ছাগলী পহু
| ছাগলী পহু (Indian Muntjac or Barking Deer) | |
|---|---|
| সংৰক্ষণ স্থিতি | |
| জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন | |
| জগৎ/ৰাজ্য: | Animalia |
| পৰ্ব: | Chordata |
| শ্ৰেণী: | Mammalia |
| বৰ্গ: | Artiodactyla |
| উপবৰ্গ: | Ruminantia |
| পৰিয়াল: | Cervidae |
| উপপৰিয়াল: | muntiacinae |
| গণ: | Muntiacus |
| প্ৰজাতি: | M. muntjak |
| বৈজ্ঞানিক নাম | |
| Muntiacus muntjak Zimmermann, 1780 |
|
ছাগলী পহু (ইংৰাজী: Indian Muntjac or Barking Deer) এবিধ পহুৰ প্ৰজাতি৷ ইয়াৰ দেহ চুটি, মটীয়া ৰঙৰ নোমেৰে আৱৰা৷ ই সৰ্বভক্ষী, ফল-মূল, গছৰ গুটি, কাণ্ডকে আদি কৰি চৰাইৰ কণী, সৰু প্ৰাণী পৰ্য্যন্ত আহাৰ হিচাপে গ্ৰহণ কৰে৷ ইয়াৰ মূৰত সৰু শিং থাকে৷
সূচী |
শ্ৰেণীবিভাজন [সম্পাদনা কৰক]
ছাগলী পহুৰ ১৫ বিধ উপ-প্ৰজাতি পোৱা যায়-
- M. m. annamensis, ইণ্ডোনেছিয়া
- M. m. aureus, ভাৰত
- M. m. bancanus, বিলিটন(Billiton) and বাংকা দ্বীপপুঞ্জ (Banka Island)
- M. m. curvostylis, থাইলেণ্ড
- M. m. grandicornis, বাৰ্মা
- M. m. malabaricus, দক্ষিণ ভাৰত আৰু শ্ৰীলংকা
- M. m. montanus, পৰ্বতীয়া ছাগলী পহু (Mountain Muntjac), সুমাত্ৰা
- M. m. muntjak, জাভা আৰু দক্ষিণ সুমাত্ৰা
- M. m. nainggolani, বালি আৰু লম্বক দ্বীপপুঞ্জ
- M. m. nigripes, ভিয়েটনাম আৰু হাইনান দ্বীপপুঞ্জ
- M. m. peninsulae, মালয়েছিয়া
- M. m. pleicharicus, দক্ষিণ বৰ্ণিয়’
- M. m. robinsoni, বিনটান (Bintan) দ্বীপ আৰু লিংগা (Linga) দ্বীপপুঞ্জ
- M. m. rubidus, উত্তৰ বৰ্ণিয়’
- M. m. vaginalis, বাৰ্মাৰ পৰা দক্ষিণ-পশ্চিম চীন
বিৱৰণ [সম্পাদনা কৰক]
ছাগ৷লী পহুৰ দেহৰ নোমবোৰ ডাঠ, চুটি আৰু কোমল৷ ঋতু বিশেষে ইয়াৰ দেহৰ বৰণ ডাঠ মটিয়াৰ পৰা হালধীয়া-মটীয়া হ’ব পাৰে৷ ইয়াৰ মুখখন গাঢ় মটীয়া বৰণৰ৷ কাণৰ কাষত নোম তেনেই কম৷ মতা প্ৰাণীবোৰ মাইকীত কৈ আকাৰত ডাঙৰ হয়৷ মতা ছাগ৷লী পহুৰ মূৰত চুটি শিং থাকে৷ দেহৰ ওজন ১৪-২৮ কি: গ্ৰা৷ আৰু দৈৰ্ঘ্য ৫০-৭৫ ছে: মি:৷
বসতিস্থল [সম্পাদনা কৰক]
ছাগ৷লী পহু দক্ষিণ এছিয়াৰ বহুল ভাবে বিস্তৃত অথচ সীমিত তথ্য থকা প্ৰাণী সমূহৰ ভিতৰত অন্যতম৷ এই প্ৰজাতিটো ভাৰত, বাংলাদেশ, শ্ৰীলংকা, নেপাল,পাকিস্তান, দক্ষিণ চীন, ভিয়েটনাম,জাভা, সুমাত্ৰা, বালি, কম্বোডিয়া, আৰু বৰ্ণিয়’ আদি দেশত পোৱা যায়৷ ই প্ৰধানকৈ ঘাঁহনি, চাভানা অঞ্চল, পৰ্ণপাতী আৰু কাইটীয়া অৰণ্যত থাকে৷
আচৰণ [সম্পাদনা কৰক]
ছাগ৷লী পহুক সৰ্বভক্ষী বুলি গণ্য কৰা হয়৷ ঘাঁহ-বন, গছৰ পাত, ডাল, কাণ্ড, ফল-মূল, চৰাইৰ কণী আৰু অন্যান্য ক্ষুদ্ৰাকৃতিৰ প্ৰাণী ইহঁতৰ প্ৰধান খাদ্য৷ ছাগ৷লী পহু মাজত বহুপ্ৰজনন (polygamy) দেখা যায়৷ মাইকী প্ৰাণী প্ৰথম বা দ্বিতীয় বছৰ বয়সত প্ৰজননক্ষম হৈ উঠে৷ গৰ্ভধাৰণৰ সময় ৬-৭ মাহ৷ সাধাৰণতে এবাৰত এটাকৈ পোৱালিৰ জন্ম দিয়ে৷
মাক-পোৱালিৰ বাহিৰে ছাগলী পহুক সাধাৰণতে অকলশৰীয়া কৈ থকা দেখা যায়৷
ই দিন আৰু ৰাতি দুয়ো সময়তে চৰে৷
স্থিতি তথা সংৰক্ষণ [সম্পাদনা কৰক]
তথ্যসূত্ৰ [সম্পাদনা কৰক]
- Hutchins, Michael, ed. "Muntjacs." Grzimek's Animal Life Encyclopedia. 2nd ed. 15 vols. Detroit: The Gale Group Inc, 2004.
- Kurt, Fred. "Muntjac Deer." Grzimek's Encyclopedia of Mammals. 1st ed. 5 vols. St. Louis: McGraw-Hill, 1990.
- Nowak, Ronald M. "Muntjacs, or Barking Deer." Walker's Mammals of the World. 6th ed. 2 vols. Baltimore: The John Hopkins UP, 1999.
- ↑ Timmins, R.J., Duckworth, J.W., Hedges, S., Pattanavibool, A., Steinmetz, R., Semiadi, G., Tyson, M. & Boeadi (2008). Muntiacus muntjak. In: IUCN 2008. IUCN Red List of Threatened Species. Downloaded on 5 April 2009. Database entry includes a brief justification of why this species is of least concern.