চোতাল

অসমীয়া ৱিকিপিডিয়াৰ পৰা
অসমীয়া গাওঁ এখনৰ এটা ঘৰৰ চোতাল
ইংলণ্ডৰ চোতাল

চোতাল হৈছে মানুহৰ ঘৰৰ আগফালে বা পাচফালে থকা মুকলি ঠাই।[1] সংস্কৃত: चत्वाल् মূলৰ পৰা চোতাল শব্দটো নিষ্পন্ন হৈছে ৷ বিদেশতো মানুহে ঘৰত চোতাল ৰখা দেখা যায় । চোতালখনত সাধাৰণতে ঘাঁহ-বন নাথাকে ঘৰৰ আগফালে থকা চোতালক আগচোতাল আৰু পাচফালৰখনক পাচ চোতাল বুলি কয় । আগচোতালখন সাধাৰণতে সকলোৱে দেখা পায় যদিও অনেকে পাচফালৰ চোতালখন আবুৰ কৰি ৰাখে ।

অসমীয়া সংস্কৃতিত চোতাল[সম্পাদনা কৰক]

জাতি, বৰ্ণ নিৰ্বিশেষে অসমৰ প্ৰত্যেক ঘৰ মানুহৰ দুৱাৰমুখৰ চোতালখন এক অবিচ্ছেদ্য অংগ ৷ বিশেষকৈ অসমৰ গাঁৱলীয়া সমাজত এখন আদৰ্শ ঘৰৰ প্ৰথম শোভা হ’ল চোতালখনক কেন্দ্ৰ কৰি গঢ়ি উঠা এক শৃংখলাবদ্ধ পৰিৱেশ ৷ অসমৰ মানুহৰ বিভিন্ন ব্যৱহাৰিক কাৰ্যাৱলী, উৎসৱ-পাৰ্বন, ধৰ্মীয় কৃত্য সম্পাদনৰ বাবে চোতালখন অপৰিহাৰ্য ৷ এই থলীতে ককা-আইতাই শিশুক সাধু কয়, আজৰি পৰত সুখ-দুখৰ ভাৱ বিনিময় কৰে, দৈনন্দিন কাৰ্যাৱলী আৰু ভবিষ্যতৰ কাৰ্যপন্থা সম্বন্ধে নানান গুৰুত্বপূৰ্ণ আলোচনাৰ সূত্ৰপাত হয় ৷ সৰু-সুৰা অপৰাধৰ গোচৰ নিষ্পত্তি হয় ৷ কৃষি-কৰ্মৰ সৈতে জড়িত বিভিন্ন সঁজুলিৰ নিৰ্মাণ আৰু মেৰামতি হয় ৷ কৃষকে ধান, মাহ, সৰিয়হৰ বীজ উলিয়ায় এই চোতালখনতে ৷ ই শিশুসকলৰ গীত-মাত আৰু খেল-ধেমালি পৰিৱেশনৰ থলী ৷ অসমীয়া নাৰীৰ লখিমী শাল তাঁত-শালক কেন্দ্ৰ কৰি বিভিন্ন কুটিৰ শিল্প গঢ়ি উঠে এই চোতালখনতে ৷ জনজাতিসকলৰ তাঁত-শাল চাং ঘৰৰ ওপৰত হ’লেও ইয়াৰ লগত সম্পৰ্কিত ব-তোলা, বাটি কঢ়া, মহুৰা ফুৰোৱা আদি কামবোৰ চোতালখনতে সম্পন্ন হয় ৷ আমাৰ সমাজত প্ৰতিঘৰতে কাউৰী পুৱাতে শুই উঠি চোতালখন সৰাটো এক অতীজৰে পৰা চলি অহা পৰম্পৰা ৷ এই চোতালৰ দাঁতিতে এজোপা শেৱালি ফুল আৰু একোণত তুলসী পুলি ৰুই অথবা কাষতে থকা গোঁসাই ঘৰত সন্ধিয়া এগছি বন্তি জ্বলোৱাটো অসমীয়া লোকাচাৰৰ এক পৰম্পৰা ৷ অসমীয়া সমাজৰ জন্ম-মৃত্যু, বিবাহ সংক্ৰান্তীয় আৰু নানা ধৰ্মীয় সংস্কাৰ এই চোতালতে সম্পন্ন কৰা হয় ৷ নৱ জাতকৰ সূৰ্য দেখুওৱা উৎসৱ, নামনিৰ গণনি উৎসৱ, বিবাহ, হুচৰী, বিহু, মৃতকৰ শ্মশান যাত্ৰাৰ প্ৰাককৰ্ম, মৃতকৰ দহা কাজ, গৰখীয়া সকাম, বাৰ্ষিক এঘৰীয়া ভাওনা, ভঙুৱা সকাম আৰু বহুবোৰ পূজা-পাৰ্বনৰ কৃত্য চোতালখনতে সম্পন্ন হয় ৷ অসমীয়া মানুহৰ ঘৰৰ পাছফালে থকা চোতালখনক পাছচোতাল বোলে ৷ তাত ঘৰৰ গৃহিণীসকলৰ ৰন্ধন কাৰ্যৰ লগত সংযুক্ত তথা নিত্য প্ৰয়োজনীয় কামবোৰ সম্পাদনা কৰা হয় ৷ তাতে থাকে লাউ-জিকাৰ হেদালি আৰু হাঁহ-কুকুৰাৰ গড়াল ৷ অসমীয়া সমাজত চোতালে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে ৷[2]


তথ্যসংগ্ৰহ[সম্পাদনা কৰক]

  1. http://xobdo.org/dic/index.php#চোতাল
  2. অসমীয়া সংস্কৃতিৰ কণিকা – সম্পাদনা- ড০ পৰমানন্দ ৰাজবংশী, ড০ নাৰায়ন দাস (পৃষ্ঠা- ২৫)