ছাগেলীকান্দা পুখুৰী

অসমীয়া ৱিকিপিডিয়াৰ পৰা

চাগৈলীকান্দা পুখুৰী হৈছে অসমওডালগুৰি জিলাৰ কলাইগাঁও ৰাজহ চক্ৰৰ অন্তৰ্গত শিলপোটা মৌজাৰ নাহৰবাৰী গাঁৱত অৱস্থিত এটা ঐতিহাসিক বুৰঞ্জীপ্ৰসিদ্ধ পুখুৰী। এই পুখুৰীটো ভূঞা ৰজাৰ দিনত খন্দা বুলি অনুমান কৰিব পাৰি। বুৰঞ্জীমতে দৰঙত ১২০০ ৰ পৰা ১৪০৩ খ্ৰীষ্টাব্দলৈ ভূঞা বংশীয় ৰজাই ৰাজত্ব কৰিছিল। খেন বংশীয় ৰজাসকলৰ ক্ষমতা লোপ পাই অহাত ভূঞাসকলে অসমৰ বিভিন্ন ঠাইত সৰু সৰু ৰাজ্য প্ৰতিষ্ঠা কৰিছিল। অসমৰ ভূঞাসকল আৰিমত্ত ৰজাৰেই বংশধৰ আছিল। ভূঞাৰজাই দৰঙৰ ৰৌতাত ৰাজধানী পাতি ৰাজকাৰ্য্য পৰিচালনা কৰিছিল আৰু তেওঁলোকৰ ৰাজত্বকালতে (খ্ৰী:১২০০-খ্ৰী:১৩০৪) দৰঙৰ বিভিন্ন ঠাইত বহুত পুখুৰী খন্দাইছিল। এই পুখুৰীবোৰৰ ভিতৰত অন্যতম আছিল চাগৈলীকান্দা পুখুৰী। অবিভক্ত দৰং জিলাত (বৰ্তমানৰ ওডালগুৰি আৰু দৰং জিলা ) সৰু-বৰ ৩৬১টা পুখুৰী আছে বুলি জনা যায়।