---|---|---|
| ১৯৭২ | সাহিত্য একাডেমী বঁটা | অঘৰী আত্মাৰ কাহিনী উপন্যাসৰ বাবে |
| ১৯৮৪ | পদ্মশ্ৰী | অসমীয়া সাহিত্যলৈ যুগোৱা অৱদানৰ বাবে |
| ১৯৯২ | পদ্মবিভূষণ | অসমীয়া সাহিত্যলৈ যুগোৱা অৱদানৰ বাবে |
| ১৯৯২ | অসম উপত্যকা বঁটা | |
| ১৯৯৫ | শংকৰদেৱ বঁটা |
তথ্য সংগ্ৰহ [সম্পাদনা কৰক]
- ↑ ১৯১৭ চনৰ পৰা অসম সাহিত্য সভাৰ সভাপতিসকলৰ তালিকা অসম সাহিত্য সভাৰ ৱেবছাইট, আহৰণ: ১৮ নৱেম্বৰ, ২০১২।
- ↑ "সাহিত্য অকাডেমি বঁটা বিজয়ী অসমীয়াসকলৰ তথ্য". সাহিত্য অকাডেমি. http://sahitya-akademi.gov.in/sahitya-akademi/showSearchAwardsResult.jsp?year=&author=&awards=AA&language=ASSAMESE। আহৰণ কৰা হৈছে: নৱেম্বৰ ১৬, ২০১২.
- ↑ "Search Awardees - Padma Awards - My India, My Pride - Know India: National Portal of India". India.gov.in. http://india.gov.in/myindia/advsearch_awards.php। আহৰণ কৰা হৈছে: 2012-12-25.
- ↑ http://www.assaminfo.com/famous-people/35/syed-abdul-malik.htm
- ↑ Bipuljyoti Saikia. "Bipuljyoti Saikia's Homepage : Authors & Poets - Syed Abdul Malik". Bipuljyoti.in. http://www.bipuljyoti.in/authors/malik.html। আহৰণ কৰা হৈছে: 2012-12-25.
- ↑ http://www.vedanti.com/Legends/syed_abdul_malik.htm
সহায়ক গ্ৰন্থপূঞ্জী [সম্পাদনা কৰক]
- "পদ্মনাথ গোহাঞিবৰুৱাৰ পৰা ৰংবং তেৰাঙলৈ", লেখক: ড° ত্ৰিদিব গোস্বামী।
বাহ্যিক সংযোগ [সম্পাদনা কৰক]
- Renowned Litterateur Syed Abdul Malik Remembered
- Syed Abdul Malik's Novel Surujmukhir Sopno, a youtube video